কৰিম কওঁক?
এইবাৰ বিচনালৈ আগবাঢ়িলো। যেন চুঁচৰিহে গৈছো।
হঠাৎ যেন সাৰ পালো। নে, কোনোবাই জগুৱাইহে দিলে?
“গুড মৰ্ণিং !”
“গুড মৰ্ণিং! কিমান বাজিল?”
“ছয়। টোপনি আহিল নে?”
“আহিল। ৰাতিটো ক’বই নোৱাৰো।”
“উঠক উঠক। ৰেডি হওক। আজি ফাৰ্ষ্ট্ ফাৰ্ষ্ট্ পশুপতি মন্দিৰলৈ যাম। তাৰ পিছতহে বাকীবোৰ।”
ঠিকে আছে। পূজা-পাতল মানো নেমানো এইটো বেলেগ কথা। কিন্তু মন্দিৰটো চাব লাগিব। নে’টত ইতিমধ্যে মন্দিৰটো চাইছো। আমাৰ অসম মুলুকৰ কামাখ্যা মন্দিৰ যেনে, নেপাল মুলুকৰ পশুপতি মন্দিৰো তেনে। এই মন্দিৰটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। অৱশ্যে, অনা-হিন্দুৰ বাবে এই মন্দিৰত প্ৰৱেশ নিষেধ।
কাঠমাণ্ডুৰ পৰা উত্তৰ-পূৱ দিশত মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত্বত, বাগ্মতী নদীৰ পাৰত স্থাপন কৰা হৈছে এই মন্দিৰ। খৃষ্টীয় প্ৰায় চতুৰ্থ শতিকা মানতে স্থাপন কৰা হৈছিল এই মন্দিৰ। ইউনেস্কই ইতিমধ্যে এই স্থানক বিশ্ব ঐতিহ্যৰ স্থান হিচাপে স্বীকৃতি দিছে।
পুৱা সাত মান বজাতে টেক্সীত উঠিছো। লক্ষ্যস্থান পশুপতি মন্দিৰ।
বিশাল মন্দিৰ প্ৰাঙ্গনত ভিৰ কৰিছেহি অগণন ভক্তপ্ৰাণ ৰাইজে। মইয়ো তেওঁলোকৰ মাজৰে এজন হ’লো।
মন্দিৰৰ মূল তোৰণৰ পৰাই চকুত পৰে নন্দী নামৰ ষাড় গৰুটোৰ সু-বৃহৎ পিতলৰ মূৰ্তিটো। উজ্জ্বল! জিলিকি থাকে।
সোমাই গ'লো। কি বা দেখো !
শিৱ-লিঙ্গত শিৱ আৰাধনা। চাকি, ধূপ, সেন্দুৰৰ ফোট। শিৱস্তুতি। মাজে মাজে কোনোবা পৰম শিৱভক্তৰ একোটা বিকট চিঞৰ, “হে’ শিৱ!” এইবোৰ অৱশ্যে সাধাৰণ কথা। কিন্তু অসাধাৰণ কথাটো দেখিলো মন্দিৰৰ ভিতৰলৈ সোমাই গৈহে। শিৱৰ একেবাৰে আদিম ৰূপৰ এটা সু-বৃহৎ পিতলৰ মূৰ্তি। গাত নাই কোনো আৱৰণ। ওৱা! পূজাৰী গৰাকী আক’ মহিলা ! শিৱ মূৰ্তিৰ