ঘোষাৰত্ন

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ প্ৰথম ]

ঘোষাৰত্ন।

“দামোদৰং প্ৰপদ্যেহহং কৰুণানন্দসাগৰম্‌।
নিৰ্ম্মিতা কবিৰত্নেন ঘোষাৰত্ন প্ৰৱৰ্ত্তিকা॥”

৺ গোপাল মিশ্ৰ কবিৰত্ন

বিৰচিত।

শ্ৰীযুত হেমচন্দ্ৰ দেৱ গোস্বামীৰ

পাতনিৰে সৈতে,

শ্ৰীআনন্দৰাম ভট্টাচাৰ্য্য কৰ্ত্তৃক

প্ৰকাশিত।

নগাঁও আসাম।

প্ৰথম তাঙ্গৰণ৷

শক ১৮৩৬।

মূল্য ৷৷৹ মাত্ৰ

[ মুদ্ৰণ ]
 

কলিকতা,
৬নং কলেজ স্কোয়াৰ সাম্য-যন্ত্ৰত,
শ্ৰীদেবেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ দ্বাৰা
ছপা হল।

[ উছৰ্গা ]
ঘোষাৰত্ন (page 3 crop).jpg

উৎসৰ্গ পত্ৰ।

পৰম পূজ্যপাদ শ্ৰলশ্ৰীশ্ৰীযুক্ত দক্ষিণপাট সত্ৰাধিকাৰ
গোস্বামী মহাপ্ৰভুৰ শ্ৰশ্ৰচৰণত

অগাধ ভক্তিৰ চিন স্বৰূপ,
তেখেতৰ সুপবিত্ৰ নামত
ঘোষাৰত্ন
উৎসৰ্গ কৰিলোঁ।

সৱক
শ্ৰীআনন্দৰাম ভট্টাচাৰ্য্য।

[ নিবেদন ]

প্ৰকাশকৰ নিবেদন।


 মই আজি অসমীয়া ৰাইজৰ আগত আসামৰ এজন পৰম বৈষ্ণৱ কবি ৺গোপাল মিশ্ৰৰ বিৰচিত ঘোষাৰত্ন পুথিখনি প্ৰকাশ কৰিলোঁ। অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য আসামৰ বৈষ্ণৱ কবিসকলৰ ওচৰত কিমান ঋণী তাক সকলো অসমীয়াই ভালকৈ জানে। অসমীয়া সাহিত্য ভড়াঁলৰ পৰা বৈষ্ণৱ কবিবিলাকৰ ৰচিত পুথিবিলাক আতঁৰাই নিবলৈ হলে, তাৰ তলি একেবাৰেই উদং হোৱাৰ নিচিনা হব। সেই গুণে বৈষ্ণৱ কবিবিলাকৰ পুথিবিলাক নষ্ট হবলৈ নিদি প্ৰকাশ কৰাতো আমি সকলো অসমীয়াৰে কৰ্ত্তব্য কাম বুলি ভাবোঁ আৰু তেনেকুৱা কৰ্ত্তব্যৰ অনুৰোধতহে মই এই পুথিখনি প্ৰকাশ কৰা কাম হাতত লওঁ। এই পুথিখনিৰ, কামৰূপত, বিশেষকৈ সেই অঞ্চলৰ দামোদৰী সম্প্ৰদায়ৰ সত্ৰ বিলাকত, বেছি প্ৰচলন থাকিলেও, উজনি অঞ্চলৰ শ্ৰীশ্ৰীদক্ষিণ পাট সত্ৰৰ বাহিৰে আন সত্ৰবিলাকত ইয়াৰ তিমান প্ৰচলন নাই বুলি মোৰ বিশ্বাস। পৃথিখনি যেনে উপাদেয়, আৰু তাত আসামত প্ৰচলিত নিভাঁজ ভাগৱতী ধৰ্ম্মৰ, যেনে সৰল ভাষেৰে, সুললিত ভাষা আৰু ছন্দেৰে, ব্যাখ্যা কৰা হৈছে, সকলো অসমীয়াৰ হাতে হাতে তাৰ একোখনি থকা উচিত বিবেচনা কৰি, মই এই পুথিখনি প্ৰকাশ কৰিলোঁ। গুৱাহাটীৰ বিখ্যাত কবিৰাজ শ্ৰীযুক্ত কৃষ্ণকান্ত অধিকাৰী মহাশয়ে, ঘোষাৰত্নৰ মূল পুথি খনি সংগ্ৰহ কৰি দিয়াত মই তেখেতৰ নথৈ শলাগ লৈছোঁ আৰু মোৰ বাল্য-বন্ধু, আসামৰ প্ৰত্নতত্ত্ববিদ, শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী দেৱে পুথিখনিৰ [ নিবেদন ] এখনি পাতনি লিখি দিয়াত, মই তেখেতৰ ওচৰত কৃতজ্ঞ থাকিলোঁ; তেখেতৰ পাতনিৰ পৰা ৰাইজে এই পুথিৰ ৰচনাকাৰক ৺গোপাল মিশ্ৰ সম্বন্ধে আৰু এই পুথিৰ সাৰবত্ত্বা সম্বন্ধে সকলো কথা জানিব পাৰিব।

 পৰিশেষত ৰাইজৰ ওচৰত মোৰ এইয়ে সৰল গোহাৰি, যেন সকলোৱে পুথিখনিৰ একো খনি লৈ মোৰ উৎসাহ বঢ়াই আৰু জাতীয় সাহিত্যৰ উন্নতি সাধন কৰে। সকলোৱে কিনিব পৰাকৈ পুথিখনিৰ মূল্য নিচেই কমকৈ ধৰা হৈছে। শিক্ষিত অসমীয়াই পুথিখনিক আদৰেৰে গ্ৰহণ কৰিলে মোৰ পৰিশ্ৰম সাৰ্থক হল বুলি ভাবিম। বিদেশত ছপা হোৱা বাবে পুথি খনিত যি ভূল থাকি গল তাক সহৃদয় পাঠকসকলে যেন ক্ষমা কৰিব, এই প্ৰাৰ্থনা।

নিবেদক  
শ্ৰীআনন্দৰাম ভট্টাচাৰ্য্য।

[ পাতনি ]

পাতনি।


 ঘোষাৰত্নৰ প্ৰকাশক, নগাৱঁৰ পৱলিক লাইব্ৰেৰীৰ লাইব্ৰেৰায়ান শ্ৰীযুত আনন্দৰাম ভট্টাচাৰ্য্য মোৰ এজন বাল্যবন্ধু। তেওঁৰ বিশেষ অনুৰোধ এৰাব নোৱাৰি, মই এই কিতাপৰ পাতনি লিখিবলৈ যদিবাও গাত লৈছিলোঁ, এতিয়া তাক লিখিবলৈ হাততলৈ দেখিলো যে, মই এই ভাৰ গাত নোলোৱাহেতেন ভাল আছিল , কিয়নো এনে এখন বৈষ্ণৱ-ধৰ্ম্ম বিষয়ক উচ্চ ভাবৰ কিতাপৰ পাতনি লিখা, এজন বৈষ্ণৱ শাস্ত্ৰ বিশেষ পাৰদৰ্শী একান্ত বৈষ্ণৱৰহে উপযুক্ত কাম। মোৰ নিচিনা মানুহৰ পক্ষে ই অনধিকাৰচৰ্চ্চা যেনহে লাগিছে। বিশেষতঃ এনেকুৱা এখন সাৰ কিতাপৰ পাতনি লিখিবলৈ হলে, যিমান পঢ়া শুনা আৰু আলোচনাৰ আৱশ্যক তাৰ নিমিত্তে মোৰ অত্যন্ত আগ্ৰহ থাকিলেও, সম্প্ৰতি সময় নিতান্ত অভাব। তথাপি যে মই ঢোতে খৰ মাৰি এই পাতনি লিখিলো, সি কেৱল প্ৰকাশকৰ অনুৰোধ উপেক্ষা কৰিব নোৱৰা কাৰণেহে। তাকে চাই পাঠক সকলে যেন মোৰ ক্ৰটি মাৰ্জনা কৰিব, এই ভাৰসা।

 পাতনি লিখকৰ ঘাই কাম হৈছে পুথিখনিক সৰ্ব্বসাধাৰণৰ ওচৰত চিনাকী কৰি দিয়া। এই পুথিখনিৰ লগত কিন্তু মোৰ নিজৰে পৰিচয় বহুত দিনীয়া নহয়। আৱশ্যে সেইটো পুথিৰ দোষ নহয়, মোৰহে দোষ। অসমীয়া সাহিত্যত পুৰণি পুথিৰ সংখ্যা ইমান বেছি আৰু সেই বিষয়ে অনুসন্ধান কৰিবলৈ আমাৰ দেশত আনৰ পৰা সাহায্য পোৱা [ পাতনি ] ইমান টান যে, মই আজি প্ৰায় ২০ বছৰ অসমীয়া পুৰণি সাহিত্য সম্বন্ধে অনুসন্ধান কৰি যিমানবিলাক পুথিৰ বিষয়ে জানিব পাৰিছোঁ, তাৰ লগত তুলনা কৰিলে বোধকৰো এতিয়াও নাম নজনা পুথিৰহে লেখ বেছি হব। তেনেস্থলত এই পুথিৰ লগত মোৰ আগৰ চিনাকী নথকাতো একো আচৰিত হবলগীয়া কথা নহয়। এই ঘোষাৰত্ন পুথিখনি উজনিৰ ফালে কিমান প্ৰখ্যাত তাক ভালকৈ নাজানো কিন্তু কামৰূপৰ ফালে হলে এইখন এখনি নামজলা পুথি আৰু কামৰূপ অঞ্চলৰ দামোদৰী সত্ৰবিলাকত ইয়াৰ ঘোষাবিলাক অতি আদৰেৰে কীৰ্ত্তন কৰা হয়।

 এই পুথিৰ ৰচনাকাৰক যে ৺গোপাল মিশ্ৰ কবিৰত্ন আছিল তাক এই পুথিৰ ভণিতাবিলাকৰ পৰাই দেখা যায় , যেনে,

(১) সন্তৰ কৃপাক অনুসৰি,
 তাসম্বাৰ পদধূলী পৰি,
  পৰম আনন্দে মিশ্ৰ কবিৰত্নে গাৱে॥১৫৭
(২) জ্ঞান কৰ্ম্ম পৰিহৰা। কেৱল নামক ধৰা।
 মিশ্ৰ গোপালে ভণে। হৰিবোলা সৰ্ব্বজনে॥২৫৩
(৩) কহয় গোপাল মিশ্ৰে কৃষ্ণ হৰি নাম।
 উচ্চ কৰি মুখ ভৰি বোলা ৰাম ৰাম॥৩৯৯

 পুথিখনিৰ পৰা ৰচনাকাৰক সম্বন্ধে আৰু এটি কথা জানিব পাৰি যে তেওঁ ৺দামোদৰ দেৱৰ শিষ্য আছিল। গ্ৰন্থকাৰে যে কেৱল ৺দামোদৰ দেৱৰ নাম লৈ পুথিখনি আৰম্ভ কৰিছে আৰু শেষ কৰিছে তেনে নহয়, পুথিৰ আন ঠাইতো দেৱ দামোদৰক তেওঁৰ গুৰুভাবে উল্লেখ কৰিছে। পুথিখনিৰ আৰম্ভতে নিজৰ গুৰু ৺দামোদৰ দেৱক, ঈশ্বৰ বুদ্ধি কৰি এই

দৰে লিখিছে:[ পাতনি ]

“জয় জয় কৃষ্ণ দামোদৰ,   তুমি কল্পতৰু ভকতৰ,
  শৰণ পশিলোঁ তজু পাদপদ্মে আমি।
হৃদয়কমলে পদ থৱা   মোক দাস বুলি লেখি লৱা,
  সত্যে সত্যে তজু দাস ভৈলোঁ আমি স্বামী॥১
সত্যশুদ্ধশান্ত বিপ্ৰতনু,   গোৰপাপহৰ দেখাই পুনু,
  জীৱৰ স্বৰূপ দেখাইলা মহাযতনে।
হেন তনু চিন্তা নিৰন্তৰে,   মহাসুখদায় জগতৰে,
  তজু গুণনাম গাইবোঁ কায়বাক্যমনে॥২”

 তলত লিখা সংস্কৃত শ্লোকটিৰে পুথিৰ সামৰণি মাৰিছে:-

“দামোদৰং প্ৰপন্যেচহং কৰুণানন্দসাগৰম।
নিৰ্ম্মিতা কবিৰত্নেন ঘোষাৰত্ন প্ৰৱৰ্ত্তিকা॥”

 এঠাইত লিখিছে :-

“দেৱদামোদৰশুদ্ধমত,   কহিলন্ত লোক অবিৰত,
  যাৰ মত মানি পণ্ডিতবাহ্মণচয়।
কৃষ্ণপাদপদ্মে ভজিলন্ত,   স্থানে স্থানে সত্ৰ পাতিলন্ত,
  যাহাৰ যশস্যা ব্ৰহ্মাণ্ড ভেদি ৰহয়।”২৮

 আন এঠাইত লিখিছে :-

“দেৱ দামোদৰ গুৰু।   সুবৰ্ণৰ ভৈলা মেৰু॥।
পূৰ্ব্বদিশে বংশীদেৱ। সদা যাক কৰে সেৱ।”৮১৬

 এই দৰে পুথিৰ অনেক ঠাইৰপৰা পদ তুলি দেখুৱাব পাৰি যে ৺দামোদৰ দেৱেই ৺গোপাল মিশ্ৰৰ গুৰু আছিল। ইয়াত বাজে কিন্তু এই পুথিৰ পৰা ৺গোপাল মিশ্ৰ সম্বন্ধে আন একো কথা জানিব পৰা নাযাই। আগৰ দিনৰ বৈষ্ণৱ কবিসকলে তেওঁবিলাকে কৰা পুথিবিলাকত [ পাতনি ] নিজৰ বিষয়ে, নামটোৰ উল্লেখত বাজে প্ৰায় আন একো কথাকে নিলিখিছিল। নামটোৰ উল্লেখো এনে দীন ভাবে কৰিছিল, যে আজিকালিৰ শিক্ষিত মানুহে হয়তো তেওঁবিলাকৰ বিনয়ক কাপুৰুষতা বুলিহে ধৰিব। যিকালত বৈষ্ণৱৰ লক্ষণ আছিল,

“তৃণাদপি সুনীচেন তৰোৰিব সহিষ্ণুনা।
অমানিনা মানদেন কীৰ্ত্তনীয়ঃ সদা হৰি।”

 সেই কালত বৈষ্ণৱ কবিবিলাকে নিজৰ বিষয়ে ঢোল নিপিতা একো আচৰিত হবলগীয়া কথা নহয়। সি যিকি নহওক ৺গোপাল মিশ্ৰ সম্বন্ধে আমি আন পুথিৰ পৰা কিবা জানিব পাৰোঁহক নে চাওঁহক।

 ৺নীলকণ্ঠ দাস নামে এজন কবিয়ে অসমীয়া পদত ৺দামোদৰ দেৱৰ এখন বিস্তৃত চৰিত্ৰ লিখি থৈ গৈছে; তাত তেও ৺গোপালমিশ্ৰ সম্বন্ধে এই দৰে উল্লেখ কৰিছে :-

“কবিৰত্নে তথা ভাগৱতক পঢম্ত
খুদিয়াত থাকি গোপালেও শুনিলন্ত॥
পঢ়িবাৰ কালে দুয়ো ইষ্টতা আছিলা।
গুৰুগৃহে দুয়ো তথা সখিত্ব কৰিল।”৫১৮

 ইয়াত 'কবিৰত্ন' উপাধিৰে ভট্টদেৱক বুজোওৱা হৈছে। ভট্টদেৱে

কৰা সকলো পুথিতেই তেওঁ নিজক কেৱল 'কবিৰত্ন' এই উপাধিৰেইহে বুজাইছে। তেনেহলে ইয়াৰ পৰা দেখা গ'ল যে গোপাল মিশ্ৰৰ ঘৰ খুদিয়াত আছিল; আৰু তেওঁ ভট্টদেৱৰ সহপাঠী আৰু সখীয়েক আছিল। গোপালে ভট্টদেৱক “ভাগৱত-ভট্টাচাৰ্য্য” উপাধি দিয়ে আৰু ভট্টদেৱে গোপালক “মিশ্ৰ” উপাধি দিয়ে। সেই বিষয়ে নীলকণ্ঠ দাসে এইদৰে লিখিছে[ পাতনি ]

“গোপাল গোসাঞী তথা সভা কৰিলন্ত।
দুই ভট্টাচাৰ্য্যা সমে তথা বসিলন্ত।
গাপালে বুলিলা সখি পঢ়া ভাগৱত।
কবিৰত্নে ভাগৱত পঢিলা সভাত॥৫৭
ভাগৱত শুনি প্ৰেম ভৈল গোপালৰ।
নিশবদে শুনে সব লোক নিৰন্তৰ॥
প্ৰেমে বিয়াকুল হেল গোপাল গোসাঞি
বস্ত্ৰ স্বৰ্ণ দিয়া বুলিলন্ত সভা চাই॥৫৭২
ভাগৱত আচায্য নাম ৰ তোমাৰ
শুনিয়া লোকৰ ভৈল আনন্দ অপাৰ
ভট্টাচাৰ্য্যে বুলিলন্ত কবি শুনিয়োক।
গাপাল য* মশ্ৰ নাম *মাৰ *য়াক ৫৭৩

 হয়াৰ *ৰ আৰু এটি *** লয় “মিশ্ৰ এ* উপাধিতে আমাৰ দেশ প্ৰম** নাকি** আছিল পাচতাহে *** হৈছে। গাপাল মিশ্ৰই খুদিয়াত সত্ৰ স্থাপন কৰে আৰু শিষ্য কৰাই সেই বিষয় নীলকণ্ঠ দাসে এই গৰে লিখিছে ণ

শ্ৰীগোপাল মিশ্ৰ যেবে পূব দিশ হৈল
খুদিয়া স্থানত নামসত্ৰ পাতি ৰৈল

 খুদিয়া সত্ৰ এতিয়াও আছে আৰু সহ ** কামৰূপৰ নলবাড়তি ‘পূবদিশে” মানে পাটবাউসীৰ পূব ফালে। গোপাল মিশ্ৰ প্ৰথমতে দামোদৰ দেৱৰ লগত পাটবাউসাত আছিল। শ্ৰীযুত লবনুৰাম চৌধুৰীয়ে প্ৰকাশ কৰা ভট্টদেৱে লিখা সৎসম্প্ৰদায় কথাৰ ৩৯ পিঠিত দামোদৰ দেৱৰ প্ৰধান ১২ জন ব্ৰাহ্মণ শিষ্যৰ বিষয়ে এই দৰে লিখিছে [ পাতনি ]  “পাচে কপিল মুনিক, শ্ৰীকৃষ্ণক, কৃষ্ণদেৱক, ভগৱানক, নাৰায়ণ মিশ্ৰক, বংশীগোপালক, আধাৰ যদুমণিক, শঙ্কৰ্ষণক, গোপাল মিশ্ৰক, সৰু গোপালক, ভাগৱত মিশ্ৰক, সনাতন দেৱক, শৰণ কৰাই চাৰি নাম দি শৰণ-পটলক্ৰমে শিষ্য ভজাইবে দিলা।”

 ৺গোপাল মিশ্ৰ সম্বন্ধে নীলকণ্ঠ দাসে যি লিখি গৈছে সন্তচৰিত্ৰৰ লেখক ৺ৰামৰায় দাসেও তাক সমৰ্থন কৰিছে; যেনে,

“কবিৰত্ন বৰ,   অতি শান্ত ধীৰ,
  আসিয়া বৰ পেটাক।
সত্ৰ ৰাখিলন্ত,   মেধীয়ো হৈলন্ত,
  পালিয়া প্ৰভু আজ্ঞাক॥
 * * * *
খুদিয়াৰ কবি-  ৰত্ন সমন্বিতে,
  সখী হৈলা দুহান্তৰ।
দুয়ো দামোদৰ   দেৱৰ তনয়,
  যেন এক কলেৱৰ॥৯০৭
অন্যে অন্যে দুই   দুইকো নাম দিল,
  পিন্ধাই বস্ত্ৰ ভূষণ।
গোপাল যে মিশ্ৰ   নাম খ্যাত হৈল,
  অনেকে লৈলা শৰণ॥
ভাগৱত ভট্টা-  চাৰ্য্য নাম দিলা,
  গোপাল মিশ্ৰে হৰিষে।
যাৰ যশ ৰাশী   পৃথিবী মণ্ডলে,
  ব্যাপি ৰৈলা দশোদিশে।”৯০৮

[ পাতনি ]  কবি ৺জয়নাৰায়ণ দাসে গোপালমিশ্ৰৰ মাজুজন পুত্ৰ ৺লক্ষ্মীপতিৰ

যি চৰিত্ৰ লেখি থৈ গৈছে তাৰপৰা দেখা যায় যে গোপালমিশ্ৰই প্ৰথমতে উলুবাড়ীত সত্ৰ পতি থাকে; তাৰ পাচত উলুবাড়ী সত্ৰ তেওঁৰ সৰু ভায়েক অনন্ত মিশ্ৰক দি, তেও গৈ খুদিয়াত সত্ৰ পাতিলে আৰু গোপালৰ ভাৰ্য্যাৰ নাম মাধপ্ৰিয়া আছিল। ৺লক্ষ্মীপতি চৰিত্ৰত এই দৰে লিখিছে:—

“পাচে গোপালদেৱ প্ৰভূ মহা ৰঙ্গ মনে।
উলুবাড়ী নামে সত্ৰ নিৰ্ম্মিলা তেখনে॥
উলুবাড়ী নামে সত্ৰ নাহি পটন্তৰ।
প্ৰথমতে তাতে থান ভৈলা গোপালৰ॥৫৯
তাতে বসি দামোদৰী ধৰ্ম্মক পালন্ত।
বাঢিলেক তেজ মহিমাৰ নাহি অন্ত॥
 * * * * *
শুনিয়োক সাধু সভাসদ নিৰন্তৰ।
আত অনন্তৰে কথা শুনা গোপালৰ॥
উলুবাড়ী সত্ৰত আছিলা কতো কাল।
খুদিয়াত সত্ৰ পাচে পাতিলা গোপাল॥৮৩
গোপালৰ কনিষ্ঠ অনন্ত মিশ্ৰ নাম।
ৰূপে গুণে ধৰ্ম্মে কৰ্ম্মে আতি অনুপাম॥
পৰম পণ্ডিত ধৰ্ম্মে কৰ্ম্মে দেখি ভাল।
উলুবাড়ী সত্ৰে তাঙ্ক থাপিলা গোপাল॥৮৪”

[ পাতনি ] ৺দামোদৰ দেৱ সম্বন্ধে লিখা যিবিলাক চৰিত্ৰ পুথি আমি দেখিছো

প্ৰায় সকলোবিলাকতে ৺গোপাল মিশ্ৰৰ নাম দেখিবলৈ পাইছো। ৺কবিচন্দ্ৰৰ ৰচিত ভবিষ্যতকথা বা সন্তচৰিতৰ ৮৫।৮৬ পিঠিত, তেওঁৰ বিষয়ে এইদৰে উল্লেখ কৰিছে :-

“এহিমতে দামোদৰ,  হৰিনাম বেদসাৰ,
  বাহ্মণক উপদেশ দেন্ত।
শুনি দশো দিশে যত,  বিশিষ্ট ব্ৰাহ্মণ আছে,
  সবে সেহি থানক আসন্ত॥
হেন দেখি দামোদৰ,  দিলা হৰিনাম দান,
  ব্ৰাহ্মণক পৰম সাদৰে
পচে বুলিলন্ত বাণী,  দামোদৰ চক্ৰপাণি
  শুনা দ্বিজগণ নিৰন্তৰে॥
চাৰি দিশে চাৰিজন,   চলি যাহা দ্বিজগণ,
  আমাৰ বচন বৰ সাৰ।
আচৰিয়া সদাচাৰ,  ক্ষমাশীল হৈবা ধীৰ,
 সন্তধৰ্ম্ম কৰিবা প্ৰচাৰ॥
শুনা বংশীদেব তুমি,  পূৰ্ব্বদিশে চলিযাহা,
 উত্তৰ দিশত ভগৱান।
সন্তদেৱ দক্ষিণত,  বলদেৱ পশ্চিমত,
 হৈবা সবে মহন্ত প্ৰধান॥
ভটদেৱ দ্বিজবৰ,  মধ্য দেশে থাকা তুমি,
 ভাগৱত ধৰ্ম্ম প্ৰৱৰ্ত্তাই।
কপিল, গোপাল আদি,  বৈষ্ণৱ সকল থাকা,
 মধ্যে মধ্যে হৰিগুণ গাই।”

[ পাতনি ]  ইয়াৰ পৰা এটা কথা ভালকৈ দেখা যায় যে ৺গোপাল মিশ্ৰ দামোদৰ দেৱৰ দিনতে এজন প্ৰসিদ্ধ লোক আছিল। তেওঁ যে ৺ভট্টদেৱ আৰু ৺দামোদৰ দেৱৰ সমসাময়িক লোক আছিল তাকে ভালকৈ বুজিব পাৰি। খুদিয়া সত্ৰত অনুসন্ধান কৰি ৺গোপাল মিশ্ৰৰ বংশৰ তলত দিয়া পুৰুষনামা সংগ্ৰহ কৰা হৈছে। এই পুৰুষনামা মতে আজিলৈকে তেওঁৰ ১২ পুৰুষ হৈছে।
গোপাল মিশ্ৰ কবিৰত্ন।
ৰামপতি।
লক্ষ্মীপতি।
কৃষ্ণপতি।
পুৰ্ণানন্দ।
ৰামমিশ্ৰ।
নিমু।
কন্দলীদেউ।
মহীনাৰায়ণ।
হৰিদেৱ।
ৰামানন্দ দেৱ।
সন্তদেৱ।
ভগবান দেৱ।
হৰিদেৱ।
ধৰ্ম্মদেৱ।
জয়কৃষ্ণ দেৱ।
লক্ষ্মীৰাম দেৱ।[১]

  1. * লক্ষ্মীৰাম দেৱ ১৮৩০ শক জেঠ মাহত দেহত্যাগ কৰিছে।
[ পাতনি ]  ৺গোপাল মিশ্ৰৰ পূৰ্ব্ব পুৰুষ সম্বন্ধে আমি অনুসন্ধান কৰি ইয়াকে

মাত্ৰ জানিছো যে তেওঁৰ পূৰ্ব্বপুৰুষ উড়িষ্যা দেশৰ পৰা আহিছিল। এক শতিকাত তিনি পুৰুষ ধৰা নিয়মে গোপাল মিশ্ৰৰ কাল প্ৰায় ১৪৩৬ শক হয়। এই হিচাপেও তেওঁ দামোদৰ দেৱৰ সমসাময়িক লোক হয়। দামোদৰ দেৱে বৈকুণ্ঠ প্ৰয়াণ কৰিবৰ সময়ত তেওঁৰ প্ৰধান প্ৰধান শিষ্যবিলাক সকলো গোট খাইছিল কিন্তু সেই সকলৰ ভিতৰত গোপাল মিশ্ৰৰ নাম নাই। সম্ভবতঃ তেওঁ দেৱ দামোদৰৰ আগেয়েই দেহত্যাগ কৰিছে। এই বিলাক সকলো কথা গমিপিটিকি চাই আমি ১৪৩৬ শকৰ পৰা ১৫০০ শকলৈকে গোপাল মিশ্ৰৰ কাল বুলি ভাবো।

 তেনেহলে এই কালৰ ভিতৰতে ঘোষাৰত্ন লিখা হৈছে। ঘোষাৰত্নৰ আদিতে তেও শঙ্কৰ দেৱ, মাধৱ দেৱ আৰু ৰামৰাম দেৱৰ নাম যেনে শ্ৰদ্ধাৰে উল্লেখ কৰিছে, তাৰপৰা ভালকৈ বুজিব পাৰি যে বামুনীয়া আৰু মহাপুৰুষীয়া এই দুটা দল সৃষ্টি হবৰ আগেয়েই এই পুথি লিখা হৈছে। তেওঁ লিখিছে :-

“শ্ৰীমন্ত শঙ্কৰ শুভাশয়,  দামোদৰ যশ প্ৰকাশয়,
  ভাগৱত ক্ষীৰ পয়োধিত গৈলা তল।
বিৰচিলা নানা পদচয়,  সংসাৰক যিতো নিস্তাৰয়,
 দেখা দেখা নৰ ভকতিৰ কিনু বল॥৩
ৰাম ৰাম দেৱ যাৰ সঙ্গ,  মনে পায়া যিতো মহাৰঙ্গ,
 নামৰ কীৰ্ত্তনে পৰম সন্তোষ ভৈলা।
জীৱৰ সংসাৰ দূৰ কৰি,  নাম মাত্ৰ গাইলা মুখ ভৰি,
 ৰাম ৰাম নাম উচ্চৰি সততে ৰৈলা॥৪

[ পাতনি ]

শ্ৰীমন্ত মাধৱ নাম ধৰি,  বিষয় সুখক পৰিহৰি,
  কৃষ্ণষশৰস কৰিলা যিতো বিস্তাৰ।
দামোদৰ মত অনুসৰি,  মুখে গোবিন্দৰ নাম ধৰি
  শান্ত হৰিনাম বখানিলা সাৰে সাৰ॥”৫

 শঙ্কৰদেৱৰ দেহত্যাগৰ পাচত মহাপুৰুষীয়া আৰু বামুনীয়া দুটা দল হল আৰু ইয়াৰ মূল যে মাধৱদেৱ তাক সকলোৱে জানে। ৺ৰামচৰণ ঠাকুৰৰ ৰচিত শঙ্কৰ চৰিত্ৰত এই বিষয়ে এই দৰে লিখিছে :—

“দামোদৰ গুৰুক যে মাধৱে বুলিলা॥২২৪
বোলে কেনমতে এক প্ৰবৰ্ত্তাহা তুমি।
তিনি গুটি কথা আবে কহাঁ শুনো আমি॥
হেন শুনি দামোদৰে কৈলা মাধৱতে।
বোলে প্ৰবৰ্ত্তোহো আমি ভাগৱত মতে॥২২৫
আৰো দুই গুটি তাৰ পাচে কহিলন্ত।
হেন শুনি মাধৱে তাহাঙ্ক বুলিলন্ত॥
বৰিষেক মাত্ৰ দুৰু বৈকুণ্ঠ যাইবাৰ।
এতেকে লৰিল মতি দেখোহো তোহ্মাৰ॥২২৬
 * * * *
আপুনাৰ মতে তুমি থাকা আবে যাই।
তোহ্মাৰে আহ্মাৰে সম্ভাষণ আৰ নাই॥”২২৮

 শঙ্কৰদেৱে ১৪৯০ শকত তনুত্যাগ কৰে, আৰু এই বিবাদ প্ৰায় ১৪৯১ শকত হয়, কিয়নো মাধৱদেৱে কৈছে “বৰিষেক মাত্ৰ গুৰু বৈকুণ্ঠক গৈল”। ঘোষাৰত্ন এই বিবাদৰ পাচত লিখা হলে দামোদৰ দেৱৰ এজন প্ৰধান শিষ্য হৈ ৺গোপাল মিশ্ৰই মাধৱদেৱৰ বিষয়ে এনে ভাবে উক্তি কৰা সম্ভৱ নহয়। বান্ত বকেও এই বিবাদৰ পিচত লিখা [ পাতনি ] দুই দলৰ মানুহৰ পুথিত পৰস্পৰৰ প্ৰতি কটু উক্তি দেখিবলৈ পোৱা যায়। আন কি মাধৱদেৱৰ নামঘোষাৰ নিচিনা এখন পুথিও এই দোষৰ পৰা মুক্ত নহয়। মাধৱদেৱে তলত লিখা ঘোষা কেইটা লেখোতে যে দামোদৰ দেৱকে লক্ষ্য কৰি লিখিছিল, তাৰ অলপো ভুল নাই।

“শঙ্কৰে সে শুদ্ধ মত,  ঈশ্বৰ ভক্তিৰ পথ,
 প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি।
ইহাক নজানি নৰে, জীবিকাৰ অৰ্থে ফুৰে,
 আপোনাৰ মহত্ব বখানি॥৫৩
শঙ্কৰে সংশয় ছেদি, শাস্ত্ৰৰ তত্ত্বক ভেদি,
 প্ৰচাৰিল কৃষ্ণৰ ভকতি।
তাক এড়ি কি কাৰণে, আনক বোলয় গুৰু,
  কিনো লোক মহা মূঢ়মতি॥৫৪
নাজানে শাস্ত্ৰৰ নয়, যেহি আসে তাকে কয়,
 ছেদিবাক নপাৰে শংসয়।
গুৰু বোলাই তথাপিতো,  ফুৰিয়া লোকৰ মাজে,
 মান্য শতকাৰ খুজি লয়॥”৫৫

আকৌ লিখিছে,

“ৰজা প্ৰজা জানি লেক ভক্তি পথ,
 শঙ্কৰৰ মত শুদ্ধ।
সিতো মত লাৰি, আন আচৰয়,
 পৰম সিতো মুগুধ॥”২৯১

 ওপৰত লিখা কথাৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে ঘোষাৰত্ন ১৪৯০ শকৰ আগেয়েই লিখা আৰু মাধৱদেৱৰ নামঘোষা ১৪৯০শকৰ পাচত [ পাতনি ] লিখা। নামঘোষা যে শঙ্কৰদেৱ উঠাৰ পাচত লিখা তাক তলত লিখা ঘোষাৰ পৰাই ভালকৈ বুজিব পাৰি :-

“হৰি ভকতিৰ   পাতিলন্ত হাট,
  শঙ্কৰে জগত জুৰি।
ৰাম নামৰত্ন, বিকায়া জগতে,
 চলয় বৈকুণ্ঠপুৰী।”৩৭৪

 ৺ৰামচৰণ ঠাকুৰৰ চৰিত্ৰ মতে শঙ্কৰদেৱ শেষবাৰ বেহাৰলৈ যাওঁতে মাধৱদেৱৰ লগত গণককুচিত ৰাতি থাকি তেওঁক ঘোষা পুথি লিখিবলৈ উপদেশ দিয়ে আৰু সেই বছৰতে তেখেত গৈ বেহাৰত নৰতনু ত্যাগ কৰে অৰ্থাৎ ১৪৯০ শকত শঙ্কৰদেৱে মাধৱ দেৱক ঘোষা ৰচনা কৰিবলৈ অনুমতি কৰে;--

