পৃষ্ঠা:মুখামুখি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমাৰ দিল্লীত থকা কুতুব মিনাৰটোৰ দৰেই। তাত উঠিলে গোটেই কাঠমাণ্ডু নগৰখন চাব পৰা যায়। গতিকে যোৱাহে কথা। উঠাহে কথা ইয়াত। কিয়নো এৰি দিওঁ এই সুবিধাটো।

 “উঠিবনে টাৱাৰত?”

 “উঠিম উঠিম। কিয় নুঠিম আক’?”

 ‘ভীমসেন টাৱাৰ কোনটো বুলি কাকো সোধাৰ প্ৰয়োজন নহয়। ৬৮.৮৮ মিটাৰ উচ্চতাৰ, বগা ৰঙৰ, শীৰ্ষ ভাগত ৫.২ মিটাৰ উচ্চতাৰ ব্ৰঞ্জৰ শিখৰে শোভা কৰি থকা ভীমসেন টাৱাৰটো বহুত দূৰৰ পৰাই জিলিকি থাকে। কাঠমাণ্ডু চহৰৰ থিক সোঁ-মাজতে থিয় হৈ থকা এইটো হ’ল এটা ৱাচ্চ টাৱাৰ (watch tower) নেপাল ৰাজ্যৰ নিৰাপত্তাৰ দিশটো অনুধাৱন কৰি তেতিয়াৰ প্ৰধানমন্ত্ৰী ভীমসেন থাপাই ১৮৩২ বিক্ৰমাব্দত নিৰ্মাণ কৰাইছিল মুঠ ন-মহলাযুক্ত এই ৱাচ্চ টাৱাৰটো। এই টাৱাৰটো প্ৰকৃততে নিৰ্মাণ কৰা হৈছিল তেওঁৰেই ভতিজী মহাৰাণী ললিতা ত্ৰিপুৰা সুন্দৰীৰৰ আদেশক্ৰমে। ভীমসেন থাপাৰ নিজৰ নামত বেলেগকৈ নিৰ্মাণ কৰা মুঠ এঘাৰ মহলা যুক্ত অন্য এটা টাৱাৰ অৱশ্যে ১৯৩৪ চনৰ ১৫ জানুৱাৰীৰ দিনা হোৱা ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত হয়। মহামন্ত্ৰী ভীমসেন থাপাৰ প্ৰতি হয়তো ভাগ্যদেৱীকিবা কাৰণে সন্তুষ্ট হৈছিল। মহাৰাণীৰ নামত নিৰ্মাণ কৰা টাৱাৰটোৱেই এতিয়া ‘ভীমসেন টাৱাৰ’ নামেৰে পৰিচিত হৈ পৰিছে।

 কংগ্ৰেচুলেশন ভীমসেন থাপা !

 ওখ বেৰাৰে আবৰা এক সংৰক্ষিত এলেকাত থিয় হৈ আছে এই টাৱাৰটো। তাতে আছে এখন পাৰ্ক। ফুলনি, ৰেষ্টোৰা সকলো। গাইপতি দহটকীয়া প্ৰৱেশ পত্ৰ লৈ প্ৰৱেশ কৰিলো পাৰ্কখনত। ফুলৰ মাজে মাজে গৈ গৈ উপস্থিত হ’লোগৈ টাৱাৰৰ প্ৰৱেশ পথত।

 মূৰৰ পিছফালে হাতখন দি এবাৰ ওপৰলৈ চাই ল'লো। ওৱাওঁ। কি সাংঘাতিক! উঠোনে? কি কৰো? নাই, উঠো।

 এইবাৰ, ভিতৰে ভিতৰে থকা অকোঁৱা-পকোৱা খটখটী বগাব ধৰিলো। এশটা মান ষ্টেপ বগোৱাৰ পিছতে ভাগৰ লাগিবলৈ ধৰিলে। কিন্তু বগাব লাগিব মুঠ দুশ তেৰটা ষ্টেপ। ধেমালি কথা !

 কেইটামান ষ্টেপ বগোৱাৰ পিছতে পোৱা যায় একোখন গোলাকাৰ

৫০