পৃষ্ঠা:মুখামুখি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহিছো। বহি লৈছোহি টেক্সীত।

 “কলৈ যাম এইবাৰ?”

 “স্বয়ম্ভ টেম্পল। তাৰ পিছতে আমাৰ ইউনিভাৰচিটি। ত্ৰিভূৱন ইউনিভাৰচিটি।” হ'ব?”

 “হ’ব। ব’লক।”

 স্বয়ম্ভু টেম্পল।

 বৌদ্ধ স্তুপ আৰু বুদ্ধৰ বৃহৎ পিতলৰ মুৰ্তি !

 এটা সু-উচ্চ পাহাৰৰ ওপৰত জিলিকি আছে স্বয়ম্ভু মন্দিৰ।  অকোৱা-পকোৱা থিয় ৰাস্তা। প্ৰথম প্ৰথম মোৰ ভয়েই লাগিছিল। লাহে লাহে ভয়টো আতৰি গৈছিল। হ’ল বুলিনেনা কিমান নো আৰু ভয় কৰি থাকিম?

 মন্দিৰ প্ৰদক্ষিণ কৰাৰ নামত যেতিয়া খান্নালৰ পিছ লৈছিলো, হঠাৎ চকুত পৰিল পাহাৰটোৰ তলৰ পৰা বিস্তৃত হৈ থকা কাঠমাণ্ডু মহানগৰখন। চাৰিওফালে ওখ ওখ পৰ্বতমালাৰ চিৰসেউজ সীমনা !

 “দেখিছে বৰঠাকুৰ, সৌটো ভীমসেন টাৱাৰ। ইয়াৰপৰা কিমান সৰু দেখাইছে! সৌফালে সৌৱা ভক্তপুৰ। এইফালে চাওঁক।”

 খান্নালে আঙুলি যিফালেই পোনাইছে, সেইফালেই চাইছো। যিমানেই চাইছো সিমানেই বিস্মৃত হৈছো। ততোধিক হৈছো তৃপ্ত। এই সুন্দৰ দৃশ্য, এই বিশাল নৈশৰ্গিক শোভা ! দেখিলোঁহেঁতেননে এইবোৰ ইয়ালৈ নহাহেঁতেন !

 সময়বোৰ কেনি কেনেকৈ পাৰ হৈ গৈছিল মই মন নকৰিলেও খান্নালে মন কৰি আছিল। হঠাৎ তেওঁ সোঁৱৰাই দিলে “ব’লক ব’লক, তিনি বাজিলেই, টাইম চৰ্ট।”

 গাড়ীখন যেতিয়া ত্ৰিভূৱন বিশ্ববিদ্যালয়ৰ তোৰণৰ তলেদি সোমাই গ'ল, ছেত্ৰীৰ ফালে চালো। তেওঁৰ মুখত ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি অহাৰ আনন্দ-তৃপ্তি- সন্তুষ্টি। কিমান দিনৰ মূৰত আহিছে তেওঁ! দহ বছৰ! বহুত সময় দেখোন।

 বিশ্ববিদ্যালয়ৰ বিশাল ভৱনবোৰৰ মাজেদি দৌৰিছে আমাৰ সৰু গাড়ীখন।

 “চাওঁক বৰঠাকুৰ, সৌটো আমাৰ ডিপাৰ্টমেন্ট। এইফালে চাওঁক, সৌটো আমাৰ হোষ্টেল। তাৰে চেকেণ্ড ফ্লৰৰ সৌ চাইডৰ ৰূমটোত ৰাজেন আৰু মই.....।”

॥ ৫৫ ॥