এটা দিন। তাকো আবেলি চাৰি বজালৈকেহে। গাড়ী বুক কৰা আছে আবেলি ৪-২০ ত। ওভতনি যাত্ৰাৰ বাবে। গতিকে বহি থাকিলে নহ'ব। ৰেডি হ’ব লাগে। টেক্সী মাতিব লাগে।
আৰু বেগকেইটা? লগত লৈয়েই ওলাব লাগিব? আকৌতো উভতি আহিবলৈ সময় নহ’ব খান্নালৰ ফ্লে’টলৈ।
“হেই ছেত্ৰী, খান্নালৰ পৰা বিদায়েই লৈ লওঁ নেকি? টেক্সীতো আহিলেই।”
“নালাগে। তেওঁৱো আমাৰ লগতে যাব। দিনটো আমাক কম্পেনি দিব। মোৰ খাচ্-দোষ্ট হয়। কি ভাবিছে? আপুনি পাইছে এনেকুৱা বন্ধু?”
“কিয় পোৱা নাই? আপুনিয়েই। নহয় জানো?”
ছেত্ৰীলৈ বুলি এনেকুৱা এটা প্ৰশ্নৰ বাণ এৰি দিলো যে তেওঁ ধৰাশায়ী হ’বলৈ বাধ্য। যি প্ৰশ্নৰ উত্তৰ “ইয়েচ্”বুলি দিবলৈ তেওঁ বাধ্য। লাগিলে ভদ্ৰতাৰ খাতিৰতেই হওঁক। আৰু তেওঁ ইমান অঁকৰা বা অভদ্ৰ নহয় যে উত্তৰটো “ন’...” বুলি দিব। অগত্যা, এটা ধৰা পৰা হাঁহিৰে তেওঁ সন্মতিসূচক ভাৱে মূৰ দুপিয়ালে। অৰ্থটো পৰিস্কাৰ। “ইয়েচ্”। য়া, মই জিকিলো।
পূৰ্ণ গতিত টেক্সী দৌৰিছে। শেষ বাৰৰ বাবে চকু ফুৰাইছো ইফালে-সিফালে, চাৰিওফালে। নিজৰ অলক্ষিতেই সেমেকি আহিল মোৰ চকু। বিদায়ৰ বেদনা।
গাড়ীখন হঠাৎ ৰৈ দিলে এঠাইত। খান্নালৰ পিছে পিছে দৌৰিছো।
এখন বিৰাট শ্বপিং-মল।
একো কিনা নাই। মাথো চাই গৈছো।
এপাকত ওলাই আহিছো।
আকৌ ঘূৰিছো বাওঁফালে। খবৰ কাগজৰ বিৰাট অফিচ্।
The Himalayan Times!
কি কাম?
কোনোবা ৰিপৰ্টাৰক লগ কৰিব খান্নালে।
লগ পালেনে?
পালে। এতিয়া যাওঁ?
ব’লক।