“পদ দোলড়ি ঝুনা চয়ৰ অৰ্থক।
ঝুমুৰি লেছাৰি, ছন্দ তাহাৰ বসক॥
নমস্কাৰ শৰণ ভজন অনুভূতা।
খলুনাম নাহৰ বাৰ, প্ৰশংসা দীক্ষিতা॥৯৯
নামৰ মহিমা যত কাৰণ আছয়।
ঘোষাৰ মাজত তাক দিবাহা নিশ্চয়॥
ইসব প্ৰমুখে যত আছয় পটল।
তোহ্মাৰ আগত তাক কহিলো সকল॥১০০
 * * * *
ঘোষাৰসমন্ত্ৰ দশ হাজাৰ শ্লোকৰ।
নাম কৰি লিখি থৈবা ভূমি তাসম্বাৰ॥”

 মাধৰ দেৱৰ নামঘোষা পুথি অসমীয়া সাহিত্য ভঁড়ালৰ এখনি উজ্জল ৰত্ন। মোৰ মুখে এই পুথিৰ প্ৰশংসা শুনি এজন উচ্চ কৰ্ম্মচাৰী [ পাতনি ] ইংৰাজে মোক অনুৰোধ কৰে। মই তেওঁক দিনৌ এক ঘন্টা কৰি এই পুথি ব্যাখ্যা কৰি শুনাও। তেওঁ, পুথি খনি শেহলৈকে শুনি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে অসমীয়া ভাষাত ইমান উচ্চ ভাবৰ কিতাপ আছে বুলি তেওঁৰ ধাৰণা নাছিল। এই পুথিৰ কথাবিলাক যদিও মাধৱদেৱৰ নিজৰ কথা নহয়, তেওঁ মূল সংস্কৃত শ্লোকৰ কেৱল অসমীয়া ভাঙ্গনিহে কৰিছিল, তথাপি তাৰ প্ৰতি ফাঁঁকিয়ে, তেওঁৰ, অসমীয়া ভাষাৰ ওপৰত অসাধাৰণ প্ৰতিপত্তি আৰু অতুলনীয় ৰচনা লালিত্যৰ চিনাকী দিছে। এই নামঘোষা ৰচনা সম্বন্ধে এটি অতি সুন্দৰ প্ৰবাদ আছে। শঙ্কৰদেৱে তেওঁক এই পুথি ৰচনা কৰিবলৈ উপদেশ দিওঁতে কৈছিল যে, পুথিখনি এটা পকা বগৰিৰ নিচিনা হব লাগে। মাধৱদেৱে শঙ্কৰদেৱৰ ভাব বুজিব নোৱাৰিলোঁ বুলি কোৱাত শঙ্কৰদেৱে বুজাই কলে যে পুথিখনিৰ ওপৰ ভাগ নিচেই কোমল আৰু সোৱাদ হব লাগে কিন্তু ভিতৰ ভাগ অতি টান হব লাগে। বাস্ত- বিক মাধৱদেৱৰ নাম ঘোষাত এই পটন্তৰ অতি সুন্দৰৰূপে খাটে। মাধৱদেৱে হুনু প্ৰথমতে “মৎস্যকুৰ্ম্ম নৰসিংহ, বামন পৰশুৰাম, হলীৰাম বৰাহ শ্ৰীৰাম।” এই ঘোষাটিৰে পুথি আৰম্ভ কৰিছিল ; পিচে শঙ্কৰদেৱে “মুক্তিত নৃস্পৃহ যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোহোঁ ভকতি।” এই ঘোষাটি নিজে লিখি পুথিখনি আৰম্ভ কৰি দিয়ে। মাধৱদেৱৰ নাম ঘোষাৰ দৰেই ৺গোপাল মিশ্ৰৰ ঘোষাৰত্নও অসমীয়া সাহিত্যত এখনি অমূল্য ৰত্ন। কি ভাবৰ গুৰুত্বত, কি ৰচনা লালিত্যত কোনো বিষয়তে ঘোষাৰ নাম ঘোষাতকৈ কম নহয়; ঘোষাৰ আগৰ আৰু নামঘোষা পাচৰ পুথি, এনে বিবেচনা কৰিলে, ঘোষাই নামঘোষাত কৈয়ো উচ্চ আসন পাবৰহে যোগ্য। বৈষ্ণৱধৰ্ম্মৰ তত্ব ব্যাখ্যা সম্বন্ধেও ঘোষাৰত্নৰ প্ৰণালী, নামঘোষাৰ প্ৰণালীতকৈ আৰু স্পষ্ট যেনহে লাগে। আশ্চৰ্য্যৰ [ পাতনি ] বিষয় এয়েহে যে অত দিনে এনে এখন পুথি সৰ্ব্বসাধাৰণৰ আগত ওলোৱা নাছিল। প্ৰকাশকে এই পুথি খনি প্ৰকাশ কৰি উলিওৱাত তেওঁ সকলো অসমীয়াৰে যে ধন্যবাদৰ পাত্ৰ হৈছে তাৰ সন্দেহ নাই। গোপাল মিশ্ৰ সম্বন্ধে আৰু একেষাৰ কথাকৈ এই পাতনিৰ আমি সামৰণি মাৰিম। গোপাল মিশ্ৰৰ উপাধি ‘কবিৰত্ন' আছিল; তেওঁ সৰ্বসাধাৰণৰ ওচৰত “খুদিয়াৰ কবিৰত্ন” বুলি খ্যাত আছিল। এই উপাধিৰ পৰাই বুজিব পাৰি যে তেওঁ সংস্কৃত ভাষাত এজন নাম জলা পণ্ডিত আছিল। তেওঁ ঘোষাৰত্নত যিবিলাক শাস্ত্ৰৰ নাম উল্লেখ কৰিছে যেনে, ব্ৰহ্মৰহস্য, পদ্মপুৰাণ, ব্ৰহ্মবৈৱৰ্ত্তপুৰাণ, বায়ুপুৰাণ, অগ্নিপুৰাণ, স্কন্দপুৰাণ, গীতা, ভাগৱত, বিষ্ণুধৰ্মোত্তৰ, ব্ৰহ্মাণ্ডপুৰাণ, গডপুৰাণ, তাৰ পৰাই তেওৰ বৈষ্ণৱ শাস্ত্ৰত কিমান পাণ্ডিত্য আছিল তাক সহজে অনুমান কৰিব পাৰি। তেওঁ যে এজন ডাঙ্গৰ পণ্ডিত হে আছিল এনে নহয়, তেওঁ এজন অসমীয়া সাহিত্যত প্ৰথম শ্ৰেণীৰ কবিও আছিল। আশা কৰোঁ অসমীয়া মানুহে তেওঁৰ স্মৃতিৰ আৰু কবিত্বৰ যথোচিত সমাদৰ কৰিব।

হেমচন্দ্ৰ গোস্বামী।

[ সূচীপত্ৰ ]

সূচীপত্ৰ।
বিষয়।   ...  ...   ... পৃষ্ঠা৷
সূচনা  ...  ...  ...
এক নিৰ্ণয়   ...  ...  ...
ঈশৰ স্বৰূপ গুৰু নিৰ্ণয়।   ...  ...  ...
দেৱতা নিৰ্ণয়   ...  ...  ...
“জন্মাদ্যস্য” শ্লোকৰ কীৰ্ত্তন  ...   ...  ...
পৰম ধৰ্ম্ম নিৰুপণ  ...  ...  ... ২৬
শাস্ত্ৰ নিৰ্ণয়  ...  ...  ... ২৭
শৰণ নিৰ্ণয়  ...  ...   ... ২৮
শৰণ  ...  ...   ... ২৮
ভজন   ...  ...  ... ২৯
ভক্তি  ...  ...  ... ৩০
শ্ৰবণ  ...  ...   ... ৩১
মনন   ...  ...  ... ৩১
অধ্যাপন  ...  ...   ... ৩২
শীল   ...  ...  ... ৩৩
শিক্ষা  ...  ...  ... ৩৪
স্বভাৱ  ...   ...   ... ৩৪
শৰণ  ...  ...  ... ৩৫
সৎসঙ্গৰ মহিমা   ...  ...  ... ৩৯
[ সূচীপত্ৰ ]
সন্তৰ পদধূলিৰ মহিমা  ...  ...   ... ৪৬
প্ৰা‌ৰ্থনা   ...   ...  ... ৪৯
ভাৰতবৰিষৰ প্ৰশংসা   ...   ...   ... ৫০
নৰতনুৰ প্ৰশংসা   ...   ...   ... ৫১
নামৰ মহিমা   ...   ...  ... ৫২
নামৰ ঝুমুৰি   ...   ...   ... ৫৪
নামৰ উৎকৰিষা  ...  ...   ... ৫৬
কলি নিৰ্ণয়  ...  ...   ... ৫৯
কৃষ্ণনামৰ মহিমা  ...  ...  ... ৭১
প্ৰাৰ্থনা  ...   ...   ... ৮৩
উপদেশ  ...   ...  ... ৮৫
কেৱল নাম  ...   ...  ... ৮৮
প্ৰাৰ্থনা  ...   ...  ... ৮৯
আত্মথেদ  ...   ...  ... ৮১
প্ৰাৰ্থনা  ...   ...  ... ৯২
শ্ৰবণাদি ভক্তিৰ ভেদ  ...   ...  ... ৯৪
বাসনা ভেদ  ...   ...  ... ৯৬
কীৰ্ত্তন  ...   ...  ... ১০২
নমস্কাৰ  ...   ...  ... ১০২
মিনতি  ...   ...  ... ১০৩
কৃপা পুৰুষাৰ্থ নিৰ্ণয়  ...   ...  ... ১০৯
কাৰুণ্য  ...   ...  ... ১০৯
কাকুতি  ...   ...  ... ১১০
আত্মখেদ  ...   ...  ... ১১৩
[ সূচীপত্ৰ ]
প্ৰাৰ্থনা  ...   ...  ...  ১১৩
বাৎসল্য ৰস  ...   ...  ...   ১১৪
সখ্য ৰস  ...   ...  ...   ১১৪
সাহত্য ৰস  ...   ...  ...   ১১৪
মাধুৰ্য্য ৰস  ...   ...  ...   ১১৫
শ্ৰবণৰ মহিমা  ...   ...  ...   ১১৮
কীৰ্ত্তন  ...   ...  ...   ১২০
নামৰ কীৰ্ত্তন  ...   ...  ...   ১২১
স্ততিৰ কীৰ্ত্তন  ...   ...  ...  ১২১
কথাৰ কীৰ্ত্তন  ...   ...  ...   ১২১
গীতৰ কীৰ্ত্তন  ...   ...  ...   ১২২
স্মৰণ  ...   ...  ...  ১২২
ৰূপ স্মৰণ  ...   ...  ...   ১২৩
পদ সেৱন  ...   ...  ...   ১২৫
সাধন  ...   ...  ...   ১২৭
অৰ্চ্চন  ...   ...  ...   ১২৮
সাধন পূজা  ...   ...  ...   ১২৯
বন্দন  ...   ...  ...   ১৩২
ফলৰূপ দাস্য  ...   ...  ...   ১৩৬
সাধন দাস্য  ...   ...  ...   ১৩৬
আত্ম নিবেদন  ...   ...  ...   ১৩৯
দেৱ দামোদৰ ঝুমুৰি  ...   ...  ...   ১৫৬
নিবেদন  ...   ...  ...   ১৬৪

[  ]

ঘোষা ৰত্ন।

শ্ৰীকৃষ্ণায় নমঃ।

লেচাড়ি।

জয় জয় কৃষ্ণ দামোদৰ,  তুমি কল্পতৰু ভকতৰ,
 শৰণ পসিলোঁ তজু পাদপদ্মে আমি।
হৃদয় কমলে পদ খৱা,  মোক দাস বুলি লিখি লৱা,
 সত্যে সত্যে তজু দাস ভৈলোঁ আমি স্বামী॥১
সত্য শুব্ধ সান্ত বিপ্ৰ তনু,  গৌৰ পাপহৰ দেখাই পুনু
 জীৱৰ স্বৰূপ দেখাইলা মহা যতনে।
হেন তনু চিন্তা নিৰন্তৰে,  মহাসুখদায় জগতৰে,
 তজু গুণ নাম গাইবোঁ কায়বাক্যমনে॥ ২
শ্ৰীমন্ত শঙ্কৰ শুভাশয়,  দামোদৰ যশ প্ৰকাশয়
 ভাগৱত ক্ষীৰ পয়োধিত গৈলা তল॥
বিৰোচিলা নানা পদচয়,  সংসাৰক যিতো নিস্তাৰয়
 দেখা দেখা নৰ ভকতিৰ কিনু বল। ৩

[  ]

ৰামৰাম দেৱ যাৰ সঙ্গ,  মনে পায়া জিতো মহাৰাণ
 নামৰ কীৰ্ত্তনে পৰম সন্তোষ ভৈলা।
জীৱৰ সংসাৰ দূৰ কৰি,  নাম মাত্ৰ গাইলা মুখ ভৰি
 ৰাম ৰাম নাম উচ্ছোৰি সততে ৰৈল॥৪
শ্ৰীমন্ত মাধৱ নাম ধৰি,  বিষয় সুখক পৰিহৰি
 কৃষ্ণযশৰস কৰিলা যিতো বিস্তাৰ।
দামোদৰ মত অনুসৰি,  মুখে গোবিন্দৰ নাম ধৰি
 সান্ত হৰিনাম বখানিলা সাৰে সাৰ॥ ৫
মঞি মহামন্দ সেৱাচোৰ,  নতোৰিলো ইতো ভৱ ঘোৰ
 তোৰা সবে মোক কৃপা কৰা যেন যোগ্য।
কৃতাঞ্জলি কৰোঁ মঞি মাত্ৰ,  কিন্তু ভকতিৰ নাহোঁ পাত্ৰ
 বিষয়ৰ সুখ কৰোঁ সদা মাত্ৰ তোগ ॥৬
তোৰা সবে মোক কৃপা কৰা,  মোক মোৰ বুলি মনে ধৰা,
 আজ্ঞা দিয়া কিছু ৰচোঁ কথা গোবিন্দৰ।
তোৰা সবে পথ দেখাই থৈলা,  কত মহাজনে তাকে লৈলা
 আমি তাসম্বাৰ নুহিকহোঁ পটন্তৰ॥৭
কিন্তু সিংহে আকাশক চাই,  কৃষ্ণ মেঘ দেখি ৰঙ্গ পাই,
 মেঘৰ পাছত হুঙ্কাৰ কৰি গৰ্জয়॥* ৮

[  ]

গুৰু-নিৰ্ণয়।

দোলড়ি।

দামোদৰ আগে,  কৃষ্ণ মহাভাগে
 কহিলা গুৰুৰ ভেদ।
ব্ৰাহ্মণ সবাৰ,  তিনি গুৰু জানি,
 সংশয় কৰিয়ো ছেদ॥ ৯
ইতো সংসাৰত,  যাত হন্তে জন্ম
 পুৰুষে আসি পাৱয়।
তাঙ্কে আদ্যগুৰু,  শাস্ত্ৰত কহয়,
 পুত্ৰৰ পূজ্য হৱয়॥ ১০
ব্ৰাহ্মণ সবৰ,  উপনয়নাদি,
 সংস্কাৰ যিতো কথাৱে।
যিতো মোৰ সম,  মহাপূজ্যতম
 দ্বিতীয় গুৰু বোলাৱে॥ ১১
আশ্ৰমৗ সবৰ,  যিতো জ্ঞানদাতা,
 সিতো গুৰু জানা ময়।
মহা পূজ্যোত্তিম,  শিষ্যৰ যিহেতু
 সংসাৰ দূৰ কৰয়॥ ১২

[  ]

গুৰু ব্ৰহ্মাদেৱ,  তাঙ্ক কৰোঁ সেৱ,
 গুৰু বিষ্ণু মহেশ্বৰ।
গুৰু পৰম ব্ৰহ্ম,  তাহান সমান
 নাহি পূজ্য জগতৰ॥ ১৩

লেচাৰি।

অজ্ঞান বিষক পান কৰি,  জীৱে স্বৰূপক পৰিহৰি
 নিদ্ৰাবিষ লাগি আপুনাক পাসৰয়।
জ্ঞানামৃত সিঞ্চি যিতো বৈদ্যে,  বিষমূৰ কৰিলন্ত সদ্যে
 হেন গুৰু পাৱে প্ৰণামো আমি নিশ্চয়॥ ১৪
অখণ্ড মণ্ডল সমসৰ,  প্ৰপঞ্চ হোৱয় নিৰন্তৰ
 তাক ব্যাপি আছাঁ পৰমাত্মা ভগৱন্ত।
হেনয় কৃষ্ণৰ স্বৰূপক,  যিতো গুৰু আসি বুজাৱন্ত
 তান পাদপদ্মে নমো মঞি অপৰ্য্যন্ত॥ ১৫
চাৰি আশ্ৰমীৰ ধৰ্ম্মচয়,  যেমনে সন্তোষ নকৰয়,
 গুৰুৰ সেৱাত তেমনে সন্তোষ পাঞো।
ভক্তিমন্ত যিতো গুৰু হয়,  সিতো মোক যাতো প্ৰকাশয়
 তাহান সেৱাক আমিয়ো কৰিবে চাঞো॥ ১৬
জ্ঞান দাতা গুৰু ভগৱন্ত,  তাঙ্ক নৰ বুলি যখানন্ত
 যিতো তাৰ বুদ্ধি কদাচিতো শুদ্ধ নয়।

[  ]

যেন হস্তী গাৱে তেল কুৰ,  কুণ্ডত নামিয়া দেই বুৰ,
 স্নানি পুনৰপি ধূলী গাৱে সিঞ্চৰয়॥ ১৭
যদি বোলাঁ গুৰু পুত্ৰচয়,  তাঙ্ক পিতা বুলি বখানয়,
 শিষ্য সবে কেনে ঈশ্বৰ বুলি মানিব।
ইতো শঙ্কাচয় দূৰে থৈয়া,  গুৰুক ঈশ্বৰ মনে লৈয়া,
 পুত্ৰ পত্নী সম শিষ্য সবে নেদেখিব॥ ১৮
যেমন কৃষ্ণক কামদেৱ,  পিতৃ বুদ্ধি মাত্ৰ কৰে সেৱ
 নাৰদে বোলন্ত কৃষ্ণ মাত্ৰ মোৰ দেৱ।
সেহিমতে শিষ্যে মানিবেক,  পুত্ৰপত্নী মত তেজিৰেক
 গুৰুক ঈশ্বৰ মানিয়া কৰিব সেৱ॥ ১৯

ঈশ্বৰ স্বৰূপ গুৰু নিৰ্ণয়।

কৃপাৰসে পৰিপূৰ্ণ হৰি,  দেৱ দামোদৰ মূৰ্ত্তি ধৰি
 পুনু সন্তৰূপে আপুনি ভৈলা বিদিত।
পূৰ্ণ কৃষ্ণনাম সদা গাই,  শ্ৰৱণ সুখক প্ৰবৰ্ত্তাই
 সমস্ত জীবৰ সাধিলন্ত মহাহিত॥২০
কৃষ্ণমূৰ্ত্তি বৈকুণ্ঠত থৈয়া,  নিৰ্ম্মল গৌৰাঙ্গ তনু লৈয়া
 কৃষ্ণে দামোদৰ নামক আচন্ত ধৰি।
পুনু যশ ৰস পান মনে,  বিপ্ৰ তনু ধৰি বিদ্যমানে
 নিজ যশ ৰস সুনিলন্ত স্মৰি স্মৰি॥২১

[  ]

আপুনাৰ নিজ যশ শুনি,  বিস্ময়ে থাকন্ত মনে গুণি
 প্ৰেমৰ ভৰত তনু হৱে ৰোমাঞ্চিত।
নয়নৰ বহে প্ৰেমবাৰি,  ভক্তে নাম গান্ত সাৰি সাৰি
 হেন সময়ত মুৰ্ত্তি ধৰা বিপৰিত॥২২
বদন পঙ্কজ প্ৰফুল্লিত,  নাম মকৰন্দে সুগন্ধিত
 ভকত ভ্ৰমৰে বেড়ি বেড়ি কৰে পান।
মন্দহাসে সুধা বৰিষয়,  সংসাৰৰ তাপ কৰে ক্ষয়
 হেন প্ৰভু বিনা নাহি মোৰ গুৰু আন॥২৩
ৰাতুল অতুল পদ দুই,  সমস্তে নমিয়া সুখি হুই
 তাৰ ধূলি তুলি শিৰত যিতো লৱয়।
অনাদি জন্মৰ পাপ বঞ্চি,  ভক্তিৰ বাসনা লৈলে সাঞ্চি
 সিতো পুনৰপি সংসাৰত নপৰয়॥২৪
মণিকূট পৰ্ব্বতৰ পূৰ্ব্বে,  কৃষ্ণে দামোদৰ বিপ্ৰৰূপে
 কলিত হৈৱন্ত সন্ত ৰূপে অৱতাৰ।
পুৰাণত ব্যাসে কহি আছে,  কল্কী অবতাৰ হৈবা পাচে
 কৃষ্ণৰ ভকতি কৰিবা যিতো বিস্তাৰ॥২৫
পাচে কামপীঠে কৰি বাস,  কৃষ্ণপাদপদ্মে কৰি আস
 কলিত কেৱল ভক্তি মাৰ্গ প্ৰৱৰ্ত্তাই।
পুনৰপি ৰত্নপীঠে যায়া,  অসংখ্যাত জীৱ নিস্তাৰিয়া
 নিজ স্বৰূপক লভিবন্ত নাম গাই ॥২৬

[  ]

দেৱ দামোদৰ কৃপাময়,  কলিত জীৱৰ দেখি ভয়,
 শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিস্তাৰ কৰি।
কেবল ভকতি দেখাই থৈলা,  বুদ্ধিমন্ত সাধু তাকে লৈলা
 নিজ যশ প্ৰভু শুনিলন্ত কৰ্ণ ভৰি॥২৭
দেৱ দামোদৰ শুদ্ধ মত,  কহিলস্ত লোকে অবিৰত
 যাৰ মত মানি পণ্ডিত ব্ৰাহ্মণচয়।
কৃষ্ণ পাদ যে ভজিলন্ত,  স্থানে স্থানে সত্ৰ পাতিলন্ত,
 যাহাৰ যশস্যা ব্ৰহ্মাণ্ড ভেদি বহয়॥২৮
হেনয় বন্ধুক পায়া পাপ,  নতোৰিলু ইতো ভব তাপ
 অনন্ত জন্মৰ দুৰ্ব্বাসনা আছে মোৰ।
তথাপিতো তুমি দয়াময়,  হৰা ইতো মোৰ ভৱ ভয়,
 মোৰ ধন হৰে মন ইতো বৰ চোৰ॥২৯
তুমি জগতৰ নিজ বন্ধু,  যি হেতু নিস্তাৰা ভবসিন্ধু
 তোমাৰ চৰণে শৰণ পসিলোঁ দেৱ।
ইবাৰ নেড়িবা মোক স্বামী,  তযু পাদ পদ্মে সত্যে আমি,
 শৰণ পূৰ্ব্বকে কোটী কোটী কৰোঁ সেৱ॥৩০

[  ]

দেৱতা নিৰ্ণয়।
ভজনীয় কৃষ্ণ।
চবি।

যাহাৰ বদন পদ্মে,  সৰস্বতী সদা থাকা,
 লক্ষী থাকা সদা বক্ষস্থলে।
যাৰ হৃদয়ৰ জ্ঞান,  হেন নৃসিংহৰ মঞি
 সেৱা কৰোঁ চৰণ যুগলে॥৩১
ইতো জগতৰ সৰ্গ,  বিসৰ্গক আদি কৰি,
 নৱবিধ লক্ষণ লক্ষয়।
যিতো জগতৰ ধাম,  সৰ্ব্বমুখে অনুপাম
 হেন কৃষ্ণ প্ৰণামো নিশ্চয়॥৩২
যাৰ কৃপা মাত্ৰে মুকো,  পণ্ডিত হোৱয় জানা,
 খোৰা সবো পৰ্ব্বত লঙ্ঘয়।
হেনয় পৰমানন্দ,  মাধৱক বন্দো সদা,
 যাক ভক্তি বিধিয়ো কৰয় ॥৩৩
সমস্ত শাস্ততে সাৰ,  ভাগৱত নাম যাৰ
 একে বৃক্ষে ব্যাপিছে জগত।
কল্পতৰু দেৱতাৰ,  যাৰ বাঢ় স্কন্ধে সাৰ,
 বেদে যাৰ অঙ্কুৰ সতত॥৩৪

[  ]

নাৰায়ণ হন্তে হয়,  উপশাখা বহু কয়,
পঞ্চত্ৰিংশতি শতাধ্যায়।
শ্লোক সৱে পত্ৰ ভৈলা, অঠৰ হাজাৰ কৈলা,
যাক সেবি কৃষ্ণক মিলয় ॥৩৫
ভক্তি জল সাৰ পাই, ইতো বৃক্ষ বাঢ়ি যাই,
পঞ্চবিধ ফলক ধৰয়।
অপেক্ষিত ফল দেই, জীৱক তাৰিয়া নেই,
সেৱা কৰিবাৰ যোগ্য হয়॥৩৬

জন্মাদ্যস্য শ্লোকৰ কীৰ্ত্তন।

চবি৷
ঘোষা।

জয় কৃষ্ণ নমো জনাৰ্দ্দন ভকত বৎসল ৰাম।
তজু পাদপদ্মে শৰণ পসিলো পূৰিয়ো মনৰ কাম॥৩৭

পদ।

ব্যাস মহা ঋষি,  প্ৰৱন্ধ কৰিয়া,
 বৰ্ণাইলা পুৰাণচয়।
আনু নানা শাস্ত্ৰ,  বৰ্ণাইলা তথাপি,
 ভৈলেক তান সংশয়॥৩৮

[ ১০ ]

আপুনাক ব্যাসে,  আপুনি দুষিলা,
 নভৈলা চিত্ত সন্তোষ।
সেহি সময়ত,  নাৰদ আসিলা,
 বীণাত কৰিয়া প্ৰোষ॥৩৯
তাঙ্ক প্ৰবোধিয়া,  উপদেশ দিলা,
 ভকতি মাত্ৰ দেখাই।
ব্যাসো পাইলা বোধ,  ভৈল চিত্ত শোধ,
 কৃষ্ণৰ ভকতি পাই॥৪০
তান উপদেশ,  ভাগৱত শাস্ত্ৰ,
 কৰিতে ব্যাসে আৰম্ভ।
হৰিৰ চৰণ,   মঙ্গল আচৰি,
 পাতিলন্ত পূৰ্ণ কুম্ভ॥ ৪১
ব্যাস মহাঋষি, নাৰদত হন্তে
 পাইলা উপদেশ সাৰ।
শিষ্যে সমে বসি,  পৰম আনন্দে,
 কৰিলা ব্ৰহ্ম বিচাৰ॥ ৪২
শুনা শিষ্য চয়,  তেজিয়ো সংশয়,
 সত্য বস্তু ভগৱন্ত।
তাঙ্কে কৰো ধ্যান,  তোৰা সবো তাঙ্ক
 ধ্যান কৰা অপৰ্য্যন্ত॥ ৪৩

[ ১১ ]

স্বৰূপ লক্ষণে,  তাহাঙ্কে বুজাঞো
 শুনা সাৱধান মনে।
তাহান স্বৰূপ,  নাৰদত বিনে,
 নজানয় আন জনে॥৪৪
সত্য বস্তু হৰি,  জানা নিষ্ট কৰি,
 প্ৰপঞ্চ ইতো অসত্য।
যি হেতু সত্যৰ,  সকাশত থাকি,
 সত্য হেন প্ৰকাশন্ত॥৪৫
সত্যৰ কাৰণ,  কহোঁ শুনিয়োক,
 প্ৰকৃতিৰ গুণচয়।
ইশ্বৰতে আছে,  তথাপিতো জানা,
 তাঙ্ক নিষ্টে নোচোৱয়॥৪৬
তমো গুণ হন্তে,  গোলোক হোৱয়,
 ইন্দ্ৰিয় ৰজো গুণত।
সত্ত্ব গুণ হন্তে, শুদ্ধ সত্ত্বময়,
 দেৱতা হবে বেকত॥৪৭
তিনি গুণে আসি,  সৃষ্টি স্থিতি লয়,
 জগতৰ কৰি ৰৱে।
ৰজো গুণে ব্ৰহ্মা,  সৃষ্টি কৰিলন্ত,
 সমস্ত শাস্ত্ৰতে কৰে ॥৪৮

[ ১২ ]

সত্ব গুণে বিষ্ণু,  জগতকে পালা,
 আপুনি হুয়া প্ৰবেশ।
তমো গুণে হৰে,  সমস্ত সংহৰা,
 নথাকয় লৱলেশ॥৪৯
যাতো নৰ হয়, এতেক প্ৰপঞ্চ,
 জানিবা মিচা প্ৰত্যেক।
তথাপি ঈশ্বৰ,  প্ৰকাশ লভিয়া,
 প্ৰকাশ অতিৰেক॥৫০
হেন ঈশ্বৰক,  সদা ধ্যান কৰোঁ,
 নাৰদৰ কৃপা পাই।
আবেসে জানিলে,  ঈশ্বৰত বিনা,
 সত্য বস্তু আন নাই॥৫১
অসত্য জগত,  সত্যৰ সকাশে,
 প্ৰকাশে জানা সদাই।
ইহাৰ দৃষ্টান্ত, সুনা শিষ্যচয়,
 তোৰাত কহোঁ বুজাই॥ ৫২
মধ্যাহ্ণ সময়ে, সূৰ্য্যৰ প্ৰকাশ,
 বালিত লাগি আছয়।
জলময় দেখি, জলবুদ্ধি অজ্ঞে,
 পানক মনে ধাৱয়॥৫৩

[ ১৩ ]

প্ৰথমতে স্নান,  কৰোঁ বুলি ৰঙ্গে,
 ঝাম্প দিয়া পৰি ৰৈলা।
আন পান তাৰ,  দূৰতে ৰহিলা,
 আৰো ভৰি ভাঙ্গি গৈলা ॥৫৪
পাচে পায়া তাপ,  বোলে বাপ বাপ,
 জল ইতো নুহিকয়।
কিন্তু সূৰ্য্য তেজ,  বালিত লাগিয়া,
 জল যেন প্ৰকাশয় ॥৫৫
সেহিমতে কোনো,  মুখ সবে আসি,
 দেখিলেক কোন স্থান।
আছে কাঁচ মাটি,  জলময় দেখি,
 কলৰ কৰে প্ৰমাণ॥৫৬
কাচে বস্তু থৈয়া,  হাতে চৰি লৈয়া,
 জল জুখিবাক গৈলা।
নাৰী সবে দেখি,  হাসিবে লাগিলা,
 পাচে লাজ হুয়া ৰৈলা॥৫৭
সূৰ্য্য মাত্ৰ সত্য,  তাহান সকাশে,
 জল বুদ্ধি সত্য হয়।
যি হেতু ৰাত্ৰিত,  সূৰ্য্যৰ অভাবে,
 বালিত জল নোহয়॥৫৮

[ ১৪ ]

সেহি মতে ইতো,  জগত সিদ্ধি,
 ঈশ্বৰত হন্তে হৱে।
ঈশ্বৰে এড়িলে,  অজ্ঞানী সমস্তে,
 সবে মিচা বুলি কৱে॥৫৯
যদি বোলাঁ ইতো,  ঈশ্বৰত আছে,
 প্ৰপঞ্চ জড় সগুণ।
প্ৰপঞ্চক বুলি,  কেনমতে হৰি,
 আপুনি হৈলা নিৰ্গুণ ॥৬০
ইতো শঙ্কাচয়,  কদাচিতো নয়,
 চৈতন্য বিশুদ্ধ হৰি।
স্বৰূপ প্ৰকাশি,  মায়াৰ কপট,
 থৈলা দূৰে পৰিহৰি॥৬১
শুনা সভাসদ, ভাগৱত পদ,
 মনত কৰি নিশ্চয়।
ব্যাসে যাক ভজা,  নাৰদে ভজন্ত,
 আমাৰ কোন সংশয়॥৬২
সংশয়ক তেজা,  কৃষ্ণ পাৱে ভজা,
 পূৰিয়োক মন কাম।
উদ্ধাৰা পুৰুষ,  সমজ্যাৰ লোক,
 ডাকি বোলা ৰাম ৰাম॥৬৩

[ ১৫ ]

ঘোষা। জয় যদুপতি জগন্নাথ, নিয়োক দাসক উদ্ধাৰি।
 তজু দাস বুলি মোক কৃপা কৰা, তুমি জগবন্ধু হৰি॥৬৪
দোলড়ি। তটস্থ লক্ষণে,  তাহাঙ্ক বুজায়া,

 ধ্যানক কৰিলা সাৰ।
ঈশ্বৰত বিনা, সস্তৰ কৃপাত,
 নেদেখিলা বস্তু আৰ॥৬৫
যাত হন্তে হৱে,  জগতৰ জন্ম
 পালন পুনু সংহাৰ৷
হেনয় কৃষ্ণক,  ভজো ধ্যান কৰোঁঁ,
 পূজো মঞি বাৰম্বাৰ॥৬৬
যিহেতু সন্ত,  প্ৰপঞ্চত হৰি,
 অনুগত হুয়া আছা।
ঈশ্বৰে এড়িলে,  কিছু নৰহয়,
  তিলেকতে হবে মিচা॥৬৭
ঘট পট স্তম্ভ,  আদি কৰি যত
  সংসাৰে বস্তু আছয়।
সবাকে ব্যাপিয়া,  আছা ভগৱন্ত
 এড়িলে কিছু নৰয়॥ ৬৮
এতেকে জানিবা,  যিতো বস্তু আছে,
 তাতে তাতে আছা হৰি।

[ ১৬ ]

আকাশৰ পুষ্প,  যি হেতু নাহিকে,
 তাকে ৰৈলা পৰিহৰি॥ ৬৯
যদি বোলা ইতো,  জগতৰ হেতু,
 প্ৰকৃতিয়ো আসি হয়।
তিনি গুণে যত,  সৃষ্টি স্থিতি লয়,
 সংহাৰ যিতো কৰয়॥ ৭০
এতেকেসে তোৰা,  প্ৰকৃতিক ধ্যান
 কৰোঁ হেন শঙ্কা তেজা।
যি হেতু প্ৰকৃতি জড়ৰূপা হোৱে
 সবে চৈতন্যক ভজা॥৭১
সৃষ্টিৰ পূৰ্ব্বত, কটাক্ষ পূৰ্ব্বকে,
 প্ৰকৃতিক আজ্ঞা কৰি।
স্ৰজিলা জগত,  যিতো কৃষ্ণ দেৱ,
 তান পাদ পদ্ম স্মৰি॥৭২
বেদেয়ো কহিছে, জগতৰ হেতু
 একে মাত্ৰ কৃষ্ণ স্বামী।
মায়া পুনু জড়, চৈতন্যত বিনা,
 কাহাকো নভজোঁ আমি॥৭৩
যদি বোলা জীৱ   চৈতন্য হোৱয়
 তাঙ্ক কিবা কৰা ধ্যান।

[ ১৭ ]

