পৃষ্ঠা:মুখামুখি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলে। নিজৰ নিজৰ বেডিং-পত্ৰখিনি সামৰিবলৈ ক'লে আৰু অইনলৈ বাট নাচাই বাকী থকা বেলট-পেপাৰখিনিত চহী কৰিবলৈ লাগি গ'ল। পোহৰ যিহেতু নাছিল গতিকে তেওঁ বেটাৰী-লাইটটোকে অন কৰি ল'লে। ঠিক ছয় মান বজালৈকে তেওঁ কমেও দুশ বেলট পেপাৰ চহী কৰিব পাৰিলে। বহুত কৰিলে তেওঁ। যথেষ্ট কৰিলে আৰু!

 পলিং এজেন্টখিনিতো ছয় বজাত আহি যাব লাগিছিল।

 কিন্তু নাই, দেখা-দেখি নাই এটাৰো। ইপিনে, বেলট বাকচটোও সাজু কৰিব লাগিছিল। পলিং এজেণ্টৰ নিযুক্তি-পত্ৰখিনিও সাজু কৰি লৈ ল’ব লাগিছিল। পলিং এজেন্ট বহা বেঞ্চ-ডেস্ক কেইখনো সাজুকৰি ৰাখিব লাগিছিল। কিন্তু, বেটাহঁতৰ দেখা-দেখিয়েই নাই। ইফালে, ফোন কৰিয়েই মাতি আনিবলৈকো নে’ট-ওৱৰ্কৰ খেলিমেলি। নে’ট-ওৱৰ্কটো কোন সময়ত থাকে, কোন সময়ত নাথাকে একো ঠিক নাই। কৰা এতিয়া কি কৰা!

 অসুবিধাতো থাকিবই। ইমান সুবিধানো ক’ত পাব? অসুবিধাবোৰক সুবিধালৈ ৰূপান্তৰ কৰি ল'ব লাগিব। তাকে কৰিবলৈ হ'লে যাদু কৰিব লাগিব তেওঁ। যাদু কৰিবই লাগিব। অগত্যা, তাকে কৰিবলৈ সাজু হ’ল তেওঁ।

 বাহিৰত বহুত মানুহৰ মাত কথা, হুলস্থুল শুনি তেওঁ বাহিৰলৈ ওলাই আহিল।

 বাপ্‌ৰে! চাৰে-ছয় বাজোতেই ইমানখিনি মানুহ। পৰুৱাৰ দৰেই দীঘ শাৰী! এনেকৈ হ'লে ৰাতি হৈ যাবলৈকো আছে।

 ধেমালি কথা নহয়। ন শ আঠত্ৰিশজন ভোটাৰ। গাইপতি চাৰিখনকৈ বেলটত ভোট দিওঁতেতো সময় লাগিবই। আকৌ ভোট দিব নজনা, লোকৰ হৈ লোকে ভোট দিয়াৰ বাদ-বিবাদৰ তদন্ত, প্ৰত্যাহ্বানৰ ভোট, কোনোবা নহয় কোনোবা এখন বেলট পেপাৰ আকৌ বেলট-বাকচত নুসুমুৱাকৈয়ে হাততে লৈ যাবলৈ বিচৰা ভোটাৰৰ সমস্যা, কোনোবা দলৰ বা প্ৰাৰ্থীৰ সমৰ্থকে ভোট-কেন্দ্ৰতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচৰা, বিৰোধী দলৰ সমৰ্থকে আকৌ তাৰ ওপৰতে প্ৰতিবাদ কৰিবলৈ আহি পৰিস্থিতিৰ অধিক অৱনতি কৰিবলৈ বিচৰা..... এইবোৰতো আছেই, থাকিবই। আজিলৈকে যিমানবোৰ নিৰ্বাচনত প্ৰিজাইডিংগিৰি কৰিলে তেওঁ, সকলোতে কিবা নহয় কিবা এটা সমস্যা ওলাবই। এইবোৰলৈ ভয় কৰিলে, কেয়াৰ কৰিলে নহ'ব। এইবোৰ

॥ ৭৬॥