তাৰ পিছৰ পৰাই মাজে মাজে আহি থাকে শেৱালিৰ দুই-এটা ফোন। কেতিয়াবা আবেলি, কেতিয়াবা সন্ধিয়া, কেতিয়াবা.....।
ভালো লাগে, ভয়ো লাগে। ধুনীয়া গাভৰুৰ লগত কথাপাতি কাৰনো বেয়া লাগিব? কিয়নো বেয়া লাগিব বাৰু? কিন্তু আমাৰ এওঁ।
মই নিজে অৱশ্যে আজিলৈকে “কল” কৰা নাই। ইচ্ছা নথকা নহয়, কিন্তু ততোধিক আছে ভয়। এওঁ গম পালে.... ম...ৰি..লো..আ...ৰু!
আৰু এতিয়া আহিল আকৌ শেৱালিৰ ফোন।
কি কৰো....কি কৰো... কি কৰো?
ভাল বিপদে পালে আজি মোক!
ৰিচিভ নকৰাকৈয়ে থৈ দিলো। যাঃ যি হয় হওঁক।
কাড়পাট অহাদি এওঁ দেখোন আগুৱাই আহিছে। অ’, কি হ'ব এতিয়া?
“কাৰ ফোন?”
“নাজানো”
এওঁ ফোনটো ৰিচিভ কৰি দিলে।
মই মানে যিমান পাৰো উদাসীন হৈ থাকিবলৈ চেষ্টা কৰিলো। চাওঁচোন বাৰু ক'ৰ পানী কলৈ যায়। পিছত দেখা যাব কি হয়।
দুয়োৰে মাজত কি কথা-বাৰ্তা হ’ল, কি ভাৱৰ আদান প্ৰদান হ’ল একো গম নাপালো। অনুমানো কৰিব নোৱাৰিলো। মোৰ চেলটোৰ চাউণ্ডটো যথেষ্ট কম কৰি থোৱা আছে। মাথো এওঁৰ মুখৰ দুই-এটা কথা, অভিব্যক্তি আৰু ভাৱান্তৰ লক্ষ্য কৰি ৰৈ আছোঁ। বিপদত পৰিলে হেনো ধৈৰ্য্য ধৰিব লাগে। সজ্জন-মহন্ত সকলে কোৱা কথা। গতিকে তাকে কৰিলো।
মইআশংকা কৰাৰ দৰে একো নহ’ল অৱশ্যে।বৰং, মই আশা নকৰিলেও বহু বেছি নিম্ন আৰু কোমল স্বৰতেই এওঁ কথা কেইটামান কোৱা শুনিলো। ৰহস্যটো মই একো বুজিবই নোৱাৰিলো। এনেয়েও এওঁৰ কথা-কাণ্ডবোৰৰ ৰহস্যবোৰ মই বুজি নাপাওঁ। বৰ অসহায়ৰ দৰে শূন্য দৃষ্টিৰে ইফালে-সিফালে চাই ৰৈ থাকিলো। অন্য উপায়তো নাই।
ৰাতিৰ ভাতসাঁজ খাইহে পিছে সুখ নাপালোঁ।
দাইলখিনি যথেষ্ট নিমখ-চোকা পালো। চব্জিখিনিও আছিল অসম্ভৱ
জ্বলা। মোৰ নাকৰ পানীয়ে, চকুৰ পানীয়ে একাকাৰ হ’ল। সেঁ-সেঁ কৰি কৰি