য'ত খং উঠিব লাগে, তাতো আপোনাৰ হাঁহিহে উঠিব। মানে মই মোৰ নিজৰ কথাহে কৈছো।
“কি হ'ল? হাঁহিলে যে?”-এইবাৰ মোৰ প্ৰতি আমাৰ এওঁৰ পোনপটিয়া প্ৰশ্ন।
“কতনো হাঁহিছো?”
হাঁহিটো ততাতৈয়াকৈ সামৰি-সুতৰি খঙৰ ভাৱ এটা চকুয়ে মুখে ফুটাই তুলিবলৈ চেষ্টা কৰিলো।
আচলতে, আমাৰ এওঁৰ নিচিনা মানুহৰ লগত ঘৰ-সংসাৰ কৰিবলৈ হলে বহুত কিবাকিবি কৰিব আৰু বহুত কিবাকিবি নকৰিবলগীয়া হয়।কৰণীয়ৰ ভিতৰত প্ৰধানকৈ পৰে এওঁ যি কয় বিনা প্ৰতিবাদে মানি লোৱা আৰু অ- কৰণীয়ৰ ভিতৰত পৰে নহঁহা। আকস্মিকভাৱে কেতিয়াবা হাঁহিটো ওলাই আহিব খুজিলেও লৰালৰিকৈ তাক সামৰি-সুতৰি থৈ দিয়া। মোৰতো অৱস্থা বেয়া হৈ গৈছে। বিশ্বাস কৰক। মোৰ শালপতি কেইজনে কেনেকৈ পৰিস্থিতি চম্ভালে ক’ব নোৱাৰো। অৱশ্যে হাঁহি থকাই দেখো। হাঁহিৰো কিবা শ্ৰেণীবিভাগ আছে। নেকি?নাজানো৷ শৰৎদাক সুধি চাব লাগিব। তেওঁ জানিব। মানে, তেওঁ এই বিষয়ে জানিবও পাৰে।
বাৰু হ’ব।
আচৰিত লাগে। কোৱা শুনো, ছোৱালী একোজনী হেনো সমবয়সীয়া ল’ৰা একোটাতকৈ কমেও দহবছৰৰ মেচিওৱৰ্ড্ হয়। আকৌ, কিছুমানে কয় বোলে ছোৱালী আৰু মহিলাবোৰৰ হেনো ষষ্ঠ ইন্দ্ৰীয় বুলিও এক অতিন্দ্ৰীয় শক্তি আছে। পুৰুষৰ দৃষ্টি দেখিলেই হেনো তেওঁলোকে পুৰুষৰ মনৰ ভাৱ বুজি পায়।
মিছা কথা। কোনেনো ভাৱি উলিয়ায় জানো এইবোৰ কথা! কোনোবাই হয়তো এনেকৈ ভাৱে, মই কিন্তু বিশ্বাস নকৰো। নকৰাৰ কাৰণ আছে। দেশৰ চাৰিওফালে ঘটি থকা ঘটনা কিছুমান দেখি-শুনিহে মই এনেকৈ কৈছো।
বেছি আচৰিত হওঁ তেতিয়া, যেতিয়া কোনো যুৱতীয়ে কোনো সহজ- সৰল যুৱকৰ প্ৰতি বক্ৰোক্তি কৰে, “অঁকৰাটো। বেচেৰাটো! বেয়াই লাগে দেই”। কিন্তু হঠাৎ অঘটন এটা হওঁকচোন, চুলি মেলি, হাতেৰে মুখ ঢাকি হিয়ালি-
জিয়ালিকৈ কান্দিব, “তাক মই ইমান বিশ্বাস কৰিছিলো। সি মোক শেষ কৰি