পৃষ্ঠা:মুখামুখি.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মোৰ ক'বলগীয়া


 ইংৰাজীত কয় Facts are stranger than fiction. কিন্তু মই ভাৱো Facts are much more entertaining than fiction. এই সংকলনত প্ৰকাশ পোৱা প্ৰতিটো গল্পই কয় মাথো সঁচা বাস্তৱৰ কাহিনী। অৱশ্যে, সঁচা বাস্তৱৰ সৎ-চিত্ৰ এখন অংকন কৰিবলৈ যাওঁতে জীৱিত বা মৃত কোনো কোনো ব্যক্তিৰ লগত আমাৰ দ্বাৰা অংকিত চৰিত্ৰ সমূহৰ কোনো কোনো ক্ষেত্ৰত মিল ঘটিবও পাৰে। কিন্তু এনে মিল হব আকস্মিক আৰু অনিচ্ছাকৃত। আন কথাত ই হ’ব সম্পূৰ্ণ নাটকীয়।

 গোলাঘাট জিলা সাহিত্য সভাই ইতিমধ্যে মোৰ দুটি গল্প “মুখামুখি” আৰু “মিতেৰৰ দেশত”ক ক্ৰমে ২০১০ আৰু ২০১২ চনত শ্ৰেষ্ঠ গল্পৰ মৰ্যাদা দিয়াত মোৰ আত্মবিশ্বাস বৃদ্ধি পায়। তদুপৰি, ২০১০ চনত দেৰগাঁৱৰ মাহেকীয়া কাকত “প্ৰত্যুষ” গোষ্ঠীয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা এক গল্প প্ৰতিযোগিতাত মোৰ “স্কে’লৰ দৈৰ্ঘ্য” নামৰ গল্পটিয়ে শ্ৰেষ্ঠ গল্পৰ মৰ্যাদা লাভ কৰাত আৰু ২০১৩ চনত সৰুপথাৰৰ ছেৱাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষ্যে সদৌ অসম ভিত্তিত আয়োজন কৰা গল্প প্ৰতিযোগিতাত মোৰ “নাট্যপ্ৰেমী” গল্পটিয়ে দ্বিতীয় শ্ৰেষ্ঠ গল্পৰ মৰ্যাদা লাভ কৰাত মোৰ গল্প সমূহৰ এটি সংকলন উলিয়াবৰ বাবে মোৰ শুভাকাংক্ষী আৰু বন্ধুমহলৰ দাবী আৰু হেঁচা ক্ৰমাত বৃদ্ধি পাবলৈ ধৰে। লগতে, নিজৰ লেখাসমূহ হেৰাই নোযোৱাকৈ সংৰক্ষণ কৰি থোৱাৰ এক প্ৰবল আকাংক্ষাইয়ো গল্পখিনি প্ৰকাশ কৰাত প্ৰচুৰ ইন্ধন যোগায়।

 গল্পখিনি প্ৰকাশৰ বিষয়ে আলোচনা কৰোতেই সৰুপথাৰৰ শ্ৰীমতী অঞ্জু বৰা বাইদেৱে ততালিকে নিজেই গল্পখিনিৰ মাজৰ নিৰ্বাচিত সংখ্যক গল্পৰ এটি সংকলন প্ৰকাশ কৰাৰ দায়িত্ব কান্ধ পাতি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পিছত আৰু পিছলৈ উভতি চোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ'ল। তেখেতলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। লগতে বৰপথাৰৰ নলিনী প্ৰিন্টাৰ্চৰ স্বত্বাধিকাৰী শ্ৰীসিদ্ধাৰ্থ সেন আৰু সৰুপথাৰৰ ধনশৰি অফ্চে‌ট প্ৰেছৰ স্বত্বাধিকাৰীলৈয়ো মোৰ ধন্যবাদ জ্ঞাপন কৰিলো।


মণ্টু কুমাৰ বৰঠাকুৰ
দূৰভাষ - ৯৯৫৪৫ ৭৯১৯০