পৃষ্ঠা:মুখামুখি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাগিছিল। কিন্তু কৰে কি তেওঁ? ইমানযে কষ্ট পালে যে তেওঁৰ দেহাই নটনা হৈ পৰিল।

 হঠাৎ খং উঠি গ'ল তেওঁৰ। কিনো ইলেক্‌শ্বন এটা ওলাইহি মাজে মাজে। কোনোবা জিকিব, কোনোবা ৰজা হ’ব আৰু শাস্তি খাই মৰিব লাগে চৌধুৰীহঁত। কাম নাই।

 প্ৰতিটো কথা এটা এটাকৈ মনলৈ আহি থাকিল তেওঁৰ। শিলগুটি দিয় ভগা চিগা ৰাস্তা, ভগা চিগা স্কুলঘৰটো, আৰু....।

 প্ৰায় পঞ্চাশ ফুট দীঘল আৰু প্ৰায় পোন্ধৰ ফুট বহল হল ঘৰটোত নাই কোনো খিৰিকি, নাই কোনো দুৱাৰ, নাই কোনো বৰচাং। দুৱাৰৰ নামত যিখন আছে এগোৰ দিয়াৰতো কথাই নাই, হাতেৰে ভালকৈ এটান মাৰিলেই এৰাই যাব। সিফালে, খিৰিকিত লগাই থৈছে পলিথিনৰ ঢাকনি। ফেৰ ফেৰকৈ মাৰি থকা বতাহ জাকৰ কথাটোও চিন্তা কৰিবলগীয়া হৈছে। জানুৱাৰী মাহৰ ত্ৰিশ তাৰিখ। ঠাণ্ডা। ৰাতি ইয়াত থাকিলে কপি কপি মৰিব লাগিব। কম্বল দুখনেনো কি ঠাণ্ডা ৰাখিব! লেপ-তচক লৈ আনিবলৈতো নহ’ল। আৰু, আনো বুলিলেও আনিবনো কেনেকৈ? কম্বল দুখন, পোচাক এযোৰ, হাৱাই চেণ্ডেল এযোৰ, বেটাৰী-লাইটটো, ৰাতি পিন্ধা ইনাৰ-চেটটো আৰু আঠুৱাখন ভৰাই লওঁতেই বেগটো যথেষ্ট ডাঙৰেই হ’ল। ভাগ্যে, আজিকালি পাম্প দিয়া গাৰুবোৰ ওলাল বুলিহে। নহ’লে, ঘৰৰ ডাঙৰ গাৰু ভৰাই ল'লে হল্ড-অলটোয়েই আনিবলগীয়া হ’লহেঁতেন। আনিবলৈকে অসুবিধা হ’লহেঁতেন। কিবা বোলে অকনমান দূৰ এবাৰলৈ লৈ যোৱাৰ কথা নহয় নহয়। প্ৰথমে কঢ়িয়াব লাগিব ঘৰৰ পৰা তিনি-আলিৰ বাচষ্টপলৈ।তাৰ পিছত কঢ়িয়াব লাগিব বাচৰ পৰা মেটেৰিয়েল চেললৈ। তাৰ পিছত আকৌ কঢ়িয়াব লাগিব ভোটকেন্দ্ৰলৈ নিৰ্দিষ্ট কৰি দিয়া গাড়ীখনলৈ। ভোটিং-মেটেৰিয়েল খিনিকে কঢ়িয়াব নে বেডিং-পত্ৰকে কঢ়িয়াব? আচ্ছা, যেনেতেনে কঢ়িয়ালেই যেনিবা, বাচত সেইটো ভৰোৱাও মস্কিল। হেপোৰ-তেপোৰকৈ যেনে তেনে ডাঙি কৰি ভৰালেও থ’বলৈ জেগা নাথাকে। এটা পলিং-পাৰ্টিত যদি ছয়জনকৈ মানুহ হয় আৰু এখন বাচত যদি এনেকুৱা পলিং-পাৰ্টি চাৰি-পাঁচটাকৈ দিয়ে তেন্তে মানুহেই হয়গৈ দেখোন চব্বিশ বা ত্ৰিশ। আৰু প্ৰত্যেকেই যদি একোটাকৈ হল্ড-অল নিয়ে, ভৰাব ক’ত? কোনোবাই হয়তো ক’ব, ‘কিয়? বাচৰ হুডৰ ওপৰত তুলি দিব।’ থিক আছে, দিব। কিন্তু,

॥ ৬৪ ॥