পৃষ্ঠা:মুখামুখি.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰূপটোও চাবলৈ পোৱা যাব তেন্তে। বঢ়িয়া! যোৱাহে কথা।

 গাইপতি এশ টকীয়া প্ৰৱেশপত্ৰ লৈ প্ৰৱেশ কৰিলো ‘গাৰ্ডেন-অৱ-ড্ৰিমচ্‌’ত। ইয়াত মোক নেপালী টুপিয়ে নবচালে।

 সঁচাকৈয়ে সপোনৰ বাগিচা! সুন্দৰ, সমান, মিহি ঘাঁহনি। মাছৰ পুখুৰী। চাৰিওফালে খোজকঢ়া আৰু বহাৰ সুন্দৰ ব্যৱস্থা। বগা ৰঙৰ কংক্ৰিটৰ শ্বেড্‌। গছেৰে আঁৰ-বেৰকৈ সজাই থোৱা শ্বেড্‌, প্ৰেমালাপৰ বাবে! তাতে যোৰ পাতি পাতি প্ৰেমিক-প্ৰেমিকাবোৰ! আকৌ, ‘লন’খনৰ ওপৰতে ষ্টেপ কাটি কাটি মুকলিতে বহাৰ ব্যৱস্থা। উসঃ বৰ্ণনা কৰিবই পৰা নাই মই। তাত সোমাই থাকিলে মনবোৰত হঠাৎ পাখি গজে। যৌৱন উভতি অহা যেন লাগে। আক্ষেপেৰে মন ভৰি উঠে। উস! যৌৱনটো বে’কাৰ গ’ল দেই। কাম নাই, কাম নাই। আমাৰ নিচিনা মানুহৰ জীৱন-যৌৱনৰ কামো নাই, দামো নাই। বে’কাৰ, বে’কাৰ, নিস্ফল!

 “আপোনাৰ জীৱন-যৌৱন নিস্ফল হ’ল কেনেকৈ?যত যি পাব লগীয়া আছিল সবেই পালে দেখোন। বেয়া হৈছে দেই, বেয়া হৈছে। ৰ’ব আপোনাৰ মিছেচক ক’বহে লাগিব। চাওঁ, নাম্বাৰটো দিয়ক।”

 “নহয় মানে, পাইছো হয়, তাতো “কিন্তু” এটা থাকি যায় নহয়। মানে এনেকুৱা এখন পাৰ্কত ‘হেৰি’ কৰিবলৈ নাপালো যে। এই কথা আপুনিও কি ফীল নকৰে?”

 কৰে। কিন্তু পাষ্ট ইজ পাষ্ট। এতিয়া আৰু এইবোৰ ভাৱি থাকি কি লাভ হ'ব? গতিকে আগবাঢ়িলো। দেধাৰ ফটো তুলিলো।

 এঘণ্টামানৰ পিছত ওলাই আহিলো। সময় নাই ৰৈ থাকিবলৈ।

 এইবাৰ আগবাঢ়িলো নাৰায়ণহাটীৰ ৰাজপ্ৰাসাদলৈ বুলি। এসময়ৰ ৰজা বীৰেন্দ্ৰৰ ৰাজপ্ৰাসাদ।

 বুধবাৰৰ দিনটোত ৰাজহুৱা প্ৰদৰ্শনী বন্ধ হোৱা বাবে একালৰ ৰাজপ্ৰাসাদটোত প্ৰৱেশ কৰিবলৈ নাপালো। নিজ চকুৰে চাই আহিব নোৱাৰিলো ৰজা বীৰেন্দ্ৰৰ ৰাজ–পৰিয়াল ঘাটকৰ গুলিৰ আঘাতত নিঃশেষ হোৱা অভিশপ্ত ৰাজপ্ৰাসাদটোৰ চুক-কোণ বোৰ। হ’ব আৰু, উপায়তো নাই। যি পাইছো আৰু চাবলৈ। ভাগ্য বেয়া বুলিয়েই ক'ব লাগিব আৰু। সান্তনাতো লাগিবই। নহয় জানো?

॥ ৫৯ ॥