আহিছে। গেলাৰীও পূৰা ভৰ্তি। ভালকৈ চাব পাৰিবনে বাৰু সৌ পিছৰ মানুহখিনিয়ে? বিশেষকৈ, বিশেষ শ্ৰেণীৰ মানুহখিনিয়ে?
এক অদ্ভুত তৃপ্তিত তেওঁৰ মনটো ভৰি উঠিল। অৱস্থান-অৱস্থিতিৰ সুযোগ-সুবিধাই তেওঁলৈ আনি দিয়া এক তৃপ্তি। চীফ-পেট্ৰনৰ দৰ্শক হ’বলৈ পোৱাৰ তৃপ্তি। একেবাৰে সমুখৰ শাৰীতে চিটটো পোৱাৰ তৃপ্তি। এইয়া কি ধেমালি!
মাজে মাজে তেওঁ নন্দিনীলৈ চায়।
গহীন হৈ থাকিবলৈ হাজাৰ চেষ্টা কৰিলেও তাইৰ চকুৱে-মুখে বিৰিঙি উঠিছে তাইৰ মনৰ সুপ্ত আনন্দৰ বৰ্ণিল ৰামধেনু।
বৰুৱানীও তৃপ্ত। সমুখেৰে পাৰহৈ যোৱা চিনাকি মহিলাৰ লগত ভদ্ৰতাসূচক দুই-এটা ভাৱ-বিনিময় আৰু নিয়ন্ত্ৰিত পৰিসৰৰ একোটা হাঁহি। বচ ইমানেই। তথাপিও........।
থিয়েটাৰ হলৰ ভিতৰৰ উচ্চগ্ৰামৰ গান-বাজানাৰ শব্দবোৰে আন সকলো শব্দ আৰু কথা-বাৰ্তাক যেন গিলি পেলাইছে। তাৰ মাজতো বৰুৱাৰ কাণত মাজে মাজে উফৰি পৰিছেহি কোনো কোনো চিনাকি কণ্ঠৰ একোটা সম্বোধন
“আহিছে, বৰুৱা।”
“বহিছে।”
“খুড়া, ভালনে?”
“আপুনি ভাল চিটেই পালে দেখোন হে’ বৰুৱা..... হেঃ হেঃ হেঃ...”
তেওঁৱে হাঁহি এটাৰেই প্ৰত্যুত্তৰ দিয়ে।নহ’লেনো কৰে কি তেওঁ? *
নৃত্য-নাটিকাখন সঁচায়ে ভাল হৈছে। বৰ প্ৰাণৱন্ত নৃত্যানুষ্ঠান। তাতে বিজুলী বাতিৰ ৰঙীন ছাঁ-পোহৰৰ খেলা। বৰ সুন্দৰ নন্দিনীৰতো কথাই নাই, বৰুৱানীও তৃপ্ত। লগতে বৰুৱাও। এৰা দেই, থিয়েটাৰৰ নাটক যদি সঁচায় চাবই লাগে, তেন্তে চাব লাগে এই চীফ-পেট্ৰনৰ চিটত বহিহে। থিক থিক। সেয়েহে এইবোৰ টিকটৰ দামো বেছি। নামো বেছি। ভালেই হ’ল যে তেওঁ একেবাৰে প্ৰথম শাৰীৰ চিট এটাই পাই গ'ল।
হঠাৎ দৃশ্য পৰিৱৰ্তন।
খবৰ কাগজ এখনেৰে মুখখন ঢাকি এজন মানুহ দ্ৰয়িংৰূম এটাত বহি আছে। সুসজ্জিত দ্ৰয়িংৰূম। হঠাৎ কাষৰ দুৱাৰ এখনেদি পৰ্দা আতৰাই কোনোবা
॥ ১১১॥