পৃষ্ঠা:মুখামুখি.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁক হেনো দিয়া হয় মেজিষ্ট্ৰেটৰ ক্ষমতা। হওঁক না এদিনৰ বাবে। তথাপিতো মেজিষ্ট্ৰেট! ভাওনাত যেনেকৈ এৰাতিৰ বাবে ৰজা হয়। পিছদিনা আৰু ক’ৰ ৰজা, ক’ৰ প্ৰজা! সব একাকাৰ। তথাপিও ভাওনাৰ ৰজাক এনেয়েও বহুতে গাঁৱত “ৰজা” বুলিয়েই মাতে। লাগিলে ধেমালিতেই হওঁক। কিন্তু প্ৰিজাইডিং বিষয়াক? ধুৰ, বেলট বাকচ “চীল” কৰাৰ পিছতে কামেই নাইকিয়া হয়। অলপ সময়ৰ আগলৈকে “ছাৰ, ছাৰকৈ মাতি থকা পলিং-এজেণ্ট কিছুমানে শ্ৰুতিকটু ভাবেই “দাদা” বুলি মাতি দিয়ে। একেবাৰে অপ্ৰয়োজনীয়ভাৱেও সোধে, “দাদা, আপোনাৰ ঘৰ ক'ত আছিলে?”

 কি দৰ্কাৰ? প্ৰিজাইডিং বিষয়াজনৰ ঘৰ ক'ত তোমাক কিয় লাগে? আৰু যদি কিবা দৰ্কাৰ আছিলেই, আগতেই সুধিব পাৰিলাহেঁতেন, যেতিয়া “ছাৰ, ছাৰকৈ তেলিয়াই আছিলা। তেতিয়া মনত নপৰিল। লগা হ’ল এতিয়াহে। বদমাচ ক’ৰবাৰ! অভদ্ৰ।

 বাৰু হ'ব। এইবোৰ কথা চিন্তা-ভাৱনা কৰি সময় কটালে পিছত পয়মাল হ'ব। সময়ৰ নাটনি হ’ব। এতিয়া কামৰ সময়। ধৈৰ্য্য-পৰীক্ষাৰ সময়। উপস্থিত বুদ্ধিৰ সময়। এতিয়া যাদু কৰিব লাগিব। যাদুকৰি সকলো অসুবিধাকে সুবিধালৈ ৰূপান্তৰ কৰিব লাগিব। কৰিবই লাগিব। আৰু যাদুকৰ হ’ব লাগিব তেওঁ। প্ৰিজাইডিং বিষয়াজন। মানে চৌধুৰী।

 “সকলো লাগি যাওঁক, ৰৈ নাথাকিব। বেঞ্চ-ডেস্কবোৰ চপাই-কোচাই ঠেংবোৰ চুট্লীৰে বান্ধি লওঁক। চাওঁ,ধৰক এই টেবুলখন। হ'ব,ৰাখক। আচ্ছা, মই এতিয়া বেলট–কাগজবোৰ চহী কৰোঁ, ডিষ্টিংগুইচিং মাৰ্ক মাৰো আৰু খাম-চামবোৰ থিক-থাক কৰোঁ। আপোনালোকে কাইলৈৰ বাবে ভোটিং-কম্পাৰ্টমেন্টটো ৰেডি কৰক। পাৰিলে দুবাল্টিমান পানী, ঝাৰ দুটামান আৰু পানী বটল দুটামানো যোগাৰ কৰক....অ’ ৰ'ব, দুৱৰা আহকচোন মোৰ ওচৰলৈ, আপুনি এটা কাম কৰক। এই বেলট পেপাৰবোৰৰ পিছফালে এই ডিষ্টিংগুইচিং মাৰ্কটো মাৰক। চাব আক’, সোঁফালে ওপৰতহে, অইনত নহয়...”-চৌধুৰীৰ মুখ-হাত সমানেই চলিল। নচলিলে নহ'ব। দায়িত্ব আছে তেওঁৰ। তেওঁ যে প্ৰিজাইডিং বিষয়া।

 সূৰয চৌধুৰী, সূৰয চৌধুৰী, সূৰয চৌধুৰী... ধাম-ধুম চহী কৰি গৈছে তেওঁ।ৰ’বলৈ যে সময় একেবাৰেই নাই। বহুত চহী কৰিব লাগিব। নাই

॥ ৬৯॥