ঠিকনা
চকু মেলিয়েই চৌধুৰী আচৰিত। দস্তুৰমত আচৰিত।
আৰে, এইটোতো ছেত্ৰীৰ কোৱাৰ্টাৰহে। অ’! তেওঁ ইয়াত কেনেকৈ? সপোন দেখা নাইতো তেওঁ?
নাই, সপোনতো হ’বই নোৱাৰে। সৌৱা ছেত্ৰী শুই আছে। নিজকে চিকুতি চালে তেওঁ। থিকেই আছে।
ওৱাল ক্লকটোত চকু পৰিল তেওঁৰ। সাত বাজিছে।
বৰ সাৱধানেৰে তেওঁ চাৰিওফালে চকু ফুৰালে। কি হ’ল আক’ তেওঁৰ? তেওঁক কোনোবাই অপহৰণ কৰা নাইতো? আৰু কৰিলেও তেওঁক বাৰু ছেত্ৰীৰ কোৱাৰ্টাৰতহে ৰাখিবনে? নিশ্চয় নাৰাখে। তেন্তে?
ভয়ে ভয়ে পৰি থাকিল তেওঁ। একো তত্ ধৰিব পৰা নাই।
হঠাৎ ছেত্ৰীয়ে এঙামুৰী দিলে, চকু মেলিলে আৰু চৌধুৰীলৈ চাই হাঁহি এটা মাৰিলে, “গুড মৰ্ণিং”
“গুড মৰ্ণিং। কিন্তু ছেত্ৰী, মই যে ইয়াত? কেনেকৈ?”
“পাহৰি গ'লেই নে?”
“মানে?”
“আৰে, মানে আৰু কি, কালি আপুনি মোক যিহে ভয় খুৱালে। আপুনি মানে অলপ খোৱা-বোৱা কৰিব, এক্সাচাইজ কৰিব আৰু অলপ ষ্ট্ৰং হ’ব। নহ'লে কেতিয়াবা নিজেও মৰিব আৰু আনকো মাৰিব। বুজিলে?”
“মানে?”
“মানে আৰু কি, কালি কি হৈছিল মনত নাই? চকু ঢেল খাই গৈছিল, জিভা ওলাই গৈছিল। চেন্সেই নাই একেবাৰে।”
“কি?”
“ভাও নধৰিব চৌধুৰী। মনত পেলাওক কালি কি হৈছিল।”
হয়। চৌধুৰীৰ মনত পৰিল কথাবোৰ। এটা এটাকৈ প্ৰতিটো কথা মনত পৰিল তেওঁৰ। কিন্তু স্বীকাৰনো কৰে কেনেকৈ। আচলতে লাজেই লাগিল তেওঁৰ। যেনেকৈয়ে হওঁক পৰিপক্ক বয়সৰ মানুহ। পৰিস্থিতি চম্ভালিব পাৰিব
॥৬৩॥