পৃষ্ঠা:মুখামুখি.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাড়ী আহি দেৱেন্দ্ৰ নগৰ পালেহি খেয়ালেই নকৰিলে তাই।

 বাওঁহাতেৰে ম'বাইল ফোনটো আৰু সোঁ হাতেৰে মিঠাইৰ টোপোলাটো লৈ নামি গ'ল তাই।

 কথাৰ প্ৰসঙ্গত পাপুৰ শাহুৱেকে ক’লে, কেইদিন মানৰ আগতে সিহঁতৰ দদায়েক বোলে তালৈ গৈছিল।

 “সি ইয়ালৈ আক’ কেলৈ আহিছিল?”-পৰিণীতাই নুসুধি নোৱাৰিলে।

 “অ’ কিবা বোলে পাপুহঁতক হেনো বহুত টকা-পইচা দি থৈছিল। তেওঁলোকৰ ইণ্ডিকাখন ল’বৰ সময়তো বোলে তেওঁ সত্তৰ হেজাৰ টকা ককায়েকক দিছিল। পিছত বোলে তোমালোকে সম্পৰ্কই নৰখা হ’লা। ফোন কৰিলেও বোলে নধৰা। বহুত কিবা কিবি কৈছিল তেওঁ। অৱশ্যে আমাৰ আনন্দ আৰু ইহঁতৰ দেউতাকৰ আগতহে কৈছিল। মই আক’ সববোৰ কথা শুনা নাই। অ’ হেৰি নহয়, তোমালোক আজিকালি খুড়াৰ ঘৰলৈ নোযোৱা নেকি?”

 পাপুৱে হঠাৎ উপস্থিত বুদ্ধি খটাই, “অ’ সোণ, অ’ সোণ, গৈছো ৰ’বা।” -বুলি কৈ কৈ আগ চোতাললৈ ওলাই গ'ল।

 পৰিণীতা থৰ হৈ ৰ’ল।

 অ’ ইয়েচ! পৰ্দা ফাচ। ই মনাইয়েই যত কুটৰ ঘাই!

 ই নিশ্চয় পিতাশ্ৰীক পইচা বিচাৰিছিল। পিতাশ্ৰীয়ে নিদিলে। আৰু দিবনো কেনেকৈ? ইয়াৰ লগত কোনো সম্পৰ্ক নাৰাখিবলৈ মায়েতো পিতাশ্ৰীক শপত দি থৈ গৈছে। অৱশ্যে তাৰ পৰা পইচা-পাতি লোৱাত কোনো বাধা নাই। বাধা কেৱল তাক পইচা-পাতি দিয়াতহে। মা-কো কিন্তু মানিবই লাগিব। কি সাংঘাতিক বুধিয়ক মানুহ আছিল মা! গতিকে পিতাশ্ৰীয়ে চাগে তাক পইচা নিদিও বুলি ক’লে আৰু তেতিয়া চাগে ই নিজে দি হোৱা পইচাখিনি বিচাৰিলে। পিতাশ্ৰীয়ে চাগে সেইটোও নহ'ব বুলি ক'লে। আৰু দিবনো কেনেকৈ তাক ইমানখিনি টকা। টকা হয়। গছপাততো নহয়। আৰু তেতিয়াই চাগে ই.....।

 ৰাজেশে স-প্ৰতিভ হাঁহি এটা মাৰি আলোচনাৰ বিষয়টো বেলেগ ফালে নিবলৈ চেষ্টা কৰিছিল। কিন্তু, মানুহজনীয়ে ক'বলৈ চালে কাৰো মুখলৈ নাচায়।

 “অ’ হেৰি নহয় পৰিণীতা, তেওঁ আক’ পাচবুক এখনো লৈ আহিছিল নহয়। আমাৰ আনন্দহঁতক দেখুৱাইছিল। কেতিয়া কেতিয়া কিমান কিমান পইচা দিছিল সব দেখুৱাই ফুৰিছিল, জানিছা? এহ্ চাহকণ চাগে চেচাঁই হ’ল।

॥ ১২৩॥