পৃষ্ঠা:মুখামুখি.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিস্থিতিয়েই হৈছে তেওঁৰ ধৈৰ্য্য আৰু বুদ্ধিৰ পৰীক্ষাৰ সময়। এই পৰীক্ষাবোৰত অৱতীৰ্ণ হ'ব লাগিব তেওঁ। উত্তীৰ্ণও হ’ব লাগিব। ভয় খালে বা নাৰ্ভাচ হ’লে নহ’ব। আৰু নাৰ্ভাচ হোৱাও নাই বাৰু আজিলৈকে তেওঁ।

 যুদ্ধৰ সেনাপতিৰ দৰেই তেওঁ লাগি গ'ল।

 পেপাৰ-চীল ৰেডি কৰিলে। তাৰ তলত ডাঠ কাগজ এখন লগালে। এড্ৰেচ-টেগ্‌টো ভৰাই দিলে। “বাকচ এক্দম খালী আছে। সকলোৱে দেখিলে নহয়?” তাৰ পিছত হেণ্ডেলডাল পকাই বাকচটো বন্ধ কৰি দিলে। ৰক্ষা!

 এতিয়া আহিব লাগে। লাইন পাতি এজন এজনকৈ আঁহক। অযথা ঠেলা–ঠেলি নকৰিব।

 ঠিক লগে লগেই আহিল কন্ট্ৰল ৰূমৰ পৰা ফোন, “কাম আৰম্ভ হৈছে নহয়?”

 হৈছে। নহ’ব কিয়? প্ৰিজাইডিং অফিচাৰ কোন? চৌধুৰীহে। কি বুলি ভাৱা?

 ঠিকেই চলিছে। কোনো গণ্ডগোল নাই। সকলো শাৰীপাতি আহি আছে। এজন পুৰুষ আৰু এগৰাকী মহিলা। বেলট পেপাৰ চাৰিখনকৈ লৈ আছে। দুটাকৈ ভোটিং কম্পাৰ্টমেণ্টত ভোট দি আছে। বাকচত বেলট পেপাৰ ভৰাই আছে। তথাপিও বেলট বাকচৰ ওপৰত চকু ৰাখিবৰ বাবে চৌধুৰীয়ে গাওঁ-ৰক্ষী বাহিনীৰ সম্পাদকজনক নিযুক্ত কৰিলে। ভালেই পালে তেওঁ। গুৰুত্ব পোৱা যেন পালে। নিযুক্তি পোৱাৰ লগে-লগেই বৰ আন্তৰিকতাৰে লাগি গ'ল তেওঁ। এনেকুৱা মানুহহে লাগে।

 “ছাৰ, ছাৰ... এই মানুহটোৰ ভোটটো অথনি মাইকী মানুহ এজনীয়ে দি গ’ল। এতিয়া এওঁ দিবলৈ নাপায়।”

 “কিয় নাপাম? পাবই লাগিব। কি কথা ক'বলৈ আহিছাহে।”

 “ৰ’বচোন ৰ’ব। আপোনাৰ কে’চটো কি?” চৌধুৰীয়ে হস্তক্ষেপ কৰিলে।

 “এ, ছাৰ মানে, মোৰ ভোটটো হেনো বেলেগ কোনোবাইহে দি গ'ল। এইটো কেনেকৈ হ'ব? ইহঁতে মানুহ চিনি নাপায় নেকি? মোৰ ভোট মোৰ কথা। মই দিবলৈ পাবই লাগিব। লাগিলে আপুনি টেণ্ডাৰ ভোটৰে ব্যৱস্থা কৰি দিয়ক।”

 “এ, ৰ’বচোন। টেণ্ডাৰ ভোটৰ কাৰবাৰটো এনেকুৱা নহয় নহয়। মই

॥ ৭৭॥