পৃষ্ঠা:মুখামুখি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “কিমান বাজিল?”

 ম'বাইলটো উলিয়ালো। বাৰ বাজি গৈছে। (ছেত্ৰীৰ সঙ্গত পৰি মোৰো বাৰ বাজি নগলেই হয়!)

 “অ...এইয়া তৰাই ভেলী। আৰু থিক তিনি-চাৰিঘণ্টামান এনেকুৱাই পাম। প্লেইনচ্। তৰাইৰ নাম শুনিছে?”

 “অ... শুনিছো। জিম কৰবেটে বাঘ চিকাৰ কৰিছিল ইয়াত। পিছে তেওঁ উল্লেখ কৰা ঠাইবোৰ উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আদিৰ ফালেহে আছে।”

 “অ... ঠিকেই,তৰাই ভেলীটো বহুত ডাঙৰ। প্ৰায় চাৰিশ কিলোমিটাৰ মানৰ হ’ব। ভাৰততো ইয়াৰ এটা বিস্তীৰ্ণ অঞ্চল আছে। নেপালৰ সমগ্ৰ খেতি-বাতি এই অঞ্চলতে হয়।”

 “আৰু এই ইণ্ডাষ্ট্ৰীবোৰ?”

 “নেপালত তেনেকৈ ইণ্ডাষ্ট্ৰী নাই। সব বস্তু বাহিৰৰ পৰা ইম্পৰ্ট কৰে। বিৰাট নগৰত অৱশ্যে দুই-এটা ইণ্ডাষ্ট্ৰী আছে। সিমানেই।”

 “আচ্ছা আচ্ছা”

 ওৱাও! ইমান ডাঙৰ নদী। যেন পাৰাপাৰ নাই।

 এখন সুন্দৰ দলং। দলঙৰ ওপৰেদি দৌৰিব লাগিছে ইখনৰ পিছত সিখনকৈ বাচ-মটৰৰ দীঘল শাৰী। সুন্দৰ লাগিছে।

 “কুশী নদী। নাম শুনিছে? বানপানী হ'লে বিহাৰ ডুবাই দিয়ে।”

 “শুনিছো। নিউজত দেখিছোও।”

 “নেপালত বহুত ডাঙৰ ডাঙৰ নদী আছে। খৰালি শুকান পথাৰ যেন হৈ থাকে। কিন্তু বাৰিষা! আহ্হা!”

 হয়। বাটত যাওঁতে কেইবাখনো শুকান নদী চকুত পৰিল। ট্ৰাকেৰে বালি-মাটি উঠাই আছে। ল'ৰা-ছোৱালীয়ে খেলি আছে। গৰু-ম'হ চৰি আছে।

 হঠাৎ, শিলৰ প্ৰকাণ্ড ৰাস্তা এটা চকুত পৰিল। যেন কোনোবাই লাখ লাখ হিচাপত শিলগুটি খাজি-খাজি ৰাস্তাটো বনাই থৈছে। পকা ৰাস্তাৰ সমান্তৰালভাৱে আগবাঢ়িছে শিলৰ ৰাস্তাটো। সুন্দৰ। মোৰ বুজিবলৈ বাকী নাথাকিল যে সেইটো কোনো ৰাস্তা নহয়। পানী শুকাই যোৱা এখন পাহাৰী নদীহে। বাৰিষা নিশ্চয় পানীয়ে খলখলাই থাকে। দেখিবলৈ পোৱা হ'লে নদীখনৰ বাৰিষাৰ সেই যৌৱনমতী ৰূপ! শুনিবলৈ পোৱা হ'লে পানীৰ

॥ ৪৪ ॥