পৃষ্ঠা:মুখামুখি.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুলিব কোনে? ড্ৰাইভাৰেতো এইবোৰত হাতেই নলগায়। বাকী থাকিল, হেণ্ডিমেন ল’ৰাটো। সি কি কৰিব, বাচখনৰ ওপৰত উঠি লৈ তললৈ চিঞৰিব, “হল্ড-অলটো ডাঙি দিয়ক”।

 আক’, উভতি আহোঁতেও সেই একেই। সদায় এইবোৰ ডাঙি–কৰি থকাৰ অভ্যাস থাকিলেহে! নহ'লে দেখোন কঁকালত কঁচক খাব লাগিলে হ’লেই আৰু! আৰু, চৌধুৰীয়ে কিয়নো ল’ব এই ৰিস্কটো? এনেই বতৰ ঠাণ্ডা। ঠাণ্ডাত দুখ-চুখ পোৱাৰ কোবটোও বেছি। হয়, তেওঁ বুঢ়া হোৱা নাই। ডেকাই হৈ আছে। কিন্তু ডেকা ল'ৰাতো নহয়। ডেকা মানুহহে। গাঁৱৰ পৰা কোনোবা আহিলে আৰু ঘৰত ল'ৰা-ছোৱালী এটাকহে দেখিলে দেখোন কয়েই, “কি অ’, ঘৰত বুঢ়া-বুঢ়ী নাইনে?” তাৰ মানে কি বুজিলা? কথাটো এইটো নহয়নে যে এই হল্ড-অল কঢ়িওৱা কামটো তেওঁ নকৰাহে যুগুত। আৰু একান্তই যদি কৰিবলগীয়া হয়ো তেন্তে সৰুকৈ কিবা এটা টোপোলা। মানে, এতিয়া তেওঁ যিমানটো লৈ আনিছে, সিমান। আৰু যিহেতো লেপ-তচক অনাই নাই গতিকে থাকা ঠাণ্ডাত কপি কপি। ইয়াত কোনে দিব তোমাক লেপ-তচক আনি? আৰু দিবই বা কিয়?

 টেবুল আছে এখন! হয়তো, প্ৰধান শিক্ষকৰ টেবুলখন। বাকী শিক্ষকসকলে ক’ত লিখা-মেলা কৰে? নে নকৰেই? নে, শিক্ষক মাথো এজনেই? হ'বও পাৰে। এজনীয়া বিদ্যালয় কিছুমান এতিয়াও থকাৰ কথা নিউজত মাজে মাজে ওলায়। টেট্-শিক্ষকৰ নিযুক্তিতো হ’ব লাগিছিল। আচ্ছা, ধৰি ল’লো, নাই হোৱা। এতিয়া, এই শিক্ষকজনৰ অকলে অকলে আমনি নালাগেনে? কথা এষাৰ পাতিবলৈকে, কেতিয়াবা যুক্তি-তৰ্ক এটা কৰিবলৈকে, বা “মই অকণমান বাহিৰৰ পৰা আহোঁ, তুমি ইহঁতক চাবা” বুলি ক'বলৈকে....। তেওঁ কেজুৱেল লিইভো নলয় নেকি? কোনোবা দিনা তেওঁ নাহিলেতো ল'ৰা-ছোৱালীবোৰ ৰাখোন নথকা গৰু! (এইখিনিতে চৌধুৰীৰ ওঁঠৰ ফাঁকেৰে হাঁহি এটা সৰকি গ'ল। তেওঁৰ মনৰ চকুৰ আগত ভাঁহি উঠিল তাহানিৰ ৰজাবাহৰ গাঁৱৰ সীমনাত থকা এল.পি. স্কুলখন। শইকীয়া ছাৰ নহা দিনা অলপ উৎপাত কৰিছিল নে চৌধুৰীহঁতৰ দলটোৱে! চৌহদৰ গছ কেইজোপাত যেন এজাক বান্দৰহে উঠে। এনে অৱস্থা। এবাৰ যে গুণাৰাম গছৰ পৰা সৰিয়েই পৰিছিল ধেমেহ্কৈ। শেষত, ওচৰৰ কোনোবা ডাঙৰ মানুহ আহিহে ল’ৰা-ছোৱালীবোৰক

॥ ৬৫ ॥