পৃষ্ঠা:মুখামুখি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভিনদেউও সেই জঠৰ। এটা নিষ্প্ৰাণ পুতলা। নহয় নহয়, পুতলা নহয়। মুৰ্তি! হয় হয়, মুৰ্তিয়েই হয়। গহীন গহীন দুই-তিনিটা বাক্য আৰু আকস্মিকভাৱে ঘটি যোৱা দুই-এটা দৈহিক স্পৰ্শ।

 বচ, ইমানেই?

 নাই নাই, এনেকৈ থাকিলে মানুহ পাগল হৈ যাব। কাম লাগে, ব্যস্ততা লাগে। অন্ততঃ সময় কটোৱাৰ এটা অৱলম্বন!

 “কিয় বাৰু এটা ঘৰকে নসজাওঁ?”

 হয়, ঠিকেই। এটা ঘৰকে বনোৱা হওঁক। আইডিয়াটো ভাল।

 পিছ দিনাৰ পৰাই আৰম্ভ হ’ল দৌৰা দৌৰি। হাউচিং ল’ন লাগে, বুঢ়া গছৰ এ ক্লাছৰ কাঠ লাগে, ইয়াত ভাল কাঠ পাবলৈ নাই। গতিকে বৰহোলাৰ ফালে ক'ৰবাত গছ দুজোপামানকে ...। ইয়াত টাটা টিনৰ ৰড্‌ পাবলৈ নাই। গতিকে যোৰহাটৰ পৰাই ট্ৰাক এখনত দহ কুইণ্টল ৰড্‌ একে বাৰতে... আৰু মিস্ত্ৰী! এইবোৰ ডেৰশ দুশ টকীয়া সস্তীয়া মিস্ত্ৰী লগাই লৈ মূৰ গৰম কৰিব নোৱাৰি। নগাঁৱৰ ফালৰ কোনোবা ভাল মিস্ত্ৰী! সোতৰশ ষাঠি স্কোৱাৰ ফুটৰ ঘৰটোৰ দ্ৰয়িংটো হাতত লৈ বাইদেউৰ হিচাপ-নিকাচ আৰম্ভ হ'ল। বেজবৰুৱাছাৰে ধেমালি কৰিলে, “বাদ দিয়া শান্তা এইবোৰ ঘৰ-বাৰী কৰিবলৈ, তাতকৈ অলপ টুৰত যোৱা। খোৱা-বোৱা কৰা, স্ফুৰ্তি কৰা। দহটা কথা দেখিলাও, শিকিলাও, এইবোৰ ঘৰ-দুৱাৰ কালৈ?”

 হু! কালৈ? মানুহে কি চব ল’ৰা-ছোৱালীলৈ হে ঘটে? নিজৰ বাবে কি নালাগে? নিজে থাকিবলৈ কি ঘৰ-বাৰী নালাগে? কথা! এইবোৰ মানুহৰ কথা! ডাউন দিব আহিছে।

 খঙত-ক্ষোভত শান্তা বাইদেউৰ নাকৰ পাহি ফুলি গৈছিল। কিন্তু প্ৰতিবাদো কৰা নাছিল। ষ্টাফত এইবোৰ ধেমালি ধুমুলা চলেই। তাকে নহ'লে ব’ৰ হ’ব লাগিব। তথাপিও “কিয় ক’ব মোক তেনেকৈ?” শান্তা বাইদেউৰ কপালত বিন্দু বিন্দু ঘাম জিলিকি উঠিল।

 প্ৰায় এটা বছৰে দুৰ্দান্ত দৌৰা-দৌৰি, যুঁজ-বাগৰ, হিচাপ-নিকাচৰ অন্তত শান্তা বাইদেৱে যেতিয়া গৃহ-প্ৰৱেশ কৰিলে তাৰ ঠিক লগে লগেই তেওঁৰ ঘৰটো উদং উদং লাগিল। মনটো উৰুঙা উৰুঙা লাগিল। ইমানখিনিলৈকে

বাৰু আহিলো....... ইয়াৰ পিছত? কোন থাকিব এই প্ৰকাণ্ড ঘৰটোত? মই?

॥ ৩০ ॥