পৃষ্ঠা:মুখামুখি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোকাইছে। মই এৰি দিলো নেকি বুলি সুধিছে চাগে। নিজৰ নিজৰ সংসাৰত প্ৰেম-সাগৰত আকণ্ঠ ডুবি কক্‌বকাই থকা বাই-ভনী কেইজনীয়ে চাগে সান্তনা দিছে, “কি কৰিবি আৰু, তোৰ ভাগ্যই বেয়া। আমাৰ জনে আক’ মোক নেদেখিলে এক মিনিটো থাকিব নোৱাৰে। কিবা বোলে উশাহ-নিশাহ বন্ধ হৈ যোৱা যেন পায়। লৰালৰিকৈ দৌৰি আহি মোৰ চাদৰৰ আঁচলেৰে মুখখন মোহাৰি লৈহে স্বস্তিৰ নিশ্বাস এৰে। কিন্তু তোৰ মানুহটো যে আৰু! ভণ্টীয়ে কিন্তু ভুল কৰিলি। তই মাৰ কথা কিন্তু শুনিব লাগিছিল।”

 ফোন ৰিচিভ নকৰালৈকে এই জাতীয় কথাবোৰে মোৰ মনত কৌতুকৰ সৃষ্টি কৰি থাকিল (অৱশ্যে আচল কাৰণটো বেলেগ। অহা মাহত জানৰ পৰীক্ষা। ইউনিট-টেষ্ট, বছেৰেকীয়া সৱ আছে। গতিকে বুজা বুজি, এৰা ধৰা।)

 য়া! ৰিচিভ কৰিলে।

 “অ.....”

 “নেপাল পালোহি। এঘণ্টামান হ’ল।”

 “অ......”

 “আজি ৰাতিটো কাকৰভিঠাতে কটাব লাগিব। হোটেল বুক কৰিলো। কাইলৈ ৰাতিপুৱা চাৰি-বিশতে বাচ। চিধা কাঠমাণ্ডু।”

 “অ.....”

 “বৰ্ডাৰৰ পৰা আতৰি গ'লেই এইটো চিমে কাম নকৰিব। নেপালৰ চিম এটা ল'ব লাগিব। আচ্ছা হেৰি নহয়, তাৰ পৰা মোলৈ ফোন নামাৰিবা, আই-এচ-ডি লাগি যাব। বিল বহুত উঠিব। ফোন মইয়ে কৰিম, হ’ব?”

 “অ.....”

 “ফোনটো ক'ৰবাতে এৰি ঘুৰি নুফুৰিবা, লগতে ৰাখিবা”

 “অ....”

 “জানে কি কৰিছে?”

 “হেইত্ বোলো জানে কি কৰিছে?

 “অ... টিভি চাই আছে”

 বচ,ইমানেই। হ'ব আৰু। উপায় নাই। মোৰ মানুহজনীয়েই এনেকুৱা। কথাবোৰ খৰা খৰা। কোমলতাৰ ক টোও নাই। কিবা বোলে খাৰাংখাচ্।

॥৩৯॥