যাহাৰ প্ৰসাদে,   সমস্তে দেহত,
 ৰহিয় আছয় প্ৰাণ॥৭৪
ইতে শঙ্কাচয়, কদাচিতে নয়,
 জাৰ যাতে পৰিধান।
ঈশ্বৰৰ অঙ্গ, হুয়া তথাপিতো,
 ভাগ কৰি ভৈলা ভিন॥৭৫
স্বতন্ত্ৰ ঈশ্বৰ,   হৱে যিতো জন,
 তাহাঙ্ক স্মৰো মনত।
কৃপালু নাৰদে,   যাহাক কহিছা,
 তাহাঙ্ক মানো সতত॥৭৬
তাকে এস ঈশ্বৰ, শাস্ত্ৰত কহয়,
 স্বতন্ত্ৰায়তে হোৱয়৷
জাৱ সব পুনু, গুণৰ অধীন,
 সংসাৰে সদা ভ্ৰময়॥ ৭৭
চৈতন্য হোৱন্তে, পৰাধীন জীৱ,
 নুহিকয় ধ্যান যোগ।
আপুন স্বরূপ, পাসৰি যি হেতু,
 বিষয়ক কৰে ভোগ॥ ৭৮
যদি বোলা ব্ৰহ্মা, স্বতন্ত্ৰ হোৱন্ত
 কৰা সৃষ্টি জগতৰ।

[ ১৮ ]

কিবা তাঙ্কে ধ্যান,  সততে কৰোহোঁ
 যাক নাহি সমসৰ॥৭৯
ইতো শঙ্কা তোৰা,  নকৰিবা মনে
 ব্ৰহ্মা ধ্যান যোগ্য নুই।
যি হেতু বেদক,   পাসৰি থাকন্ত
 আপুনি মুহিত হুই॥ ৮০
ঈশ্বৰে জানিয়া,  মনত হাসিয়া,
 বেদক কৈলা বিস্তাৰ।
বিষয়ৰ সুখে,  মোৰ পুত্ৰ ব্ৰহ্মা,
 মোহ পাৱে বাৰম্বাৰ॥৮১
তথাপিতো তাঙ্ক, বেদ পঢ়াৱন্ত,
 হেন কৃপাময় হৰি।
তাহাঙ্ক বিনায়, কাহাৰ চৰণ,
 থাকিবো মনত স্মৰি॥ ৮২
যদি বোলা বহ্মা,  কাতো হন্তে বেদ,
 পঢ়িবাৰ নতু শুনি।
আৰু বোলা ব্ৰহ্মা,  বেদক পাসৰি,
 থাকন্ত মনত গুণি॥ ৮৩
ইতো শঙ্কাচয়,  তেজিয়ো নিশ্চয়,
 ব্ৰহ্মাকে পঢ়াইলা বেদ।

[ ১৯ ]

বেদক পাসৰি, সৃষ্টি পৰিহৰি,
 যাতো কৰি আছা খেদ॥ ৮
সেই সময়ত,  কৃপা কৰি হৰি,
 আদেশিলা সৰস্বতী।
ব্ৰহ্মাৰ সমীপে,  সত্বৰে চলিয়ে,
 বুলিলাহা প্ৰতি প্ৰতি॥ ৮৫
আজ্ঞা পায়া দবা, , ব্ৰহ্মাৰ হৃদয়ে
 সত্বৰ গৈযা পসিল।
বদক পাসৰি,   আনো খেদ কৰি
 মনে হৰি শিক্ষা দিলা॥ ৮৬
পাচে চাৰি মুখে,  উচ্ছাৰিলা বেদ
 সৃষ্টিয়ো হৈলা বিদিত।
হেন কৃপাময়, ব্ৰহ্মাৰ বুদ্ধিক
 প্ৰবৰ্ত্তাই সধিলা হিত॥ ৮৭
যদি বোলা ব্ৰহ্মা,   আপুনি পূৰ্ব্বত,
 সমস্তে বেদ জানন্ত।
কেন মতে তান,  মনে হৰি আসি,
 আপুনি শিক্ষা দিলন্ত॥ ৮৮
যেন কোন জনে,  নিদ্ৰাত থাকন্তে
 পূৰ্ব্ব কথা পাসৰয়।

[ ২০ ]

নিদ্ৰাৰ উঠিয়া, পূৰ্ব্বৰ বৃত্তান্ত
 সমস্তে কৈবে পাৰয়॥ ৮৯
সেহি মতে ব্ৰহ্মা,  লভন্তোক বেদ,
 যাতে গুরু সমস্তৰ।
কেনে বোলা তুমি,  বেদক পাসৰি,
 খেদ কৈলা বহুতৰ॥ ৯০
ইতো শঙ্কা তোৰা,  নকৰিবা মনে,
 বেদৰ গুরু আছয়।
যাহাৰ অৰ্থক,   বিচাৰিয়া মহা;
 মুনি সবো মোহ হয়॥ ৯১
এতেকে বেদৰ,  অৰ্থক জানন্তা,
 ভগৱন্ত কৃপাসিন্ধু।
তাঙ্কে ধ্যান কাৰ,  মনে রূপ ধৰি,
 তৰা ইতো ভৱ সিন্ধু॥ ৯২
ময়ো তাঙ্কে ধ্যাঞো  তান কৃপা পাঞো
 নাৰদৰ কৃপা পাই।
এখনে জানিলোঁ,  তান্ত বিৰা মোৰ,
 ইষ্ট দেৱ আন নাই॥ ৯৩
যি হেতু ব্ৰহ্মাৰ,  পৰাধীন জ্ঞান,
 স্বতঃসিদ্ধ ভগৱান।

[ ২১ ]

জগত কাৰণ, ভৱ নিস্তাৰণ,
 এতেকেসে তাঙ্কে ধ্যান॥ ৯৪
সমস্ত জগত, যাৰ সকাশত,
 সান্ত হেন প্ৰকাশয়।
এতেকেসে মাঞ,  তাহাঙ্কে ধিয়াঞো।
 কৰিয়া মনে নিশ্চয়॥৯৫
সেইমতে আন, বেদৰ ৰহস্য
 মন্ত্ৰ পঢ়ি প্ৰথমতে।
আৰাম্ভিলা মঞি,  ভাগৱত শাস্ত্ৰ,
 আনন্দ পাযা মনতে॥ ৯৬
ইহাৰ শ্ৰৱণে, কীৰ্ত্তনে পুৰুষে
 পাৱয ব্ৰহ্ম বিদ্যাক।
ব্যাসৰ বচন, বুজাইবে লাগিলা,
 স্বামী দেৱ শিষ্য ঝাক॥ ৯৭
মৎস্য পুৰাণত,  আকে কহি আচে
 শুনা মঞি কহোঁ তাক।
সন্দেহ তেজিয়া, কহোঁ শিষ্যচয়,
 শুনা সবে এক বাক॥ ৯৮
পুৰাণ বেদক, বিস্তৰ প্ৰভাৱে,
 ভাগৱত দান ফল।

[ ২২ ]

কহিয়া আছন্ত, মহন্ত সকলে,
 মনে পায়া কূতুহল॥৯৯
যি শাস্ত্ৰে আদ্যত,  মহা মস্ত্ৰ পঢ়ি
 হৰিক ব্যাসে স্মৰিলা।
সকামে নিষ্কামে,  তৰে নানা ধৰ্ম্মে,
 ব্যাসে যাত দেখাই দিলা ॥১০০
বত্ৰাসুৰ বধ, যাহাত আছয়,
 তাকে ভাগৱত বুলি।
হেন ভাগৱত  লিখিয়া বিপ্ৰক,
 দান দেই হাত তুলি॥১১১
কিন্তু সুবৰ্ণৰ, সিংহাসনে থোয়া
 ৰাজা সবে দিবে দান।
আনে সবে দান,  দিবেক সুবৰ্ণ,
 খিলাৰ কৰি প্ৰমাণ॥১০২
অমাবস্য: চাই,  কতো দান দেই,
 কতো দেই পূৰ্ণিমাত
দানৰ প্ৰসাদে, মহা অপ্ৰমাদে,
 বৈকুণ্ঠ পাৱে সাক্ষাত॥১০৩
অঠৰ হাজাৰ, শ্লোক আছে যাত,
 তাকে বুলি ভাগৱত।

[ ২৩ ]

পদ্ম পুৰাণতো,  অম্বৰিষ আগে,
 গৌতমে কৈছে সতত॥ ১০৪
ভাগৱত শুনা,   অম্বৰিষ তুমি,
 কৰিযা মনে নিশ্চয়।
কোন দিনা পৰা,  আজ্ঞা দিলো মঞি
 তেজিয়ো মনে সংশয়॥১০ ৫
তাকে ভাগৱত, মহন্তে বোলয়,
 শুকে যাক কহি আছা।
ইহাৰ কীৰ্ত্তনে,  সংসাৰ নিস্তৰা,
 যদি মনে কৰ বাঞ্চা॥১০৬
আনো পুৰাণত, কহিয়া আছন্ত,
 সাধু সাধু নিষ্ট কৰি।
ভাগৱত শুনি,   মহন্ত সকলে,
 সংসাৰ গৈলা নিস্তৰি॥১০৭
অঠৰ হাজাৰ, শ্লোক সমন্বিতে,
 গ্ৰন্থ মহা অদভূত।
প্ৰথমক আদি,  বাহ্ৰ কন্ধে সদা,
 হুয়াছে সদা যুগুত॥১০৮
হয়গ্ৰীৱ লীলা, যাহাত কহয়,
 বৃত্ৰৰো বধ আছয়।

[ ২৪ ]

মহা মন্ত্ৰ পঢ়ি, আৰম্ভিলা যাক,
 ব্যাস মুনি আতিশয়॥১০৯
এতেক লক্ষণ, যাহাত আছয়,
 ভাগৱত বোলে তাক।
বিধি হৰ শুক,  নাৰদ কপিল,
 হুয়া সেৱে এক বাক॥১১০
এহিমতে নানা, গ্ৰন্থ মত আনি,
 শ্ৰীধৰ দেৱে সাক্ষাত।
পাষণ্ড সবৰ, মতক দূৰতে
 কৰিলা যিতো বিঘাত॥১১১
এতেকে ইহাক,   ভাগৱত বুলি,
 বিপৰীত শঙ্কা তেজা।
ইহাক শুনিয়া, কৃষ্ণৰ অভয়,
 চৰণ কমলে ভজা॥১১২
শুনা সভাসদ, ভাগৱত পদ,
 ইতো সৰ্ব্বাসাৰোদ্ধাৰ।
ইহাক শুনিয়া,  যম কৰণৰ,
 এৰায়ো মহানিকাৰ॥১১৩
অৱতাৰ হুয়া ব্যাস মহা ঋষি,
 নাৰদক গুৰু মানি।

[ ২৫ ]

অসন্তোষ চয়,   কৰিলন্ত ক্ষয়,
 ভজিলন্ত চক্ৰপাণি॥১১৪
শিষ্য সমস্তকো, উপদেশ দিয়া,
 কৃষ্ণক কৰিলা ধ্যান।
আমি কোন মুখে,  কৃষ্ণক নামানো,
 ব্যৰ্থে ধৰোঁ ইতো প্ৰাণ॥১১৫
ব্যাসত অধিক,  পণ্ডিত হৈলোহোঁ,
 কৃষ্ণৰ ধ্যান তেজিলেোঁ।
সকাম কৰ্ম্মৰ, বহু ফল শুনি,
 তাতে মাত্ৰ মন দিলো॥১১৬
নমো দামোদৰ, মোৰ সমসৰ,
 নাহিকয় মহা পাপ।
অমৃতক তেজোঁ,   বিষয়ক ভুঞ্জোঁ,
 নতৰো সংসাৰ তাপ॥১১৭
এভো কৃপা কৰাঁ, দাস বুলি ধৰাঁ,
 দিয়োক সাধু সঙ্গতি।
তাসম্বাৰ সঙ্গে,  থাকি মহা ৰঙ্গে,
 কৰিবোঁ তযু ভকতি॥১১৮
বুলিবোঁ সততে,  গোবিন্দ মাধৱ,
 চিদানন্দ সদানন্দ।

[ ২৬ ]

ভকত বৎসল,   কৃপাৰ সাগৰ,
 নকৰিবা মোক মন্দ॥১১৯
ইতো ঘোষাৰত্ন, কৰা অতি যত্ন,
 সততে কৰা বিচাৰ।
ইহাৰ বিচাৰে, কৃষ্ণৰ ভকতি,
 লভিবাঁহা সাৰে সাৰ॥ ১২০
বৈষ্ণৱ সবক,  কৃতাঞ্জলি কৰি,
 কহয় গোপাল মিশ্ৰ।
মহা উচ্চ কৰি,  বোলা হৰি হৰি,
 তৰিয়োক ভবকৃচ্ছ॥১২১

 

পৰমধৰ্ম্ম নিৰুপণ।

লেচাড়ি।

ইতো শাস্ত্ৰ মহামুনি কৈলা,  তাতে মহাধৰ্ম্ম থাপি থৈলা,
 মৎসৰ ৰহিত সাধু সবে আৰু পাৱে।
স্বৰ্গফল তেজে অনুক্ষণ,  মোক্ষতেো যাহাৰ নাহি মন,
 তাৰা সবে মাত্ৰ আক ধৰ্ম্ম বুলি গাৱে॥১৯২

[ ২৭ ]

ইতো শাস্ত্ৰ সত্য বস্তু কৱে, তিনি তাপ নিয়া দূৰে থৱে,
 নামত শ্ৰীমন্ত ভাগৱত নিৰুপম।
আক শুনিবাক যিতো চাৱে, হৃদয়ে ঈশ্বৰ লগ পাৱে
 আন কোন ধৰ্ম্ম হইবেক ইহাৰ সম॥১২৩

⸻⸻

শাস্ত্ৰ-নিৰ্ণয়।

চাৰি বেদ ভৈলা কল্পতৰু,  ভাগৱত ভৈলা ফল গুৰু,
 শুক মুখ লাগি ভূমিত আছে পৰিয়া।
অমৃত সমান স্বাদ ফল,  সিঠা চাল নাহি নিৰিমল,
 ব্ৰহ্মানন্দ ৰসে আছয় সদা ভৰিয়া। ১২৪
ৰসত চতুৰ যিতো জন,  ফল পান কৰা দিয়া মন,
 ৰসময় ফল আসে বৈকুণ্ঠৰ পৰা।
শষ্য সবে ভেলা শাখাচয,  তাতে ফল লাগি নভাগয়,
 মোক্ষকো লভিবা ইতো ফল পান কৰা॥১২৫
একে শাস্ত্ৰমাত্ৰ সাৰ ভৈলা,  দৈৱকীতনয়ে যাক কৈলা,
 এক দেৱ মাত্ৰ দৈৱকীদেবী কুমাৰ।
কৰ্ম্ম এক মাত্ৰ সত্য হয়  তাহান সেবাক শাস্ত্ৰে কয়
 মন্ত্ৰো একমাত্ৰ কৃষ্ণ নাম সাৰে সাৰ॥১২৬

⸻⸻

[ ২৮ ]

শৰণ-ভজনক আদি নৱ বিধ,

শৰণ-নিৰ্ণয়।

—o—

লেচাড়ি।

শৰণ, ভজন, ভক্তি চয়,  মহাজনে তাক বখায়,
 শ্ৰৱণ, মনন, অধ্যাপন, শীল, শিক্ষা।
স্বভাৱে সহিতে নৱ বিধ,  আক জাৱে জানি হৱে সিদ্ধ,
 গুৰু সবে শিষ্য সমস্তকে দেই শিক্ষা॥১২৭
শৰণৰ ক্ৰম কহো শুনা,  আক সাৱধান মনে গুণা,
 কৃষ্ণ-যামলত ইহাৰ ক্ৰম আছয়।
আক শুনি ভৱ নদী তৰে,  কিন্তু আৰ যিতো মত ধৰে,
 সপ্ৰেম ভকতি কৃষ্ণত সিতে পাৱয়॥১২৮

⸻⸻

শৰণ।

দেৱতাৰ আশা দূৰ কৰি,  পুত্ৰাদিৰ স্নেহ পৰিহৰি,
 কেৱলে হৰিত বিশ্বাস কৰয় মাত্ৰ।
প্ৰাকৃত শৰণ তাৰ নাম,  বিষয় তৃষ্ণাত তেজে কাম,
 সিতো পাচে প্ৰেম ভকতিৰ হোৱে পাত্ৰ॥১২৯
তীৰ্থ তপে জপে অশি তেজে,  কায়বাক্যমনে হৰিভজে,
 যথোচিতে সেৱা হৰিক সদা কৰয়।

[ ২৯ ]

বাক্যে গোবিন্দৰ নাম পাৱে, মনে কদাচিতো লগ পাৱে,
 মধ্যম শৰণ তাহাঙ্ক শাস্ত্ৰে কহয়॥১৩০
শৰীৰৰ আশা কৰে দূৰ,  নাম গায়া কৰে মন পূৰ,
 জগতৰ পতি ভগৱন্ত চক্ৰপাণি।
তান্ত প্ৰেম ভক্তি ভৈল যাৰ,  উত্তম শৰণ কয়ে তাক,
 উত্তম শৰণে সংসাৰক কৰে হানি॥১৩১


ভজন।

লেচাড়ি।

প্ৰতিমাক থাপি যিতো জন,  কৃষ্ণ বুদ্ধি সেৱে অনুক্ষণ,
 ভকতক সিতো মানিবাক নপাৰয়।
আনত নাহিকে হৰিবুদ্ধি,  নতু হৱে তাৰ চিত্তশুদ্ধি,
 প্ৰাকৃত ভজন তাহাক জানা নিশ্চয়॥১৩২
উত্তম হোৱয় যিতো জন,  তাক সেৱা কৰে অনুক্ষণ,
 সমানক পায়া মিত্ৰতা ভাব কৰয়।
দানজন পায়া কৰে দায়া,  আক তেজি আসে বিষ্ণুমায়া,
 মধ্যম ভজন তাহাক শাস্ত্ৰে কহয়॥১৩৩
বিষয় কথাক নুশুনয়,  কৃষ্ণনাম মাত্ৰ উচ্চাৰয়,
 কৰ্ণ বন্ধ ভৰি শুনে গোবিন্দৰ যশ।

[ ৩০ ]

উত্তম ভজন তাক কৱে,  অহনিশে নাম মাত্ৰ গাৱে,
 উত্তম ভজনে হৰিক কৰয় বশ॥ ১৩৪

⸻⸻

ভক্তি।

যাৱত হৰিৰ লাল গাৱে,  চিত্ত থিৰ কৰে হৰি পাৱে,
 লীলাক তেজিলে চিত্ত বিষয়ক ধাৱে।
প্ৰাকৃত ভকতি তাৰে নাম,  প্ৰথমতে হৱে অনুপাম,
 পাচে সিতো জনে উত্তম ভকতি পাৱে॥১৩৫
কৃষ্ণ দেৱতাৰ কথা শুনে,  মনত আনন্দ পায়া গুণে,
 প্ৰেমৰ ভৰত বাগৰে পৰি মহীত।
পুলকিত তনু তাৰ হোৱে,  মধ্যম ভকতি তাক কৱে,
 ভকতিৰ চিহ্ণ হোৱয় আসি বিদিত॥১৩৬
বিশুদ্ধ বিজ্ঞান চিদানন্দ,  পূৰ্ণানন্দ কৃষ্ণ সদানন্দ
 তান স্বরূপত যাহাৰ মন ৰহয়।
হৃদয়তে পাচে পাৱে লাগ,  ভৱতেজি ৰয় মহাভাগ,
 অখণ্ডিত প্ৰেমপুলক তাৰ হোৱয়॥১৩৭
ইহ পৰলোকে যত সুখ,  মায়াময় আৰু যত দেখ,
 দুখক নসঙ্গে নৰমে যিতো সুখত।
যি হেতু হৰিত প্ৰতি ভৈল  সুখ দুখ তাৰ দূৰ গৈল,
 উত্তম ভকতি ইহাক বোলে সতত॥১৩৮

[ ৩১ ]

শ্ৰৱণ।

হৰিৰ মন্দিৰে যিতো জন,  কৃষ্ণৰ চৰণে দিয়া মন,
 যাৱতেকে হৰিলীলা কথা শুনি ৰৱে।
তাৱত কৰ্ণৰ সুখ পাৱে,  পাচে কৰ্ণে কুকথাক ধাৱে॥
 প্ৰাকৃত শ্ৰৱণ মহাজনে তাক কৱে॥১৩৯
হৰিত যাহাৰ মন ৰৱে  কথামৃত সত্য বুলি কৱে,
 শ্ৰৱণৰ সুখ পূৰ্ব্বত কৰি পাৱয়।
পৰ বোধে দক্ষ নুহিকয়  শ্ৰৱণ সুখত সদা ৰয়,
 মধ্যম শ্ৰৱণ শাস্ত্ৰত আক কহয়॥১৪০
আপুনিয়ো বুজে যিবা জনে,  পৰকো বুজাৱে অনুক্ষণে,
 হৰিৰ লালাক শুনিয়া ভেদ কৰয়।
বচাৰয় কৃষ্ণ কথা ৰস,  হৰিক কৰয় মনে বশ,
 উত্তম শ্ৰৱণ ইহাক সাধু কহয়॥১৪১

⸻⸻

মনন।

সংসাৰত পুত্ৰ ভাৰ্য্যা যত,  জীৱন যৌবন অসাস্বত,
 ঈশ্বৰৰ মায়া বুলিয়া সদা কহয়।
হৰিৰ নামক সত্য দেখে,  বিষয় সুখক মিচা লেখে,
 প্ৰাকৃত মনন বোলয় আক নিশ্চয়॥১৪২

[ ৩২ ]

নাম সত্য সন্ত সত্য কৱে,  বৈকুণ্ঠক সত্য মনে লৱে,
 বৈকুণ্ঠনাথক সত্যদেৱ মাত্ৰ মানে।
চৰাচৰময জগতত,  ঈশ্বৰক দেখে সমস্তত,
 এতেকে জগত ঈশ্বৰ স্বরূপ মানে॥১৪৩
উত্তম মনন নাম আৰ,  সংসাৰ সাগৰে কৰে পাৰ
 যি হেতু জড়ক চৈতন্য বুলিয়া মানে॥১৪৪


অধ্যাপন।

যাৱত কৃষ্ণৰ কথা শুনে,  কথাৰ অৰ্থক মনে গুণে,
 ভাৰত কথাৰ অৰ্থত মন ৰহয়।
পাচে শিক্ষা দিবে নপাৰয়  যি হেতু মনত নৰহয়,
 ইহাক প্ৰাকৃত অধ্যাপন বুলি কয়॥১৪৫
গোবিন্দৰ কথা লীলা শুনি,  আপুনি আনন্দ পাৱে গুণি,
 তাৰ মন মজে ৰমে কথা সমুদ্ৰত।
আনকো শিখাৱে কথাচয়,  কথা সত্য বুলি বখানয়,
 অধ্যাপন আক মধ্যম বোলে সতত॥১৪৬
কৃষ্ণ কথা কহে সাধু সঙ্গে,  পৰকো বুজাৱে মহাৰঙ্গে,
 হৰিৰ কীৰ্ত্তন ৰসে মন নেই টানি।

[ ৩৩ ]

অধ্যাপন বুলি তাক জানা,  উত্তম বুলিয়া মনে মানা,
 যিতো অধ্যাপনে সংসাৰৰ কৰে হানি॥১৪৭

⸻⸻

শীল।

গুৰুৰ বাক্যক যিতো লৱে,  তাকে ব্ৰহ্ম বুলি মাত্ৰ কৱে,
 কদাচিতো আন বাক্যত মন নেদয়।
কৰ্ম্মী কৰ্ম্মফল দেখাৱয়,  তথাপিতো মতি নচাৰয়,
 মহাজনে তাক প্ৰাকৃত শীল কহয়॥১৪৮
ভকতিক ধৰে দেবচয়,   তাসম্বক পুনু নগনয়,
 কেশৱত বিনে দেবতা আন নমানে।
যি হেতু মনৰ কৈলা থিৰ,   ইন্দ্ৰিয়ক দমি ভৈলা বীৰ,
 তাহাক মধ্যম শীল সাধুসবে জানে॥১৪৯
অনিমাদি সিদ্ধি ভক্তে পাৱে, তাত স্পৃহা তেজি নাম গাৱে,
 যি হেতু ভজন ৰস মহা বিপৰিত।
হৰিৰো রূপত ইচ্ছা নাই,   দাস সেবা মাগে তাঙ্ক পাই,
 ইহাক উত্তম শীল জানি সাধা হিত॥১৫০

[ ৩৪ ]

শিক্ষা।

গুৰু দেস্ত উপদেশ চয়,  শিষ্যে গুণ বুদ্ধি নলৱয়,
 যাতো শিষ্য মনে কৰিবে নোয়াৰে সাৰ।
গুৰু তভো পুনু শিক্ষা দেন্ত,  আপুনাৰো মত দেখাৱন্ত,
 মহন্তে প্ৰকৃত শিক্ষা নাম থৱে তাৰ॥১৫১
গুৰু ভক্তি উপদেশ দেন্ত,  শিষ্যে সৎবুদ্ধি মনে লন্ত,
 তথাপিতো কোন বেলা মহা মোহ পাৱে।
ভেদ কৰিবাক নপাৰয়,  জ্ঞান ভকতিক ঝপাই কয়,
 ইহাক মধ্যম শিক্ষা বুলি শাস্ত্ৰে কৱে॥১৫২
জ্ঞান কৰ্ম্ম কষ্ট পৰিহৰি,  হৰিত মনক নিষ্টা কৰি,
 গুৰু উপদেশে একান্ত সন্তক মানে।
সন্তৰ দাসকো সেবা কৰে,  তাসম্বৰ মত মনে ধৰে,
 মহন্তে উত্তম শিক্ষা বুলি আক জানে॥১৫৩

স্বভাব।

শাস্ত্ৰাচাৰ্য্য উপদেশ সাৰ,  শিষ্যকো শিখাৱে বাৰম্বাৰ,
 তত্ত্ব ৰূপে শিষ্যে ধৰিবাক নপাৰয়।
কোন গুণ কোন দোষ চয়,  মনে বিচাৰিয়া নপাৱয়,
 প্ৰাকৃত স্বভাব ইহাক শাস্ত্ৰে কহয়॥১৫৪

[ ৩৫ ]

গুণ দোষ জানে যিতো জন,  কৃষ্ণৰ চৰণে দিয়া মন,
 হৰি ভক্তিৰসে কেবলে মাত্ৰ ৰময়।
যেন বায়ু আকাশক পাই,  ভাল মন্দ গন্ধ তেজি যাই,
 আনকো পবিত্ৰ স্বতসে জানা কৰয়॥১৫৫
লৌকিক বৈদিক কৰ্ম্মচয়,  ভকতিক পায়া তেজি ৰয়,
 কেৱল গুৰুক কৰে মাত্ৰ সতকাৰ।
ভাল শুদ্ধ বুদ্ধি তাৰ ভৈল,  গুৰু সেবা কৰি যাতো ৰৈল,
 উত্তম স্বভাব আক জানা সাৰে সাৰ॥১৫৬
ইতো নববিধ মহাগুহ্য,  মহন্ত সবৰো মহাপূজ্য,
 ইহাকে জানিয়া ৰহস্য ভকতি পাৱে।
সন্তৰ কৃপাক অনুসৰি,  তাসম্বৰ পদধূলী ধৰি,
 পৰম আনন্দে মিশ্ৰ কবিৰত্নে গাৱে॥১৫৭



শৰণ।

চবি।

অৰ্জ্জুনৰ আগে হৰি,  কহিলন্ত নিষ্ট কৰি,
 মোত তুমি সখি দিয়া মন।
হুয়োক আমাৰ ভক্ত,  মোক পূজা অবিৰত,
 গন্ধ পুষ্পে কৰিয়া যতন॥১৫৮

[ ৩৬ ]

কৰা মোক নমস্কাৰ,  সত্যে কৰো অঙ্গিকাৰ,
 তুমি মোৰ লভিবা স্বৰূপ।
তুমি মোৰ প্ৰাণবন্ধু,  তৰা ইতত ভবসিন্ধু,
 পুনু নলভিবা ভবকূপ॥১৫৯
তাতে কৰি গুহ্যতম,  পুনু কহোঁ নিৰুপম,
 আক তুমি শুনা সাবধানে।
তুমি বিনা নাহি আন,  মোৰ বিশ্বাসৰ থান,
 আক সত্য বুলি গুণা মনে॥১৬০
সৰ্ব্ব ধৰ্ম্ম পৰি হৰি,  একান্ত বিশ্বাস কৰি,
 একদেব মঞিঁ মোক মানি।
আমাত শৰণ লৈয়ো,  শোক মোহ দূৰে থৈয়ো,
 তজু পাপ কৰিবোহো হানি॥১৬১
গুণময় মায়া মোৰ,  জ্ঞানক কৰিবে চোৰ,
 যাতো মোৰ শকতি হোৱয়।
আমাত শৰণ যিতো,  লয়ে মায়া তৰে সিতো,
 আনে তৰিবাক নপাৰয়॥১৬২
অক্ৰুৰে বোলন্ত হৰি,  কহো আমি নিষ্ট কৰি,
 কোনেনো পণ্ডিত বোলাইবেক।
তোমাৰ শৰণ তেজি,  বিষয় ৰসত মজি,
 আন দেবতাক ভজিবেক॥১৬৩

[ ৩৭ ]

ভকতৰ প্ৰিয়তম,  নাহিকয় তদু সম,
 সকামিৰ কাম কৰা পূৰ।
নিষ্কামী দাসকো তুমি,  আপুনাকো দিয়া স্বামি
 কৃপা কৰি তব কৰা দূৰ॥১৬৪
কৃষ্ণৰ চৰণে ধৰি,  উদ্ধবে মিনতি কৰি,
 বোলে প্ৰভু কমললোচন।
ভোমাৰ চৰণ পদ্ম,  সমস্ত আনন্দ সদ্ম,
 সন্তে লৱে তাহাতে শৰণ॥১৬৫
ভকতৰ সেবা সুখ,  তৰে সংসাৰৰ দুখ,
 ভকতৰ তুমি হুয়া বন্ধু।
জ্ঞানী কৰ্ম্মী নলভয়,  মায়ায়ে বঞ্চিয় থয়,
 নতৰয় সিতো ভবসিন্ধু॥১৬৬
তোমাৰ প্ৰসাদ পাই,  ভক্তে মায়া তৰি যাই,
 আৰো তুমি হৱাহা অধীন।
যশোদাৰ বান্ধ লৈয়া,  গোপীৰ আজ্ঞাত ৰৈয়া,
 বলিৰ দুয়াৰে প্ৰতিদিন॥১৬৭
ইতো প্ৰভু নুহি চিত্ৰ,  বানৰেও ভৈলা মিত্ৰ,
 কেবল শৰণ লৈলে মাত্ৰ।
ৰামচন্দ্ৰ ৰূপে হৰি,  কৃপালু গুণক ধৰি,
 পশুকো কৰিলা ভক্তি পাত্ৰ॥১৬৮

[ ৩৮ ]

এতেকে তোমাক তেজি,  কোনে আন দেব ভজি,
 পাসৰিবে তজু উপকাৰ।
যিতো অন্তৰ্য্যামী হৰি,  চৰাচৰ আছা ধৰি,
 যাত বিনা বস্তু নাহি আৰ॥১৬৯
বাহিৰে ভিতৰে হৰি,  তুমি গুৰু ৰূপ ধৰি,
 শিষ্যক দিয়াহা উপদেশ।
তথাপিতো যিতে নৰে,  তোমাৰ শৰণ তেজি,
 তাৰ নুগুচয় ঋণ শেষ॥১৭০
নৰসিংহ পুৰাণত,  ঈশ্বৰৰো এহিমত,
 বাসুদেব যিজনে বোলয়।
শৰণ তোমাত লৈলে,  দেব আশা দূৰে থৈলে,
 তাৰ হবা সংসাৰৰ ভয়॥১৭১
যমে তাত বোধ দেন্ত,  দূত কৰ্ণমূলে কত
 সবাৰে হাততে পাশ দেখি।
অভক্তৰ অধিকাৰ,  জানা মঞি সাৰে সাৰ,
 তাসম্বাক আনা লেখি লেখি॥১৭২
শৰণ লৱয় যিতো,  মধুসুদনৰ সিতো
 বল্লভ হোৱয় আতিশয়।
তাসম্বাৰ তেজা পাশ, যদি জীবে কৰা আশ,
 নিষ্টে মঞি কৈলো দূতচয়॥১৭৩

[ ৩৯ ]

গৰুড় পুৰাণে হৰি,   কহিলন্ত নিষ্ট কৰি,
 যিতো জনে ধ্যান বিবৰ্জিত।
হৰিত শৰণ লৈয়া, ভকতি ৰসক পায়,
 সাধিলেক আপুনাৰ হিত॥১৭৪
নাৰদ পুৰাণে হৰি, কহি আছা নিষ্ট কৰি,
 যিতোজনে শৰণ লৱয়।
কমললোচন হৰি, গোবিন্দ বামন সদা,
 নৰসিংহ বচন বোলয়॥১৭৫
শৰণ পসিলোঁ হৰি, লৈয়ো মোক দাস কৰি,

 এহি বাক্য সততে বোলয়।
শুনিয়া তাহাৰ বানি, সংসাৰক কৰো হানি,
 সিতে মোৰ প্ৰিয় আতিশয়॥১৭৬

⸻⸻

সৎসঙ্গৰ মহিমা।

লেচাড়ি।

শুনিয়ো উদ্ধব সখি তুমি,  তোমাত ৰহস্য কহোঁ আমি,
 তুমি মোৰ ভৃত্য সুহৃদ সখি উত্তম।
সুগোপ্য পৰম গুহতম,  জ্ঞান কৰ্ম্মে যাক নুহি সম,
 যদু বংশ মধ্যে নাহিকে তোমাক সম॥১৭৭

[ ৪০ ]

যোগ সাংখ্য ধৰ্ম্ম দান তপ,  বেদ পাঠ ধৰ্ম্ম তীৰ্থ জপ,
 একাদশী ব্ৰত ফপাৰা যমৰ ত্যাগ।
নিয়ম দেবতা পূজা যত, সবে সত্য ইতো বেদ মত,
 সবেও সন্তোষ কৰে ইতো মহাভাগ॥১৭৮
সাধু সঙ্গে মোক যেন মতে, বশ্য কৰি থৱে অবিৰতে,
 যোগাদি তেমত কৰিব নপাৰে বশ।
সমস্ততে শ্ৰেষ্ঠ সাধু সঙ্গ, আনৰো কৰয় ভয়ভঙ্গ,
 জ্ঞান কৰ্ম্ম তেজি যশ গায়া পাৱে ৰস॥১৭৯
সাধু সঙ্গে মোক পালে সখি, তাসম্বাক কহো আমি লেখি,
 দৈত্য যক্ষ ৰক্ষ পশু পক্ষী পালে পাল।
গন্ধৰ্ব্ব চাৰণ সিদ্ধ নাগ, অপেস্বৰা আদি মহাভাগ,
 মমুষ্যৰ মধ্যে কতো পাইল তত্ত কাল॥১৮০
বৈশ্য শূদ্ৰ নাৰী অন্ত্যজাতি, ৰজো তমো গুণে যুক্ত আতি,
 যুগে যুগে তাৰা স্বরূপ মোৰ পাৱয়।
কৰ্ম্ম কৰিবাৰ নুহি পাত্ৰ, সন্তৰ সঙ্গতি লৱে মাত্ৰ,
 মোত প্ৰেম ভাবে কেবলে গুণ গাৱয়॥১৮১
বৃষপৰ্ব্বা বলি বৃত্ৰ বান, প্ৰহলাদ সুগ্ৰীব হনুমান,
 বিভীষণ ব্যাধ জটায়ু কংসৰ কুজি।
আৰু মোৰ প্ৰিয় গোপীগণ, বিপপত্নী মোত দিয়া মন,
 অনুৰাগে পাইলে আমাৰ স্বৰূপ বুজি॥১৮২

