পৃষ্ঠা:মুখামুখি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এইবাৰ টেক্সি দৌৰিল পূৰ্ণ গতিত। লক্ষ্যস্থান ভক্তপুৰ।

 ভক্তপুৰৰ সেই বিখ্যাত ৰাজমহল আৰু দৰ্ বাৰ। নেটত আগতেই চাই থৈছো। এতিয়া চাব পাৰিম নিজ চকুৰে। চুই চাবও পাৰিম নিজ হাতেৰে।

 টেক্সিতকৈয়ো হাজাৰ গুণে বেছি বেগত দৌৰিব ধৰিলে মনৰ ঘোঁৰা। মনলৈ আহিল জুবিনৰ গান, “অ' মোৰ মনৰ তেজি ঘোঁৰা, অ' মোৰ ৰণৰ তেজি ঘোঁৰা, চেকুৰি যা তই চেকুৰি যা... পোনাই ল তোৰ দীঘল বাট..”

 কি ৰাস্তা! ইমান আহল বহল। মিহি, চাফা। ক’তো লেতেৰা অকণ নাই। নাই ক’তো তামোলৰ পিক্‌। নাই মাজ ৰাস্তাত শুই থকা কোনো গৰুৰ জাক। আনকি লাইট-প’ষ্ট এটাৰ আঁৰ লৈ ৰাস্তাৰ কাষতে প্ৰস্বাব কৰি থকা ‘কমবখট্‌ কামিনা’ এটাও চকুত নপৰিল। আচৰিত !

 ৰাস্তাৰ কাষতে থকা ত্ৰিভূৱন এয়াৰ পৰ্টটো চকুত পৰিল। মিনিটে মিনিটে কোঁ-কোঁৱাই উঠিছেনামিছে প্লেইনবোৰ। কাণ তাল মৰা শব্দ। নেচাওঁ বুলিলেও চকু যায়।

 বিশাল কাঠমাণ্ডু চিটি।

 উত্তৰ দিশত ট-টকৈ জিলিকি আছে সু-উচ্চ হিমালয়ৰ বৰফাবৃত শৃঙ্গবোৰ।

 কি কি শৃঙ্গ জানো সেইবোৰ !

 কাকনো কিমান সুধি থাকিম। জানিবও পাৰে,নাজানিবও পাৰে। জানিলে বাৰু ক’ব, কিন্তু নাজানিলে? তাতকৈ ভদ্ৰভাৱে বহি থকাই শ্ৰেয়। আৰু আটাইতকৈ শ্ৰেয় হ’ব সু-উচ্চ সেই বিশাল পৰ্বত মালাৰ মনোমোহা দৃশ্যাৱলী নিৰবে উপভোগ কৰি গৈ থকা। তাকে কৰিলো।

 কাঠমাণ্ডু মহানগৰৰ পূৱ দিশত ভক্তপুৰ। ভক্তসকলৰ নগৰী।

 পূৰ্বৰ নাম আছিল খৌপিংগ্ৰাম। নেৱাৰ সকলে হেনো স্থাপন কৰিছিল এই নগৰী। এতিয়া ই হৈছে নেপালৰ তৃতীয় বৃহৎ মহানগৰী।

 বুৰঞ্জীয়ে কয়, পোন্ধৰ শতিকাৰ দ্বিতীয়াৰ্ধলৈকে এইনগৰী আছিল নেৱাৰ সকলৰ ৰাজধানী। এতিয়া তাত ৰজা নাই। আছে মাথো তেওঁলোকে স্থাপন কৰি এৰি থৈ যোৱা কীৰ্তি-চিহ্নবোৰ। বৰ্তমানতো এই নগৰীক ইউনেস্কই বিশ্ব-ঐতিহ্যৰ স্থান হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

 প্ৰকাণ্ড সিংহদ্বাৰ। দুফালে দুটা সিংহ।

॥৪৭॥