পৃষ্ঠা:মুখামুখি.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 লগে লগে চকুৰ আগত ভাঁহি উঠিল এখন সৰু গাড়ী।

 সমুখত এটা দীঘল পথ - জীৱনৰ, উপাৰ্জনৰ, আশাৰ...।

 ড্ৰাইভিং চিটত এটা ডেকা ল'ৰা।

 সেইটো আমাৰ ধন নহয়তো?

 আমাৰ মানত সিতো এটা সৰু ল’ৰায়েই। নিয়ম মতে পঢ়া-শুনা কৰি থকা হ'লে এতিয়া সি ডিগ্ৰী চেকেণ্ড ইয়েৰ মানত পঢ়ি থাকিলেহেঁতেন। কিন্তু নাই, নপঢ়িলে। খালি বাইক লৈ ঘূৰা-ফুৰা। ধিতিঙালি। গাত কথা নলগা বিধৰ।

 কেতিয়াবাতো মোৰ তাক এটা মুৰ্খ যেনেই লাগে।

 ভদ্ৰতাৰ খাতিৰত নকওঁ আৰু তাক তেনেকৈ।

 অৱশ্যে টেক্‌নিকেল প্ৰব্লেম এটা নথকাও নহয়।

 মানে, কোন মুহূৰ্তত তাৰ গাড়ীখন লাগি যায় ঠিক নাই নহয়। জোকাইনো লওঁ কিয় তাক?

 ইপিনে খুড়ীৰো অঁকৰামী কথা! আজিকালি বোলে পঢ়া-শুনাৰ কোনো কামেই নাই। বেপাৰ বাণিজ্য কৰিলেহে উন্নতি হয়। এটাই মাত্ৰ ল’ৰা খুড়ীৰ। তাৰ জীৱনটো হেনো তেওঁ অন্ধকাৰ কৰিব নোৱাৰে। কৰা এতিয়া কি কৰা!

 মইতো একো মাত মাতিবই নোৱাৰো। ভাল ভাৱতে কিবা এটা ক'লেও খুড়ীয়ে মুখপাতি ধৰে, “থ থ মনোজ, তয়েনো পঢ়া-শুনা কৰি কি...ই..ই...তো কৰিছ? আজিলৈকে ভাল চাকৰি এটাকে গোটাব নোৱাৰিলি। ভেঞ্চাৰ কলেজখনতহে সোমাই আছ! সেইখনো কেতিয়া হ'বগৈ কি ঠিক! কেইটানো পইচা পাৱ? নিজৰ ভৰিত থিয় দিবি কেতিয়া, বিয়া বাৰু পাতিবিনো কেতিয়া, সেইবোৰ চিন্তা কৰ, ধনৰ কথা ভাৱিনো মৰিছ কেলৈ?.........”

 খুড়ীৰ ডায়েলগ্‌টো সম্পূৰ্ণকৈ শুনাৰ ধৈৰ্য্য আৰু মানসিক প্ৰস্তুতি মোৰ নথকা হৈ আহে। কথা এষাৰ কোৱাৰতো কথাই নাই, আনকি তেওঁৰ ওচৰত ৰৈ থকাৰ সাহস-শক্তিকনো মই হেৰুৱাই পেলাওঁ।

 গতিকে, মোৰ পৰৱৰ্তী পদক্ষেপ হয় অধোমুখে পলায়ন।

 নহ'লে কৰিম কি? খুড়ীৰ যিখনহে মুখ!

 তেওঁৰ ওচৰত মোৰ মাৰ্কচিট-চাৰ্টিফিকেটবোৰৰ কোনো মূল্যই নাই। এইবোৰ হেনো ডাষ্টবিনলৈ দলিয়াই দিয়াৰহে উপযুক্ত। কথাৰ লগেলগে আক’ তেওঁ মুখখন বেকা কৰি মৰা ঠাট্টাভৰা বিকৃত হাঁহিটো!

॥ ৮৮ ॥