[ ৪১ ]

সন্ত সঙ্গ বিনা আন নাই,   তাৰাৰ সাধন সমুদাই,
 বেদক পঢ়িবে নলৈলা গুৰু সঙ্গতি।
ব্ৰত তপ তাৰা নাচৰিলা, কেবলে আমাত মন দিলা,
 তথাপিতো তাৰা মোক পাইলা প্ৰতি প্ৰতি॥১৮৩
বৃত্ৰাদিৰ পূৰ্ব্ব পুণ্য হোক, যি হেতু লাভিলে মোৰ লোক,
 গোপী প্ৰতৃতিৰ পূৰ্ব্ব পুণ্য নাহিকয়।
কেবলে আমাত প্ৰেম কৰি, আমাৰ লাৱণ্য রূপ স্মৰি,
 আমাক পাইলেক ইতো সখি সত্য হয়॥১৮৪
যোগ সাংখ্য দান ব্ৰত তপ, স্বাধ্যায় সন্ন্যাস মন্ত্ৰ জপ,
 এতেক আচৰি যজ্ঞে মোক নপাৱয়।
ইসব বৈষ্ণৱ সাধু সঙ্গে, লভিলেক মোক মহাৰঙ্গে,
 বৈষ্ণৱৰ সঙ্গ এতেকে দুৰ্ল্লভ হয়॥১৮৫
গোপীৰ ভকতি পুনৰ্ব্বাৰ, কহে শুনা সখি সাৰে সাৰ,
 অক্ৰ‌ুৰে লৈ যান্ত ৰামে সমে মথুৰাক।
মোত বিনা পতি পুত্ৰ সুখ, মানিলেক মনে মহা দুখ,
 মোত অনুৰাগে মগ্ন ভৈল গোপী ঝাক॥১৮৬
আমাৰ বিৰহে ব্যাধি ভৈলা, গোপী প্ৰেম ৰসে তল গৈলা,
 শৰীৰত জ্ঞান নাহিকয় তাসম্বাৰ।
মোক ৰাখো বুলি গৈলা ধাই, লজ্জা ভয় তাসম্বাৰ নাই,
 অক্ৰ‌ুৰে দেখিয়া বিস্ময় ভৈলা অপাৰ ১৮৭

[ ৪২ ]

বৃন্দাবনে মোক লাগ পাই,   যিতো ৰাত্ৰ নিলা ক্ষণ প্ৰাই,
 সিতো ৰাত্ৰি পাচে এক যুগ প্ৰায় ভৈলা।
যাতো মোক নপাইলেক লাগ, প্ৰেমভাবে বঢ়াই অনুৰাগ,
 সাধু সঙ্গ বলে মোক পায়া সবে ৰৈলা॥১৮৮
কামে মোক ভজি গোপীগণ, উপপতি মানি অনুক্ষণ,
 আমাৰ স্বৰূপ তাৰ সবো নজানিলা।
তথাপি সন্তৰ সঙ্গবলে, মোক পাইলে সখি অবিকলে,
 আনু অসংখ্যাত জীব সবো নিস্তাৰিলা॥১৮৯
এতেকে উদ্ধব সাধু সঙ্গ, মহা শ্ৰেষ্ঠ কৰে ভয় ভদ,
 তুমিয়ো সন্তৰ সঙ্গ লোৱা মোক ভজা।
বিধি নিষেধক পৰিহৰি, পূণ্য পাপ আশা দূৰ কৰি,
 কৰ্মৰো যি কিছে ফলক শুনিছা তেজা॥১৯০।
যি কিছো শুনিবা কৰ্ম্মফল, তাকো তেজা তুমি মহাবল,
 আমাত কেৱলে শৰণ লয়োক মাত্ৰ।
সমস্তৰে আত্মা মোক জানা, সৰ্ব্বভাবে সখি মোক মানা,
 আমাৰ প্ৰসাদে ভকতিৰ হৈবা পাত্ৰ॥১৯১
সন্ত সঙ্গে জানা মোৰ সঙ্গ, যি হেতু কয় ভয় ভঙ্গ,
 সন্তৰ আমাৰ তিলেকো নাহি অন্তৰ।
সন্তৰ বিশ্বাসে মোক পাৱে, মোক পায়া সন্তসঙ্গে ধাৱে,
 একে দুয়ো জানা সখি দৃঢ়ত্তৰ॥১৯২

[ ৪৩ ]

সন্তৰ সঙ্গত কথামৃত,   সমস্তৰে সাধে মহাহিত,
 হৃদয় কৰ্ণৰ আনন্দ দেই পৰম।
তাক শুনে যিতো শুভাশয়, অবিদ্যা নিবৃত্তি তাৰ হয়,
 শ্ৰদ্ধা ৰতি ভক্তি হৰিত হৱে উত্তম॥১৯৩
তীৰ্থ আছে যত জলময়, শীলা মৃত্তিকাৰ দেবচয়,
 তাৰা সেবকক চিৰকালেশুদ্ধি কৰে।
সাধু সবে তাৰে দৰশনে, পাপ নাশ কৰে তেতিক্ষণে,
 এতেকে সাধুক দৰশনে জীব তৰে॥১৯৪
বৈষ্ণৱৰ সঙ্গ লৱে মাত্ৰ, সমস্ত সুখৰো হৱে পাত্ৰ,
 তাৰ সম আমি নেদেখো স্বৰ্গৰ সুখ।
মুকুতি নমানু সম কৰি, আন কোন সুখ হৈবে সৰি,
 বিষয়ীৰ সুখ যি হেতু পৰম দুখ॥১৯৫
অসন্তৰ সঙ্গ তেজি দূৰে, সাধু সঙ্গ লোৱা মন পুৰে,
 মনুষ্যৰ মধ্যে যিতো বুদ্ধিমন্ত নৰ।
তাৰা হিত উপদেশ দেই, মনৰ সংশয় দূৰে নেই,
 এতেকে সন্তক তীৰ্থ নুহি সমসৰ॥১৯৬
অপেক্ষা ৰহিত সাধুগণ, তাৰাৰ সদায়ে মোতে মন,
 ৰাগাদি ৰহিত সমস্ততে সম মতি।
অহঙ্কাৰ মমকাৰ হীন, সুখে দুখে তাৰা উদাসীন,
 পৰিগ্ৰহ তেজি কৰয় মোৰ ভকতি॥১৯৭

[ ৪৪ ]

হেনয় সাধুৰ সন্নিধান,   যিতো লৱে সখি বিদ্যমান,
 তাহাক জানিবা অযত্নে মোক পাৱয়।
মোৰ কথা তাসম্বাৰ সঙ্গে, শুনিয়া থাকয় মহাৰঙ্গে,
 পাপ নাশ ভৈলে আপুনি বোধ পাৱয়॥১৯৮
কথামৃত শুনে সিতো জনে, কীৰ্তন কৰয় অনুক্ষণে,
 কথা ৰস পায়া প্ৰশংসা আতি কৰয়।
মোক শ্ৰেষ্ঠ দেব মানে মনে, শ্ৰদ্ধা ভাবে মোৰ কথা শুনে,
 সিতো জনে মোৰ ভকতি কৰে নিশ্চয়॥১৯৯
ভকতি লভিলে যিতো জন, তাৰ বিষয়ত নাহি মন,
 মোত মাত্ৰ ৰতি সততে কৰি ৰহয়।
ত্ৰৈলোক্যত তাৰ কথা শেষ, নাহিকয় কিছো লয়লেশ,
 সন্ত সঙ্গ বলে অচলা ভক্তি পাৱেয়।। ২০০
অগ্নি সেবা কৰে যিতোজন, তাৰ শীত হৰে তেতিক্ষণ,
 ভয় অন্ধকাৰ পাচে যেন হৰে তাৰ।
সেহি মতে সাধু সঙ্গ পাই, কৰ্ম্মদ্বাৰ নাশে সমুদাই,
 সংসাৰৰ ভয় গুচে ঘোৰ অন্ধকাৰ॥২১
সংসাৰ সাগৰে তল যাই, নীচ যোনী ফুৰে সমুদাই,
 কোন বেলা সিতো উত্তম যোনী ভ্ৰময়।
তাসম্বাকো তাৰে সন্তে পাই, যেন জলে যিতো তল যাই,
 নৌকায়ে তাহাৰ পৰম হয় আশ্ৰয়॥২০২

[ ৪৫ ]

প্ৰাণীৰ যেমত অন্নে প্ৰাণ,  আত্মাৰো তেমতে মঞি ত্ৰাণ,
 ধৰ্ম্মে যেন পৰলোকৰ বিত্ত হোৱয়।
সেহিমতে সন্তে সংসাৰত, জীবৰ সংসাৰ অভিমত
 সংসাৰত ভয়ে আশ্ৰয় যিতো লৱয়॥২৩
সগুণ নিৰ্গুণ জ্ঞানচয়, সন্তে বদ্ধ চক্ষু প্ৰকাশয়,
 সূৰ্য্যে আকাশত উঠি একচক্ষু দেন্ত।
এতেকে দেবতা সন্তে মাত্ৰ, বান্ধবৰো জানা সন্তে পাত্ৰ,
 ময়ো সন্ত সঙ্গে বশ্য কৰি মোক নেন্ত॥২৪
এতেকে উদ্ধৱ সাধু সঙ্গ, গুহ্যতম কৰে ভয় ভঙ্গ,
 সন্ত বিনা মোৰ বান্ধৱ নাহিকে আন।
তুমি সাধু সঙ্গ সদা লৈয়া, মহামোহ পাশ দূৰে থৈয়া,
 তোমাত কহিলো তুমি যাতো মোৰ প্ৰাণ ২০৫॥
নৃসিংহৰ পাদপদ্মে ধৰি, প্ৰহলাদে বোলন্ত দেব হৰি,
 বিষয়ী জনৰ ধন জন আয়ুযশ।
বিভব ইন্দ্ৰিয় সুখ যত, সবে মিচাজানা অসাম্বত,
 ব্ৰহ্মলোক আদি সমস্তে কালৰ বশ॥২০৬
তোমাৰ কটাক্ষে নষ্ট হবে, মায়া আপুনাত লুকাই থৱে,
 এতেকে আমাক নেদিবা ইহাক স্বামি।
তজু নিজ দাস নাৰদৰ, সঙ্গ মোক দিয়া দেববৰ,
 নাৰদৰ কৃপা পাসৰিবো কেনে আমি ২০৭॥

[ ৪৬ ]

সন্তৰ পদধূলীৰ মহিমা।

চবি।

বহুগণে শুনিচন্ত,   জড় বিপ্ৰে তাত কন্ত,
 সত্য বস্তু দেৱ ভগৱন্ত।
তপো তাঙ্ক নপাৱয়, যজ্ঞৰ থলত ৰয়,
 দেব পাঢ়ি নপাৱয় অন্ত॥২০৮
কেৱলে সন্তৰ ধূলী, শিৰে যিতো লৱে তুলি,
 আদৰিয়া কায়বাক্য মনে।
সিজনে হৰিক পাৱে, তানে নাম গুণ গাৱে,
 বৈকুণ্ঠকে পাৱে অযতনে॥২০৯
কৃষ্ণৰ আদেশ পাই, উদ্ধৱ গোকুলে যাই,
 গোপীকাৰ দেখিয়া ভকতি।
মহা প্ৰেম অনুৰাগে, উদ্ধৱে গোপীৰ আগে,
 ধূলা মাগে কৰিয়া মিনতি॥২১০
ইতত গোপীকাৰ ধূলী, শিৰ পাতি লৱে তুলি,
 যিতো তৃণ লতা বৃন্দাবনে।
তাসম্বাৰ মধ্যে মঞি, এক তৃণ হুয়া ৰৈবো,
 ধূলা লৈবো কায়বাক্য মনে॥২১১
নন্দৰ ব্ৰজত যত, আছে গোপী সবে ভক্ত,
 পদ ধূলী বন্দো তাসম্বাৰ।

[ ৪৭ ]

তাসম্মাৰ হৰি নিতে,  তিনিয়ো লোকক সদা,
 পবিত্ৰ কৰয় সাৰে সাৰ॥২১২
অক্ৰ‌ুৰো কৃষ্ণৰ দাস, পূৰ্ব্বত কৰিছা আশ,
 দেখিল সেহি ধূলী পথে।
ধ্বজ বজ্ৰ আদি কৰি, চিহ্ন সব আছ পৰি,
 ব্যাকুল ভৈলন্ত বসি ৰথে॥২১৩
প্ৰেমে পুলকিত কাই, লোতক বহিয়া যাই,
 ৰথ হন্তে ঝাম্প দি পৰিলা।
ইতো কৃষ্ণ পদ ধূলী, বুলি লৈলা শিৰে তুলি,
 পাচে দণ্ডৱতে বাগৰিলা॥২১৪
গোপ গৰু ধূলী বুলি, নবাচি লৈলা তুলি,
 পূৰ্ব্বত কৰিছা অঙ্গিকাৰ।
ৰাম কৃষ্ণ সমে মঞি, ব্ৰজবাসী সমস্তকো,
 পৰিয়া কৰিবো নমস্কাৰ ২১৫
পৃথু হুয়া অবতাৰ, বদ্ধ দেখিল সাৰ,
 সন্তৰ চৰণ ৰেণু মাত্ৰ।
যিতো ধূলা শিৰে তুলি, মুখে ৰাম কৃষ্ণ বুলি,
 কেৱল ভক্তিৰ হৱে পাত্ৰ॥২১৬
বৈষ্ণৱৰ পাদ পদ্ম, সমস্ত ধৰ্ম্মৰ সদ্ম,
 তাৰ ধূলী কীৰিটি অগ্ৰত।

[ ৪৮ ]

বহোঁ মঞি জীবোঁ যাৱে,   যিতো ধুলা ধৰি পাৰে,
 সমস্ত গুণকে শৰীৰত॥২১৭।
ব্ৰহ্মা বৃন্দাবনে যাই, মোহ ভৈলা সমুদাই,
 চুৰি কৰিলন্ত বৎসপাল।
মাগিলা সন্তৰ ধুলী, পাচে শিৰে লৈলা তুলি
 বেদৰ দেখিলা ফল ভাল॥২১৮
কৃষ্ণৰ আগত পৰি, হাতে চৰণত ধৰি
 বিনাৱন্ত ব্ৰহ্মা মহাভাগ।
সেহি ভাগ্য হোক মোৰ, নিস্তৰো পাতেক ঘোৰ
 যেন সন্ত ধুলী পাঞো লাগ॥২১৯
বৃন্দাবনে তৃণচয়, তাসম্বাৰ মধ্যে মঞি
 এক তৃণ হুয়া জম্ম চাঞো
যেন কোনো গোপীকাৰ, পদৰেণু বাৰম্বাৰ
 শিৰ পাতি বহিবাক পাঞো॥২২০
উদ্ধৱ অক্ৰ‌ুৰ পৃথু, ব্ৰহ্মা বৈষ্ণৱৰ ধূলী
 মাগিলন্ত নুহিকে আশ্চৰ্য্য।
কৃষ্ণো বৈষ্ণৱৰ ধূলী, শিৰ পাতিলন্ত তুলি
 আপুনিয়ো হুয়া দেববৰ্য্য॥২২১
উদ্ধৱৰ আগে হৰি, কহিলন্ত নিষ্ট কৰি
 নিৰপক্ষ ভক্ত যিতো জন।

[ ৪৯ ]

মহামুনি উপশান্ত   বৈৰহীন সমদৃষ্টি,
 হুয়া সিতো মোতে দেই মন॥২২২
তান মঞি যাইবো পাচে, চল চাই কাচে কাচে,
 পদ ধূলী শিৰে ধৰোঁ তুলি।
গৰ্ভৰ ব্ৰহ্মাণ্ডচয়, পবিত্ৰ কৰোহোঁ মঞি,
 ইতো ধূলী সত্য বস্তু বুলি॥২২৩


প্ৰাৰ্থনা।

লেচাড়ি।

জয় জয় জয় ভগৱন্ত,   নাহি পূৰ্ব্বাপৰ আদিঅন্ত,
 তোমাৰ চৰণে শৰণ পসিলো স্বামী।
মোক কৃপা কৰাঁ দীনবন্ধু, তাৰিয়োক ইতো ভৱসিন্ধ‌ু,
 তজু পাদ পদ্মে সত্যে বিকা গৈলোঁ আমি॥২২৪
হে কৃপাময় দেৱ হৰি, কোনে তজু সেৱা পৰিহৰি,
 আন দেৱ সেবা কৰিবেক আখি খাই।
যিতো হৰি সন্ত ধূলা লৈয়া, নিজ পদে নিজ দাস থৈয়া,
 ইসব কৃপাৰ গুণক দেখি সদাই॥২২৫
সংসাৰত ফুৰোঁ দুখ পাই, তুমি তাক জানা যদুৰাই,
 তজু অংশ হুয়া আপুনি ভৈলোঁ বঞ্চিত।

[ ৫০ ]

সত্যে সত্যে ভৈলো তজু দাস, পূৰিয়োক মোৰ মন আশ
 নাম ধন দিয়া সাধিয়োক মোৰ হিত॥২২৬
যাৰ নাম গন্ত দেব হৰ, নাৰদে শুনন্ত নিৰন্তৰ
 শৌনকাদি মনে ভাৱন্ত আনন্দ পাই।
ব্ৰহ্মা চাৰি মুখে যাক গান্ত, মনত পৰম তোষ পান্ত
 হেন নাম দিয়া মঞো ফুৰোঁ সদা গাই॥২২৭
তুমি চিদানন্দ দেবহৰি, লৈয়ো মোক নিজ দাস কৰি,
 তজু পদ তলে লিখিয়েক মোৰ নাম।
গাইবো মঞি তজু নিজ ষশ, মনত লভিবো মহাৰস,
 নতৰিলোঁ ভব গায়া তজু গুণ নাম॥২২৮

⸻⸻

ভাৰত বৰিষৰ প্ৰশংসা।

⸻⸻

লেচাড়ি।

ভাৰত বৰিষে নৰকাই,   দেবে খেদ কৰি আছাঁ চাই,
 কৈশানি লভিবো আমি ইতো দিব্য তনু।
ইতো স্বৰ্গে আৰু কাৰ্য্য নাই, নৰ তনু পাইবো সমুদাই,
 গোবিন্দৰ গুণ নাম বেড়ি গাইবোঁ পুনু॥২২৯
আৰা সবে কত তপসাই, ভাৰতে লভিলা নৰকাই
 কিবা হৰি দিলা প্ৰসন্ন হুয়া আপুনি।

[ ৫১ ]

সেবা যোগ্য ইতো গোবিন্দৰ,   আমি নহো আৰ পটন্তৰ,
 স্বৰ্গ ভোগ তেজি আকে থাকোঁ মাত্ৰ গুণি॥২৩০
কি কাৰ্য্য সাধিলোঁ যজ্ঞ কৰি, গোবিন্দৰ নাম পৰিহৰি,
 স্বৰ্গক আসিয়া লভিলোহোঁ কিবা সুখ।
যাত গোবিন্দৰ পাদ পদ্ম, স্মৰণৰ হৱে আতি ছদ্ম,
 ভকতি বৰ্জিত সুখো জানা মহাদুখ॥২৩১
বৈকুণ্ঠৰ কথামৃত নদী, বহে সদা ব্ৰহ্মাক ভেদি,
 স্বৰ্গতে বহন্তে নকৰিলে আমি পান।
যজ্ঞেশ্বৰ যাত নুপূজয়, জয় জয় কৃষ্ণ নুচ্চাৰয়,
 ইন্দ্ৰলোক হন্তে পূজ্য নোহে ইতে। থান॥২৩২
যদি স্বৰ্গসুখ আছে শেষ, পুণ্যৰো আছয় লয়লেশ,
 সিতো পুণ্যে জন্ম ভাৰতে হৌক আমাৰ॥
যাহাত জন্মিলে ভগৱন্তু, ভক্তৰ কুশল সাধিবন্ত,
 আমিয়ো ভকতি কৰিবোহোঁ সাৰে সাৰ॥২৩৩


নৰতনুৰ প্ৰশংসা।
⸻⸻
লেচাড়ি।

সংসাৰ সাগৰে নৰকাই,   নৌকা প্ৰায় ভৈলা সমুদাই,
 তাহাৰ কাণ্ডাৰি ভৈলা গুৰু দৃঢ়তৰ।

[ ৫২ ]

অনুকূল বায়ু ভৈলোঁ মঞি,  তথাপিতো যিতো নতৰই,
 মহা পাপে যুক্ত আত্মঘাতী সিতো নৰ॥২৩৪
নিঃশেষ জন্মৰ অবসানে, শত কোটি গৈলা বিদ্যমানে,
 মনুষ্য শৰীৰ জীৱে সংসাৰত পাৱে।
তাহাতো দুৰ্ল্লভ বিপ্ৰতনু, তাক নপালয় যিতো পুনু,
 হাতৰ অমৃত তেজয় নাম নগাৱে॥২৩৫

⸻⸻

নামৰ মহিমা।

⸻⸻

লেচাড়ি।

পদ্মপুৰাণত কহিচয়,   নামে সাত কাৰ্য্য সাধিবয়,
 প্ৰথমতে নামে দহয় পাতেক চয়।
পুণ্যৰো কৰয় অভ্যুদয়, স্বৰ্গে বিৰকতি মিলায়,
 গুৰুপাদপদ্মে অখণ্ড ভক্তি কৰয়॥২৩৬
নামে সত্য জ্ঞান উপজাৱে, যি জনে কৃষ্ণৰ নাম গাৱে,
 বেদে কৰ্ম্মফল সত্য বুলি সদা কন্ত।
ইতো ভ্ৰান্তি বুদ্ধি নাম কৱে, সম্পূৰ্ণ আনন্দ কৃষ্ণে থৱে,
 তথাপি ভকতে নামক সদা নেৰন্ত॥২৩৭
বিপ্ৰৰ সুৰৰ্ণ যিত হৰে, বিপ্ৰ হুয়া সুৰা পান কৰে,
 বিপ্ৰদ্ৰোহী আৰো ব্ৰাহ্মণক মাৰিচয়।

[ ৫৩ ]

গুৰুপত্নী হৰে নাৰী বধে,   ৰাজবধে মহা দ্ৰোহ সাধে,
 আপোনাৰ পিতৃমাতৃক মাৰি ৰহয়॥২৩৮
আনো যত মহা পাপীচয়, নৰকক যাইবে সাজিচয়,
 সমস্ত পাপীৰ ইতো মহা প্ৰায়শ্চিত্ত।
বিষ্ণুৰ নামক যিতো গাৱে, পাপ সমুদ্ৰৰ পাৰ পাৱে,
 অজামিলে ইতো প্ৰমাণ মহা বিদিত॥২৩৯
পদ্মপুৰাণত কহিচয়, নামে যত পাপ কৰে ক্ষয়,
 অভক্ষ্য ভক্ষণ অগম্যা গমন কৰে।
ইতো গোবিন্দৰ নামগাই, পাপক্ষয় কৰে সমুদাই,
 পাপক নাশিয়া ভক্তি কৰি ভব তৰে॥২৪০
সুবৰ্ণক হৰে যিতো জন, সুৰা পান কৰে অনুক্ষণ,
 গুৰুপত্নী হৰি মহাপাপ আচৰয়।
হেন সবো যদি গাৱে নাম, গোবিন্দ গোপাল অনুপাম,
 তাৰা সবে মহা পাপক কৰয় ক্ষয়॥২৪১
অগ্নিপুৰাণতো কহিচন্ত, নামে যিতো পাপ সংহৰন্ত,
 ব্ৰাহ্মণৰ বিত্ত যিতো পাপী কৰে হানি।
প্ৰমাদত কৰে সুৰা পান, তাৰ প্ৰায়শ্চিত্ত নাহি আন,
 গোবিন্দ কীৰ্ত্তনে পাপ নাশ কৰে জানি॥২৪২
বায়ুপুৰাণত নাৰদৰ, আগে কহি আছা যোগেশ্বৰ,
 নাৰীক বধয় বিপ্ৰৰ বিত্তক হৰে।

[ ৫৪ ] গোবধ বিপ্ৰবধ কৰে, পাচে গোবিন্দৰ নাম ধৰে

সমস্ত পাতেক শত খণ্ড কৰি তৰে॥২৪৩

⸻⸻

নামৰ ঝুমুৰি।

জয় দামোদৰ দেৱ, দণ্ডবতে কৰোঁ সেৱ
তোমাৰ কেবলে নাম, সমস্তে সুখৰ ধাম।
কহোঁ কিছু কৃপা কৰা, দাস বুলি মোক ধৰা,
কৃষ্ণ ৰাম জনাৰ্দন,  বাসুদেব নিৰঞ্জন ২৪৪
গোবিন্দ বামন হৰি,  শঙ্খ চক্ৰ গদা ধাৰী,
মুকুন্দ মুৰাৰি ৰাম,  গোপাল গোপতি শ্যাম।
গোপীপতি গোপীকান্ত,  গোপীভৰ্ত্তা মহাশান্ত,
গোপীনীৰঞ্জন বিভু,  গোপীহৰ্তা মহাপ্ৰভু॥২৪৫
গোপীনীজীবনানন্দ,  গোপীবন্ধ‌ু ভবানন্দ,
পৰমব্ৰহ্ম পীতাম্বৰ,  পৰমধাম জগদ্ধৰ।
পৰমাত্মা নাৰায়ণ,  পৰম জ্যোতি সনাতন,
পৰম্পদ জগন্নাথ,  পৰজ্ঞান পৰমাৰ্থ॥২৪৬
পৰানন্দ লক্ষীপতি,  পৰমতনু পৰাগতি,
পৰোদয় শিবধ্যেয়,  পৰাৎপৰ মহাশ্ৰেয়।
নিৰাময় চিদানন্দ,  নিৰ্ব্বিকাৰ নিত্যানন্দ,
নিৰ্ব্বিকল্প মায়াপতি,  নিৰাশ্ৰয় যোগপতি॥২৪৭

[ ৫৫ ]

নিৰালম্ব চিদানন্দ, নিৰ্গুণ পৰমানন্দ,
নিষ্কল অনন্তপূজ্য, সৰ্ব্বজ্ঞ বেদান্তগুহ্য
সৰ্ব্বদ পৰমেশ্বৰ, সৰ্বশাস্ত্ৰ যোগেশ্বৰ,
সৰ্ব্বসাক্ষী বিশ্বজিত, তাপত্ৰয় বিনাশিত॥২৪৮
সৰ্ব্বসন্ত বিশ্বম্ভৰ, সৰ্ব্বপূজ্য মহেশ্বৰ,
সৰ্ব্বসাৰ মহীধৰ, সৰ্ব্বোত্তম গোপেশ্বৰ।
সৰ্ব্বধাম নিত্যানন্দ, সৰ্ব্বৰূপ সৰ্ব্বানন্দ,
পীতাম্বৰ নিত্যমুক্ত, মহামায়া বিদ্যাযুক্ত।।২৪৯
শ্ৰীনিবাস পৰায়ণ, শ্ৰীনিধি শ্ৰীবিভাবন,
শ্ৰীধৰ বসুধাধৰ, শ্ৰীবাস শ্ৰীমতাম্বৰ।
শ্ৰীমন্ত সুমহা বৃক্ষ, শ্ৰীকৰ ত্ৰিদশাধ্যক্ষ,
শ্ৰীমন্ত শ্ৰীবিপ্ৰপ্ৰিয়, পৰমাত্মা জিতেন্দ্ৰিয়॥২৫০
ব্ৰহ্মণ্য জগতবন্ধ‌ু, কৃপালু কৰুণাসিন্ধ‌ু,
ভকতবৎসল দেব, কোটি কৌটি কৰোঁ সেব।
শুনা সভাসদগণ, কৃষ্ণ পাৱে দিয়া মন,
দুৰ্ল্লভ হৰিৰ নাম, নলৈ কৰা কোন কাম॥২৫১
আয়ু গৈলা আলে জালে, যাবে আছা ভালে ভালে,
নামৰ কীৰ্ত্তনকৰা, সন্তপদৰেণু ধৰাঁ।
তেবেসে হৈবক গতি, গোবিন্দে লভিবা ৰতি,
নামৰ ঝুমুৰি সাৰ কৰে সংসাৰৰ পাৰ॥২৫২

[ ৫৬ ]

জ্ঞান কৰ্ম্ম পৰিহৰা,   কেবল নামক ধৰা,
মিশ্ৰ গোপালে ভণে,   হৰি বোলাঁ সৰ্ব্বজনে॥২৫৩

⸻⸻

নামৰ উৎকৰিষা।

সমস্ত ধৰ্ম্মত কৰি,   হৰিৰ কীৰ্ত্তনে শ্ৰেষ্ঠ,
  নাৰদে কহিলা ব্যাস আগে।
বোধৰ কাৰণে তান,   নাম কৈলা বিদ্যমান,
  মানিলন্ত ব্যাস মহাভাগে॥২৫৪
কলি যুগ দোষ নিধি   ধ্যানাদিৰ নাহি সিদ্ধি,
  আছে এক মহা গুণ আৰ।
কৃষ্ণৰ কীৰ্ত্তনে মাত্ৰ,   মায়া বন্ধ দূৰ কৰি,
  কৃষ্ণক পাৱয় সাৰে সাৰ॥২৫৫
কলিৰ গুণক জানে,   যিতো মহাজন সবে,
  তাৰা কলিযুগ প্ৰশংসয়।
যাত সংকীৰ্ত্তন কৰি,   সমস্ত স্বাৰ্থক পাৱে,
  হৰি ভক্তি মুকুতি পাৱয়॥ ২৫৬
সত্য যুগে ধ্যান কৰি,   ত্ৰেতাত যজিয়া হৰি,
  দ্বাপৰত পূজি ভগৱন্ত।
ভকতে যি ফল পাৱে,   কলিত কীৰ্ত্তনে মাত্ৰ,
  সিতো ফল ভকতে লভন্ত॥ ২৫৭

[ ৫৭ ]

কলিক হাততে পাই,   নৃপ পৰিক্ষীত ৰাই,
  নৱবিধ গুণ লৈলা তাৰ।
পুণ্য ইচ্ছা যাতে হৱে,   পুনু পান কৰি পাৱে,
  যেমতে ভ্ৰমৰে লৱে সাৰ॥২৫৮

দুলড়ি।

নাৰায়ণ হেন,  শবদ আছয়,
  বচনো অধীন হয়।
তথাপিতো নৰে  ঘোৰ নৰকত,
 বৃথায় পৰি মৰয়॥২৫৯
কিনু মূঢ় ভাব,   কিনু মূঢ় ভাব,
  দুবুদ্ধি সবৰ ভৈল।
বিষ্ণু হেন নাম,   ঔষধ থাকন্তে,
  নৰকত তল গৈল॥২৬০
হৰিৰ নামৰ,   যিমান শকতি,
  পাপ বিনাশনে হয়।
ততেক পাতক,   পাতকী সকলে,
  কৰিবাক নপিৰয়॥২৬১
গোতমী তন্ত্ৰত,   শিবৰাজ আগে,
  নাৰদ দেবে কহিলা।

[ ৫৮ ]

নামৰ মহিমা,   শুনি মহাৰাজা,
  নাম মাত্ৰ উচ্চাৰিলা॥২৬২
শুনা মহীপতি,   সমস্তে লোকত,
  তেমত পাতেক নাই।
নাম অগ্নি লাগি,   নুহিবেক দাহ,
  আৰো ৰৈবে সমুদাই॥২৬৩
প্ৰাতস মধ্যাহ্নে,   ৰাত্ৰিত যি জনে,
  গোবিন্দ নাম গাৱয়।
শত কৌটি মখে,   যি পুণ্য পাৱয়,
  তাহাকো সিতো লভয়॥২৬৪
ব্ৰহ্মাণ্ড শতেক,   ব্ৰাহ্মণক দিয়া,
  যিতো মহাফল পাৱে।
সিতো ফল আবে,   অনায়াসে পায়ে,
  গোবিন্দক যিতো গাৱে॥২৬৫

চবি।

তীৰ্থ কৌটী সহস্ৰত,   যিতো স্নান দান কৰে,
  কৌটী শত দান দেই সিতো।
কায় বাক্য মনে যিতো,   বিষ্ণুৰ কীৰ্ত্তন কৰে,
  দানৰ ফলক পাৱে সিতো॥২৬৬

[ ৫৯ ]

কপিলা ধেনুৰ কৌটী,   যিতো জনে দেই দান,
 কন্যাৰ অজুত দেই দান।
হৰিৰ কীৰ্ত্তন কৰি,   সিতো জনে অনায়াসে,
  সবে ফল পাৱে বিদ্যমান॥২৬৭
শস্যে সমন্বিতে মহী,   যিতো জনে দান দিয়া,
  অপেক্ষিত ফলক পাৱয়।
সিতো ফল সমস্তক,   কতো অনায়াসে পাৱে,
  যিতো বাসুদেৱ উচ্চাৰয়॥২৬৮
চাণ্ডালো গৰীষ্ঠ হয়,   যাতে তজু নাম লয়,
  ৰাম কৃষ্ণ জিহ্বাযে বোলয়।
অগ্নিহোত্ৰ তীৰ্থ স্নান,   তপ জপ যজ্ঞ দান,
  নাম লৈতে সমস্তে হোৱয়॥২৬৯
দ্বিজ বাহ্ৰ গুণে যুক্ত,   নাচৰে আপুন হিত,
  কৃষ্ণ পাদ পদ্মত বিমুখ।
তাতো কৰি ভক্তি যুক্ত,   চাণ্ডালকো শ্ৰেষ্ঠ মানো,
 যাতো জানিলেক ভক্তি সুখ॥২৭০

লেচাড়ি।

স্কন্দপুৰাণত কহিচয়,   দানাদি নামৰ সম নয়,
  কোপীলী ধেনুৰ কৌটী যিতো দেই দান।

[ ৬০ ]

