পৃষ্ঠা:মুখামুখি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ ঘৰটোৰ পূৱ দিশত প্ৰবক্তা এজনেও চেকেণ্ড ফ্ল’ৰৰ কাম ধামধুম চলাই আছে। ৰাস্তাটোৰ সিটো মূৰে চে’ল টেক্স অফিচৰ কেৰাণী এজনৰ বিল্ডীংটো একেবাৰে টি-ভিৰ চিৰিয়েলত দেখা ঘৰবোৰৰ মডেলত সাজিছে। এতিয়া হেনো বাইদেউহঁতৰ ঘৰটোত হাৱা-বতাহ সোমাবলৈও বাট বিচাৰি নাপায়। সকলো হাৱা-বতাহ চিধা বিল্ডীংবোৰলৈ হে হেনো ঢপলিয়ায়। যেন একোটা হুঁচৰি দলহে। ঘৰবাৰী চাই চিতিহে সোমায়। নহ'লে জপনা খুলি দিলেও সেইফালে মুখকে নকৰে!

 সমস্যা! এটা সমাধান নোহোৱা সমস্যা।

 অ’... কৰোঁ বুলিলে বাইদেৱে ডিমাণ্ড দিব পাৰে, অনশন কৰিব পাৰে, মাকৰ ঘৰলৈ গুচি যাব পাৰে, ভিনদেউক ভাতৰ কাঁহীখন, চাহৰ কাপটো ঠেকেচা মাৰি দিব পাৰে। ওচৰ চুবুৰীয়াই শুনাকৈ অলপ হাল্লা কৰিব পাৰে। ইচ্ছা কৰিলে বাইদেৱে হেনো বহুত কিবা কিবি কৰিব পাৰে। কিন্তু তেওঁ নকৰে। মানে কৰিব নোৱাৰে। মানে এইবোৰ কৰিবলৈ তেওঁৰ লাজ লাগে। দৰ্শন বিভাগৰ শিক্ষয়িত্ৰী হৈ এইবোৰ তুচ্ছ পন্থা অৱলম্বন কৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ হ’বলৈ তেওঁ কোনো মতেই প্ৰস্তুত নহয়। গতিকে কৰিব কি আৰু! থাকক আৰু পুৰণি ঘৰটোৰ ৰখীয়া হৈ। পিছে এখন যুদ্ধৰ পৰিৱেশ সদায় বিৰাজমান হৈ থাকে। এফালে এটা ধুনীয়া অট্টালিকাত থাকিবলৈ বাইদেউৰ এক আজন্ম হেপাঁহ আৰু আনফালে ৰামচন্দ্ৰকো ডিফিট দিব পৰা পিতৃভক্তিৰে মহীয়ান হোৱা ভিনদেউৰ আদৰ্শবোধ! এতিয়া, ডাঙৰ হৈ ল'ৰাই কিবা এটা কৰিলেহে কৰা। নহ’লে......

 পাৰ-বাহ হেন তিনিটা কোঠাৰ চৰকাৰী কোৱাৰ্টাৰটোত সোমাই সোমাই, টি-ভিৰ চিৰিয়েলবোৰ চাই চাই, ৰাতিপুৱা-গধুলি পদ্মাসন কৰি, ধ্যান কৰি, মাজে মাজে মাক-ভায়েকৰ লগত ফোনত কথা পাতি পাতিও শান্তা বাইদেউৰ এনে লাগিল যেন সময়বোৰ নাযায়-নুপুৱায়। এটা সৰু ঘৰ হ’ব। তাত কেৱল তুমি থাকিবা আৰু মই! আমাক আমনি কৰিবলৈ তাত অন্য কোনো নাথাকিব। কেৱল মই তোমাক মৰম কৰিম আৰু তুমি মোক! দিনবোৰ উজ্জ্বল হ'ব। নিশাবোৰ জোনাক ভৰা হ'ব আৰু আবেলিবোৰ! তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ! মনত পৰেনে অৰুন্ধুতী? ......থিক এনে ধৰণৰ কবিতা কবিতা লগা সপোনবোৰ কেতিয়া ক'ত হেৰাই গ'ল তাক মনত পেলাব নোৱাৰা হ'ল শান্তা বাইদেৱে।

॥ ২৯ ॥