পৃষ্ঠা:মুখামুখি.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাগিল যেন তেওঁক কিহবাই বৰ জোৰেৰে তললৈ টানি নি আছে, নি আছে, নি আছে....।

 তাৰ পিছত কি হৈছিল তেওঁৰ একো মনত নাই।

 আৰু এতিয়া তেওঁ সাৰ পাই নিজকে আৱিস্কাৰ কৰিছে ছেত্ৰীৰ কোৱাৰ্টাৰত। এতিয়াহে তেওঁ জানিব পাৰিছে কেনেকৈ তেওঁ কালি মৰিবলৈকে ওলাইছিল হেনো। ভাগ্য ভাল আছিল ছেত্ৰী, চৌধুৰী যে নমৰিল।

 “মই নমৰাত আপোনাৰ ভাগ্য ভাল হ’ল কেনেকৈ?” - চৌধুৰীয়ে জানি বুজিও এনেয়ে সুধিব লাগে বাবেই যেন সুধিলে।

 “কথা ক'বলৈ আহে, মোৰ কোৱাৰ্টাৰত আপোনাৰ কিবা এটা হ'ব লাগিলে পুলিচ কে’চ নহ'ব? গোটেই ৰাইজ আহি মোক বেঢ়ি নধৰিব? আৰু আপোনাৰ মানুহজনীয়ে ঘৰত আপোনাক যিমানেই নগুৰ-নাকতি কৰক লাগিলে তথাপিও ইনচাফ্ বিচাৰি হাল্লা নলগাব? তেতিয়া?”

 ছেত্ৰীয়ে কোৱা মতে, ৰাতি আহি থাকোতে তেওঁ কিবা কিবি কৈ আহিছিল যদিও চৌধুৰীৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। সঁহাৰি দিব পৰা অৱস্থাত চাগে নাছিলেই তেওঁ।

 এঘাৰ কিল'মিটাৰ আহি আহি তেওঁলোক যেতিয়া ছেত্ৰীৰ কোৱাৰ্টাৰৰ সমুখত ৰ’লহি চৌধুৰীৰ নমাৰ কোনো লক্ষণ নাছিল।

 “নামক আক’, কি কৰি আছে” - ছেত্ৰীয়ে হেনো চিঞৰি কৈছিল। তেওঁৰো আমনি, বিৰক্তি, খং, টোপনি, অৱসাদ।

 “এই, নামক্ না।”

 কিন্তু নাই, নানামে তেওঁ।

 হঠাৎ কিবা এটা অনুমান কৰি ছেত্ৰীয়ে বাইকখন ষ্টেণ্ড কৰি বৰ সাৱধানেৰে সোঁ-ভৰিটো পাৰ কৰি নামি ল'লে।

 “আৰে কি হ’ল আক’ এওঁৰ? সৰ্বনাশ।”

 চৌধুৰীৰ হেনো জিভা ওলাই গৈছিল, চকু ডাঙৰ হৈ গৈছিল। অন্য মানুহ হোৱা হ'লে তেওঁক দেখিয়েই নাৰ্ভাচ কৰিলেহেঁতেন। কিন্তু ছেত্ৰী ইমান সহজে ভয় খোৱা মানুহ নহয়। সাহস আছে। নেপালী মানুহযে। উপস্থিত বুদ্ধি

খটুৱাই তেওঁ লৰালৰিকৈ চৌধুৰীৰ কান্ধৰ বেগ দুটা নমালে, চকুৰ পতা দুখন জপাই দিলে আৰু ধৰি ধৰি কোৱাৰ্টাৰলৈ লৈ গ'ল। আন্ধাৰে মুধাৰে তেওঁ

॥ ৮১॥