কন্যাৰ অজুত কৰে দান, কোটী তীৰ্থে কৰে যিতো স্নান,
 হৰিৰ নামৰ নুহিকে আৰা সমান॥২৭১
পদ্মপুৰাণত বিদ্যমান,   সমস্তে তীৰ্থত কৰি স্নান,
  সমস্তে যজ্ঞক যজিয়া যি ফল পাৱে।
তাৰো কৌটী গুণ পাৱে ফল,   ৰাম নাম বুলি নিৰিমল,
  শৰণ পূৰ্ব্বকে যিহেতু নামক গাৱে॥২৭২
চাৰি বেদ পঢ়ে যিতো জন,   সৰ্ব্ব মন্ত্ৰ জপে অনুক্ষণ,
  তাহাৰ যতেক শাস্ত্ৰত কহয় ফল।
তাতো কৌটী গুণ ৰাম নাম,   পাৰ্ব্বতী জানিবা অনুপাম,
  হেনয় অদ্ভূত নামৰ আছয় বল॥২৭৩
সমস্ত তীৰ্থৰ জল আনি,   তৰ্জ্জুত ভৰায়া জানি জানি,
  প্ৰয়াগৰ জল থৈবাহা তাহাত ভৰি।
বিষ্ণুৰ নামৰ সহস্ৰৰ,   ভাগেকৰ নহে পটন্তৰ,
  তাৰো সবো নামকণাৰো নভৈলা সৰি॥২৭৪
প্ৰসিদ্ধ যতেক গুণচয়,   হৰিৰ নামৰ সম নয়,
 কৌটী ভাগেকৰ ভাগৰো নুহি সমান।
এতেকেহে নাম গুৰুতৰ,   পাপ নাশ কৰে নিৰন্তৰ,
 নামৰ সমান পবিত্ৰ নুহিকে আন॥২৭৫
পূৰ্ব্বত গঙ্গাদি তীৰ্থচয়,   সমস্তে পাতেক কৈলা ক্ষয়,
 যদুকুলে কৃষ্ণে নলভিলা জন্ম যাৱে।

[ ৬১ ]

কৃষ্ণ-কীৰ্ত্তি তীৰ্থ ভৰি ৰৈল,   গঙ্গাৰো মহিমা ছন্ন ভৈল,
 কৃষ্ণ বুলি মহাপতিতো নিস্তাৰ পাৱে॥২৭৬
গ্ৰহণত কোটী ধেনুদান,   গঙ্গা প্ৰয়াগত কৰে স্নান,
  দশ কল্প বঞ্চে অযুত যজ্ঞ কৰয়॥
মেৰু তুল্য পুনু দেই দান,   গোবিন্দ নামৰ বিদ্যমান,
  শতেক ভাগৰো আৰা সবে সম নয়॥২৭৭
বেদ পুৰাণাদি যত শাস্ত্ৰ,   সমস্তৰে সাৰ এহি মাত্ৰ,
  ৰাম নাম ফল সুগম সুস্বাদ জানা।
তিনিয়ো লোকত আৰ সম,   নাহিকয় ফল নিৰুপম,
  ফল শিৰোমণি ৰাম নাম মাত্ৰ মানা॥২৭৮

চবি।

সেই হানি সেই চিত্ৰ,   সেই মোহ সেই ভ্ৰম,
  শাস্ত্ৰত মহন্তে সদা কৱে।
মুহুৰ্ত্তেক কিবাক্ষণ,   বাসুদেব নুবুলিয়া,
  যিতো জনে মৌন হুয়া ৰৱে॥২৭৯
ভগৱন্ত দেবতাৰ,   কীৰ্ত্তনক নাদৰিয়া,
  যিতো মহা পাপী নৰ যাই।
সিতো নৰকক যাই,   ৰাখিয়ো বোলন্তা নাই,
  খেদ কৰি পাচে তাপ পাই॥২৮০

[ ৬২ ]

যাহাৰ নামক শুনি,   পুৰুষ নিৰ্ম্মল হোৱে,
  পাপ গুচে বাহিৰে ভিতৰে।
হেন তীৰ্থ পদ হৰি,   তাহান দাসৰ কিবা,
  প্ৰাপ্য আছে ত্ৰৈলোক্য গোচৰে॥২৮১
বিষ্ণুৰ কীৰ্ত্তন কৰে,   যিতো ভাগ্যবন্তে সদা,
  বিষ্ণুপদ কৰিয়া আশ্ৰয়।
তাসম্বাৰ পুত্ৰ মিত্ৰ,   কলত্ৰতো মহা প্ৰীতি,
  কদাচিতো জানা নুপজয়॥২৮২
নিৰ্ব্বিষয় হুয়া যিতো,   একবাৰ মাত্ৰ বোলে,
  আলাস তেজিয়া নাৰায়ণ।
পদ্ম পুৰাণতো আক,   নিষ্ট কৰি কহিচন্ত,
  মুকুতি পাৱয় সিতো জন॥২৮৩
হৰিৰ চৰিত্ৰ চয়,   যাৰা শুনে শুনাৱয়,
  তাসম্বাৰ ভকতি হোৱয়।
সিতো ভক্তি তাসম্বাক,   তেমতে পবিত্ৰ কৰে,
  ব্ৰতাদি কৰিতে নপাৰয়॥২৮৪
ৰাম ৰাম ৰাম বাণী,   সততে বোলয় যাৰা,
  তাসম্বাৰ ওপজে ভকতি।
নামৰ প্ৰসাদে তাৰা,   সংসাৰ সাগৰে তৰি,
  অনায়াসে লভয় মুকুতি॥২৮৫

[ ৬৩ ]

মোৰ নাম সদা গাৱে,   মনত সন্তোষ পাৱে,
  অহৰ্নিশে মোক সেবে মাত্ৰ।
তাহাঙ্ক ভকতি দেঞো,   নেদু কদাচিতো মুক্তি,
  প্ৰেম ভকতিৰ সিতো পাত্ৰ॥২৮৬
হৰিৰ নামত পৰে,   আন পুণ্য নাহিকয়,
  তিনিয়ো লোকতে সাৰে সাৰ।
নামৰ কীৰ্ত্তন মাত্ৰে,   তাৰক ব্ৰহ্মক দেখি,
  সংসাৰ সাগৰে হোৱে পাৰ॥২৮৭
সত্যে সত্যে পুনৰুপি,   সত্য কৰি কহোঁ মঞি
  সত্য পূৰ্ব্ব ইতো বাক্যচয়।
নামত বিনায়ে আন,   নাহিকে তাৰক মাত্ৰ,
  চাৰি বেদে ইহাকে কহয়॥২৮৮

লেচাড়ি।

হে ৰাম তজু নাম বৰ,   তোমাত কৰিয়া শ্ৰেষ্ঠতৰ,
  নৰে গায়া তবে অপাৰ ভব সাগৰ।
সেতুবন্ধ তাৰা নকৰয়,   ৰাম ৰাম ৰাম উচ্চৰয়,
  তুমিয়ো নহৈলা ৰাম নাম পটন্তৰ॥২৮৯
ব্ৰহ্মৰহস্যত ব্ৰহ্মা কন্ত,   কৰ্ণধ্বজ ৰাজা শুনিলন্ত,
  সত্যে কহোঁ ৰাজা তুমি আত দিয়া মন

[ ৬৪ ]

নাম কীৰ্ত্তনত বিনা আন,   শ্ৰেষ্ঠ ধৰ্ম্ম নাহি বিদ্যমান,
  সংসাৰৰ বন্ধ কৰিবে যিতো মোচন॥২৯
ব্ৰহ্মবৈবৰ্ত্তত সুতে কন্ত,   শৌনকাদি ঋষি শুনিচন্ত,
  নাৰায়ণ নাম কৰয় যিতো আশ্ৰয়।
শৌনক তাহাৰ অকল্যাণ, নাহি সত্যে কহোঁ বিদ্যমান,
  পুনু সত্য কৰোঁ সংসাৰ সিতো তৰয়॥২৯১
সংসাৰ সাগৰ ঘোৰতৰ,   তাতো জম্ম পাইল যিতো নৰ,
  অনিচ্ছা পূৰ্ব্বকে হৰিৰ নাম লৱয়।
তথাপি সংসাৰে মুক্ত হোৱে, নভজি সংসাৰ মজি ৰৱে,
  হেনয় নামৰ অদ্ভুত মহিমা হয়॥২৯২
প্ৰাণ প্ৰয়াণত হৰি নাম,   পথৰ সম্বল অনুপাম,
  সংসাৰ ব্যাধিৰ ঔষধ ইতো পৰম।
দুখ সাগৰক সুখে তৰি,   পৰম মঙ্গল নাম ধৰি,
  পাপক নিস্তৰি হোৱয় সিতো উত্তম॥২৯৩

দুলড়ি।

বাসুদেব নাম ইতো,   উচ্চৰি মনুষ্য সবে,
  সংসাৰ ভয়ত হোৱে মুক্ত।
বিষ্ণুৰ পৰম পদ,  সিতো পাৱে নুহি চিত্ৰ,
  সিতো পুনু হোৱয় যুগুত॥২৯৪

[ ৬৫ ]

বায়ুপুৰাণত হৰি,   কহিছন্ত নিষ্ট কৰি,
  মোৰ ভক্তে শুনা মোৰ নাম।
একে বাৰে নাম গাই,   সত্যে মোক পাৱে যাই,
  এতেকেসে নাম অনুপাম॥২৯৫
সিংহে ব্যাঘ্ৰে যাক খাই,   পৰম ভয়ক পাই,
  পুনু পুনু নাম উচ্চাৰয়।
সিতো নৰে মুক্তি পাৱে,   শ্ৰদ্ধাভাবে যাক গাৱে,
  তাৰ মুক্তি আশ্চৰ্য্য নোহয়॥২৯৬
ম্ৰিয়মাণ সময়ত,   পুত্ৰ স্নেহে হৰিনাম,
  লৈলা অজামিল পাপীবৰ্য্য।
তথাপি বৈকুণ্ঠে গৈল,   শ্ৰদ্ধাভাবে নাম গায়া,
  মোক পাইবে নুহিকে আশ্চৰ্য্য॥২৯৭।
যাহাৰ জিহ্বাত থাকে,   হৰি হেন বৰ্ণ দুই,
  তাৰ কুৰুক্ষেত্ৰে কোন কাম।
কাশী পুষ্কৰতো জানা,   নাহিকে তাহাৰ কাৰ্য্য,
  তীৰ্থ শিৰোমণি হৰি নাম॥২৯৮
ইহাক বোলয় তত্ত্ব,   ইহাক বোলয় তপ,
  শ্ৰেষ্ঠ জ্ঞান ইহাক বোলয়।
বাসুদেব যিতো বোলে,   পাপৰ আলুক তোলে,
  তত্ত্ব তপ জ্ঞানক জানয়॥২৯৯

[ ৬৬ ]

দেবতাৰ শক্তি জানি,   দেবে সমে টানাটানি,
  আপুনাৰ নামে হৰি থৈলা।
যিতো শক্তি পাপচয়,   পুৰুষৰ কৰে ক্ষয়,
 দেবতা নামৰ তলে ৰৈলা॥৩০০
চৈতন্য হৰিৰ নাম,   একবাৰ উচ্চাৰয়,
  যিতো জনে কায়বাক্যমনে।
তাহাৰ ফলৰ অন্ত,   ব্ৰহ্মা কৈবে নপাৰন্ত,
  অনন্তেও সহস্ৰ বদনে॥৩০১
মহা পাপে যুক্ত হুই,   অহৰ্নিশে হৰি বুলি,
  চিত্ত শুদ্ধ কৰে আপুনাৰ।
তাহাৰ শাৰীক লৈয়া,   যাৰা সবে বসি থাকে,
 তাকো শুদ্ধ কৰে সাৰে সাৰ॥৩২
ৰাজ দ্ৰোহ মিত্ৰ দ্ৰোহ,   আন দ্ৰোহ আচৰিয়া,
  যিতো পাপী থাকে মহীতলে।
পবিত্ৰ হোৱয় সিতো,   ধন্য বুলি তাকে কয়,
  হৰিনাম উচ্চাৰণ বলে॥৩০৩
মুমুক্ষু সকামী জ্ঞানী,   তিনিৰো সাধন ইতো,
  ফলে জানা এহিসে নিশ্চয়।
হৰিৰ নামক যাৰা,   কীৰ্ত্তন কৰয় ৰাজা,
 ফল বুলি মহন্তে কহয়॥৩০৪

[ ৬৭ ]

বাসুদেব কীৰ্ত্তনেসে   পৰম মঙ্গল হোৱে,
  সমস্ত পাপক কৰে ক্ষয়।
আয়ুক বঢ়ায়া নেই,   ভক্তি মুক্তি সদা দেই,
  অহৰ্নিশে যাৰ উচ্চাৰয়॥৩০৫
ইহাকে মঙ্গল বোলে,   ধনাৰ্জ্জন আকে কৰে,
  জীবনৰো ফল এহিমানে।
কায় বাক্য মনে যিতো,   দামোদৰ উচ্চাৰয়,
  আত বিনা বস্তু নাহি আন॥৩০৬

লেচাড়ি।

চাৰি বেদ চাই বাৰম্বাৰ,   আনিলন্ত ব্ৰহ্মা সাৰে সাৰ,
  চাৰি বৰ্ণ আনি থৈলা নাম নাৰায়ণ।
তাকে গায়া কৰো শুদ্ধ চিত্ত,   হৰি সন্তোষৰ এহি বিত্ত,
  ধৰ্ম্ম কৰ্ম্ম নোহে হৰিৰ তোষ কাৰণ॥৩০৭
ক্ষুধা তৃষ্ণা দুঃখ পায়া যিতো,   কৃষ্ণৰ সততে নাম স্মৰে,
  মনুষ্যৰ মধ্যে সিতো মহা ভাগ্যৱন্ত।
কেশব তাহাৰ তুষ্ট হন্ত,   বিষ্ণু ধৰ্ম্মোত্তৰে আকে কন্ত,
  সিদ্ধ মুনি সবে প্ৰশংসা আকে কৰন্ত॥৩০৮
মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ হৱে যত,   দেশ কাল পাত্ৰ নিয়মিত,
  সমস্তকে নাশে তোমাৰ নাম কীৰ্ত্তনে।

[ ৬৮ ]

এহি বুলি শুক্ৰে নাম গাই,   যজ্ঞ সমৰ্পিলা আজ্ঞা পাই,
  বলিয়ো কৃষ্ণক তুষিলা মহা যতনে॥৩০৯

চবি।

তপ দান ব্ৰত চয়,   ঋষি সবে আচৰয়,
  ন্যূন হোৱে তাত যত যত।
তাহাক সম্পূৰ্ণ কৰে,   যিতো অচ্যুতৰ নামে,
  তাঙ্ক মই বন্দোহোঁ সতত॥৩১০
বিষয় ৰসক যাৰা,   ইচ্ছা কৰি বাৰম্বাৰ,
  সংসাৰ সাগৰে যাই তল।
হেন আতুৰৰো নৌকা,   হৰিৰ কীৰ্ত্তনে তাৰে,
  দেখা ব্যাস হৰি নাম বল॥৩১১
গৃহতে থাকিয়া যাৰা,   নিষিদ্ধ কৰ্ম্মক তেজি,
  মোৰ কথা কহি কাল নেই।
গৃহতে যদ্যপি থাকে,   তথাপিতো তাসম্বাক,
 সিতো গৃহবাসে নবাধই॥৩১২

লেচাড়ি।

আপুনাৰ বহু নাম কৈলা,  তাতে নিজ শক্তি থাপি থৈলা,
  নাম স্মৰণত কালৰ নিয়ম নাই॥
এতাদৃশী তব কৃপা হৰি,   মোৰ হেন দুৰ্ব্বাসনা বল,
  নামে অনুৰাগ নভৈলা মোৰ সদাই॥৩১৩

[ ৬৯ ]

ভোগ কৰে যাৰা অতিশয়,   জ্ঞান বিৰকতি নাহিকয়,
  ব্ৰহ্মচৰ্য্য আদি স্বধৰ্ম্ম দূৰে তেজয়।
একান্ত শৰণে জপি নাম,   সুখে সিতো যিতো গতি পাৱে,
  সমস্ত ধৰ্ম্মীয়ো সিতো গতি নপাৱয়॥৩১৪,

কলি-নিৰ্ণয়।
লেচাড়ি।

তাৱত কলিৰ পাপচয,   পুৰুষৰ দেহে ব্যাপি ৰয়,
  গোবিন্দৰ নাম নৰে যাৰে নলৱয়।
নামৰ মহিমা শুনি কলি,   যদ্যপি হোৱয় আতি বলী,
  তথাপিতো সিতো আতিশয়ে পলাৱয়॥৩১৫
যেন জলে বহ্নি নাশ কৰে,   সূৰ্য্যে যেন অন্ধকাৰ হৰে,
  আপুনাৰ শক্তি প্ৰকাশি মহা প্ৰচণ্ড।
সেহি মতে কলি পাপিষ্ঠৰ,   হৰিৰ কীৰ্ত্তনে পাপ হৰ,
 পাতেকক পায়া নামে কৰে উগ্ৰদণ্ড॥৩১৬

চবি।

হৰিনাম কীৰ্ত্তনক,   কামনায়ে যিতো লৱে,
 কোনো জনে নিষ্কামে গাৱয়।

[ ৭০ ]

নামৰ হেনয় বল,   চিত্ত কৰে নিৰিমল,
  তাক আৰ কলি নৰাধয়॥৩১৭
কলি দুষ্ট সৰ্পে পাই,   বিষয় গয়াই যাই,
  যাহাৰ সবক শৰীৰত।
ৰাম নাম অমৃতত,   বিনে মন্ত্ৰ নাহিকয়,
 ইতো সৰ্ব্ব শাস্ত্ৰৰ সম্মত॥৩১৮
ৰাম হেন বৰ্ণ দুই   পৰম আদৰে স্মৰি,
  জন্তু সবে মুকুতি পাৱয়।
কলি যুক্ত পাপ আতি,   মনুষ্য শৰীৰে আন,
  ধৰ্ম্মে অধিকাৰ নুহিকয়॥৩১৯
নাম কীৰ্ত্তনত পৰে,   নাহিকে অপৰ লাভ,
  জীব সমস্তৰ সংসাৰত।
নামৰ কীৰ্ত্তন কৰি,   পৰম শান্তিক পাৱে,
  দুৰ্ঘোৰ সংসাৰ কৰে হত॥৩২০
মনুষ্য সবৰ মধ্যে,   তাহাকেসে ভাগ্য বুলি,
  সিতো কাৰ্য্য সাধিলে নিশ্চয়।
কলিযুগে হৰিনাম,   আনকো স্মৰাৱে যিতো,
 আপুনিও সততে স্মৰয়॥৩২১

[ ৭১ ]

কৃষ্ণ নামৰ মহিমা।

কৃষ্ণ পূৰ্ণ কলিযুগে,   অবতাৰ ভগবন্ত,
  কৃষ্ণ নাম পূৰ্ণ আতিশয়॥
অপূৰ্ণকো পূৰ্ণ কৰে,   কৃষ্ণ নাম যিতো ধৰে,
  মায়া তৰি সিতো মুক্ত হয়॥৩২২
সমস্ত নিগম লতা,   তাৰো ফল হৰি নাম,
  চৈতন্য মঙ্গল সুমধুৰ।
শ্ৰদ্ধায়ে হেলায়ে গায়া,   নৰে মাত্ৰ একবাৰ
  সংসাৰ সাগৰ কৰে দূৰ॥৩২৩
কৃষ্ণ নাম সুমঙ্গল,   যাহাৰ জিহ্বাত থাকে,
  তাৰ মহা কোটী পাপচয়।
ভস্ম হৱে মহাৰাজা,   নামৰ হেনয় বল,
  ইতো কোনো আশ্চৰ্য্য নোহয়॥৩২৪
সংসাৰ সৰ্পৰ বিষ,   লাগি অচেতন ভৈলা,
  যিতো জনে বিষয়ে যুগুত।
তাহাৰ ঔষধ ইতো,   কৃষ্ণ নাম মহা মন্ত্ৰ,
  শুনি হোৱে সংসাৰৰ মুক্ত॥৩২৫
কৃষ্ণক প্ৰণাম কৰি,   অহৰ্নিশে কৃষ্ণ স্মৰি,
দেহ তেজি কৃষ্ণে প্ৰবেশয়।

[ ৭২ ]

মন্ত্ৰে যুক্ত ঘৃত যেন,   মুনি সবে হোম কৰে,
  অগ্নিত প্ৰবেশ হুয়া ৰয়॥৩২৬
যৈতে তৈতে বসি যিতো,   কৃষ্ণ নাম উচ্চাৰয়,
  সৰ্ব্ব পাপে মুকুত হোৱয়।
পাপ তেজি শুদ্ধ হুয়া,   কৃষ্ণক মনত স্মৰি,
  তাহান স্বৰূপ পায়া ৰয়॥৩২৭
কলি যুগে কৃষ্ণ নাম,   জপে যিতো অবিশ্ৰাম,
  তাৰো যমদণ্ডে নাহি ভয়।
যাতনাকো নেদেখয়,  দূতকো নকৰে ভয়,
  দেহ তেজি মুকুতি পাবয়॥৩২৮
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি,   মোক স্মৰে যিতো সদা,
  নৰকত হন্তে তাক মঞি।
কৰোহোঁ উদ্ধাৰ যেন,   জলক ভেদিয়া পদ্ম,
  পঙ্ক তেজি সুগন্ধ হোৱয়॥৩২৯
যত যত তীৰ্থচয়,   মহীতলে প্ৰকাশয়,
  সেবকক পবিত্ৰ কৰয়।
কৃষ্ণ নাম কীৰ্ত্তনৰ,   তাৰা সবে তুল্য নয়,
  এতেকেসে নাম আতিশয়॥৩৩০
সত্যে কহো বিত্ত মই,   গোপ্য ইতো আতিশয়,
  মোৰ কৃষ্ণ নাম সাৰে সাৰ।

[ ৭৩ ]

মৃত্যু সঞ্জীবনী নাম,   সদানন্দ অনুপাম,
  তুমি নাম স্মৰা বাৰম্বাৰ॥৩৩১
পূৰ্ব্ব সপ্ত পুৰুষক,   ভবিষ্যত চতুৰ্দ্দশ,
  পুৰুষক নৰকৰ পৰা।
উদ্ধাৰয় কৃষ্ণ বুলি,   কলি যুগে কৃষ্ণ নাম,
  মহা মন্ত্ৰ সদা সবে স্মৰা॥৩৩২
দিব্য সহস্ৰেক নাম,   তিনিবাৰ পাঠ কৰি,
  যিতো ফল মনুষ্যে পাৱয়।
সিতো ফল একবাৰ,   কৃষ্ণ বুলি উচ্চাৰিলে,
  পুৰুষত স্বভাবে মিলয়॥৩৩৩
সমস্ত নামক নৰে,   শতবাৰ উচ্চাৰিয়া,
  পাৱে বিদ্যমানে যিতো ফল।
একবাৰ কৃষ্ণ বুলি,   সমস্ত ফলক লভে,
  কৃষ্ণ নামে আছে হেন বল॥৩৩৪

লেচাড়ি।

সমস্ত নামৰ কৃষ্ণনাম,   জীৱন ভৈলেক অনুপাম,
  অন্য নাম পুনু অংশ ভৈলা সমুদাই।
কৃষ্ণ নাম ইতো গোপ্যবৰ,   শঙ্কৰ জানিবা ইতো দৃঢ়,
  ভকতি লভিবা ইতো নাম গুণ গাই॥৩৩৫

[ ৭৪ ]

ৰাম নাম জপি সদা জীব,   মুকুতি লভিবা সদাশিব
  গোবিন্দ নামেসে হৰিত মিলাৱে ৰতি।
কৃষ্ণ নাম গায়া প্ৰেম ভাবে,   একান্ত ভকতে তোষ পাৱে,
  কৃষ্ণত সততে লভয়, প্ৰেম ভকতি॥৩৩৬
স্বভক্তৰ মৃত্যু সময়ত,   কণ্ঠে হঞো মঞি উপগত,
  কৃষ্ণ হেন নাম আপুনি স্মৰোঁ মনত।
যিহেতু তাহাৰ ঋণময়, পূৰ্ব্বে সিতো কৃষ্ণ বুলিচয়,
  মুকুতিক দিয়া হঞো তাৰ অনুগত॥৩০৭
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিতো,   প্ৰাণ তেজয় অন্তকাল,
  প্ৰথম শবদে তাহাঙ্ক দেই মুকুতি।
আৰে দুই পদে নম্ৰ হুই,   লজ্জা হুয়া ৰৱে অতিশয়,
  ঋণি ভৈলোঁ বুলি দেখান্ত মাত্ৰ যুগুতি॥৩৩৮

⸺⸺

ৰাম নামৰ মহিমা।
⸻ ০ ⸻
লেচাড়ি।

শ্ৰীৰাম নাম অদ্ভুত,   অখিল মন্ত্ৰৰো বীজ পূত,
  মৰাকো জিয়াৱে যদি যমে প্ৰবেশয়।
হলাহল পিয়ে যিতো জন,   প্ৰলয়ত পোৰে অনুক্ষণ,
  মৃত্যুৰ মুখত পৰে তেঞো নাহি ভয়॥৩৩৯

[ ৭৫ ]

শুনিয়ো পাৰ্ব্বতী সুবদনী;   ৰাম ৰাম ৰাম ৰাম বাণী,
  একে ৰাম নাম সহস্ৰ নাম সমান।
ৰামৰ সঙ্গত ৰমে ৰামা,   মনোৰমা বুলি দেবহৰে,
 সম্বোধিলা হেন মনে কৰা অনুমান॥৩৪০

⸺⸺

নামৰ অপৰাধ।
দোলড়ি।

মহন্তৰ নিন্দা,   শিব বিষ্ণু ভেদ,
  আচাৰ্য্যৰ অনাদৰ।
বেদক নিন্দয়,   নামে অৰ্থবাদ,
  কৰে মহা পাপবৰ॥৩৪১।
নামৰ বলত,   পাপ আচৰয়,
  শ্ৰদ্ধা বিষৰ্জ্জিতে দান।
তপ জপ যজ্ঞ,   তুলা পুৰুষাদি,
  দেখা নাম সমান॥৩৪২
নামক শুনিয়া,   শ্ৰদ্ধা নকৰয়,
  কীৰ্ত্তনত অহঙ্কাৰ।
এহি দশবিধ,   অপৰাধ ঘোৰ,
  নামৰ মুখ্য হাঙ্গাৰ॥৩৪৩

[ ৭৬ ]

চবি।

শ্ৰদ্ধা ভাবে মোৰ নাম,   যিজনে কীৰ্ত্তন কৰে,
  নিশ্চয়ে জানিয়া বস্তু তুমি।
অপৰাধ কৌটী যদি,   সিজনে আচৰি থাকে,
  তথাপিতো ক্ষমা কৰো আমি॥৩৪৪।
জগন্নাথ নাম মোৰ,   যিজনে কীৰ্ত্তন কৰে,
  তাৰ ক্ষমো অপৰাধ শত।
তেজিয়ো সংশয় শিব,   নামে জানা মোৰ জীৱ,
  তুমি স্মৰা সততে মনত॥৩৪৫
চক্ৰায়ুধ দেব হৰি,   যাৰ নাম মাত্ৰে তৰি,
  তাৰ নামে বিঘ্নি নাহিকয়।
সৰ্ব্বকালে সৰ্ব্বদেশে,   অশৌচ কালতো স্মৰি,
  নৰ মাত্ৰে মুকুতি পাৱয়॥৩৪৬
এতেকে সে পৰীক্ষিত,   সৰ্ব্বভাবে ভগবন্ত,
  সৰ্ব্বদেশে সমস্ত কালত।
কীৰ্ত্তন কৰোক নৰে,   স্মৰোক মনত সদা,
  শ্ৰবণ কৰোক অবিৰত॥৩৪৭

লেচাড়ি।

কৃষ্ হেন ইতো বৰ্ণ দুই,   সন্তৰূপ বস্তু প্ৰকাশয়,
  ণকাৰে কহয় পৰম আনন্দ সুখ।

[ ৭৭ ]

দুই পদে এক লগ হুয়া,   সদানন্দ কৃষ্ণ প্ৰকাশিয়া,
  উচ্চাৰণে হৰে সংসাৰ জীবৰ দুধ॥৩৪৮
শুনিয়োক পাৰ্থ কৃষ্ণ নাম, যিহেতু বোলয় অনুপাম,
  পূৰ্ব্বে কৃষ্ণ বৰ্ণ লৌহময় হল ভৈলু।
পৃথিবী ৰমিনু হলবাই,  শৰীৰৰো কৃষ্ণ বৰ্ণ চাই,
  এতেকেসে মঞি কৃষ্ণ হেন নাম লৈলোঁ॥৩৪৯
যোগীসবে যাৰ স্বৰূপক,   আনন্দতে ৰমে অবিৰত,
  চৈতন্য আনন্দ অনন্ত সুখৰ ধাম।
নিত্যানন্দ আত্মা জগতৰ,  যাত ৰমে সদা দেব হৰ,
  পৰমব্ৰহ্ম আসি ধৰি আছা ৰাম নাম॥৩৫০
দাম পদে লোকে ৰাম কৱে,  সমস্ত উদৰে সমৰাৱে,
  জগতৰে নাম সমস্ত জানা ঈশ্বৰ॥৩৫১
যশোদাৰ দধি কৰি নাশ,   লভিলন্ত কৃষ্ণে মহা ত্ৰাস,
  যশোদা কৃষ্ণৰ উদৰত দাম দিলা।
ভকত বৎসল দেখাই গুণ,   উদৰত সৰ্ব্ব দাম লৈলা,
  দামোদৰ নাম এতেকে দেবে ঘুষিলা॥৩৫২
নব দ্বাৰে যুক্ত নৰতনু,  তাহাক নিৰ্ম্মাণ কৰি পুনু,
  তাকে ব্যাপি কৃষ্ণে শয়ন কৰিলা যাই।
ইতো পুৰ মহা পুণ্যময়,  যাতো আত ৰৈল কৃপাময়,
এতেকে পুৰুষ নামক আচন্ত পাই॥৩৫৩

[ ৭৮ ]

চবি।

যি হেতু চৈতন্য রূপে,  সমস্তকে ব্যাপি আছা,
 সমস্তে বিষয় ভোগ কৰা।
নিৰন্তৰে যাতো হৰি,  সমস্তকে আছা ধৰি,
 এতেকে সে আত্মা নাম ধৰা॥৩৫৪
পৰমাত্মা মহা হৰি,  বীজ শক্তি সঙ্গে কৰি,
 প্ৰবেশি ৰহিলা চৰাচৰ।
এতেকে সে বিষ্ণু নাম,  ধৰি আছা কৃপাময়,
 ইতো শক্তি নাহিকে আনৰ॥৩৫৫
নজম্মিছো পূৰ্ব্বে আমি,  পুনু জন্ম নুহিবেক,
 অথনো নাহিকে জন্ম মোৰ।
এতেকে সে অজ নাম,  ধৰিয়া লোকত আমি,
 নিস্তৰোহো ইতত ভব ঘোৰ॥৩৫৬
পূৰ্ব্ব প্ৰলয়ত ইতো,  ধৰণী ভৈলেক নষ্ট,
 পাতাল তলত প্ৰবেশিলা।
তাহাঙ্ক লভিলোঁ আমি,  এতেকে গোবিন্দ নাম,
 বেদে স্তুতি কৰি মোক দিলা॥৩৫৭
গো শবদৰ অৰ্থ, বেদবাণী শাস্ত্ৰে কৱে,
 তাহাঙ্ক লভিলা কৃষ্ণ দেৱ।

[ ৭৯ ]

এতেকে গোবিন্দ নাম,  দেবমুনি গণে থৈলা,
 চৰণত কৰিলন্ত সেৱ॥৩৫৮
বিদ্যা শকতিৰ নাম, মা পদে সদা কৰে,
 তান ঈশ তুমি কৃপাময়।
ধৱ শৰদৰ অৰ্থ, স্বামী বুলি নিৰূপয়,
  এতেকেসে মাধৰ বোলয়॥৩৫৯
জলক বোলয় নৰ,  নাৰ তান পুত্ৰ ভৈলা,
 তাতে পুৰ্ব্বে নিবাস কৰিলা।
এতেকে ধৰিলা কৃষ্ণে, নাৰায়ণ নাম লোকে,
 সৰ্ব্ব দেবে উচ্চাৰিয়া দিলা॥৩৬০
বুদ্ধিৰ স্বৰূপে সদা,  ধৰি আছা কৃপাময়,
 জগতক ৰক্ষা কৰো বুলি।
এতেকেসে গদাধৰ,  কৃষ্ণক বোলয় বেদে,
 ৰাখো বুলি সদা থাকা তুলি॥
বুদ্ধিবল মহিমাক,  প্ৰকাশিয়া কোনা বেদে,
 কৃষ্ণক জিনিবে নপাৰয়।
পৰাভব পায়া সবে, কৃষ্ণক অজিত বুলি,
 দেবগণে প্ৰশংসা কৰয়॥৩৬২
প্ৰলয় কালত হৰি, মহা ঘোৰ মূৰ্ত্তি ধৰি,
 একে বাৰে সবে প্ৰজাচয়।

[ ৮০ ]

আকবৰ্ষাহোঁ যিতো আন,  এতেকেসে বেদে তান,
 সঙ্কৰ্ষণ নাম উচ্চাৰয়॥৩৬৩
কোনো দেশে কোনো কালে,  কোনো বস্তু সকাশত,
 যিহেতু থাকিবে নপাৰয়।
সমস্তকে ব্যাপি আছা,  ব্যাপ্যে যাতো নজানয়,
 এতেকেসে অনন্ত বোলয়॥৩৬৪
গন্ধৰ্ব্ব কিন্নৰ নাগ,  অপেস্বৰ সিদ্ধ মুনি,
 যাৰ অন্ত কদাপি নপাৱে।
এতেকে অনন্ত নাম,  ধৰি আছা কৃষ্ণো আসি,
 বেদেও অনন্ত বুলি কৱে॥৩৬৫
তপ বেদ ব্ৰহ্ম জ্ঞান,  সমস্তকে ব্যাপি হৰি,
 ব্ৰাহ্মণক বহুমান কৰা॥
যি হেতু সবাৰে হিত,  এতেকেসে হৰিদেব,
 ব্ৰহ্মণ্য নামক সদা ধৰা॥৩৬৬
হীৰণ্ময় ইতো জড়, ব্ৰহ্মাণ্ডক স্বগৰ্ভত,
 যি হেতু ধৰিছা মহা হৰি।
এতেকে হিৰণ্য গৰ্ভ,  নাম সদা প্ৰকটিয়া,
 বেদ গণে থাকে স্তুতি কৰি॥৩৬৭
সমস্ত জগত আমি,  আস্বাদন কৰি আছোঁ,
 যেন সূৰ্য্যে ৰশ্মিক প্ৰকাশি।

[ ৮১ ]

