তেওঁলোকে বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াবলৈ ধৰিলে।
এইবাৰ গাড়ী আহি ৰ’লহি বিশ্ববিদ্যালয়ৰ পুথিভৰালৰ সন্মুখত।
কি বিশাল পুথিভড়াল!
সোমাই গ'লো। চালো। ইফালে সিফালে। এইফালে, সৌফালে।
কিতাপ, কিতাপ আৰু কিতাপ।
আলোচনী, খবৰ কাগজ, জাৰ্ণেল।
এফালে এটা ডাঙৰ ৰূমত দেখিলো শাৰী-শাৰী কম্পিউটাৰ।
ডিজিটেল লাইব্ৰেৰী। য’ত যি লাগে নেটত চাৰ্চ কৰি ল'ব পাৰি। সুন্দৰ ব্যৱস্থা! ভাল লাগিল। পিছে সময় কম।
থিক এঘণ্টাৰ পিছত ওলাই আহিলো। আকৌ টেক্সী। ওভতনি যাত্ৰা।
খান্নালৰ ফ্লেটলৈ বুলি।
সন্ধিয়াৰ পিছত বিজুলি-বাতিৰ পোহৰ আৰু গাড়ী-মটৰবোৰৰ হে’ড-লাইটৰ জিলমিলনিৰ মাজত চহৰখনে যেন ৰূপ ল’লে এজনী চিত্-পখিলিৰ! দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰা মোৰ দুচকুও বহলকৈ মেল খাই গল। ওৱাওঁ! কি সুন্দৰ! যেন ইয়াৰ মাজে মাজে ঘূৰিয়েই থাকিম, ঘূৰিয়েই থাকিম, ঘূৰিয়েই থাকিম!
কিন্তু মোৰ মন-মেজাজৰ আভাস পাবলৈ সক্ষম হোৱা নাছিল টেক্সীৰ ড্ৰাইভাৰ। বন্দৱস্ত কৰা সময়-সীমাৰ ভিতৰত গাড়ী আনি পহুচাই দিলেহি খান্নালৰ ফ্লে’টৰ সমুখত। খেচ্! হঠাৎ গাড়ীৰ ব্ৰেকৰ শব্দ। থিক লগে-লগেই কাণত পৰিলহি এক নিৰ্দোষ ধেমালি।
“নামিবলৈ মনেই নাই নেকি গাড়ীৰ পৰা? নামক নামক, পালোহি।”
অগত্যা নামি আহিলো।
বহা কোঠাত প্ৰৱেশ কৰিয়েই থপ্কৈ বহি দিলো চ’ফাখনত। মুৰটো হাঁওলাই দি বেৰতে লগাই দিলো। চকু দুটা মুড্ খাই গ'ল। ক’ৰ পৰা জানো অনামী ভাগৰবোৰ আহি হেঁচা মাৰি ধৰিলেহি পাই! আঁঠ বজাতে শুই থাকিলো।
পুৱা উঠিলো ছয় বজাতে। শুই থাকিলে নহ'ব। যিমান ভাগৰ লাগে লাগি থাকিবলৈ দিব লাগিব। ইয়াত ভাগৰ মাৰিবলৈ ল'লে ঠাই চোৱা নহ'ব। সময়ৰ বৰ অভাৱ। তাতে ডিউটিৰ পৰা লোৱা চুটি শেষ হ’বলৈ আছে মাথো তিনিটা দিন। দুটা দিন লাগিব গৈ ঘৰ পাওঁতেই। গতিকে হাতত থাকিল মাথোন