তাৰ পিছত আহিল আকৌ বহী চোৱা। মানে, উত্তৰ বহীৰ মূল্যায়ণ।
কি লিখিছে অ’ এইবোৰ? প্ৰশ্ন কৰা হৈছে এটা, উত্তৰ লিখিছে অইন এটা! ইমানবোৰ নোট দিছিলো! নাই, ইমান ভুল উত্তৰ লিখিছে। কি কৰো? বৰ কম কম নম্বৰ পালেও অধ্যক্ষৰ ওচৰত এক্সপ্লেনেশন দিয়া। মস্কিল!
ইমান দিগদাৰ! ইমান কষ্ট!
কষ্ট? কিহৰ কষ্ট?
বহুত কষ্ট। বাজেট মিলোৱাৰ কষ্ট। আশাবোৰ, অভাৱবোেৰ পূৰণ কৰাৰ কষ্ট। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য্যৰ সন্তুষ্টিৰ বাবে কষ্ট। বহুত কষ্ট। অইনে নুবুজে। নিজেহে বুজি পায়।
সিদিনা বজাৰত নেৰীয়া মাছ দেখিলো। বৰ সোৱাদ। লোভ লাগিল। লাগিবই দিয়কচোন। পিছে তিনিশ টকা কেঃ জিঃ। জালত লগা মাছৰ দৰেই চটফটাই আছো। অকল মাছতেই ইমান পইচা খৰচ কৰো কেনেকৈ?
হঠাৎ এখন নতুন দামী গাড়ী ৰ’লহি।
হৰ্ণ নবজোৱা হ'লে খুন্দাই খালোহেঁতেন। কোনো আৱাজ নাই।
গাড়ীখনৰ পৰা নামি আহিল এক শান্ত-শিষ্ট, হৃষ্ট-পুষ্ট ভদ্ৰলোক। কোনো দামদৰ নকৰাকৈ হাজাৰ টকীয়া নোট এখন তৰ্জনি আৰু মধ্যমা আঙুলিৰ ফাঁকত ধৰি আগবঢ়াই দিলে। বেপাৰীয়ে নিজ হাতেৰে মাছ নি গাড়ীৰ ডেকত ভৰাই দিলেগৈ।
মূদ্ৰাষ্ফীতি কেনেকৈ হয় সেইদিনা বুজিলো।
এইবোৰ কথা নেদেখাকৈ, নুবুজাকৈ চৰকাৰক দোষ দি গালি পাৰি থাকি কোনো লাভ নাই ( মই আকৌ, মুখ্যমন্ত্ৰীৰ পৰা কমিচন লোৱা নাই দেই, ভুল নুবুজিব। )
বেটাই কি স্কে’ল পায় জানো? নিশ্চয় বাহিৰা পইচা। নহ'লেনো টু শব্দ এটা উচ্চাৰণ নকৰাকৈ ইমান “ভদ্ৰভাৱে” বস্তু উঠাই নিব পাৰেনে? ইহঁতক ধৰিব লাগে, বুইছেনে!
নেভাৱো নেভাৱো বুলিও এইবোৰ কথা ভাৱি থাকো। ভাৱনাৰতো কোনো ব্যাকৰণ নাই। সংবিধান নাই। ৰুলচ্ এণ্ড ৰেগুলেশ্বন নাই। ঠিক যেন অবিশ্বাসী, চঞ্চলমনা প্ৰেয়সী হে! “যাঃ আজিৰ পৰা নাভাৱোঁ তোৰ কথা” - বুলি হাত দুখন মহাৰি ষ্মাৰ্ট আৰু প্ৰেক্টিকেল মাইণ্ডেড হ'ব বিচাৰিলেও কোন