মুক্ত গুপ্তাঙ্গত (?) পুস্পাঞ্জলি দিহে ভক্তক আশীৰ্বাদ দিয়ে। ভক্ত সকলে তাকে সাষ্টাঙ্গে প্ৰণাম কৰিছে আৰু তেওঁ ভক্তসকলৰ পিঠিত মাৰিছে প্ৰকাণ্ড একোটা ঢকাও। কি কাৰবাৰ!
“বৰঠাকুৰ, প্ৰণাম কৰক।”
“নাই নাই। মই ইয়াত সেৱা-চেৱা কৰিবলৈ নাই দেই।”
(তাত কোনেও অসমীয়া নুবুজে বুলিহে, নহ'লে!)
বাহিৰলৈ ওলাই আহিলো। হৈছে আৰু। যথেষ্ট হৈছে। আৰু নোৱাৰি। খান্নালে যি কৰে কৰি থাকক। মই নোৱাৰো। মই ওলালো। চিধা বাহিৰ।
এতিয়া খান্নাল ওলাই আহিলেই হয়।
(সময়বোৰ ইমান লাহে লাহে গৈছে! বাৰে বাৰে ম’বাইলত সময় চাওঁ)
আকৌ আগবাঢ়িলো বেলেগ এটা দিশেৰে। এইবাৰ বা কি বিস্ময়ে বাট চাই আছে!
এটা পুখুৰীৰ মাজত, একেটা প্ৰকাণ্ড শিলতে কাটি উলিওৱা ভগৱান বিষ্ণুৰ চতুৰ্ভূজ ৰূপৰ এটা সু-বৃহৎমূৰ্তি। ওপৰত চন্দ্ৰতাপ, ফুল, সেন্দুৰ, প্ৰণাম, প্ৰাৰ্থনা। আৰু বহুত কিবাকিবি।
“বৰঠাকুৰ, সেৱা কৰক।”
“এহ, হ’ব দিয়ক। আহক।”
মন মোৰ একেবাৰে নাই য’তে-ত’তে সেৱা কৰি থাকিবলৈ। কিন্তু দক্ষিণ-কালী মন্দিৰ বুলি যিটো মন্দিৰত মোক প্ৰৱেশ কৰালেগৈ, তাৰ পুৰুহিতে মোৰ কপালত আঁকি দিলে সেন্দুৰৰ ডাঙৰ এটা ফোট। ফোট! কিন্তু কৰিম কি? উপায় নাই। হ’ব আৰু।
ভোক এটাও লাগিছিল। কিবা এটা খাবও লাগিছিল। ৰেষ্টোৰা এখনলৈহে যাব লাগিছিল। ক’ত বা আছে?
এখন ৰেষ্টোৰাত সোমাইহে সঁকাহ পালো। চাহ নাষ্টা।
“ভাত খাবনে?”
“পিছতে খাম। নে কি কয়?”
“পিছত মানে? মোৰ দেখোন ভোকেই লাগিছে।”
“ভোক লাগিলেও ইয়াত নাপাব নহয়। সিফালে টাউনত গৈহে খাবগৈ লাগিব।”