আন্দাজতে দুৱাৰৰ চাবি খুলিলে আৰু যেনে তেনে তেওঁক চোঁচৰাই কৰি নি বিচনাত শুৱাই দিলে। আন্দাজতে লাইটৰ চুইচত হাত দিলে। কাৰেণ্ট নাই। খং এটা উঠি আহিল তেওঁৰ। ম'বাইলৰ লাইটটো জ্বলাই লৈ তেওঁ বেগ দুটা ভিতৰলৈ আনিলে, বাইকখন সুমুৱালে আৰু লেম্পটো জ্বলাবলৈ বিচাৰিলে। লেম্পটো ঠিক জ্বলাই অতাইছে আৰু তেনেতে আহিল কাৰেণ্টটো।
তেওঁ চৌধুৰীৰ জোতাযোৰ খুলি দিলে, চকুৱে-মুখে অলপ পানী মাৰি দিলে আৰু কেইবা বাৰো মাতিলে। নাকৰ আগত আঙুলি দি চালে। উশাহ লৈ আছে। ঠিকেই আছে। নাই মৰা। মানে ছেত্ৰীও নমৰে। দুইটা বাচিব।
“মই ক’ত আছো?”
“মোৰ কোৱাৰ্টাৰত আছে।”
“আপুনি কোন?”
উৱা, কি কয় এওঁ! মৰিলে দেখোন ছেত্ৰী!
তাৰ পিছত হেনো তেওঁৰ মাত বোল নাই। টোপনি। টোপনি মানে একেবাৰে ঢেলপঙা দিলে।
আৰু এতিয়া সাৰ পাইছে পুৱা সাত বজাত। তথাপিও চৌধুৰীৰ উঠিবলৈ মন যোৱা নাই। কান্ধ দুটাত অসহ্য বিষ।
ছেত্ৰী অৱশ্যে উঠিল, পতঞ্জলিৰ চাহ দুকাপ বাকিলে আৰু আগফালৰ টেবুললৈকে লৈ আহিল। এপাকত চৌধুৰীও জাপ মাৰি উঠিল আৰু চাহ-বিস্কুট হাতত তুলি ললে। খালে। পৰম তৃপ্তিৰে খালে তেওঁ। বৰ সুন্দৰ চাহ বনায় দেই ছেত্ৰীয়ে।
চাহ খায়েই চৌধুৰী যাবলৈ ওলাল। ওলাল মানে একেবাৰে জপনা মুখ পালেগৈ।
“আপোনাৰ বেগটো?”
“নাই নাই নিনিও সেইডাল। পিছত আপুনিয়েই ৰিক্সা এখনত পঠিয়াই দিব। মই যাওঁ।”
ছেত্ৰীও চোতাললৈকে ওলাই আহিল।
“কালি কেই বজাত পালেহি?”-হঠাৎ পুৰুষোত্তম বৰফুকন ডাঙৰীয়াৰ মাতষাৰ তেওঁলোকৰ কাণত পৰিলহি।
“এক বাজিল”- ছেত্ৰীয়ে সবিনয়ে ক'লে। “আপুনি?”
“মই সাত বজাতে পালোহি।” - যথেষ্ট গৌৰৱ আৰু অহংবোধেৰে ক’লে মহাশয়ে। লগতে প্ৰকাশ পালে তেওঁৰ মুখত এটি বিদ্ৰুপাত্মক হাঁহি।
॥ ৮২॥