উশাহৰ বাবে লগা অক্সিজেন কমি আহিছে...... গতিকে পাঁচ জুন তাৰিখে বিশ্ব-পৰিৱেশ দিৱস এটা পাতি সকলোকে গছ নাকাটিবলৈ আৰু নতুন গছপুলি ৰুবলৈ সচেতন কৰে। ইয়াকে বিশ্ব পৰিৱেশ দিৱস বুলি কয়... বুজিলানে?...
চৌধুৰীয়ে মৰমতে জীয়েকৰ হাতখন ধৰি ওচৰলৈ টানিলে। জীয়েকে হাতখন এৰুৱাই নিবলৈহে চেষ্টা কৰিলে। চৌধুৰীয়ে সামান্য হাঁহিলে।
“আমাৰ ছাৰে কৈছে...... আমি প্ৰত্যেকে বোলে নিজৰ নিজৰ নামত কমেও এটাকৈ গছপুলি ৰুব লাগে.....ক’তা, মোৰ নামত গছপুলি এটা দেখোন তুমি ৰোৱাই নাই...”
অভিমানত হিমাদ্ৰীৰ নাক-মুখ যেন ফুলি গ'ল।
“ৰুম। কাইলৈকে ৰুম। আচ্ছা কোৱাচোন হিমাদ্ৰী....... আজি কি তাৰিখ?......”
“আজিতো চাৰি তাৰিখ..... কাইলৈ পাঁচ..... মানে কাইলৈ গছপুলি ৰুবই লাগিব.....মই কৈ দিছোঁ.....”
একমাত্ৰ জীয়েকৰ আব্দাৰ।
ৰাতি ভাতৰ টেবুলত চৌধুৰীয়নীয়ে সুধিলে-“কাঠৰ কথা ৰাজেনে কি ক’লে?”
চৌধুৰীয়ে যিমান পাৰে চমুৱাই কথাখিনি কৈ বুজালে যে ঘৰ সজোৱাৰ চিন্তা সদ্যহতে বাদহে দিব লাগিব।
টেঙা এটুকুৰা চুপি চুপি চৌধুৰীয়নীয়ে মুখ বিকটাই দিলে।
“অ’,কথা তেন্তে সেইটোহে... গোটেই সংসাৰৰ মানুহে ঘৰ-দুৱাৰ সাজি সাজি শেষ কৰিলে....প্ৰব্লেমবোৰ হ’লগৈ আপোনাৰহে... মই জানিছো নহয়..... আপোনাৰ পৰা কোনো কাম নহ’ব..... আপোনাৰ খালি কথাহে...”
০০০০০ ০০০০০০
০০০০০ ০০০০০০
ৰচনা কালঃ অক্টোবৰ, ২০১০