পৃষ্ঠা:মুখামুখি.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আত্মশুদ্ধি

 

 পাপুৰ ধৈৰ্য্য কমি আহিছিল।

 সি হৰ্ণটো মাৰি দিলে।

 কেই মিনিটমানৰ অপেক্ষা।

 হৰ্ণটো আকৌ মাৰিলে।

 আকৌ প্ৰতীক্ষাৰ পাঁচ মিনিট।

 হৰ্ণটো আকৌ এবাৰ মাৰিলে।

 নাই, ভাগৱতী ওলাই নাহিল।

 এইবাৰ সি দেউতাকক চিঞৰি মাতিলে।

 সি চিঞৰি মতা শুনি অভিনন্দনেও চিঞৰিলে, “অই ককা! আহ।”

 ইপিনে, বোৱাৰীয়েও বিৰক্তি প্ৰকাশ কৰি মুখৰ ভিতৰতে ভোৰভোৰাবলৈ লাগিল, “কি-ই-নো কৰি আছে জানো পাই! আমাৰতো অথনিয়েই হ’ল!”

 পাপুৰ ভাৱ হ’ল, দেউতাকে চাগে আইনাৰ সমুখত ৰৈ বিভিন্ন কোণৰপৰা তেওঁৰ সাজ-সজ্জা পৰীক্ষা কৰি আছে।

 ডেকা হৈ থাকিবলৈ বৰ মন তেওঁৰ। বুঢ়া হ’ব বুলি, কোনোবাই তেওঁক বুঢ়া বুলি কয় বুলি ভীষণ ভয় তেওঁৰ। গতিকে যিমান পাৰে ডেকা হৈ থাকিবলৈ চেষ্টা কৰে। চুলিত কলপ লগায়। প্ৰতিদিনেই দাড়ি খুৰায়। খাৰা ইস্ত্ৰী কৰা, চাফা,ঢক্ঢকীয়া বগা চাৰ্ট-পেণ্ট আৰু নিতৌ পলিচ কৰা ক’লা জোতা পৰিধান কৰে। আকৌ, ম'বাইল ফোনটোতো পকেটত থাকেই। নথকাৰ ভিতৰত কেৱল বাইক এখনহে নাই। যৌৱনৰ বাকী সকলো সম্ভাৰেই আছে তেওঁৰ।

 ঘৰত অৱশ্যে বাইক এখন নথকা নহয়। পাপুৰ বাইকখন আছে। কিন্ত চলাবহে নাজানে তেওঁ। আৰু, এই বয়সত এইবোৰ চলাবলৈ শিকিবলৈ সাহসো নাই তেওঁৰ। কেনেবাকৈ পৰি-ধৰি হাত-ভৰি ভাগিব লাগিলে হ’লেই আৰু।

 অৱশ্যে এইটোও ঠিক যে পো-বোৱাৰী, জী-জোৱায়ে তেওঁৰ আলৈ-আথানি হ’বলৈ নিদিয়ে। সিহঁতৰ পিতৃ-ভক্তি হ’ল অতুলনীয়। লাগিলে সিহঁত নিজেই নৰকলৈ যাব, তথাপি দেউতাকক স্বৰ্গসুখত ৰাখিবই। গতিকে তেওঁক

॥ ১১৫॥