বুলিলে কোনোবা ডাঙৰ ডাঙৰ অফিছাৰ সকলে খোৱা বিধতে আৰম্ভ কৰিব পাৰি। নকৰিলে বীয়েৰ বা চৌডা এবটললৈ নামি আহিব পাৰি। অগত্যা উপায় নাপালে এগিলাচ লেমণ-স্কোৱাচ। কিন্তু চাহ!
“কি কৈছে বৰঠাকুৰ! আপুনি মানুহ মাৰিব দেই। আপুনি কোনখন পৃথিৱীত আছে হে?”
ছেত্ৰীয়ে মুখৰ ভিতৰতে ভোৰভোৰালে।মই হেনো নট্ ফিট্ ফৰ ডিচেণ্ট চচায়িটি। হয় চাগে। নহ'লে নো মোৰ ক্ষেত্ৰত এনে হয়নে?
পাৰ্টী কৰাৰ পিছত প্ৰায় বিশ মিনিট খোজ কাঢ়িছো জীজাজীৰ ঘৰলৈ বুলি।
একা বেকা ওখ-চাপৰ ৰাস্তা। মাজে মাজে ষ্ট্ৰীট লাইট, মাজে মাজে টৰ্চ জ্বলাইছো।
এপাকত ওখ খট্খটী বগাই একেবাৰে জীজাজীৰ বহাকোঠা। এক মিনিটৰ পিছতে তেওঁৰ শোৱনি কোঠা।
দিদিৰ গা বেয়া। তিনি দিন ধৰি হেনো বিচনাতে। কি বা হৈছে!
“চাহ তাহ অকণ,.....”
“নাই নালাগে। খায়েই আহিছো।”
প্ৰায় দহ মিনিটৰ পিছতে ওভতনি যাত্ৰা।
হোটেলত প্ৰৱেশ কৰিয়েই চিধা ভাতৰ পাতত। খায়েই চিধা ৰূমলৈ। শুব লাগে। উঠিব লাগিব ৰাতিপুৱাই!
আঠুৱা নিদিয়াৰ বাবে আকৌ তললৈ নামি আহিলো।
নাই। ইয়াত বোলে মহ নাই। কি! মহ নাই। সঁচা?
হ’ব। নাই যদি ভালেই।
শোৱাৰ আগতে ম'বাইলটোত এলাৰ্ম দি থ’বলৈ বুলি উলিয়াই লৈছো।
“কোনটো সময় লৈছে, নেপালৰটো নে ইণ্ডিয়াৰটো?”- ছেত্ৰীৰ প্ৰশ্ন।
“মানে?”
“মানে নেপালৰ সময়টো ইণ্ডিয়াৰ সময়তকৈ অলপ আগবঢ়া। প্ৰায় পোন্ধৰ মিনিটমানেই আগবঢ়া।”
সমস্যা। ৰবলৈ সময় নাই। আকৌ খপাখপ তললৈ নামিলো। চিধা মেনেজাৰৰ টেবুল। ওৱাল ক্লকটোত চকু পৰিল। কাকো নোসোধাকৈয়ে সময়টো
॥৪১॥