পৃষ্ঠা:মুখামুখি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নিৰ্মাণৰ সময়টো চালো। ১৬৯৬ বিক্ৰমাব্দ। খৃষ্টাব্দ নহয়।

 ইফালে স্বৰ্ণ-দুৱাৰ। কাৰুকাৰ্য্য মনোৰম। পচ্‌পন্নখন খিৰিকিযুক্ত এটা বিশাল কাঠৰ ভৱন। নেৱাৰ ৰজা যক্ষমল্লই নিৰ্মাণ কৰাইছিল ১৪২৭ বিক্ৰমাব্দত। ভিতৰলৈ সোমাই গ’লো। হিন্দু আৰু বৌদ্ধ ধৰ্মৰ প্ৰাচীন চিত্ৰকলাৰ এটি বিশাল সংগ্ৰহ।

 ওৱাও! কি সুন্দৰ! ওচৰতে সৌটো পশুপতি মন্দিৰৰ এটা সুন্দৰ প্ৰতিকৃতি। অবিকল। ইফালে ৰজা ভূপতিন্দ্ৰ মাল্লাৰ আন এক কৃতি। ১৭০২ বিক্ৰমাব্দতে স্থাপন কৰা পাঁচ মহলীয়া নাটপল্ল মন্দিৰ।

 ইটাৰে নিৰ্মিত ৰাস্তাসমূহ আৰু পাথৰেৰে নিৰ্মিত চোতাল সমূহ আজিও অক্ষত অৱস্থাতে সংৰক্ষণ কৰি ৰখা হৈছে। এখন প্ৰাচীন নগৰৰ পৰিৱেশটো আজিৰ যুগতো সযতনে সংৰক্ষণ কৰি ৰাখি থোৱাটো নিশ্চয় প্ৰশংসাৰ যোগ্য।

 এদিনৰতো কথাই নাই, এমাহ থাকিলেও যেন চাই অন্ত নপৰিব ভক্তপুৰৰ কীৰ্তি-চিহ্নবোৰৰ চুক-কোণবোৰ। যিফালেই চকু যায় দৃষ্টি থমকি ৰয়। কিন্তু কি কৰিম, সময়ৰ যে বৰ অভাৱ। গতিকে মাত্ৰ দুই-আঢ়ৈ ঘণ্টা মানৰ ভিতৰতে এক বৃহঙ্গম দৃষ্টি দি উভতি আহিলো।

 ভাল নালাগে। ইমান দৌৰা-দৌৰি ভাল নালাগে।

 “কেনে দেখিলে?” ⸺খান্নালৰ পোনপটিয়া প্ৰশ্ন।

 “সাংঘাতিক। ইয়াৰৰজা সকল বৰ বিলাসী আছিল দেই। আৰু কাৰিকৰ সকলো অলপ এক্সপাৰ্ট আছিলনে বাৰু?”

 “নিশ্চয়। বাৰু হ’ব, এইবাৰ আপোনাক লৈ যাম পাতন দৰবাৰ চাবলৈ। তাতো আপোনাৰ চকু ডাঙৰ হৈ যাব, মুখ মেল খাই যাব।”

 “সঁচা?”

 “দেখিব নহয়।”

 হয়। একেবাৰে সত্য। ভক্তপুৰতকৈ কোনো গুণে কম নহয় পাতন দৰবাৰৰ কাৰুকাৰ্য্য। নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিবলৈকে টান।

 কাঠমাণ্ডুৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাতন মহানগৰ। চৰকাৰী তথ্যমতে ললিতপুৰ চাব্‌-মেট্ৰপলিটান চিটি। সাংস্কৃতিক ঐতিহ্য আৰ স্থাপত্য শিল্পৰ বাবে সুবিখ্যাত হোৱা এক প্ৰাচীন নগৰী।

 বুৰঞ্জীয়ে কয়, খৃষ্টপূৰ্ব তৃতীয় শতিকাত কোনোবা কিৰাট ৰাজবংশই

॥৪৮॥