পৃষ্ঠা:মুখামুখি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সহকৰ্মী বিজয় ছাৰক ৰিভাইজড্‌ স্কে’লৰ কথা সুধি ব্যতিব্যস্ত কৰো। যেন ৰিভাইজড্‌ স্কেল দিয়া-নিদিয়াৰ পাৱাৰটো তেখেতৰ হাততে আছে। তেখেতে যেন দিওঁ বুলিলেই দিব পাৰে, নিদিওঁ বুলিলেই নাই। মোৰ কেতিয়াব এনে লাগে বিজয়ছাৰে বাৰু সঁচাকৈয়ে ৰিভাইজড্‌ স্কে’লটো দিবনে!

 বেচেৰা! তেওঁ যে এচ’ছিয়েচনৰ মেম্বাৰ!

 কমলা শইকীয়াই যেতিয়া হাতখন ডাঙি শূন্য এটাৰ ইঙ্গিত দি “নেচেল” বুলি কয়, তেতিয়া মোৰ মনটোৱে হাহাকাৰ কৰি উঠে। বৰ অসহায়ভাৱে বিজয়ছাৰৰ মুখলৈ চাওঁ। তেখেতেও পৌৰাণিক যুগৰ দেৱতাৰ ষ্টাইলত হাতখন দাঙি আশ্বাস দিয়ে। “হ'ব,হ'ব। চিন্তা নকৰিবা।” দেৱতাসকলো চাগে এনেকুৱাই আছিল। অৱশ্যে লংপেণ্ট-চাৰ্ট, জোতা-মোজা চাগে নিপিন্ধিছিল আৰু তামোল এখন চাগে অনবৰতে পকতিয়াই নাথাকিছিল। বাকীবোৰ গুণ গৰিমা নিশ্চয় একেই আছিল। মই এনেকৈয়ে ভাৱি ভাল পাওঁ। কেতিয়াবা এনেকুৱা কল্পনা বিলাস কৰিও ভাল লাগে দিয়কচোন। সাহিত্যৰ ছাত্ৰ আছিলোতো! বেয়া নাপাব, হাঃ।

 অধ্যক্ষ মহোদয়ে নিশ্চয় চাইহে আছিল। সকলো কথা লক্ষ্য কৰি, গমি পিতি চাই, তেখেতে এক সময়োচিত সিদ্ধান্ত ল’লে। আকস্মিকভাৱে এখন সভাৰ আয়োজন কৰি তেখেতে ইউনিট টেষ্টবোৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ জাৰি কৰিলে।

 জাষ্ট এ ব্ৰে’ক! লাগে লাগে। ব্ৰে’ক এটাও লাগে মাজে সময়ে।

 ধুম্‌ধাম প্ৰশ্ন চে’ট কৰাত লাগিলো। প্ৰশ্নকাকত হ’ব লাগিব একেবাৰে ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতৰ আধাৰত। অৱশ্যে মুঠ নম্বৰ হ'ব পঞ্চাশ। গতিকে ফাইনেলত যিটো প্ৰশ্নত দিয়া থাকিব “দুই” এইটো পৰীক্ষাত দিব লাগিব, “এক”। হ’ব, .....হ’ব জানো? .....বিজয়ছাৰেতো “হ'ব” বুলিয়ে কয়..... আকৌ “সমহাৰ” নে ‘সমান”? এ.......এইটো প্ৰশ্নৰ বাবে “তিনি” হে দিব লাগিছিল... ছেঃ এ হ’ব যাঃ....... কোনেনো মন কৰিব? ইউনিট টেষ্ট হে।

 এদিন, প্ৰেছত খবৰ কৰি আহি বিজয়ছাৰে ক'লেহি মোৰ প্ৰশ্ন কাকতখনত মই পঞ্চাশৰ ঠাইত ষাঠি নম্বৰৰ প্ৰশ্ন চে’ট কৰিলো!

 অ-মনোযোগী! বেয়া কথা। বহুত বেয়া কথা হ'ল।

॥ ২২॥