ভয়ো থাকে অলপ অলপ। তথাপিও থোকাথুকি মাতেৰে নক’লে নহয়, “মই কিন্তু য’তেই থাকো, যেনেকৈয়ে থাকো, সদায় তোমাৰে হৈ থাকিম। তোমাকে ভাল পাই থাকিম। কেৱল তোমাক। বিশ্বাস কৰা।”
প্ৰেমিকৰ তপত নিশ্বাস। হায়, ভাগ্য!
একেবাৰে অৰ্থহীন কথা। একেবাৰে নিৰৰ্থক ভাৱ-বিলাসীতা।
ব্যক্তিগতভাৱে এনেবোৰ ভাৱ বিলাসত মই তিলমাত্ৰও বিশ্বাস নকৰো। তথাপি গল্প একোটা সজাই-পৰাই তুলিবলৈ, পঢ়ুৱৈক আমোদ দিবলৈ আৰু এক শ্ৰেণীৰ কম বয়সীয়া পঢ়ুৱৈক ইম্প্ৰেচ্ কৰিবলৈ এই জাতীয় ডায়েলগ্ ব্যৱহাৰ কৰি মাজে মাজে গল্প একোটা লিখো। মানে, লিখিবলগীয়া হয়। এওঁ কিন্তু ভাৱে, এই গল্পবোৰৰ মাজত মোৰ অতীত জীৱনৰ কিবা নহয় কিবা সমল লুকাই থাকেই। মাকৰ ঘৰত আটাইকেইজনী বাই-ভনী গোট খালে এই বিষয়ে যুক্তি-নিৰ্ভৰ আৰু বাস্তৱ-সন্মত অনেক আলোচনা-বিলোচনা হয়। বিশেষকৈ, এওঁৰ মাকৰ হেনো মতা মানুহ চিনাত কাহানিও অকণো ভুল নহয়। পঢ়াৰ দিনতেই হেনো তেওঁ এই বিষয়ে বিস্তৃত অধ্যয়ন কৰিছিল। আচৰিত !
মই যিয়েই লিখো, চিলাই থাপ মৰাদি তেওঁ থপিয়াই নিয়ে আৰু ৰহস্য উদ্ঘাটনৰ চেষ্টাত হাবাথুৰি খাই ঘাম উলিয়াই মৰে।
কি যে মানুহ! কি যে চিন্তা।
“কোন জোন?”- মোৰ চকুত চকু ৰাখি এওঁৰ পোনপটিয়া প্ৰশ্ন।
“এ ৰাম... থোৱাচোন। গল্পহে সেইটো।”
এওঁৰ লগত ফেপেৰি পাতি ধৰিলো। সদায় সদায় কিমাননো আৰু একেবোৰ কথাকে সহ্য কৰি থাকিম ! ধৈৰ্য্যচ্যুতি ঘটিছিল মোৰ। ধেমালি নেকি?
“নহয় মানে, কথাবোৰ দেখোন কল্পনা যেন লগা নাই। নিজৰ জীৱনৰ কথা যেনেই লাগে। চাওঁ চাওঁ।”
কি লিখিম আৰু! মুডেই শেষ। শেষ !
বঞ্চিত, লাঞ্চিত, লুণ্ঠিত, নিৰ্যাতিত, অপমানিত হৈ কলমটোকে পিটিকি-মোহাৰি বহি আছো। কি কৰো, কি কৰো?
আকৌ ফোনটো বাজিল।
কোননো বাৰু? কোনেনো ফোন কৰি থাকে?
মৰিলো! শেৱালিৰ ফোন!