পৃষ্ঠা:মুখামুখি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম বৰ্ষতে ওঠৰ বছৰ হ’বনে?

 অৱশ্যে এইবোৰ তেওঁলোকৰ ব্যক্তিগত বিষয়। এইবোৰত মাত মতা অধিকাৰ কাৰো নাই। নিজেহে ভাৱো, ম'বাইল-প্ৰেমৰ ফল নহয়তো?

 এইবাৰ কেমেৰা ঘূৰিল হেণ্ডকাফ লগাই থোৱা এজন যুৱকৰ দিশে। বয়স আনুমানিক ত্ৰিশ। পিন্ধনত জিনচ্‌ পেন্ট আৰু চাৰ্ট। গঢ়-পিট ভাল। বিবাহিত বুলি ধৰিবই নোৱাৰি। তেওঁক ঘেৰি ধৰি আছে কিছুসংখ্যক ৰাইজ আৰু আৰক্ষীৰ লোক।

 “ঘৰত পত্নী-সন্তান থকা অৱস্থাতো বেলেগ যুৱতীৰ জীৱন ধ্বংস কৰাৰ দুঃসাহস তুমি কিয় কৰিলা?” সংবাদদাতা চন্দন বৰবৰাৰ পোনপটিয়া প্ৰশ্ন।

 যুৱক নিৰুত্তৰ। ক’বই বা কি? শুনিবই বা কোনে?

 এইবাৰ কেমেৰা ঘূৰিল যুৱকজনৰ পত্নীৰ দিশে।

 ধৰ্ম-পত্নী!

 দহ-ৰাইজক সাক্ষী কৰি, হোম-পুৰি ঘৰ সুমুওৱা এগৰাকী পত্নী। নহ'লেও কথা নাই, যিহেতু তেওঁ যুৱকজনৰ গৃহিনী আৰু এটি সন্তানৰো মাতৃ। গতিকে তেওঁ পত্নী। ব্যৱহাৰেই যাৰ পৰিচয়।

 কি পত্নী।

 আৰক্ষীৰ লোক উপস্থিত নথকা হ'লে তেওঁ গিৰিয়েকৰ নেলু চিঙি তেজেই পি খালেহেঁতেন। ( টি-ভিৰপৰা চকু আতৰাই মই কেৰাহিকৈ এওঁলৈ চালো। গহীন! )

 পত্নীগৰাকীৰ ওচৰতে এগৰাকী বয়সস্থ মহিলাইয়ো মুখেৰে জুই বৰষি আছে। সেইগৰাকী নিশ্চয় পত্নীগৰাকীৰ মাক হ'ব।

 হ’ব নহয়, হয়েই।

 ব্যৱহাৰেই যাৰ পৰিচয়।

 “আপোনাৰ স্বামীয়ে অন্য যুৱতীৰ লগত অভিসাৰত লিপ্ত থকাৰ বাৰ্তা পাই আপুনি কেনে অনুভৱ কৰে? বৰ্তমান আপুনি কেনে অনুভৱ কৰে?” - সাংবাদিক চন্দন বৰবৰাৰ পোনপটিয়া প্ৰশ্ন, পত্নী গৰাকীৰ প্ৰতি।

 বাঃ কি প্ৰশ্ন! “কেনে অনুভৱ কৰে?”- কি সময়োপযোগী প্ৰশ্ন।

 মোৰ এনে লাগিল, মানুহজনীয়ে যেন চন্দন বৰবৰাৰে নেলু চিঙি তেজ পিব। মানুহজনীৰ কি খং!

॥ ১০ ॥