কেনো ধৰণৰ ভদ্ৰতা, সৌজন্যতা প্ৰকাশ নকৰাকৈ চৌধুৰী আগবাঢ়িল ডাইনিং ৰূমলৈ।
“খোৱাই নাই?”-হঠাৎ ছেত্ৰীৰ প্ৰশ্ন। কাৰোবাৰ হল্ড-অল এটাৰ ওপৰতে বহি আছিল তেওঁ।
“নাই, খাওঁগৈহে। আপুনি?”
“খালো। ৰিলিজ লেটাৰখনলৈ ৰৈ আছো। খাই লওঁক যাওঁক, একেলগেই যামগৈ।”
কি খাবা আৰু! ঠাণ্ডা! সেৰসেৰীয়া। মাছৰ নামত যি টুকুৰা দিছে, ঘৰত হোৱা হলে তেওঁ মেকুৰীজনীকে দি দিলেহেঁতেন। কিন্তু ইয়াততো এইবোৰ কৰিব নোৱাৰি। খালে খোৱা, নাখালে উঠি যোৱা। চাফা কথা। গতিকে যি পাৰে তেওঁ মুখত ভৰালে, চপক চপককৈ চোবালে আৰু গিলি থলে।
খাই আহিয়েই পুনৰ ৰিচেপ্চন কাউণ্টাৰ।
“হ’লনে?”
“হৈছে, ৰব।”
ৰৈ আছে আৰু তেওঁ। ইপিনে গৈ আছে ঘড়ীৰ কাটা। মানে সময়।
ঠিক পোন্ধৰ মিনিটৰ পিছত চৌধুৰীৰ চকুত পৰিল ৰিচেপ্চনিষ্টজনৰ মুখৰ এটা ভদ্ৰতাৰ হাঁহি।
“আহঁক, দৰ্কাৰ হ’লে কাউণ্টিঙৰ দিনা মাতিব। আহিব লাগিব।”
একো নামাতিলে চৌধুৰীয়ে। ৰিলিজ লেটাৰখন লৈ তেওঁ আগবাঢ়িল ছেত্ৰীৰ ওচৰলৈ।
“এটা কাম কৰক, মোৰ বেগটোও আপুনি কান্ধত লৈ লওঁক। দুফালে দুটা বেগ হলে বেলেঞ্চ হ’ব। নিবলৈ ভাল পাব। পাৰিবনে?” (মানে বাইক ছেত্ৰীয়ে চলাব)
“পাৰিম। কিয় নোৱাৰিম?”
পিছে, যিহে ৰাস্তা! ভগা চিগা। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আছে স্পীড্ ব্ৰেকাৰবোৰ। প্ৰতিটো বেগত প্ৰায় ত্ৰিশ কেজিকৈ হ'লেও কমেও ষাঠী কেজি ওজনে তেওঁৰ কান্ধৰ সাৰ সিকতি নাইকিয়া কৰি পেলালে। প্ৰতিটো ঠেকেচাতে তেওঁৰ কান্ধ দুটা চিগি যাব যেন লাগিল। প্ৰিজাইডিংগিৰিৰ গধুৰ বোজাই তেওঁৰ কান্ধ একেবাৰে ভাঙি দিছিল। লাহে লাহে তেওঁৰ এনে
॥ ৮০ ॥