সমস্তে ভূততে আছোঁ,  এতেকেসে সাধুসবে,
 বাসুদেব বোলে মোক আসি॥৩৬৮
সমস্ত জগতবাসী,   হৰিত নিবাস কৰি,
 সমস্তত বসিছস্ত হৰি।
এতেকেসে বাসুদেব, পণ্ডিতে বোলয় সদা,
 বাসুদেব নাম আছো ধৰি॥৩৬৯
ইন্দ্ৰিয়সবৰ নাম,   হৃষীক শাস্ত্ৰত কয়,
 জীৱৰূপে তাৰ ঈশ হৰি।
ইন্দ্ৰিয় সকল জড়, তাক প্ৰবাৰ্ত্তিয়া কৃষ্ণে,
 হৃষীকেশ নাম আছা ধৰি॥৩৭০
জগত কাৰণ পদ্ম,  যাহাৰ নাভিত আছা,
 যাত হন্তে ব্ৰহ্মা ভৈলা জাত।
এতেকেসে পদ্মনাভ,  নামে সদা স্তুতি কৰে,
 বেদে তাঙ্ক প্ৰলয় কালত॥৩৭১
মধুনাম অসুৰক,  মাৰিয়া পূৰ্ব্বত হৰি,
 সমস্তকে নিৰ্ভয় কৰিলা।
পৰম সন্তোষ মনে,  দেব সিদ্ধ নৰগণে,
 মধুহা বুলিয়া উচ্চাৰিলা॥৩৭২
মায়াক বোলয় জানা,  যি হেতু জন্মাৱে জীৱ,
 আপুনাৰ গুণে সংসাৰত।

[ ৮২ ]

ভক্তৰ মায়াক মদ্দি, জনাৰ্দন নাম ধৰি,
 কৃষ্ণদেব আছে সংসাৰত॥৩৭৩
অভক্ত জনক হৰি, মায়ায়ে মৰ্দ্দন কৰি,
 নৰকক পাৱন্ত সদাই।
এহিসে কাৰণে লৈল!, জনাৰ্দ্দন নাম কৃষ্ণে,
 ভক্তে গান্ত কৃপাক বিনাই॥৩৭৪
ঐশৰ্য যশস্যা বীৰ্য্য, বৈৰাগ্য পৰম জ্ঞান,
 সম্পদ সময়ে আছে যাৰ।
এহি হেতুতে সে কৃষ্ণে, ভগৱন্ত নাম ধৰি,
 সমস্তকে কৰন্ত উদ্ধাৰ॥৩৭৫
উৎপত্তি প্ৰলয় গতি,  অগতি অবিদ্যা বিদ্যা,
 প্ৰাণী সমস্তৰো জানা হৰি।
আতিশয ঐশয্যক, অবতৰি ব্যক্ত কৰি,
 ভগৱন্ত নাম আছা ধৰি॥৩৭৬
গো শব্দৰ অৰ্থ, পৃথীক বোলয় শাস্ত্ৰে,
 অবতৰি তাৰ ভাৰচয়।
কৰিলা বিনাশ পালি,  এতেকে গোপতি নাম,
 মহাজনে কৃষ্ণক কহয়॥৩৭৭
শ্ৰীপদে শ্ৰীমন্তক, মহন্তে শাস্ত্ৰত কৱে,
 তাসক নিবাস কৰস্ত৷

[ ৮৩ ]

এতেকে কৃষ্ণৰ নাম, শ্ৰীনিবাস শাস্ত্ৰে কয়,
 মহাজনে সদা উচ্চৰন্ত॥৩৭৮
সকাৰুণ সংসাৰক,  যি হেতু হৰন্ত সদা,
 ভকতৰ কৃষ্ণ কৃপাময়।
এতেকে সে সাধুগণে, কৃষ্ণৰ কৰুণা দেখি,
 হৰি নাম সদা উচ্চৰয়॥ ৩৭৯

প্ৰাৰ্থনা।

দোলড়ি।

জয় দামোদৰ, কৃপাৰ সাগৰ,
 মোক কৃপা কৰা তুমি।
তুমি বিনা মোৰ, আন বন্ধু নাই,
 সত্যে সত্যে কৈলোঁ আমি॥৩৮০
সংসাৰৰ তাপ, সহিবে নুৱাৰো,
 কত চাহি আছা ৰঙ্গ।
প্ৰভো কৃপা কৰা, দাস বুলি ধৰা,
 দিয়োক সাধুৰ সঙ্গ॥৩৮১
মুকুতিৰ পতি, লভিয়া কুমতি,
 সংসাৰত গৈলোঁ তল।

[ ৮৪ ]

তজু সেবা বিনা, মোক উদ্ধাৰিব,
 আনৰ নাহিক বল॥৩৮২
জয় জয় কৃপা, ময় ভগবন্ত,
 অনন্ত সুখৰ ধাম।
কৃপা কৰা হৰি, লৈয়ো দাস কৰি,
 জপিবু তোমাৰ নাম॥৩৮৩
তোমাৰ নামৰ, অতৰ্ক মহিমা,
 মুকুতৰো হৰে মন।
মুকুতি লভিয়া, শ্ৰীমন্ত নাৰদে,
 নামৰ কৰে কীৰ্ত্তন॥৩৮৪
কীৰ্ত্তনৰ ৰস, পৰম অদ্ভুত,
 মুকুতিক থৱে ঠেলি।
নাম সুধা সিন্ধু, তাত বুৰ দিয়া,
 যিতো নৰে কৰে কেলি॥ ৩৮৫
যিতো গাৱে নাম, তাহাৰ পাচত,
 কৃষ্ণে ফুৰে নাম শুনি।
আপুনাৰ নাম, আপুনি শুনিয়া,
 থাকন্ত বিস্ময়ে গুণি॥৩৮৬

[ ৮৫ ]

ৰাগ কৌৰ।

উপদেশ।


ঘোষা। ঐ প্ৰভু হৰি হৰি,  ৰাম কৃষ্ণ বোল ভাই,
 ৰাম কৃষ্ণ বোল।
 ৰাম কৃষ্ণ বুলিয়া পাপৰ আলু তোল॥
পদ। কৃষ্ণ ৰাম বোল মন ভাব কৃষ্ণ ৰাম।
 কৃষ্ণ ৰাম মহা মন্ত্ৰ সৰ্ব্ব সুখ ধাম॥
 কলি যুগে কৃষ্ণ পূৰ্ণ পূৰ্ণ কৃষ্ণ নাম।
 অ'লাস তেজিয়া মন বোল অবিশ্ৰাম॥৩৮৭
 আৰ কি লভিবা ইতো পুনু নৰকাই।
 দেবো খেদ কৰি আক প্ৰশংসে সদাই॥
 নাম মহাৰত্ন দেহ পেৰা আছে ভৰি।
 তথাপি দৰিদ্ৰ নৰ কিনু কৈলা হৰি॥৩৮৮
 কিন্তু মায়া পাতি আছা গোপাল গোবিন্দ।
 নজয় জীবে তজু পদ অৰবিন্দ॥
 ইবাৰ নেৰিবা মোক তুমি দীনবন্ধু।
 যদি কৃপা কৰা তেৰে তৰো ভবসিন্ধু॥৩৮৯
 কলি মোৰ ধৰ্ম্ম কৰ্ম্ম কৰিলা বিনাশ।
 কেবলে তোমাৰ নামে কৰি আছো আশ॥

[ ৮৬ ]

নামে মহামন্ত্ৰ নামে তপ নামে ব্ৰত।
কলি যুগে নাম জপি পাপ কৰা হত॥৩৯০
নাম বিনা আন মন্ত্ৰে তেতিয়ো বিশ্বাস।
কৃষ্ণ নাম জপি বৈকুণ্ঠত লৈয়ো বাস॥
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি।
বোল জিহ্বা কুকথাক দূৰে পৰিহৰি॥৩৯১
শুনা কৰ্ণ কৃষ্ণ কথা সাখ্যাতে অমৃত।
আপুনি হৈবেক হৰি হৃদয়ে বিদিত॥
হৃদয়ত লাগ পায়া কৃষ্ণ পাদ পদ্ম।
অনুভাবে ভজা মনে সৰ্ব্ব সুখ সদ্ম॥৩৯২
হৃদয় কমলে বসি দুৰ্ব্বাসনা হৰি।
আপুনি লৈবন্ত কৃষ্ণে নিজ দাস কৰি॥
হেন কৃষ্ণ সেবা তেজি অজ্ঞানী সকল।
বিষয়ক ভজি সংসাৰত যাই তল॥৩৯৩
হেন বন্ধু হৃদয়তে পায়া মঞি পাপ।
তথাপি সংসাৰে পৰি লভো মহাতাপ॥
ইবাৰ নেৰিবা মোক হে প্ৰাণ নাথ।
পাদ পদ্মে প্ৰণামো চৰণে থয়া মাথ॥৩৯৪
কৃষ্ণ ৰাম অনন্ত মুৰাৰি সনাতন।
গোপাল গোবিন্দ ৰাম নিত্য নিৰঞ্জন॥

[ ৮৭ ]

বিভু প্ৰভু কমলা নায়ক বনমালী।
গোবৰ্দ্ধনধাৰী হৰি মহাবলশালী॥৩৯৫
তজু নিজ দাসৰ সঙ্গতি দিয়া হৰি।
যেন অহৰ্নিশে থাকো তজু নাম স্মৰি॥
তোমাৰ নামৰ অন্ত অনন্তো নপান্ত।
সহস্ৰ বদনে নিতে নব নব গান্ত॥ ৩৯৬
কি মতে ধৰিবো নাম মঞি পাপী মন্দ।
একে মুখে মোৰ আৰ নুগুছে আনন্দ॥
তথাপি নেৰিবো নাম কৰিছো ভাৰসা।
সন্তৰ সঙ্গতি দিয়া পূৰা মোৰ আশা॥৩৯৭
শুনা সদা ঘোষা-ৰত্ন কৃষ্ণৰ চৰিত্ৰ।
কলি যুগে আত পৰে নাহি আন হিত॥ .
ইতো ঘোৰ কলিযুগে আন ধৰ্ম্ম নাই।
সৰ্ব্ব ধৰ্ম্মে থাকয় নামৰ মুখ চাই॥৩৯৮
হেন জানি কৰ্ম্ম-ধৰ্ম্ম-গৰ্ব্ব দূৰে থৈয়া।
কেবল কৃষ্ণৰ নাম সন্ত সঙ্গে লৈয়া॥
কহয় গোপাল মিশ্ৰে কৃষ্ণ হৰি ৰাম।
উচ্চ কৰি মুখ ভৰি বোলা ৰাম ৰাম॥৩৯৯


[ ৮৮ ]

কেবল নাম।

দোলড়ি।

কৃষ্ণ ৰাম হৰি,  মুকুন্দ মুৰাৰি,
 বিভু প্ৰভু সনাতন।
অগতিৰ গতি, মুকুতিৰ পতি,
 প্ৰপন্ন ভয় ভঞ্জন॥৪০০
গোবিন্দ মাধব, অনন্ত অচ্যুত,
 সদানন্দ নিৰাকাৰ।
দৈবকী নন্দন, জগত বন্দন,
 সমস্ত জগআধাৰ॥৪০১
চতুৰ্ভুজ হৰি, শঙ্খচক্ৰধাৰি,
 দৈবকী দেবী কুমাৰ।
ব্ৰজ বিভূষণ, পুতনা শোষণ,
 নাৰায়ণ নিৰাকাৰ॥৪ ০২
ভকত বৎসল,  কৃপাৰ সাগৰ,
 ভুবন মোহন ৰাম॥
অনাথৰ নাথ,  পতিত পাৱন,
 সমস্ত সুখৰ ধাম॥৪০৩

[ ৮৯ ]

প্ৰাৰ্থনা।

ঘোষা।

গোপাল কৃপাল, অনন্ত অচ্যুত
 গোপীনাথ দায়াময়।
ভকতৰ মায়া,   কৰিয়ো বিনাশ,
হুয়ো প্ৰভু জয় জয়॥৪ ০৪

পদ

নাৰায়ণ হৰি, ব্ৰহ্ম সনাতন,
 নিৰ্বিকাৰ মহাহৰি।
ভকত গোচৰে,  অভয় চৰণে,
 লৈয়ে নিজ দাস কৰি॥৪০৫
কৃষ্ণ বিষ্ণু গদা  পাণি নৰসিংহ,
 বামন পৰশুৰাম।
ভকতে নমাগে,  তথাপিতো দিয়া,
 আপুনাৰ নিজ ধাম॥৪ ০৬
গোবিন্দ গোপীনী,  ৰমণ যাদৱ,
 মাধব মধুসূদন।
মোক কৰা দয়া, দূৰ কৰা মায়া,
 ভজিলো ৰাঙ্গা চৰণ॥৪০৭
জয় জয়ানন্দ,  যশোদা কুমাৰ,
 ভকত বৎসল দে।

[ ৯০ ]

তোমাত বিনাই,  সংসাৰত মোৰ,
 আন বন্ধু নাহি কেৱ॥৪০৮



ঘোষা। জয়কৃষ্ণ সদা ৰাম
 গোপাল মধুসূদন।
তাৰিয়োক হৰি,  সংসাৰ নিকাৰ,
 চৰণে লৈলোঁ শৰণ॥
পদ। জয় জগন্নাথ নাৰায়ণ,
 কমল লোচন হৰি।
গাইবো ৰাম নাম,  সংসাৰ নিকাৰ
 অপ্ৰয়াসে যাঞো তৰি॥৪৯
জয় জয় ৰাম যদুপতি,
 কৃষ্ণ অগতিৰ গতি।
ইবাৰ নেৰিবা, দয়াময় হৰি,
 কৰিবো তজু ভকতি॥৪১০
জয় জয় চিদানন্দ হৰি
 সনাতন নিৰাকাৰ।
তোমাৰ চৰণে, শৰণ পশিলোঁ।
 নধৰিবো দেহ আৰ॥৪১১

[ ৯১ ]

আত্ম-খেদ।

গোপাল গোবিন্দ ৰাম হৰি,
কৃষ্ণ ৰাম ভগবন্ত,
কৃষ্ণ ৰাম ভগবন্ত,
কৃষ্ণু ৰাম ভগবন্ত হৰি।
তজু সঙ্গ হুয়া মঞি, আপুনাক পাসৰিলোঁ;
এভো লৈয়েো নিজ দাস কৰি॥৪১২
চিদানন্দ সদামন্দ,
নিত্যানন্দ নিৰাময়;
নিৰ্ব্বিকাৰ অনন্ত গোপাল।

তোমাৰ ভকতি ৰস,  তেজি ভৈলোঁ মায়াবশ,
 সংসাৰত ফুৰে চিৰকাল॥৪১৩
কৃপাময় বিশ্বধাম,  বুলিবো সততে ৰাম,
 ভজিবো তোমাৰ পাদ পদ্ম।
সত্যে সত্যে কৈলোঁ,  তুমি মোৰ ইষ্ট দেব,
 নকৰিবা মোক তুমি ছদ্ম॥৪১৪
কৃপাময় জগন্নাথ, ইবাৰ নেৰিবা মোক,
 হৃদয় কমলে কৰা বাস।
পতিত পাবন নাম, ধৰি আছা কৃপাময়,
 পূৰিয়োক মোৰ মন আশ॥৪১৫

[ ৯২ ]

গোপীনাথ গদাধৰ, মুকুন্দ মুৰাৰি হৰি,
 অনন্ত বামন চক্ৰপাণি।
ইবাৰ এৰিলে মোক,  পতিত পাবন নাম,
 নধৰিবো নাম হুইবে হানি॥৪১৬
নমো কৃষ্ণ কৃপাময়,   হৰিয়ো সংসাৰ ভয়,
 হৃদয়তে যেন পাঞো লাগ।
তুমি মুকুতিৰ পতি, একান্ত সন্তৰ গতি,
 মোক সেবা দিয়া মহাভাগ॥৪১৭

প্ৰাৰ্থনা।

ঘোষা।

হৰি এ নাৰায়ণ গোপাল গোবিন্দ।
হৃদয় কমলে থাপা পদ অৰবিন্দ।

পদ।

কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ মহামন্ত্ৰ।
কলি যুগে ছন্ন ভৈলা তপ জপ যন্ত্ৰ॥৪১৮
কৃম নাম ভকতৰ পৰম সৰ্ব্বস্ব।
মুকুতিকো ঠেলিয়া কৃষ্ণক কৰে বশ॥
কৃষ্ণ নাম শুনিয়া পলাৱে কলি পাপ।
নামৰ বলত হৃদয়তে পাৱে লাগ॥৪১৯
কৃষ্ণ নাম শুনিয়া ফুৰন্ত হৰি পাছে।
মুকুতিক ঠেলিয়া ভকতে, আসে কাষে।

[ ৯৩ ]

কৃষ্ণ কৃষ্ণ কৃষ্ণ যিতো বোলে তিনিবাৰ।
সুজিবে নুৱাৰে কৃষ্ণে তাৰ মহাধাৰ॥৪২০
কৃষ্ণ নাম একবাৰ যিটো নৰে গাৱে।
তিনি রূপ সহস্ৰ নামৰ ফল পাৱে।
কৃষ্ণ নাম পূৰ্ণ আন নাম ভৈল অংশ।
কৃষ্ণ নাম লৈয়া তেজা বিষয়ৰ সঙ্গ॥৪২১
কৃষ্ণ নাম গায়া লভা ভকতিৰ সুখ।
দূৰতে তেজিয়ো ইতো বিষয়ৰ দুখ।
কৃষ্ণ নাম কেবলে ভকতি পুরুষৰ।
সাধয় কি কৰা বসি বিচক্ষণ নৰ॥৪২২
গোবিন্দ নামেসে ৰতি হৰিত কৰাৱে।
বিষয়ক তেজি যিতো অনুক্ষণে গাৱে।
ৰাম নামে পুৰযৰ মুকুতি সাধয়।
হেন নাম তেজি কেনে বিষয়ে ৰময॥৪২৩
ৰাম ৰাম ৰাম বুলি থাকা দেব হৰ।
হেন নাম নধৰয় অধম পামৰ।।
পাৰ্ব্বতী জপন্ত ৰাম নাম মহানাম।
ৰাম নাম মহামন্ত্ৰ সৰ্ব্ব সুখ ধাম॥৪২৪
কলিৰ বাৰ্য্যক হৰে ৰাম নাম বুলি।
সমুলঞ্চে বাসনাৰ থৱে আলু তুলি।।

[ ৯৪ ]

হৰি হৰি হৰি হৰি ঘুষিয়ো সদাই।
হৰি বিনা সংসাৰত আন বন্ধু নাই॥৪২৫
হৰিসে হৰন্ত সংসাৰৰ যত দুখ।
হৰি হৰি ঘুষিয়া লভিযো মহাসুখ॥৪২৬

শ্ৰবণাদি ভক্তিৰ ভেদ।

লেচাড়ি।

শ্ৰবণ কীৰ্ত্তন আদি কৰি  নববিধ ভক্তি নবে ধৰি,
 সংসাৰ তৰয় সন্দেহ নাহিকে আত।
কিন্তু তিনি বিধ বিধি হান  ৰসতো হয় আতি ভিন,
 শ্ৰবণ কীৰ্ত্তন স্মৰণ মহা প্ৰখ্যাত॥৪২৭
ইহাক ইচ্ছায়ে যিতো নৰে,  সন্ত পদ ধূলি শিৰে ধৰে,
 শৰণ কালত নুহিকে বিধি কিঙ্কৰ।
কেবল সন্তৰ সঙ্গ ধৰি,  ধৰ্ম্ম জ্ঞান ভক্তি পৰিহৰি
 সপ্ৰেম ভকতি লভিবেক সিতো নৰে॥৪২৮
অৰ্চ্চন বন্দন পদসেৱা,  দাস ভাব হটো চাৰি বিধ,
 ভাগবতি ভক্তি বিধি সমে আচৰয়॥
যাৱত কথাৰ শ্ৰবণত, শ্ৰদ্ধা নুপজয় অবিৰত,
 কথাৰ বিৰধি যজিয়া বিধি তেজয়॥৪২৯

[ ৯৫ ]

সখ্য আত্ম নিবেদন দুই,   জ্ঞানৰ উত্তৰ কালে হুই,
 যিতো জ্ঞানে চিদংশৰ মহাশুদ্ধি হয়।
আপুনাকো দাস কৰি মানে,  কৃষ্ণক দেবতা বুলিজানে,
 দেহ নিবেদন সখিত্ব কৰিয়া ৰয়॥৪৩০
নববিধ ভক্তি আচৰয়,  নিষ্কামে কৃষ্ণত সম্পজয়,
 সমস্তৰে ফল লভয় সাধু সঙ্গতি।
সিতো নৰ মহাবিচক্ষণ  সন্তৰ সঙ্গত দিয়া মন,
 যি হেতু কৃষ্ণত লভিলে প্ৰেম ভকতি॥৪৩১
বিধি হীন ভক্তি কৃষ্ণ যশ,  কৃষ্ণকো কৰয় সদা বশ,
 সমস্ত জনৰ আছে আত অধিকাৰ।
পৰম আনন্দে যশ গাই,  মায়াক নাশিয়া সমুদাই,
 কলিত নামেসে সংসাৰ কৰে নিস্তাৰ॥৪৩২
কলি পাপী জীব সমস্তৰ,  বিধিক নাশিলে নিৰন্তৰ,
 সৰ্ব্ব ধৰ্ম্মে থাকে নামৰ মুখক চাই।
হেন নাম জপ সদা ভাই,  নাম বিনা অন গতি নাই,
 নামৰ কীৰ্ত্তনে সমস্তে পাপ পলাই॥৪৩৩

[ ৯৬ ]

বাসনা ভেদ।


চৰ্বি।


সুবাসনা দুৰ্ব্বাসনা, পুরুষৰ সদা হোৱে,
 সুবাসনা সন্তৰ কৃপাত।
নাৰদৰ অনুগ্ৰহে, প্ৰহলাদৰ সুবাসনা,
 পাপ সজ্ঘ কৰিলা বিঘাত॥৪৩৪
নাৰদে আপুনি কন্ত, যুধিষ্ঠিৰে শুনিচন্ত,
 প্ৰহলাদৰ মহিমা বৰ্ণাই।
দেব সবে শুদ্ধ হই, যাহাৰ মহিমা গান্ত,
 সভাসদে থাকা তেৰ পাই॥৪৩৫
বালক কালতে যিতো,  ক্ৰিড়াৰ সাধন তেজি,
 কৃষ্ণ পাদ পদ্মে দিলা মন।
কৃষ্ণ গ্ৰাহে নিলে টানি,  ধৈৰ্য্যৰ ভৈলক হানি,
 প্ৰপঞ্চো ভৈলেক তান ছন্ন॥৪৩৬
কোনো বেলা গীত গান্ত, কৃষক মনত পান্ত,
 কোনো বেলা কৰন্ত ক্ৰন্দন৷
লজ্জা তেজি নৃত্য কৰা, হৰিক মনত ধৰা,
 কোনো বেলা হৰিক ধিয়ান্ত॥৪৩৭
তনু হোৱে পুলকিত,  কৃষ্ণ বুলি গান্ত গীত,
 মহীতলে সদা বাগৰন্ত।

[ ৯৭ ]

কৃষ্ণ বিনা নাহি গতি,   ভৈলেক স্বভাব ৰতি,
  অসুৰকুলৰ তাৰিলন্ত॥৪৩৮
কৃষ্ণ বিনা নাহি আন,  কৃষ্ণ ভৈলা তান প্ৰাণ,
  নৃসিংহ বুলিয়া উচ্চাৰয়।
অসুৰকুলত ইতো,   প্ৰহ্লাদৰ মহিমাক,
  স্বৰ্গে থাকি দেৱে বখানয়॥৪৩৯
দেখা দুৰ্ব্বাসনা বল,  সমুলঞ্চে নেই তল,
  বৈকুণ্ঠৰ হন্তে কৰে পাত।
সন্তৰ আচৰি পাপ,   বিজয় অপৰ জয়,
  ভকতিৰ কৰিলা বিঘাত॥৪৪০
তিনি জন্ম অনন্তৰে,  ভকতিৰ খেদ বলে,
  পুনুৰপি লভিলা স্বরূপ।
সন্তৰ কৃপাত তবে,  বিদ্বেষত বৈকুণ্ঠ,
 হন্তে সিতো পাৰে ভৰ-কুপ॥৪৪১

ঘোষা। হৰি ৰাম কৃষ্ণ ৰাম গোবিন্দ হৰি।

পদ।

কৃষ্ণ ৰাম নাৰায়ণ,  কৃষ্ণ ৰাম কৃষ্ণ ৰাম,
  কৃষ্ণ ৰাম নাৰায়ণ হৰি।
তুমি প্ৰভু দয়াময়,  হৰিয়ো সংসাৰ ভয়,
থাকো তজু চৰণত ধৰি॥৪৪২

[ ৯৮ ]

মাধৱ মধুসূদন ৰাম,   মুকুন্দ মুৰাৰি হৰি,
  ভগৱন্ত পতিত পাবন।
সংসাৰ সাগৰে পৰি,  পতিতে শৰণ মাগে,
  তাৰিয়োক প্ৰভু নাৰায়ণ॥৪৪৩
প্ৰভু বিভু ভগবন্ত,  অনন্ত শকতি ধৰ,
   গোবৰ্দ্ধন ধাৰী কৃপাময়।
তুমি সত্য গদাধৰ,   নাহি যাৰ পটন্তৰ,
  হৰিয়োক সংসাৰৰ ভয়॥৫৪৪
গোপাল গোবিন্দ ৰাম,   গোপাল গোবিন্দ ৰাম,
  মুকুন্দ মুৰাৰি ঘনশ্যাম।
শৰণে পশিলো দেৱ,  চৰণত কৰো সেৱ,
  পূৰিয়োক মোৰ মন কাম॥৫৪৫
চতুভুৰ্জ পীতাম্বৰ,   ঘনশ্যাম মনোহৰ,
  শঙ্খ-চক্ৰ-গদা-পদ্ম-ধাৰী।
দৈবকী নন্দন দেৱ,   চৰণত কৰো সেৱ,
  তুমি প্ৰভু জগবন্ধু হৰি॥৫৪৬

লেচাড়ি।

অজিত ঘুষিয়ো জয় জয়,   মায়াক নাশিয়ো গুহাশয়
  মায়াযে স্থাবৰ জঙ্গম আছে আবৰি।

[ ৯৯ ]

তোমাত বিনায়ে জীব চয়,  যি হেতু নাশিবে নপাৰয়,
 নটী যেন মায়াবেদ জানে ভাল কৰি॥৫৪৭।
ব্ৰহ্মা ইন্দ্ৰ অগ্নি আদি কৰি,  দেব সবে আছে মূৰ্ত্তি ধৰি,
 সমস্তকে নানা মন্ত্ৰে কৰে নিৰুপণ।
বিচাৰ কৰিলে সৰ্ব্বদেৱ,   তোমাত বিনায়ে নাহি কেৱ,
 যেন মাটি বিনা ঘটৰ জল নৰয়॥৫৪৮
হে নৰহৰি নৰকাই,  জীবে ভাগ্য বশে আছে পাই,
 তোমাক নভজে শ্ৰবণ কীৰ্ত্তন কৰি।
বিফল জনম হৱে তাৰ,  তোমাৰ পাসৰে উপকাৰ,
 তাহাৰ নিশ্বাস ভাথিনাৰ সৰি বড়ি॥৫৪৯।
তজু কথামৃত সাগৰত,   কতো ভাগ্যবন্তে অবিৰত,
 শ্ৰবণ কীৰ্ত্তন কৰিয়া সদা ৰময়।
তাৰা সবে ধৰ্ম্ম অৰ্থকাম,   মোক্ষকো নমানে তৃণ কৰি,
 কৃষ্ণযশৰস শুনিয়া তোষ পাৱয়॥৫৫•
তুমি জগন্নাথ মোৰ মন, সততে কৰোক আৰ মন,
 তোমাত বিনাই সত্য বস্তু আৰ নাই।
ভাৰত বৰিষে নৰতনু,   আৰ কি লভিবো আমি পুনু,
 দেবে খেদ কৰি প্ৰাৰ্থয় আক সদাই॥৫৫১
হেন নৰ হৰি তজু পাৱে,  স্মৰণ দুৰ্ল্লভ বেদে গাৱে,
 প্ৰেম ভাবে পুনু স্মৰণ মহাদুৰ্ল্লভ। 

[ ১০০ ]

যেন যোগ্য প্ৰভু হৌক মোৰ,  স্মৰি তৰোঁ ইতো ভৰ ঘোৰ,
 স্মৰণতে প্ৰভু সবাৰে হৰা সুলভ ॥৫৫২
বুদ্ধ্যাদি আবৃত মঞি জীব,  তুমি ভগবন্ত সদাশিব,
 তোমাৰ আমাৰ পটন্তৰ বহুতৰ।
হে দয়াশীল দীনবন্ধু,  ভক্তি দিয়া তৰো ভৰ সিন্ধু,
 তজু নাম গায়া কৰো মঞি মনপূৰ॥৫৫৩
তজু অংশ মঞি দেবহৰি,  মায়া মোক আছে বন্দী কৰি,
 তোমাৰ চৰণ সেবাক আদেশ কৰা।
মায়াক মাৰিয়া দূৰ কৰি,  মোক নেউক তজু দাস কৰি,
 পৰানন্দ মোক নিজ দাস বুলি ধৰা ॥৫৫৪
মিছা তৰ্ক কুকৰ্কশবাদে,  ভ্ৰমে মোৰ মতি নৰহৰি,
 তাৰ জ্ঞান মাৰ্গ পৰম হোৱে দুষ্কৰ।
মাধব বামন ত্ৰিনয়ণ,  গোবিন্দ শঙ্কৰ উচ্চৰিয়া,
 মুকুতি লভিবো কেতিক্ষণে গদাধৰ॥৫৫৫
আচৰোক তপ অবিৰত,  পৰ্বতত উঠি হৌক হত,
 তীৰ্থত ফুৰোক চাৰিয়ো বেদ পঢ়োক।
নানা যজ্ঞে দেব আৰাধোক,  অষ্টাঙ্গ যোগকো অভ্যাসোক,
 হৰিত বিনায়ে মৃত্যুক নতৰে লোক॥৫৫৬
সংসাৰ কৰতে চিৰে হিয়া,  নানাবিধ জীবে তাপ পায়া,
 কোন ভাগ্যোদয়ে নৰহে আছে ধৰি।

[ ১০১ ]

নৰতনু পায়া যিতো ভজে,  বিষয় বাসনা দূৰে তেজে,
 তাহাক উদ্ধাৰ কৰিয়োক নৰহৰি॥৫৫৭
যি কালত গুরু তদা পাৱে,  মোৰ দুষ্ট মন সৰ্ব্বভাৱে,
 কৰিবে আশ্ৰয় তোমাৰ গুণ সুমৰি।
তেখনে সাধন শ্ৰম তেজি,  তজু অনুগ্ৰহ মনে ভজি,
 পৰম সুখক লভিবো আনন্দ কৰি॥৫৫৮
যিতে ভজে হৰি তদু পাৱে,  পৰম আনন্দে সৰ্ব্বভাৱে,
 চিদানন্দ ৰূপে প্ৰকাশা তোৰা সদাই।
যাৰ আত্মা ভৈলা তুমি হৰি,  ধনজন জায়া তুচ্ছ কৰি,
 যিতো জন ফুৰে তজু নাম গুণ গাই॥৫৫৯
তোমাক চিন্তিয়া নৰহৰি,  বিষয়ৰ সঙ্গ পৰিহৰি,
 মৎসৰ ৰহিত সাধু সঙ্গে যাইবো আমি।
মুখ পদ্ম হন্তে তাসম্বাৰ,  তজু যশ ৰস বৱে ধৰে,
 তাৰ স্নান পানে নধৰিবো দেহ আমি॥৫৬০
হে নৰ হৰি তই মায়া,  তোমাৰ কটাক্ষ বল পায়া,
 মোৰ শিৰে চৰি আনন্দে নৃত্য কৰয়।
শৰণ পশিলোঁ তজু পাৱে,  মায়া দূৰ কৰা সৰ্ব্বভাবে,
 তোমাত বিনায় আন দেৱ নাহিকয়॥৫৬১
ব্ৰহ্মাদি নপান্ত অন্তু যাৰ,  তুমিও নজানা সাৰে সাৰ,
 বেদ শিৰোৰত্ন যাৰ অন্ত নজানয়।

[ ১০২ ]

যি হেতু নাহিকে অন্ত দেৱ,  কেৱল চৰণে কৰোঁ সেৱ
 মায়াক নাশিয়া হুয়ো সদা জয়জয়॥৫৬২

কীৰ্ত্তন।

ঘোষা—

হৰি ৰাম নাৰায়ণ নাৰায়ণ হৰি।
সততে ৰহিবো তজু নামক সুমৰি॥

পদ–

শৰণে পশিলোঁ হৰি তুমি দয়াময়।
যেন তজু পাদ পদ্মে ৰতি নচাৰয়॥৫৬৩
হে কৃষ্ণ কৃপাময় জীবৰ শৰণ।
তুমি বিনা নাহি ইতো ভব নিস্তাৰণ।
ভজো তজু পাদ পদ্ম মকৰন্দ ৰস।
দাস কৰি লৈয়ো নকৰিবা মায়া বশ॥৫৬৪
তজু পাদ পদ্ম হৃদয়তে সদা থৈবোঁ।
কৃষ্ণ ৰাম গোপাল গোবিন্দ নাম লৈবোঁ।

নমস্কাৰ।

নমো কৃষ্ণ নমো কৃষ্ণ নমো নিৰঞ্জন।
প্ৰপন্ন জনৰ তুমি ভয় নিস্তাৰণ॥৫৬৫

[ ১০৩ ]

গোপাল গোবিন্দ নমো মুকুন্দ মুৰাৰি।
যশোদা নন্দন নমো গোকুল বিহাৰি॥৫৬৬

মিনতি।

সংসাৰ সাগৰে হৰি ফুৰো চিৰকাল।
কতনো নিকাৰ চোৱাঁ বান্ধব গোপাল॥
তুমি মোক পদ তলে যদি দিয়া বাস।
মায়াৰ ভাবনা ভাঙ্গিবাকো আছে আশ॥৫৬৭
শুনা সভাসদ ইতো কৃষ্ণৰ কীৰ্ত্তন।
সততে মনত স্মৰা বিষ্ণুৰ চৰণ॥
ইতো কলি যুগে দেখা ধৰ্ম্ম ভৈলা ছন্ন।
হৰিৰ কীৰ্ত্তন কৰি শুদ্ধ কৰা মন॥৫৭৮
কহয় গোপাল মিশ্ৰে হৰি দেৱ সাৰ।
ৰাম ৰাম বুলি তবা সংসাৰ নিকাৰ॥

দোলড়ি।

অজামিল মহা, পৰম পাতকি,
 নাৰায়ণ নাম লৈলা।
নামৰ বলত,  যমক বঞ্চিয়া,
 সিয়ো বৈকুণ্ঠক গৈলা॥৫৬৯

