পৃষ্ঠা:মুখামুখি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মিতেৰ’ৰ দেশত

 

 মিতেৰ’ (মিত্ৰ বা বন্ধু)ৰ কাঢ়া নিৰ্দেশ, মইমুখেৰে একো মাতিব নালাগে। হিন্দীতো ক’বই নালাগে। নেপালী টুপীটো পিন্ধি লৈ তেওঁলোকৰ লগে লগে খালি সোমাই যাব লাগে। ক'ৰবাত মোৰ নাম ঠিকনা ক'বলগীয়া হ'লেও বৰঠাকুৰ বুলি ক'ব নালাগে, চৰ্মা (শৰ্মা) বুলিহে ক'ব লাগে।

 কিয়?

 নেপালী ব্ৰাহ্মণেও শৰ্মা উপাধি লিখে। কিন্তু বৰঠাকুৰ? না না না। বিদেশী বুলি ভাৱিব। য’তে ত’তে এন্ট্ৰি টিকেট লগা হ'ব। আৰু একোটা এন্ট্ৰি টিকেটৰ দাম কিমান হয় জানে? কমেও দুই-তিনিশ টকা। পইচা ভৰিহে তত্ পাব, বুজিছে?

 বুজিছো। (নুবুজি মৰিলেহে হ’ব)

 বাপ্‌ৰে, কি কাৰবাৰ। ভাৰতৰ কোনো ঠাইতে নেপালীৰ বাবেত বেলেগে এন্ট্ৰি টিকেট নালাগে। কিন্তু ইয়াত যে ইহঁতে ওভতগোৰে নাচে, ইয়াৰ কাৰণ? (অৱশ্যে কাৰণ চাৰণ বিচাৰি ইয়াত কোনো লাভ নাই। কিন্তু কৰিম নো কি? লোকৰ দেশ, লোকৰ কথা, লোকৰ বতৰা। গতিকে যেনে নিৰ্দেশ তেনে কৰাই যুগুত)। আৰু এতিয়া ৰাস্তালৈ ওলালেই মূৰত নেপালীু টুপীটো আৰু মুখত, “জী হুজুৰ!” (ঠিক কৰিছা নেপালী ভাই!)

 ইয়াতকৈ বেছিএকো কৰিব পৰা নাই। নেপালী ক'ব নোৱাৰো। খৰকৈ ক’লে বুজিও নাপাওঁ। মই যে নেপালী নহয় এই কথা খোজেপ্ৰতি ধৰা পৰে। ঠগন খাওঁ। ছেত্ৰীয়ে হাঁহে। (হাঁহি থাকা। তোমাৰ দিন পৰিছে। যেতিয়া মোৰ দিন পৰিব, দেখিবা)

 কাকৰভিঠালৈকে বাৰু যেন তেন। হিন্দী চলে। নেপালী নাজানিলেও হয়। নেপালী টুপীৰ আঁৰত নিজকে নুলুকুৱালেও হয়।

 মৌচুমী টেঙাৰ ৰস এগিলাচকৈ খালো।

 “কিত্‌না হুৱা?”

 “আশী ৰূপীয়া।”

॥৩৬॥