পৃষ্ঠা:মুখামুখি.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰিশ তাৰিখৰ ভিতৰত ভাল হলেই হয় পায়!”

 “অহা ত্ৰিশ তাৰিখৰ ভিতৰত? ক'ৰবালৈ যাবলগীয়া আছেনেকি?” -পৰিণীতাৰ সৰল প্ৰশ্ন।

 “নহয় মানে, এক তাৰিখে আক’ পিতাশ্ৰীৰ পেন্‌চনটো.....”

 “কি! কি কৈছ তই?” পৰিণীতা যেন গৰ্জি উঠিল।

 তাইৰ ওঁঠ দুখন কপিবলৈ ধৰিলে। চকু যুৰিও ঢুলঢুলীয়া হৈ আহিল।

 ঘৰলৈ উভতি গৈয়েই তাই ফোনটো হাতত তুলি ল'লে। খুড়াকলৈ ফোন কৰিব তাই।

ৰচনা কাল – চেপ্তেম্বৰ, ২০১৩ চন।

⸻⸻⸻⸻⸻

॥ ১২৮ ॥