[ ১০৪ ]

বনৰো বানৰ,  পশু জাতি হুয়া,
 ভজিল ৰাম চৰণ।
পৰম কৃপালু, ৰাম দেবে পাছে,
 দিলা বৈকুণ্ঠত থান॥৫৭০
হেনয় ৰামৰ, চৰণ তেজিয়া,
 পাপী গৈলোঁ অধোগতি।
হৃদয়তে পায়া, অভয় চৰণ,
 নভজো মঞিকুমতি॥৫৭১
এভো কৃপা কৰা,  দাস বুলি ধৰা,
 চৰণে লৈলোঁ শৰণ।
মঞি পাতকিৰ,   আন গতি নাই,
 ৰাখা মোক নাৰায়ণ॥৫৭২
তুমিসে বান্ধব,  তুমিসে দেবতা,
 তুমিসে মোৰ জীৱন।
সত্য সত্যে কৈলো,  আন গতি নাই,
 ভজিলো ৰাঙ্গা চৰণ॥৫৭৩
ৰাম নাৰায়ণ, পতিত পান,
 ভগৱন্ত বোলা মুখে।
যম কৰণক, হেলায়ে বঞ্চিয়া
 বৈকুণ্ঠত থাকা সুখে॥ ৫৭৪

[ ১০৫ ]

গোবিন্দ গোপাল,  মুকুন্দ বামন,
  নাৰায়ণ দয়াময়।
যাদৱ মাধৱ,   উচ্চৰি সততে,
  কৰিয়ো শুদ্ধ আশয়॥৫৭৫

ঘোষা—দামোদৰ গদাধৰ, অনন্ত শকতি ধৰ
  শঙ্খ-চক্ৰ-গদাপদ্মধাৰী।
গোবৰ্দ্ধনধাৰী হৰি লৈয়ো মোক দাস কৰি,
  হৃদয় কমলে বাস কৰি॥৫৭৬

পদ-নাৰায়ণ দয়াময়,   হৰিয়ো সংসাৰ ভয়,
জীবে গোচৰিতে নজানয়।
তাকেসে বুলিয়ো বন্ধু,  তাৰে যিতো ভবসিন্ধু,
জীবৰ দেখিয়া দুখচয়॥৫৭৭
হৃদয়তে আছা বই,  জীবে তবু নজানয়,
তজু উপকাৰ কৃপাময়।
তুমি গতি তুমি মতি,  তজু পদে কৰি ৰতি,
জীবে সংসাৰক পাসৰয়॥ ৫৭৮
তোমাৰ মায়ায়ে হৰি,  জীবক আছয় ধৰি,
মায়াক কৰিয়ো দূৰ বাপ।

[ ১০৬ ]

তজু সেবা পৰিহৰি,   মায়াৰ সঙ্গতি ধৰি,
  জীবে সংসাৰত পাৱে তাপ॥৫৭৯
তজু অংশ হোৱে নষ্ট,  ইতো প্ৰভু বৰ কষ্ট,
  কেমনে চাহিয়া থাকা ৰঙ্গ।
তৰোক সংসাৰ ঘোৰ,   দেখি দুখ লাগে মোৰ
  তোমাৰ দাসৰ দিয়া সঙ্গ॥৫৮০
তোমাৰ দাসৰ বল,  জানে তাৰিবাৰ ছল,
 জীবক আনিয়া বোধ দেই।
দেখাৱে ভকতি সুখ,  হৰাৱে সংসাৰ দুখ,
 পাচে আপুনাৰ সঙ্গ নেই॥৫৮১
তাসম্বাৰ সঙ্গে তজু,  কথামৃত সাগৰত,
 শ্ৰবণ ৰসত বুৰ দেই।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ, তৃণ কৰি নমানই,
 ভক্তি সুখে সদা কাল নেই॥৫৮২

লেচাড়ি।

কৃপাৰসে পৰিপূৰ্ণ হৰি,  দেব দামোদৰ মুত্তি ধৰি
 পুনু সন্তৰূপে আপুনি ভৈলা বিদিত।
পূৰ্ণ কৃষ্ণ নাম সদা গাই,  শ্ৰবণ সুখক প্ৰবৰ্ত্তাই,
 সমস্ত জীবৰ সাধিলন্ত মহা হিত॥৫৮৩

[ ১০৭ ]

কৃষ্ণ মূৰ্ত্তি বৈকুণ্ঠত থৈয়া,   নিৰ্ম্মল গৌৰাঙ্গ তনু লৈয়া,
  কৃষ্ণে দামোদৰ নামক আছন্ত ধৰি।
পুনু যশ ৰস পান মনে,   বপ্ৰতনু ধৰি বিদ্যমানে,
  নিজ যশৰাণী শুনিলন্ত স্মৰি স্মৰি॥৫৮৪
আপোনাৰ নিজ নাম শুনি,   বিস্ময়ে থাকন্ত মনে গুনি,
  প্ৰেমৰ ভৰত তনু হোৱে ৰোমাঞ্চিত।
নয়নৰ বহে প্ৰেমবাৰি,   ভক্তে নাম গান্ত শাৰী শাৰী
  হেন সময়ত মূৰ্ত্তি ধৰা বিপৰীত॥৫৮৫
বদন পঙ্কজ প্ৰফুল্লিত,   নাম মকৰন্দে সুগন্ধিত,
  ভকত ভ্ৰমৰে বেঢ়ি বেঢ়ি কৰে পান।
মন্দ হাসে সুধা বৰিষয়,   সংসাৰৰ তাপ কৰে ক্ষয়,
  হেন প্ৰভু বিনা নাহি মোৰ গুৰু আন॥৫৮৬
ৰাতুল অতুল পদ দুই,   সমস্তে নমিয়া সুখী হুই,
  তাৰ ধূলি তুলি শিৰত যিতো লৱয়।
অনাদি জন্মৰ পাপ বঞ্চি,   ভক্তিৰ বাসনা লৈয়া সাঞ্চি
  সিতো পুনুৰপি সংসাৰত নপৰয়॥৫৮৭
মনিকূট পৰ্ব্বতৰ পূৰ্ব্বে,   কৃষ্ণে দামোদৰ বিপ্ৰরূপে,
 কলিত হৈলন্ত সন্তৰূপে অৱতাৰ।
পুৰাণতো ব্যাসে কহি আছে,   কল্কী অৱতাৰ হৈবা পাছে,
 কৃষ্ণৰ ভকতি কৰিবা যিতো বিস্তাৰ॥ ৫৮৮

[ ১০৮ ]

পিছে কামপীঠে কৰি বাসা,   কৃষ্ণ পাদপদ্মে কৰাই আশা,
 কলিত কেবলে ভক্তিমাৰ্গ প্ৰৱৰ্ত্তাই॥
পুনুৰপি ৰত্নপীঠে যায়া,   অসংখ্যাত জীব নিস্তাৰিয়া,
  নিজৰূপ তৈতে লভিলন্ত নাম গাই॥৫৮৯
দেব দামোদৰ কৃপাময়,   কলিত জীবৰ দেখি ভয়,
 শ্ৰবণ কীৰ্ত্তন স্মৰণ বিস্তাৰ কৰি।
কেবল ভকতি দেখাই থৈলা, বুদ্ধিমন্ত সাধু তাকে লৈলা,
 নিজ যশ প্ৰভু শুনিলন্ত কৰ্ণ ভৰি॥৫৯
দেবদামোদৰ শুদ্ধমত,   কহিলন্ত লোকে অবিৰত,
 যাৰ মত মানি পণ্ডিত ব্ৰাহ্মণ চয়।
কৃষ্ণ পাদপদ্মে ভজিলন্ত,   থানে থানে সত্ৰ পাতিলন্ত,
  যাহাৰ যশস্যা ব্ৰহ্মাণ্ড ভেদি বহয়॥৫৯১
হেনয় বন্ধুক পায়া পাপ,   নতৰিলোঁ ইতো ভবতাপ,
  অনন্ত জন্মৰ দুৰ্ব্বাসনা আছে মোৰ।
তথাপিতো তুমি দয়াময়,   হৰা ইতো মোৰ ভব ভয়,
  মোৰ ধন হৰে মন ইতো বৰ চোৰ॥৫৯২
তুমি জগতৰ নিজ বন্ধু,   যি হেতু নিস্তৰো ভব সিন্ধু,
  তোমাৰ চৰণে শৰণ পশিলোঁ দেব।
ইবাৰ নেৰিবা মোক স্বামী,  তজু পাদ পদ্মে সত্যে আমি,
  শৰণ পূৰ্ব্বকে কৌটী কৌটী কৰো সেব॥৫৯৩

[ ১০৯ ]

কৃপা-পুৰুষাৰ্থ নিৰ্ণয়।

⸻⸻

কৃপা পুৰুষাৰ্থ আদি দুই,   বিচাৰতো দুইৰো মত্ত হুই,
  কিন্তু কৃপা মুখ্য ব্ৰহ্মাত কহিছা হৰি।
শুনিয়োক ব্ৰহ্মা মত মোৰ,   তপস্যা কৰিলা যিতো ঘোৰ,
  সিতো মোৰ কৃপা জানিবাহা নিষ্ট কৰি॥৫৯৪
যিতো দেখা তুমি মোৰ ৰূপ,   যাক দেখি তবে ভবকুপ,
  মোৰ কৃপা বিনা দৰশন নঘটয়।
এতেকে কৃপাক মুখ্য মানি,   পুৰুষাৰ্থ কৰা মহামানি,
  কৃপা পুৰুষাৰ্থে নাহিকে কোন সংশয়॥৫৯৫

কাৰুণ্য।

ঘোষা—জয় যদুপতি কৃপাময়,   কৃপাময় হৰি,
  তুমি মোৰ নিজ বন্ধু।
তজু অংশ হুয়া,   তোমাক পাসৰি,
  লভিলোঁহো ভব সিন্ধু॥৫৯৬
যশোদানন্দন কৃষ্ণ দেব,   প্ৰাণ কৃষ্ণদেব,
  ইবাৰ নেৰিবা মোক।
তজু সেবা তেজি,   বিষয়ক ভাজি,
  সংসাৰত লভো শোক॥৫৯৭

[ ১১০ ]

কিন্তু কৃপা কৰা কৃষ্ণ দেব,   প্ৰাণ কৃষ্ণ দেব,
  তুমি মোৰ গতি মতি।
ভকত বৎসল,   নাম ধৰি আছা,
 নেৰিবা মোক সম্প্ৰতি॥৫৯৮
অগতিৰ গতি দামোদৰ,   তুমি দামোদৰ,
  জীবৰ নিজ শৰণ।
বিষয় বাসনা,   প্ৰভু দূৰ কৰা
 ভজিলোঁ ৰাঙ্গা চৰণ॥৫৯৯

কাকূতি।

তুমি কৃপাময় হৰা মোৰ ভয় হৰি এ,
মঞি মহামূঢ় ভকতিৰ নহোঁ পাত্ৰ।
কেবল কৃপালু গুণক সুমৰি হৰি এ,
পতিত পাবন নামক সুমৰোঁ মাত্ৰ॥৬০০
তোমাৰ ভকতি তেজিয়া কুমতি হৰি এ,
সংসাৰ গৰ্ত্তত পৰি আছোঁ চিৰকাল।
এভো কৃপা কৰা মোৰ বুলি ধৰা হৰি এ,
কতনো নিকাৰ দেখিছা বন্ধু গোপাল ৰামৰাম॥৬০১
তোমাৰ মায়ায়ে মোৰ শিৰে চৰি হৰি এ,
তোমাৰ কটাক্ষে লভিয়া নৃত্য কৰয় ৰাম ৰাম।

[ ১১১ ]

তোমাৰ চৰণে শৰণ পশিলোঁ হৰি এ,
মায়াক নিবাৰি দিয়োক মোক নিৰ্ভয় ৰাম ৰাম॥৬০২
ভকতি নাজানো মিনতি নাজানো হৰিএ,
শৰণে পশিলোঁ তোমাৰ দেখি মহিমা ৰাম ৰাম।
মঞি মহাদীন তুমি দীনবন্ধু হৰিএ,
মঞি পাতেকীৰ পাতেকৰ নাহি সীমা ৰাম ৰাম॥৬০৩
শ্ৰবণ কীৰ্ত্তন স্মৰণ ভকতি হৰি এ,
সমস্ত জীবৰ আছে আত অধিকাৰ ৰাম ৰাম।
হেনয় সুগম ভকতি তেজিয়া হৰি এ,
তোমাৰ মায়ায়ে মোক কৰি আছে ছন্ন ৰাম ৰাম॥৬০৪
তজু নিজ নাম সততে স্মৰিবোঁ হৰি এ,
তোমাৰ একান্ত দাসৰ সঙ্গক যাইবোঁ ৰাম ৰাম।
বিষয় বাসনা দূৰ কৰি আমি হৰি এ,
কথামৃত শুনি পৰম আনন্দ পাইবোঁ ৰাম ৰাম॥৬০৫

লেচাৰি।

কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ মুকুন্দ মুৰাৰি।
চতুৰ্ভুজ শঙ্খ চক্ৰ গদা পদ্ম ধাৰী।
ৰাম ৰাম ৰাম ৰাম গোপাল গোবিন্দ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ নমো পদ অৰবিন্দ॥৬০৬

[ ১১২ ]

দামোদৰ দামোদৰ ভকতৰ বন্ধু।
কৃপাময় কৃপাময় তাৰা ভবসিন্ধু॥
হৰি হৰি হৰি হৰি জীবৰ সংসাৰ।
হৰা হৰা কৰা পাৰ চাহিছা নিকাৰ॥৬০৭
নাৰায়ণ নাৰায়ণ জীবৰ শৰণ।
তুমি সত্য তুমি সত্য দেব সনাতন॥

দীৰ্ঘছন্দ।

ঘোষা⸺কৃষ্ণ কৃপাময় দেব, কৌটী কৌটী কৰোঁ সেব,
 হৰি তুমি মোৰ ইষ্ট দেব।

সত্যে সত্যে সত্যে কৈলোঁ,   তোমাত বিনায়ে নাথ,
  মোৰ বন্ধু আনি নাহি কেৱ॥৬০৮
গোপীনাথ দয়াময়,   জানাহা মোৰ আশয়,
  ত্ৰান কৰা কৰা কৃপাময়।
তজু পাদ পদ্মে মোৰ,   মনত আনন্দ কৰি,
  সদায়ে ভ্ৰমৰে যে ৰময়॥৬০৯

[ ১১৩ ]

আত্মখেদ।

লেচাড়ি।

দেব দামোদৰ কৃপাময়,   ৰাম ৰাম ৰাম ৰাম ৰাম,
  কি কহিবো মায়া দিয়া আছা নৰ তনু।
তথাপি নভজো তজু পাৱে,   ৰাম ৰাম ৰাম ৰাম ৰাম,
  ঘোৰ সংসাৰত মজো আমি পুনু পুনু॥৬১০
মঞি মহাপাপী মন্দবুদ্ধি,   ৰাম ৰাম ৰাম ৰাম ৰাম,
  ঘোৰ কলিযুগে নসাধিলোঁ আত্মহিত।

প্ৰাৰ্থনা।

গোবিন্দ গোপাল মুকুন্দ মুৰাৰি,   হৰি হৰি হৰি হৰি এ,
 যাদৱ মাধৱ জনাৰ্দ্দন কৃপাময়।
নিৰঞ্জন নিৰাময় নিৰাকাৰ,   হৰি হৰি হৰি হৰি এ,
  তোমাৰ চৰণে মজোক মোৰ আশয়॥৬১১
অনন্ত শায়ক গোপীৰ নায়ক,   হৰি হৰি হৰি হৰি এ,
  সদানন্দ নিত্যানন্দ চিদানন্দ হৰি।
কমল লোচন ভয় বিমোচন,   হৰি হৰি হৰি হৰি এ,
  কৃপা কৰা প্ৰভু থাকো তজু নাম স্মৰি॥৬১২

[ ১১৪ ]

বাৎসল্য ৰস।

অদিতী নন্দন,   যশোদা নন্দন,
  দৈবকী নন্দন হৰি।
বাৎসল্য ৰসক,   প্ৰবৰ্ত্তায়া কৃষ্ণে,
  আছা পুত্ৰ নাম ধৰি॥৬১৩

সখ্যৰস।

শ্ৰীদামৰ সখি,   অৰ্জ্জুনৰ সখি,
 উদ্ধবৰ সখি দেব।
সখিত্ব ৰসক,   দেখাইলন্ত কৃষ্ণে,
  তাঙ্ক কৌটী কৰো সেব॥৬১৪

সাহত্য ৰস।

পাণ্ডু সুত প্ৰিয়,   পাৰ্থৰ সাৰথি,
  যুধিষ্ঠিৰ হিতকাৰী।
সাহত্য ৰসক,   দেখায়া পাণ্ডৱ,
  কুলক নিলা নিস্তাৰি॥৬১৫

[ ১১৫ ]

মাধুৰ্য্য ৰস।

গোপীনী জীৱন,   গোপীনী বল্লভ,
  গোপীনীৰমণ ৰাম।
মাধুৰ্য্য ৰসক,   দেখায়া গোপীক,
  পুৰিলন্ত মনকাম॥৬১৬
আনু নানাৰসে,   অপূৰ্ণ ৰসক,
  সম্পূৰ্ণ কৰিলা হৰি।
হেনয় কৃষ্ণৰ,   ৰাতুল অতুল,
  চৰণক থাকো স্মৰি॥৬১৭

লেচাড়ি।

পুষ্টিগৰ্ভ নাম লৈলা হৰি,   প্ৰাকৃত বাৎসল্য অনুসৰি,
 মধ্যম বাৎসল্যে অদিতী নন্দন ভৈলা।
দৈবকী-নন্দন পূৰ্ণকাম,   উত্তম বাৎসল্য অনুপাম,
 সপ্ৰেম বৎসলে যশোদাৰ গৃহে ৰৈলা॥৬১৮
সপ্ৰেম বৎসল ভগবন্ত,   যশোদাৰ হাতে বান্ধিলন্ত,
 ভকত বৎসল আপুনাৰ দেখাই গুণ।
হেনয় কৃপালু কৃষ্ণ দেৱ,   তাহাঙ্ক নকৰে যিতো সেৱ,
  সিতো মহাপাপী পৰম দুষ্ট দাৰুণ॥৬১৯

[ ১১৬ ]

শ্ৰীদাম সুদাম আদি কৰি,   প্ৰাকৃত সখিত্ব আছা ধৰি,
  প্ৰাকৃত সখিত্বে কৃষ্ণক কান্ধে বহন্ত।
মধ্যম সখিত্বে ধনঞ্জয়,   পৰিহাস বাণী উচ্চৰয়,
  অপৰাধ কৰি কৃষ্ণ পাৱে পৰিলন্ত॥৬২০
শ্ৰীমন্ত উদ্ধৱ হৰিদাস,   তান কৃষ্ণপদে সদা আশ,
  কুজীৰ ঘৰত কৃষ্ণৰ দাম নলৈলা।
এতেকে উত্তম সখ্য কৰি,   ভজন ৰসক অনুসৰি,
  কৃষ্ণৰ পাদুকা শিৰত থাপিয়া ৰৈলা॥৬২১
যুধিষ্ঠিৰ সন্ত সাহত্যত,   কৃষ্ণে প্ৰীতি কৰি অবিৰত,
  ভীম বীৰ সমে কৃষ্ণত কৰা ভকতি।
ধনঞ্জয় ব্যভিচাৰি ৰসে,   কৃষ্ণক কৰিলা সদা বশে,
  সখিত্ব সাহত্য যি হেতু কৰিলা ৰতি॥৬২২
স্য ৰসে ৰৈলা সহদেব,   কৃষ্ণক কৰিলা সদা সেব,
  যাহাৰ বাক্যত কৃষ্ণক সদা পূজিলা।
নকুলো লৈলন্ত তান মত,   সদা ভৈলা কৃষ্ণ অনুগত,
  কৃষ্ণৰ পূজাত আপুনাকো পাসৰিলা॥৬২৩
কুন্তি ৰৈলা প্ৰেম ৰস পাই,   সদা থাকা কৃষ্ণগুণ গাই,
 দ্ৰৌপদী সপ্ৰেম স্মৰণ ৰসে ৰহিলা।
যিহেতু স্মৰণমাত্ৰ হৰি,   শাকো নভুঞ্জিলা পেটভৰি,
  দুৰ্ব্বাসা পলাইলা পাণ্ডবকো নিস্তাৰিলা॥৬২৪

[ ১১৭ ]

ভীষ্ম বোলে যুধিষ্ঠিৰ শুনা,   কৃষ্ণৰ কৃপাক মনে গুণা,
 সাহত্য ৰসত ভকতি কৰিলা মাত্ৰ।
মাতুল তনয় মনে মানি,   ৰথৰ সাৰথি কৰি আনি,
 কতো কৰা দূত কতো কৰা সভা পাত্ৰ॥৬২৫
মধুৰ মোহন শ্যাম তনু,   গোপীক দেখায়া পুনু পুনু,
 তাসম্বাৰ মন হৰিলা মাধুৰ্য্য ৰসে॥
গোপীনাথ গোপীকান্ত আদি,   নাম লৈয়া গাৱে বেদবাদী,
  কামৰসে কৃষ্ণে গোপীক কৰিলা বশ॥৬২ ৬
গোপীকাৰ ধৈয্য ভৈলা হানি,   যাৰ ৰূপে নিলা মন টানি,
 দুৰ্গাক পূজিলা কৃষ্ণক কামনা কৰি।
নন্দৰ তনয় মোৰ পতি,   হোয়ন্তোক কৃপা কৰা সতী,
  কোটী কৌটী কামো নুহিকে যাহাৰ সৰি॥৬২৭
প্ৰাকৃত মাধুৰ্য্য নন্দ সুনু,   গোপী বুললন্ত পুনু পুনু,
  মধ্যম মাধুৰ্য্যে ভৈলেক শুদ্ধ আশয়।
নহা পুত্ৰ তুমি যশোদাৰ,   সমস্তৰে আত্মা সাৰেসাৰ,
  হেন আত্মা কৃষ্ণ হুয়ো ব্ৰজে জয় জয়॥৬২৮
পুনুৰপি গোপা পাসৰিলা,   উদ্ধৱ মহন্তে বোধ দিলা,
  সমস্তৰে আত্মা কৃষ্ণে জানা নিষ্ট কৰি।
উত্তম মাধুৰ্য্যে মানিলন্ত,   কুৰুক্ষেত্ৰে কৃষ্ণে কহিলন্ত,
  আত্মাৰূপে মঞি সমস্তকে আছো ধৰি॥৬২৯

[ ১১৮ ]

শ্ৰবণৰ মহিমা।

⸻⸻

চবি।

কৃষ্ণৰ কথাক শুনে,   যিতো মহাজন সবে,
  তাৰাৰ হৃদয়ে থাকি হৰি।
দুৰ্ব্বাসনা নাশ কৰি,   সন্তৰ বান্ধব হৰি,
  আপুনাৰ লন্ত দাস কৰি॥৬৩০
জ্ঞানৰ প্ৰয়াস তেজি   কায় বাক্য মনে যাৰা,
  কথাক কৰয় সতকাৰ।
ত্ৰৈলোক্য অজিত তুমি,   যদ্যপি হোৱাঁহা কৃষ্ণ,
  তাৰা সবে জিনে সাৰে সাৰ॥ ৬৩১।
মহন্তৰ আত্মা হৰি,   তান কথামৃত যিতো,
  কৰ্ণঠোল পাতি কৰে পান।
বিষয় দূষিত চিত্ত,   পবিত্ৰ কৰিয়া তাৰা,
  পাচে বৈকুণ্ঠত লৱে স্থান॥৬৩২
ইতো ক্ষুধা তৃষ্ণা মোৰ,   নবাধয় শুকদেব
  যদ্যপি তেজিলো জলপান।
তজু মুখ পদ্মহন্তে,   হৰি কথামৃত পিয়ু,
  কথা বিনা মোৰ যাই প্ৰাণ॥৬৩৩

[ ১১৯ ]

মহাপাপে যুক্ত হুয়া,   নামৰ শ্ৰবণ কৰি,
  সমস্ত পাপক কৰে ক্ষয়।
সিয়ো বৈকুণ্ঠক পাৱে,   হৰিক যি জনে গাৱে,
  তাৰ মোক্ষ আশ্চৰ্য্য নোহয়॥৬৩৪
কল্প কোটী শতেকৰ,   পাপ ক্ষয় হোৱে যাৰ,
  সিতো জনে শুনে কৃষ্ণ কথা।
নৰেন্দ্ৰ আশ্চৰ্য্য নুই,   পাতকী নুশুনে কথা,
  কেবলে জম্মক কৰে বৃথা॥৬৩৫
যিতো মনুষ্যৰ কৰ্ণে,   কৃষ্ণ কথা নুশুনয়ী,
  তাৰ কৰ্ণ বৃথা গৰ্ত্ত প্ৰায়।
যাহাৰ জিহ্বাযে নাম,   নগাৱন্ত তাৰ জিহ্বা,
  ভেকীৰ সদৃশ সমুদায়॥৬৩৬
ভগৱন্ত দেবতাৰ,   নুশুনয় গুণ যিতো,
  সিতো নৰবধীৰ পৰম।
পৰম অজ্ঞানী সিতো,   সৰ্ব্বধৰ্ম্ম বিবৰ্জ্জিত,
  আন পাপী নাহি তাক সম॥৬৩৭

[ ১২০ ]

কীৰ্ত্তন।
লেচাড়ি।

এহি মাত্ৰ অবিনাশী ফল,   পুৰুষ হোৱয় নিৰিমল,
  তপস্যা দানৰ সুবুদ্ধি বেদ পাঠৰ।
জনমৰো ফল কৰি চয়,   এহিমাত্ৰ সদা নিৰূপয়,
  কৃষ্ণৰ কীৰ্ত্তন জগজন মনোহৰ॥৬৩৮
তাকে শিখা বাক্য শাস্ত্ৰে কৱে,   সিতো বাক্যে অসন্তক গাৱে,
  অধোক্ষজ দেব নকহে যিতো বাক্যত।
সেহি সুমঙ্গল সত্য হয়,   সেহি পুণ্যতম বাক্য চয়,
  কৃষ্ণৰ কীৰ্ত্তন কৰয় যিতো বাক্যত॥৬৩৯
সেহি ৰম্য সেহি ৰুচিকৰ,   সেহি নব নব সদা হৱে,
  সেহিসে মনৰ পৰম আনন্দ দেই।
শোক সাগৰক মনুষ্যৰ,   সেহিসে শোষন্ত নিৰন্তৰ,
  উত্তম শ্লোকৰ কীৰ্ত্তন যাক কহই।৬৪০
দান তপ যোগ আদি যত,   আনু পুণ্য আছে সংসাৰত,
  সমস্তৰে ফল, যাহাৰ নাম কীৰ্ত্তনে।
হেনয় পৰমানন্দ দেৱ,   তাঙ্ক নামে স্মৰা কৰা সেৱ,
  নৰসব তোৰা কৰা কায় বাক্য মনে॥৬৪১
কৃষ্ণৰ কীৰ্ত্তন চাৰিবিধ,   নামৰ কীৰ্ত্তন স্তুতি পাঠ,
  কথাৰ বাখ্যান কৃষ্ণৰ মঙ্গল গীত।

[ ১২১ ]

বিশ্বাস ভেদত পুৰুষৰ,   চাৰি বিধ হৱে শ্ৰেষ্ঠতৰ,
 কোননু ভকতি জীবৰ নসাধে হিত॥৬৪২

নামৰ কীৰ্ত্তন।
⸻⸻
লেচাড়ি।

অগ্নি পুৰাণত কৃষ্ণনাম,   কীৰ্ত্তনৰ ফল এহি মান,
  পৃথিবী তলত যতেক তীৰ্থ আছয়।
কৃষ্ণ নাম কীৰ্ত্তনৰ তুল,   সমস্ত তীৰ্থৰো নুহি জল,
  এতেকেসে নাম শ্ৰেষ্ঠতম আতিশয়॥৬৪৩

স্তুতিৰ কীৰ্ত্তন।

ভগৱন্ত স্তুতি কীৰ্ত্তনৰ,   আন ধৰ্ম্ম নোহে সমসৰ,
  সমস্ত ধৰ্ম্মতে ইতো ধৰ্ম্ম শ্ৰেষ্ঠতৰ।
পুণ্ডৰিকাক্ষক যিতোজনে,   ভকতি পূৰ্ব্বকে স্তুতি কৰে,
  সিতো মহাজনে জগতৰে পাপ হৰে॥৬৪৪

কথাৰ কীৰ্ত্তন।

একান্ত শৰণে যিতো জনে,   কথাক শুনয় সৰ্ব্বক্ষণে,
  কিবা প্ৰহৰেক ক্ষণ মাত্ৰ কথা কয়।

[ ১২২ ] ( ১২২ )

যিতো শুনে মহাশ্ৰদ্ধাভাবে,   মনত পৰম তোষ পাৱে,
  আৰা দুইজনে আপুনাকো নিস্তাৰয়॥৬৪৫

গীতৰকীৰ্ত্তন।

লৌকিক গীতক যিতে নৰে,  উচ্চৰিয়া তালমান পুৰে,
  জনাৰ্দ্দন দেব তাহাৰ তোষ হোৱন্ত।
আপুনাৰ নিজ পদ দেন্ত,   তাঙ্কঁ নমো মঞি অপৰ্য্যন্ত,
 যাহাৰ গীতৰ অনন্তো অন্ত নপান্ত॥৬৪৬

স্মৰণ।

চবি।

সাংখ্য যোগ স্বধৰ্ম্মৰ,   এহিলাভ নিৰন্তৰ,
  নাৰায়ণ স্মৰণ সতত।
জনমৰো এহি ফল,   অন্তে নাৰায়ণ স্মৰি,
  কোনে তাৰ কহিবে মহত্ত্ব॥৬৪৭
কৃষ্ণ পাদ পদ্মে যিতো,   একবাৰ মন দিল,
 স্বপ্নও নেদেখে সিতো নৰে।
যম যমদূত চয়,   মনতো নকৰে ভয়,
  যিতো কৃষ্ণ পাদ পদ্ম স্মৰে॥৬৪৮

[ ১২৩ ]

নাম লীলা ৰূপভেদ,   ভকতে স্মৰণ কৰে,
  স্মৰণ হোবয় তিনি বিধ।
ত্ৰিবিধ স্মৰণ কৰি,   জীবে সংসাৰক তৰি,
  স্বৰূপ লভিয়া হৱে সিদ্ধ॥৬৪৯
নাৰদে বোলন্ত নাম,   গাঞো সদা অনুপাম,
  কৃষ্ণলীলা স্মৰি কদাচিত।
পৰ্য্যটো আনন্দ কৰি,   মনে স্পৃহা পৰিহৰি,
  কৃষ্ণৰ চৰণে দিয়া চিত॥৬৫০
কৃষ্ণৰ নামক ধৰি,   কৃষ্ণ লীলা সদা স্মৰি,
  বায়ুৰ সদৃশ ফুৰো আমি।
কৃষ্ণ নামে মোৰ প্ৰাণ,   গৌতম জানিব নিষ্ঠে,
  কৃষ্ণ দেব মোৰ অন্তৰ্য্যামি॥৬৫১

ৰূপ স্মৰণ।

হৃদয়ত একবাৰ,   যাহাৰ প্ৰতিমা স্মৰি,
  ভাগবতি গতি পাৱে নৰে।
ই পুনু আশ্চৰ্য্য নুই,   অঘাসুৰে মুক্তি পাইলে,
  পূৰ্ণ কৃষ্ণ যাহাৰ উদৰে॥৬৫২
মৃত্যুকালে ক্ষণমাত্ৰ,   যাত মন দিয়া জীবে,
 পবিত্ৰ হোৱয় আতিশয়।

[ ১২৪ ]

কৰ্ম্মবন্ধ পৰিহৰি,   নিজ স্বৰূপক ধৰি,
  পৰম্পদ লভিয়া ৰহয়॥৬৫৩
যিতো নৰে নাৰায়ণ   স্মৰে মনে অনুক্ষণ,
  তাৰ দান তীৰ্থে কোন কাৰ্য্য।
তপো তাক নলাগয়,   জ্ঞানে কোন কাৰ্য্য হয়,
  হৰি স্মৰি যাতো ভৈলা আৰ্য্য॥৬৫৪
গঙ্গা স্নান সহস্ৰত,   যিতো পাপ হোৱে হত,
  কোটীবাৰ পুষ্কৰ স্নানত।
একান্ত বিশ্বাস কৰি,   যিতো নৰে বোলে হৰি,
  সিতো সবে পাপ হৱে হত॥৬৫৫
কলিযুগে সত্যযুগ,   তাহাৰ হোৱয় জানা,
  গোবিন্দ যাহাৰ হৃদয়ত।
সত্যযুগে কলিযুগ,   যাৰ মনে হৰি নাই,
  আক জানি স্মৰিও সতত॥৬৫৬
পূৰ্ব্বে ব্যাসে শাস্ত্ৰ চায়া,   বাৰম্বাৰ বিচাৰিয়া,
  এহি মানে কৰিলা নিশ্চয়।
তেজি বিষয়ৰ ভোগ,   নাৰায়ণ ধ্যান যোগ,
  যাক স্মৰি ভকতি লভয়॥৬৫৭
স্মৰোক বিষ্ণুক সদা,   নকৰোক বিস্মাৰণ,
  কদাচিতো বিচক্ষণ নৰে।

[ ১২৫ ]

যত বিধি স্মৰণৰ,   কিঙ্কৰ হৱয় সদা,
  নস্মৰিলে পাপ অনুসাৰে॥৬৫৮
বেদ যজ্ঞ তপ তীৰ্থ,   দানব্ৰত সদাচাৰে
  পুৰুষে পাৱয় যত ফল।
হৰিৰ স্মৰণ মাত্ৰে   সবে হোৱে উপগত,
  বিস্মৰণে পাপে পাৱে বল॥৬৫৯
দুষ্ট চিত্ত সবো যদি,   হৰি বুলি উচ্চৰয়,
  তাৰ পাপ হৰি সংহৰন্ত।
অনিচ্ছা পূৰ্ব্বকে যেন,   অগ্নিৰ পৰসে হস্ত,
  পুৰুষৰ সহজে দহন্ত॥৬৬০
শাঠ্যভাবে একবাৰ,   গোবিন্দক যিতো স্মৰে,
  সৰ্ব্ব পাপে মুকুত হোৱয়।
ৰ্নুহিকে আশ্চৰ্য্য ইতো,   গোবিন্দক ভজি নৰে,
  তাহান স্বৰূপ হুয়া ৰয়॥৬৬১

পদ-সেৱন।

কৃষ্ণ পাদ সেবা সুখ,   হৰে সংসাৰৰ দুখ,
  একবিধ ফলৰূপ হোৱে।
অপৰ সাধন ৰূপ,   তাৰিবেক ভবকূপ,
 এই দুই-বিধ শাস্ত্ৰে কৱে॥৬৬২

