পৃষ্ঠা:মুখামুখি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নে উৎসাহৰ, নে বিদ্ৰুপৰ ধৰিব নোৱাৰিলো। লগৰ ল'ৰাবোৰেও হাঁহি দিলে। মই অলপ লাজ পালো। ভাগ্য ভাল আছিল যে ইন্দ্ৰাণীদেৱী হাইস্কুলত ছোৱালীয়ে নপঢ়িছিল। ছোৱালীৰ সন্মুখত লাজ পোৱাৰ কথাটো কোনো ল'ৰাই নিবিচাৰে। মইয়ো নিবিচাৰো।

 পিছৰ দিন বিলাকতো তেখেতে সময় সুবিধা পালেই মোৰ চকুৰ আগত স্কেল এপাত জোকাৰিছিল। কেতিয়াবা পিঠিত এচাট লগায়েই দিছিল। ছেঃ কিহে পালে ছাৰক! কিহে পালে মোক!

 আনুষ্ঠানিক শিক্ষাৰ ঢাপ কেইটা বগাই বগাই আহি যেতিয়া “জ্ঞানমন্দিৰ মহাবিদ্যালয়”ত প্ৰবক্তা হিচাপে জইন কৰিলোহি, তেতিয়া, সেই তাহানি ৰচনাখনত মই নিজ মগজেৰে চিন্তা কৰি লিখা লক্ষ্যবোৰ পূৰণৰ দুৱাৰবোৰ খোল খাব ধৰিছিল। মই এজন কলেজ-শিক্ষক হ’লোহি! মনত আনন্দ আৰু উৎসাহে দোলা দিবলৈ ধৰিলে।

 ‘জব-চেটিচফেক্‌চন’ বুলি যিটো মায়ালগা বস্তুৰ কথা বন্ধু মহলত কোৱা শুনো, যিটো বস্তুৰ স্পৰ্শ নোপোৱাকৈয়ে বহুতো চাকৰিয়াল ৰিটায়াৰ হৈ যায়, সেই মায়াবী বস্তুটোয়ে কলেজ-শিক্ষকৰ আগে-পিছে, সোঁৱে বাওঁয়ে নাচি থাকে। অন্য বহুত চাকৰি বা জীৱিকাতকৈ কলেজ-শিক্ষক এজনৰ মনটো বেছি ৰঙিয়াল হৈ থাকে। দিনৰ দিনটো ডেকা-গাভৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজতে, কাষতে, লগতে.....। বুঢ়া-বুঢ়ী, বেমাৰী-উমাৰী, চোৰ-ডকাইত-জুৱাচোৰ-পকেটমাৰ আদিৰ পৰা শতযোজন দুৰৈত। যেনিয়েই চকু দিওঁ তেনিয়েই আশা-আনন্দ-উৎসাহ-উদ্দীপনাৰে ৰঙিয়াল হৈ থকা উজ্জ্বল মুখবোৰ! নৱ-জীৱন, যৌৱনৰ বন্যা! তাহানি কলেজত পঢ়ি থকাৰ দিনতে ফুকন চাৰে কৈছিল, “কলেজ-শিক্ষকসকল বুঢ়া হৈ নাযায়। এই ছাত্ৰ-ছাত্ৰীবোৰেই একোটা ভিটামিন ইনজেক্‌চনৰ দৰে আমাৰ মনবোৰ সজীৱ কৰি ৰাখে।”

 সঁচা। দস্তুৰমত সঁচা। এশবাৰ সঁচা। ৰিটায়াৰ হোৱাৰ পিছতো তেখেতক বুঢ়া হোৱা নেদেখিলো। সদায়ে যৌৱনৰ তেজাল ঘোঁৰা এটা হৈ দৌৰি ফুৰিছিল। মইয়ো বুঢ়া হ’বলৈ নিবিচাৰো। বৃদ্ধাৱস্থাক মই ভয় কৰো। নহয় নহয়, মই ঘৃণা কৰো। প্ৰচণ্ড ঘৃণা! বুঢ়া হোৱাৰ আগতেই মই মৰি গলেই ভাল। যেনেকৈয়ে নহওঁক “পৰকিতি লৰা বুঢ়া” হোৱাৰ বেদনা মই কোনো মতেই মানি ল’ব নোৱাৰো। সহ্য কৰিব নোৱাৰো। মোৰ মিছেচেও মোক “বুঢ়া” বুলি ক'বলৈ

॥ ১৯ ॥