নাই নাই, দাম বুলি নক’ব। মূল্য বুলি কওঁক, এইবোৰ টিকেটৰ দাম নাথাকে। মূল্যহে নিৰ্দ্ধাৰণ কৰা থাকে। এই টিকেট হ’ল সন্মানৰ প্ৰতীক, সামাজিক প্ৰতিষ্ঠাৰ প্ৰতীক। এনে সন্মানৰ দাম নাথাকে। থাকে মূল্য। তথাপিও........।
“কিমান দিব লাগিব জানো এইবাৰ?” বৰুৱাই এনেকুৱা এটা সুৰত কথাষাৰ সুধিলে যেন তেওঁ প্ৰত্যেক বছৰে, প্ৰত্যেক বাৰেই চীফ পেট্ৰনৰ টিকেট একোটা পায়েই থাকে।
বৰুৱাৰ কথাষাৰৰ মাজত লুকাই থকা তীৰ্যক ভাৱটো বুজাত অকণো অসুবিধা নহ’ল প্ৰদীপ ফুকনৰ। তথাপিও এক নাটকীয় কায়দাত পৰিস্থিতি চম্ভালি ল’ব জানিলে তেওঁ। জানিবই, নহলেনো হাতত কোনো কেপিটেল নোহোৱাকৈ এনে এক সুন্দৰ ব্যৱসায় কৰি থাকিব পাৰেনে!
“না না, বেছি নহয়। এহেজাৰ মাত্ৰ।”
“নাটকতো তিনি ৰাতিহে...”
“হয়। তিনি ৰাতি। তিনিটা শ’। অৱশ্যে দৰ্শকৰ ডিমাণ্ড বেছি হ'লে আৰু এটা শ্ব’......”
“বাৰু হ’ব....... চিট নম্বৰ কিমান দিলে জানো.......?”
“না না, ভাল চিট। একেবাৰে প্ৰথম শাৰীতে দিছো। আপোনাৰ ওচৰত মানে সোঁফালে থাকিব সন্দিকৈ, এই হেৰি যে....”
“আচ্ছা, আচ্ছা...... হৈ যাব.....। আৰু এই হেৰি মানে, টিকেট আপোনাৰ কিমান বাকী আছেগৈ.......বহুতকে দিব লাগিব নহয়,নহয় জানো?”
“আছে আছে। আৰম্ভ কৰিছোহে। মানে, বাচি বাচি আপোনালোক কেইজনমানক প্ৰথমে দি লৈছো। তাৰ পিছত লাহে লাহে, এজন এজনকৈ...”
ভাল, ভাল। ফুকন ল'ৰাজন ভাল।
কথা ক'ব জানে। কেতিয়া, কাক, কেনেকৈ সন্মান দিব লাগে জানে। কথাবোৰো ৰস লগাই ধুনীয়াকৈ ক'ব জানে। এৰা দেই, এইবোৰহে ল’ৰা। এনে ল’ৰাই যেনেকৈয়ে নহওঁক জীৱনত কিবা এটা কৰিবই, একঠা খাবই। কোনে বাধা দিব পাৰে এনেবোৰ ল’ৰাক!
বৰুৱাৰ মনটো ভাল লাগি গ'ল। বি-ৰা-ট ভাল লাগি গ'ল। আইনাখনত নিজকে এবাৰ চাই ল’বলৈ মন গল। ভাল কাপোেৰ এসাজ পিন্ধি এপাক ওলাই যাবলৈ মন গ'ল। বৰুৱানীৰ চকুত আঙুলি থৈ ক’বলৈ মন গ’ল, “দেখিলা?
॥ ১০৭ ॥