কালি আবেলি ইয়াৰে টি-স্টল এখনত সোমাইছিলো। ভাৱিলো, চাহ একাপ খাওঁ। কেতিয়াবা মন যায় দিয়কচোন।
নাই, খালী চিট এটাও নাই। কেইবাখনো টেবুলৰ সন্মুখত চাহ-মিঠা লৈও ম’বাইল ফোনত বাৰ্তালাপত মচ্গুল হৈ থকা কেইবাজনো যুৱক। লগতে যুৱতীও!
ইহঁতৰ মাক-দেউতাকসকলে বাৰু ইহঁতৰ খবৰ খাতি নাৰাখে নেকি? নে, এৰি দিছে? চাহ চেঁচা হৈ গৈছে। মিঠাইত হয়তো মাখিয়ে ভোজ পাতিছে। তথাপি খেয়াল নাই। খালি কথা, কথা আৰু কথা!
পাণ দোকান এখনত আৰি থোৱা বিজ্ঞাপন এখনত চকু পৰিল। এক চেকেণ্ডত মাত্ৰ এক পইচা! এতিয়া কেৱল কথা পাতক। কেৱল কথা! (মানে, বাকী চিন্তা বাদ দিয়ক)। ওচৰতে বেলেগ এখন বিজ্ঞাপন। কোনোবা এটা কোম্পানীৰ নেটৱৰ্কৰ ৰাতি সকলো কল ফ্ৰী। লগতে এগৰাকী স্বল্পবস্ত্ৰা মডেলৰ যৌন-উত্তেজক ভঙ্গীমাৰ ছবি। ভালকৈ মন কৰাত দেখিলো কোনোবা ৰসজ্ঞই “কল” শব্দটো কাটি “কাম” কৰি থৈছে। অৰ্থটো কি হ’ল?
নাচাওঁ বুলিলেও আপোনাৰ চকু যাব। নাহাঁহো বুলিলেও আপোনাৰ হাঁহি উঠিব। কি ৰসবোধ আজিৰ যুৱসমাজৰ!
থিক ৯ মান বজাৰ পৰা ১ মান বজাৰ ভিতৰত যিকোনো এখন নগৰৰে কলেজ ৰ'ড এটায়েদি আপুনি শান্তিৰে যাব নোৱাৰে। দেখিব কাণত ম'বাইল ফোন লগাই কথা পাতি পাতি গৈ থকা জাক জাক ছোৱালী। চাইডেই নিদিয়ে। কাৰ লগত ইমান কথা? কিনো ইমান দৰ্কাৰী কথা?
কিন্তু, বহুত কথা। আকাশত যিমান তৰা আছে সিমান। সাগৰত যিমান পানী আছে সিমান!
অ' নহয় নহয়। তাতোতকৈয়ো বেছি।
“ওঁ.. ওঁ ওঁহো...নহ’ব.... সঁচা? বাদ দিয়া... মিছা কথা নক’বা দেই ...বাৰু হ’ব.... থিক আছে বাবা... মা কচম... বিশ্বাস কৰা।”
এই জাতীয় হাজাৰটা শব্দ-শব্দাংশ, বাক্য-বাক্যাংশ উফৰি আহি আপোনাৰ কাণত পৰিবহি। বাকীখিনি আপুনি অনুমান কৰি লওঁক আৰু। কথাত তেওঁলোক ইমানেই মচগুল হৈ থাকে যে লগত আহি থকা বান্ধৱীজনীৰ প্ৰতিও কোনো খেয়াল নাৰাখে। বাটত যদি এজনী থাকিও আহিছে, ক’ব নোৱাৰে।