[ ১২৬ ]

লক্ষী যাৰ পদ দুই,   আপোন উৰুত থই,
 ফলৰূপে কৰন্ত লালন।
হেন পদ হৃদয়ত,   ভক্ত সবে অবিৰত,
 প্ৰেমভাবে কৰন্ত চিন্তন॥৬৬৩
শোনকাদি কাষে হৰি,   গৈলা আথ বেথ কৰি,
 পাচে গৈলা পাৰিষদগণ।
শিৰত পাদুকা থোৱাঁ,   দণ্ড ছত্ৰ পাত্ৰ লোৱাঁ,
 কৃষ্ণৰ চৰণে দিয়া মন॥৬৬৪
কৃষ্ণ পাদ পৰশন,   জন্মে জন্মে মোৰ ধন,
 হৌক সৰ্ব্বে আশীৰ্ব্বাদ কৰা।
কৰ্ম্ম পাশে বন্ধ ভৈলোঁ,   সংসাৰত তল গৈলোঁ,
  নিস্তৰোহো হেন কৃপা কৰা॥৬৬৫
কৃষ্ণ পদ ৰেণু দুই,   স্বৰ্গকো নমানে যাই,
  চক্ৰবৰ্ত্তী ৰাজাৰো বিনাশ।
ব্ৰহ্মপদ ৰসাতল,   অণিমাদি সিদ্ধিচয়,
  মোক্ষকো নকৰে মনে আশ॥৬৬৬
যাৰ পদ সেবা ৰুচি,   সংসাৰী জীবৰ সদ্যে,
  বুদ্ধিৰ মলক নাশ কৰে।
যেন পদাঙ্গুষ্ঠ হন্তে,   বহিৰ্ভূত হুয়া গঙ্গা,
 শ্ৰদ্ধা মাত্ৰে সবে পাপ হৰে॥ ৬৬৭

[ ১২৭ ]

সাধন।

আমাৰ মন্দিৰ মাজে,   কতো বেলা ধূলা সাজে,
  সেচন কৰয় কদাচিত।
আপুনাকে মানে দাস,   মোৰ পদে কৰি আশ,
  কপট তেজিয়া সাধে হিত॥৬৬৮
কেশবৰ গৃহচয়,   যিতোজনে মাঞ্জি ৰয়,
  সিতো জন মহাভাগ্যবন্ত।
ৰজো গুণে তমো গুণে,   যাহাক তেজয় সদা,
  বিষ্ণু ধৰ্ম্মোত্তৰে আক কন্ত॥৬৭৯
কৌস্তুভাদি ৰত্নচয়,   তাবত গৰ্জ্জিয়া ৰয়,
  মাঞি বৰ বুলিয়া কহয়।
কৃষ্ণৰ বল্লভ কৃষ্ণা,   তুলসী বাসন্ত যাবে,
  তুলসীক দেখি মৌন হয়॥৬৭০
মালতি মুকুতা পুষ্প,   কমলকো তেজি হৰি,
  শুষ্ক তুলসীক লন্ত তুলি।
আনন্দে শিৰত থন্ত   বাসী বুলি নতেজন্ত,
  তুলসী সে মোৰ প্ৰিয় বুলি॥৬৭১
বৰ্জ্জিবাক যোগ্য হয়,   বাসী পুষ্প সমস্তয়,
 ত্যাগ যোগ্য পৰ্য্যুষিত জল।

[ ১২৮ ]

পৰ্য্যুষিত তুলসীক,   পৰ্য্যুষিত গঙ্গাজল,
  নেতেজয় মহন্ত সকল॥৬৭২
ছয়মাস উপবাস,   দিয়া যিতো ফল পাৱে,
  সত্যাদি যুগত সাধুচয়।
কলি যুগে অল্পমাত্ৰ,   বিষ্ণু নৈবেদ্যক ভুঞ্জি,
  সাধু সবে সি ফল পাৱয়॥ ৬৭৩
বিষ্ণুৰ নৈবেদ্যচয়,   সুৰসিদ্ধে সাদৰয়,
  সমস্তকে পবিত্ৰ কৰয়।
অন্যদেব অবশেষ,   যদি ভুঞ্জে প্ৰমাদত,
  চান্দ্ৰায়ণ কৰিবে লাগয়॥৬৭৪

অৰ্চ্চন।

লেচাড়ি।

অৰ্চ্চন দুইবিধ গোবিন্দৰ,   সাধয় হৱয় একত্তৰ,
 ফলৰূপ এক সমস্ত শাস্ত্ৰে কহয়।
বৈকুণ্ঠত লক্ষ্মী নিজবনে,   গোবিন্দক পূজা অনুক্ষণে,
  ফলৰূপা এক সমস্ত শাস্ত্ৰে কহয়॥৬৭৫
দাসী সমে পদ্মবনে যাই,   কৃষ্ণক পূজন্ত লক্ষ্মী আই,
  সৰোবৰে বসি তুলসীৰ মালা দিয়া।

[ ১২৯ ]

সুনিৰ্ম্মল মুখ আপুনাৰ,  কৃষ্ণে চুম্বিলন্ত বাৰম্বাৰ,
 এতেকে সুন্দৰ মানিলন্ত নিহালিয়া॥৬৭৬
বৃন্দাবনে ব্ৰহ্মা দেখিলন্ত,  মহা পুণ্যবন্তে অৰ্পিলন্ত,
 তুলসীৰ মালা কৃষ্ণৰ সৰ্ব্ব গাৱত।
চৰণ-মন্তক আছে বেড়ি,  ভ্ৰমৰে চুম্বিয়া কৰে খেড়ি,
 নবীন তুলসী ৰসৰ আতি ভৰত॥ ৬৭৭
ভক্তে দেন্ত বনমালাচয়,  কৃষ্ণৰ সৰ্ব্বাঙ্গ প্ৰকাশয়,
 লক্ষী বক্ষস্থলে থাকি কৰা অসন্তোষ।
তথাপি ভক্তৰ বঢ়াই মান,  বাসী মালা পিন্ধা যিতো কৃষ্ণে,
 হেন কৃষ্ণ নামে হৰোক আমাৰ দোষ॥৬৭৮
অসাৰ সংসাৰ একবাৰ,  যাত বিনে সাৰ নাহি আৰ,
 হৰিৰ অৰ্চ্চন সমস্ত শাস্ত্ৰে কহয়।
যিতো হৰি সমন্তৰে নাথ,  তাহান চৰণে থাপি মাথ,
 সংসাৰ তৰিয়া মুকুতি সিতো পাৱয়॥৬৭৯

সাধন পূজা।

উদ্ধৱৰ আগে ভগৱন্ত,  সাধন পূজাক কহিচন্ত,
 কৰ্ম্মযোগে মোক পুজি বেদতন্ত্ৰমতে।
ইহলোকে পাৱে ভোগচয়,  পৰলোকে মুক্তি সুখ হয়,
 নিষ্কাম ভকতে ভকতি পাৱে সততে॥৬৮০

[ ১৩০ ]

যেন তৰুমুলে দিলে জল,  কন্ধ শাখা ভুজে পাৱে বল,
 প্ৰাণৰ ভোজনে ইন্দ্ৰিয়ৰ হৱে তোষ।
সেহি মতে অচ্যুতৰ পূজা,  কৰিলে সমস্ত তুষ্ট হোৱে,
 কোনো দেবতা তাত নকৰয় মনে ৰোষ॥৬৮১
দেৱৰো দেৱতা ভগৱন্ত,  যাৰ নাহিকয় আদি অন্ত,
 শঙ্খ চক্ৰ গদা ধৰি আছা চাৰি হাতে।
তাহাঙ্ক পূজিলে দেৱগণ,  ভোগক লভন্ত অনুক্ষণ,
 আপুনাৰো পূজা পূজকে পাৱয় তাতে॥৬৮২৷
পত্ৰ পুষ্প ফলজলচয়,  যিতো ভক্তিভাবে সমৰ্পয়,
 পৰম সাদৰে তাকে লঞো হাত পাতি।
তুষ্টমনে ভজো সখি নিষ্ট, ভক্তিৰসে ভৈলোঁ যাতো মিষ্ট,
 যিহেতু যতনে পূজিলেক মোক মাতি॥৬৮৩
পুতনা ৰাক্ষসী মাৰো বুলি,  কৃষ্ণমুখে দিলা স্তন তুলি
 তথাপিতো তাই পাইলেক সন্তৰ গতি।
হেনয় কৃষ্ণক প্ৰেমভাবে,  কোন বস্তু দিয়া ভক্ত সবে,
 আশ্চৰ্য্য নোহয় কৃষ্ণত লভিবে ৰতি॥৬৮৪
নৰকত পৰি আছোঁ পাপ,  যমদূতে দেই নানা তাপ,
 তাৰ দুখ দেখি যমে বুলিলন্ত বাণী।
ক্লেশনাশকাৰী কেশৱক,  কেনে নুপুজিলি বিপ্ৰ তঞি,
 আপুনাৰ স্বাৰ্থ আপুনি কৰিলি হানী॥৬৮৫

[ ১৩১ ]

গন্ধ পুষ্প ধূপ দীপচয়,  যদি কোনো থানে নপাৱয়,
 কেবল উদকে হৰিক যিত পূজয়॥
তথাপিতো দেন্ত নিজলোক, তাঙ্কঁ তেজি কেনে লভা শোক,
 গৰুড় পুৰাণে পাপীক যমে বোলয়॥৬৮৬
ধেনুৰ কৌটীক কৰি দান,  যিতো ফল পাৱে বিদ্যমান,
 সুবৰ্ণ কৌটীৰ দানে যিতো পাৱে ফল।
তাতো কোটী গুণ ফল পাবে,  কেশবক পূজি এক দিনে,
 দেখা সাধু সব কৃষ্ণৰ পূজাৰ বল॥ ৬৮৭
একপক্ষ পূজে যিতোজন,  নিষ্কামে কৃষ্ণত দিয়া মন,
 সিতো ভাগ্যৱন্তে কুলক কৰে নিস্তাৰ।
আপুনি হোৱয় সিতেো হৰি,  কৃষ্ণৰ পূজাক অনুসৰি,
 সন্দেহ নাহিকে জানা আক সাৰে সাৰ॥ ৬৮৮
কলিত কৃষ্ণক পৰীক্ষিত,  নুপূজিবে নৰে মানি হিত,
 পাষণ্ডৰ বাক্যে বুদ্ধি কৰিবেক হত।
ত্ৰৈলোক্যৰ নাথ ব্ৰহ্মা শিব,  আনু অসংখ্যাত শুদ্ধজীব,
 যাৰ পাদপদ্মে নমিয়া থাকা সতত॥ ৬৮৯
অনিবেদ বস্তু ভুঞ্জে যিতো,  প্ৰায়শ্চিত্ত যোগ্য হৱে সিতো,
 অনিবেদ বস্তু যিতো অপৱিত্ৰ হয়।
এতেকে বিষ্ণুত সমৰ্পিয়া,  সদায়ে ভুঞ্জোক ভক্ত সবে,
 ইহাৰ নিৰ্ণয় ব্ৰহ্মাণ্ড পূৰাণে কয়॥ ৬৯০

[ ১৩২ ]

বিষ্ণু নেদিয়া দ্ৰব্যচয়,  আপুনি ভুঞ্জিয়া নষ্ট হয়,
 যিতো বিষ্ণুদেব পৰমাত্মা জগতৰ।
তাৰ পিতৃগণ নৰকত, পৰয় পাতেকে হুয়া হত,
 নৰক ভূঞ্জয় সততে বহু বৎসৰ॥ ৬৯১
মৎস্য মাংস আদি বস্তুচয়,  বিষ্ণুক নেদিয়া ভুঞ্জি ৰয়,
 সিতো মহাজনে শাস্ত্ৰৰ সন্মত জানি।
অল্পসবো হোৱে বিষ্ঠা প্ৰায়,  সুগন্ধিত জল মূত্ৰ ন্যায়,
 বিষ্ণুক নেদিলে যিহেতু হৱয় হানী॥ ৬৯২

বন্দন।

চবি।

মোৰ পদে থাপি শিৰ,  দুই হাতে দুইপদ,
 ধৰি নৰে কৃষ্ণৰ চৰণ।
প্ৰসন্ন হুয়োক দেৱ,  বুলি উচ্চৰিবে সখি,
 প্ৰণামৰ এহিসি লক্ষণ॥ ৬৯৩
বাহুপদজানুশিৰ,  বক্ষস্থল চক্ষুমন,
 আসম্বাক কৰিয়া সাধন।
প্ৰণামে হৰিক যিতো,  পঞ্চাঙ্গ প্ৰণাম বুলি,
 শাস্ত্ৰে আক কৰে নিৰূপণ॥ ৬৯৪

[ ১৩৩ ]

অক্ৰূৰে বোলন্ত মোৰ,  অমঙ্গল নষ্ট ভৈল,
 জন্মৰ আজিসে হৈবে ফল।
যি হেতু কৃষ্ণক মঞি, দণ্ডৱতে প্ৰণামিবো,
 যোগীধ্যান চৰণ কমল॥ ৬৯৫
বামনৰ আগে বলি,  বোলন্ত মিনতি কৰি,
 প্ৰভু মঞি কিবা দিবো দান।
প্ৰণামৰো নহোঁ পাত্ৰ,  উদ্যম কৰিলোঁ মাত্ৰ,
 তথাপিতো কৰা বহুমান॥ ৬৯৬
লোক পালো দেবচয়, যিতো কৃপা নপাৱয়,
 তাকো মোত আপুনি কৰিলা।
প্ৰহলাদৰ নাতি বুলি,  দান লৈলা হাত পাতি,
 অঙ্কাৰ গুচাই বান্ধ দিলা॥ ৬৯৭
বিস্তৰ পাতেক কৰি,  যিতো জনে নমে হৰি,
 সিতোজনে নৰকে নযাই।
সৰ্ব্বপাপহাৰী হৰি,  তাৰ পাপ দূৰ কৰি,
 দাস কৰি ৰাখন্ত সদাই॥ ৬৯৮
একাঙ্গ প্ৰণাম কৰি, পূৰ্ব্বকল্প সহস্ৰৰ,
 যতেক আছয় পাপচয়।
সমস্তে কৰয় নাশ,  অবিলম্বে নৰে মাত্ৰ,
 পদ্ম পুৰাণত আৰু কয়॥ ৬৯৯

[ ১৩৪ ]

পতন খলনে যিতো,  সৰ্পবিষ জ্বৰ তাপে,
 গাত্ৰভঙ্গ তাড়নে বোলয়।
হৰিক প্ৰণামো মঞি,  বচন বোলয় মাত্ৰ,
  তেৰে নৰকত নপৰয়॥ ৭০০
কপট পূৰ্ব্বকে যিতো,  বিষ্ণুক নময় সিতো,
 পূৰ্ব্বৰ জন্মৰ যত পাপ।
তেতিক্ষণে কৰে নাশ,  নাহিকে সন্দেহ আত,
 পলাই পাপ পায়া মহাতাপ॥ ৭০১
বিষ্ণুৰ প্ৰণাম সম,  তীৰ্থ কোটী নুহিকয়,
 যজ্ঞ কোটী নুহিকে সমান।
যি হেতু বিশ্বাস কৰি,  শৰণ পূৰ্ব্বকে নমি,
 সংসাৰক কৰয় নিৰ্জ্জান॥ ৭০২
একবাৰ কোনো জনে,  কৃষ্ণক প্ৰণাম কৰি,
 পুনুৰপি সংসাৰে নাশয়।
দশ অশ্বমেধ কৰি, মুহিকে তাহাৰ সৰি,
 যিতো পুনু সংসাৰে ভ্ৰময়॥ ৭০৩
নৰসিংহ দেব পূজ্য,  তাহান প্ৰণাম গুহ্য,
 যিতো নমে কায় বাক্য মনে।
তাঙ্ক মোৰ নমস্কাৰ,  যাতো জানিলেক সাৰ,
 যাক পূজা কৰে দেবগণে॥ ৭০৪

[ ১৩৫ ]

মুকুন্দক নমস্কাৰ,  যিতো নৰে নকৰয়,
 তাৰ শিৰ কেৱলে বিফল।
মুকুট কুণ্ডলে যদি,  বিভূষিত হোৱে শিৰ,
 বোলে তাক মহন্ত সকল॥ ৭৫
ভগবন্ত ভক্তচয়,  নাম শাস্ত্ৰে প্ৰকাশয়,
 তাসম্বাক দেখি যিতো নৰে।
নমস্কাৰ নকৰয়,  তাৰো জন্ম ব্যৰ্থ হয়,
 পৰজন্মে নৰকত পৰে॥ ৭০৬
আজস্ম পৰ্য্যন্ত যিতো,  স্বধৰ্ম্ম আচৰি থাকে,
 তাকো নাশ কৰে একবাৰে।
যিতো নৰে এক হস্তে,  বিষ্ণু বৈষ্ণৱক নমে,
 পৰলোকে নৰক নসাৰে ॥৭০৭
পৃথিবী জানিবা তুমি,  বসনে আবৃত হুয়া,
 দণ্ডৱত আমাক কৰয়।
শ্বেত কুষ্ঠে যুক্ত হুই  সাত জন্ম ফুৰিবেক,
 মুখ হুইবে কহিলু নিশ্চয়॥ ৭০৮
যত যত পাপচয়,  জন্মান্তৰে কৰিছয়,
 মনুষ্য শৰীৰ নৰে পাই।
পদে পদে প্ৰদক্ষিণ  পূৰ্ব্ব পাপো হৱে নাশ,
 পুণ্যচয় বাঢ়ে সমুদাই॥৭০৯

[ ১৩৬ ]

ফলৰূপ দাস্য।

লেচাড়ি।

উদ্ধৱ কৃষ্ণৰ নিজদাস,  তানে দাস্য ভাবে অভিলাষ,
 কৃষ্ণক বোলন্ত চৰণে কৰিয়া সেৱ।
তজু অৱশেষ গন্ধপুষ্প,  বস্ত্ৰ অলঙ্কাৰ শ্ৰেষ্ঠতৰ,
 উপভোগ কৰি মায়া তৰিবো দেৱ॥ ৭১০
কৃষ্ণক দেখিয়া পত্নীচয়,  অবহিত মনে সাদৰয়,
 আসনে বসায়া পাদপদ্ম পখালন্ত।
তাম্বুল চন্দন গন্ধপুষ্প,  নিজ হাতে দেন্ত সাদৰিয়া,
 যদ্যপি সঙ্গতে দাসী আছে অপৰ্য্যন্ত॥ ৭১১

সাধন-দাস্য।

লেচাড়ি।

কায়বাক্য মনবুদ্ধি চিত্তে,  যিতো নৰে কৰ্ম্ম কৰে নিতে,
 স্বভাৱত থাকি লৌকিক যিতো কৰয়।
পৰম পুৰুষ নাৰায়ণে,  সবে নিবেদোক সাৱধানে,
 নাৰায়ণ বুলি লৌকিক বৈদিকচয়॥৭১২
শুনিয়ো অৰ্জ্জুন সখি তুমি,  তোমাত ৰহস্য কহোঁ আমি,
 যিতো কৰ্ম্ম কৰা যি কিছো কৰা ভোজন।

[ ১৩৭ ]

অগ্নিত হোবন কৰা ঘৃত,  তপস্যা আচৰা যিতো হিত,
 সমস্তে কৰিয়ো মোত যত্নে নিবেদন॥৭১৩
এহিমতে কৰি নিবেদন,  কৰ্ম্মফল তেজি অনুক্ষণ,
 পাপ পুণ্যে বঞ্চি হৈবাহা সখি মুকুত।
কৰ্ম্মযোগে চিত্ত শুদ্ধি কৰি,  জ্ঞান পৰিপক্বে পৰিহৰি,
 আমাক লভিবা ই পুনু শাস্ত্ৰ যুগুত॥৭১৪
গৰুড় পুৰাণে কহিচয়,  পুৰুষে যি কৰ্ম্ম কৰি ৰয়,
 পূৰ্ব্ব কৰ্ম্মবশে ভালমন্দ কদাচিত।
নাৰায়ণে পুনু সমৰ্পয়,  পুণ্য পাপে পুনু নবান্ধয়,
 ঈশ্বৰে অৰ্পিলে নুহি ইতো বিপৰিত॥৭১৫
যজ্ঞ যোগ উগ্ৰ তপ ব্ৰত,  অগ্নিহোত্ৰ আদি বিধিবত,
 পুৰুষ সবৰ বেদে কহি আছে বিধি।
অবিনাশী ফল সমস্তৰ,  কৃষ্ণত অৰ্পিলে নুহি নাশ,
 কৃষ্ণত অৰ্পিলে সমস্তৰে হোৱে সিদ্ধি ৭১৬
নিষ্কাম কৰ্ম্মৰ আৰম্ভৰ,  অল্পোমাত্ৰ সখি নাহি নাশ,
 প্ৰত্যবায় আত নাহিকয় কদাচিত।
এতেকে মনৰ সংশয়ক,  তেজি ভজা সখি ঈশ্বৰক,
 নিষ্কাম কৰ্ম্মেসে হৰিৰ তোষৰ ধিত॥৭১৭
নিষ্কাম কৰ্ম্মৰ নাহি হানী,  উদ্ধৱ জানিবা নিষ্টবাণী,
 আৰম্ভ মাত্ৰকে অণুমাত্ৰো নাশ নাই।

[ ১৩৮ ]

মন্বাদিৰ মুখে ধৰ্ম্ম কৈলোঁ,  ব্যবহাৰধৰ্ম্ম থাপি খৈলোঁ,
 নিজ মুখে আক কহিলো নিৰ্গুণ চাই॥৭১৮
ব্ৰহ্মা বৃন্দাবনে স্তুতি কৰি,  কৃষ্ণ পদৰেণু শিৰে ধৰি,
 ব্ৰজৰ ভাগ্যক বৰ্ণাইলন্ত চাৰি মুখে।
কিনু ভাগ্য কিন্তু ভাগ্য দেখা,  কোনে কহিবেক আৰ লেখ
 ইতো ব্ৰজবাসী তৰিলে সংসাৰ সুখে॥৭১৯
যাৰ মিত্ৰ ভৈলা ব্ৰহ্মে আসি,  কৃষ্ণ হেন নাম পৰকাশি
 পৰম আনন্দ সত্য শুদ্ধ সনাতন।
আন মিত্ৰসম নুহিকয়,  যিহেতু বিয়োগ নঘটয়
 হেন কৃষ্ণে ভৈলা ব্ৰজৰ যিতো জীবন॥৭২০
ঋষভ কৃষ্ণৰ অৱতাৰ,  পুত্ৰক বুজান্ত সাৰে সাৰ
 কৃষ্ণত সখিত্ব দেখাইবাৰ দেখা ফল।
শুনা পুত্ৰগণ বাক্য মোৰ,  মন ভৈল ইতো বৰচোৰ
 আক জিনিবাক আছে এক মহা ছল॥ ৭২১
যি মতে সংসাৰ উপজয়,  হেনয় কৰ্ম্মক কৰাৱয়
 অবিদ্যাৰ বলে পৰম দুৰ্জ্জন মনে।
মঞি বাসুদেবে সখ্য যাবে,  নকৰয় তাৱে সৰ্ব্বভাৱে
 দেহৰ সম্বন্ধ নেতেজে তাক যতনে॥ ৭২২

[ ১৩৯ ]

আত্ম-নিবেদন।

চবি।

ভগবন্ত দেবে যিতো,   দেহ নিবেদিল সিতো,
 কৃষ্ণৰ কৃপাৰ পাত্ৰ হোৱে।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ,  সিতো পুৰুষক সদা,
 স্তুতি কৰি নম্ৰ হুয়া ৰৱে॥ ৭২৩
যেন গৰু দিয়া দান,  তাত তেজে অভিমান,
 পোষণ পালন বিষয়ত।
সেহি মতে ভগৱন্তে,   দেহক নিবেদি ভক্তে,
 নিশ্চিন্ত হোৱয় সংসাৰত॥ ৭২৪
সৰ্ব্ব কৰ্ম্ম পৰিহৰি,   আমাত নিবেদে দেহ,
 যি কালত বিচক্ষণ নৰে।
তেতিক্ষণে হোৱে ইষ্ট,  আমাৰ সমান সিতো,
 ঐশ্চৰ্য্যক পায়া ভব তৰে॥ ৭২৫
যদি বোলা কৰ্ম্ম তেজি,   আত্ম নিবেদন শ্ৰেষ্ঠ,
 কৰ্ম্ম বিধি হোৱয় বিনাশ।
ইহাৰ উত্তৰ শুনা,  শ্ৰীমন্ত প্ৰহলাদ বাক্যে,
 কৰ্ম্ম ধৰ্ম্ম তেজিয়া বিনাশ॥ ৭২৬
ধৰ্ম্ম অৰ্থ কাম ইতো,  ত্ৰিবৰ্গ কহিছে বেদে,
 তাহাৰ সাধন আছে যত।

[ ১৪০ ]

অন্তৰ্য্যামী ঈশ্বৰৰ,  দেহ নিবেদনে পাচে,
 সাধন হোৱয় মানুষত॥৭২৭

দোলড়ি।

শ্ৰৱণ কীৰ্ত্তন,  স্মৰণ বিষ্ণুৰ,
 অৰ্চ্চন পাদ সেৱন।
বন্দন সখিত্ব,  দাস্য নিবেদন,
 ভকতি নৱ লক্ষণ॥৭২৮
গুণৰ ভেদত,  বহুবিধ হোৱে,
 শ্ৰবণকীৰ্ত্তনচয়।
একবিধ মাত্ৰ,  নিৰ্গুণ ভকতি,
 কহিছস্ত কৃপাময়॥ ৭২৯

কীৰ্ত্তন।

ঘোষা।

হৰি ৰাম নাৰায়ণ নাৰায়ণ হৰি।
শৰণ পশিলোঁ তজু লয়ো দাস কৰি॥

পদ।

জয় জয় ভগৱন্ত কৃষ্ণ কৃপাময়।
তোমাৰ একান্ত সন্তে মায়াক নাশয়॥ ৭৩০

[ ১৪১ ]

অম্বাৰষ নামে আছিলন্ত ৰাজঋষি।
সপ্তদ্বীপাৱতী মহা পালিলা হৰিষি॥
অবিনাশী সম্পদ লভিয়া মহাশয়।
স্বপ্নৰ সদৃশ কৰি মানিলা নিশ্চয়॥৭৩১
অন্য পুৰুষৰ ইতো দুল্লভ পৰম।
যাহাক বাঞ্চিয়া তপ কৰে নিৰুপম॥
অম্বৰিষে মানিলন্ত সম্পদ বিনাশী।
যাহাৰ কাৰণে সংসাৰক পাৱে আসি॥৭৩২
ভগবন্ত বাসুদেবে লভিলা ভকতি।
তাহান একান্ত সন্তে মানিলন্ত ৰতি॥
কামনা কৰিয়া ৰাজা ভোগ নকৰন্ত।
যিহেতু বিষয়ে লঙ্ঘিবাক নপাৰন্ত॥৭৩৩
এহিমতে নৱ বিধ কৰিলা ভকতি।
সমস্তৰে ফল লৈলা সন্তৰ সঙ্গতি।
শুনা সভাসদ ইতো কৃষ্ণৰ কীৰ্ত্তন।
অম্বৰিষ চৰিত্ৰত সবে দিয়া মন॥৭৩৪
নৱ বিধ ভক্তি কৰি সঙ্গতি সন্তৰ।
প্ৰাৰ্থিলন্ত অম্বৰিষে অভিমত বৰ।
হেন জানি সন্তৰ সঙ্গতি কৰা ৰতি।
হৰি হৰি ঘুষি সাধা আপুনাৰ হিত॥৭৩৫

[ ১৪২ ] ঘোষা।

গোপাল কৃপাল দয়াময়,
 তজু গুণ গাইবো মাত্ৰ।
তোমাৰ ভক্তৰ দ্ৰোহীক দেবতা,
 ৰাখিবাৰ নহোঁ পাত্ৰ॥৭৩৬

পদ।-

এহিমতে ৰাজা,  পালিলম্ভ প্ৰজা,
 কৃষ্ণত কৰি ভকতি।
বিষ্ণুভক্তসবে,  যিতে বোধ দেন্ত,
 তাতে দৃঢ় কৰি মতি॥৭৩৭
অশ্বমেধ কৰি,  ফল পৰিহৰি,
 হৰিক যজিলা মাত্ৰ।
যাহাৰ যজ্ঞত,  বশিষ্ঠ গৌতম,
 আদি ঋষি ভৈলা পাত্ৰ॥৭৩৮
যাৰ যজ্ঞে আসি,  মূৰতি প্ৰকাশি,
 পূজা লৈলা দেবগণ।
ঋত্বিজে সহিতে,  চিনিবে নোৱাৰি,
 সবে ভৈলা একবৰ্ণ॥ ৭৩৯
যাৰ প্ৰজাগণে,  স্বৰ্গক নমাগে,
 শুনিয়া কৃষ্ণৰ যশ।

[ ১৪৩ ]

মহা মনোহৰ, কৃষ্ণৰ চৰিত্ৰ,
 শুনি পাৱে যাতো ৰস॥ ৭৪০
এহিমতে ৰাজা,  স্বধৰ্ম্ম আচৰি,
 হৰিত কৈলা পিৰিতী।
গৃহ পুত্ৰ দাৰা,  বন্ধু ধনজন,
 সবাতে তেজিলা ৰতি॥ ৭৪১
হস্তী ঘোৰা দোলা,  ৰথ অলঙ্কাৰ,
 ভাণ্ডাৰে যত আছয়।
সমস্তে অসত্য,   মানিলন্ত মনে,
 কৃষ্ণত কৰি নিশ্চয়॥ ৭৪২
তাহান ৰক্ষাৰ,  নিমিত্তে গোবিন্দে,
 দিলন্ত চক্ৰ আপুনি।
যি মতে দুৰ্জ্জনে, নেদে তাঙ্ক দুখ,
 ৰাখিয়ো চক্ৰ আপুনি॥ ৭৪৩
বিষ্ণুক আৰাধো, বুলি সম্বৎসৰ,
 দ্বাদশী ব্ৰত কৰিলা।
ভাৰ্য্যায়ে সহিতে,  ব্ৰতক আচৰি,
 কৃষ্ণ পাৱে মন দিলা॥ ৭৪৪
ব্ৰত অৱসানে, কাৰ্তি্তক মাসত,
 কালীন্দিত কৰি স্নান।

[ ১৪৪ ]

মধুবনে যায়,  হৰিক পূজিয়া,
 বিপ্ৰক দিলন্ত দান॥ ৭৪৬
ব্ৰাহ্মণ সবক, ভোজন কৰায়া,
 সবাকে ৰাজা তুষিলা।
বস্ত্ৰ অলঙ্কাৰ, সুগন্ধ কুসুমে,
 বিপ্ৰৰ গাৱ মণ্ডিলা॥ ৭৪৭
ব্ৰাহ্মণ সকলে,   অনুজ্ঞা দিলন্ত,
 পাৰণা কৰিয়ো বুলি।
পাৰণা কৰিবে,  ইচ্ছা কৰিলন্ত,
 তাসম্বাৰ লৈয়া ধূলী॥ ৭৪৮
সেহি সময়ত,  দুৰ্ব্বাসা আসিলা,
 শিষ্যগণ লৈয়া সঙ্গে ।
তাঙ্ক পূজা কৰি, চৰণত ধৰি,
 নমিলন্ত ৰাজা ৰঙ্গে॥ ৭৪৯
মোৰ বৰ ভাগ,   পাইলোঁ প্ৰভুলাগ,
 কৰিয়ো ভোজন আসি।
ভাল ভাল বুলি,  ঋষি হাত তুলি,
 আশীৰ্ব্বাদ কৰে হাসি॥ ৭৫০
কুশলে থাকিয়ো,  সম্ভাৰ জোৰায়ো,
 আসোঁ মঞি স্নান কৰি।

[ ১৪৫ ]

এহি বুলি ঋষি,  কালিন্দীক গৈলা,
 হাতত কৰণ্ডি ধৰি॥ ৭৫১
কালিন্দীৰ জল,  পায়া নিৰিমল,
 কৰিলন্ত ঋষি স্নান।
কৰ্ম্ম সমৰ্পিয়া,   দৃঢ় কৰি হিয়া,
 ব্ৰহ্মক কৰিলা ধ্যান॥ ৭৫২
পাৰণাক প্ৰতি, একদণ্ড মাত্ৰ,
 আছে অৱশেষ জানি।
সহি সময়ত, পাৰণা তেজিলে,
 ব্ৰতৰ হোৱয় হানি॥ ৭৫৩
ধৰ্ম্মৰ শঙ্কট, | দেথি মহাৰাজা,
 বিপ্ৰগণে জিজ্ঞাসয়।
স্নান কৰিবাক, গৈলন্ত দুৰ্ব্বাসা,
 কাল অতিক্ৰমি যাই॥ ৭৫৪
হেন শুনি ঋষি,  সমস্তে কহিলা,
 ব্ৰতৰ সময় চায়া।
যি মতে ব্ৰাহ্মণ,   নহে অতিক্ৰম,
 ৰাজাত কৈলা বুজাই॥৭৫৫
জলৰ গণ্ডুষ, মাত্ৰে মহাৰাজা,
 কৰিয়ো ব্ৰত পাৰণা।

[ ১৪৬ ]

ইহাক ভুঞ্জিলে,  ব্ৰত ৰক্ষা হৈব,
 ঋষি নহে উলঙ্ঘনা।৭৫৬
জলৰ গণ্ডুষ,   পান কৰি ৰাজা,
 বিপ্ৰৰ আজ্ঞাক পাই।
ঋষি সমস্তৰ,  অনুমতি লৈয়া
 দুৰ্ব্বাসাক আছা চাই॥৭৫৭
সেই সময়ত,   আসিলা দুৰ্ব্বাসা,
 কালিন্দীত কৰি স্নান।
সাদৰিয়া ৰাজা, চৰণে নমিয়া,
 কৰি তাঙ্ক বহুমান॥৭৫৮
ৰাজাৰ শ্ৰেষ্টাক,  জানিয়া দুৰ্ব্বাসা,
 কম্পাইবে লাগিলা গাৱ।
একে ক্ষুধাতুৰ,   কোপৰ বেগত,
 ভূমিত নেদন্ত পাৱ॥৭
দেখা ঋষি সব, ইহাৰ মহিমা,
 ইতো ক্ৰুৰ দুৰাশয়।
নিমন্ত্ৰণ কৰি, মোক নুভুঞ্জায়া,
 আপুনি খায়া আছয়॥৭৬০
দেখা মোৰ বল,  সদ্যে দেওঁ ফল,
 ইহাক কৰোঁ সংহাৰ।

[ ১৪৭ ]

এহি বুলি ঋষি,  জটাক চিড়িয়া,
 কৰিলা তাঁঙ্ক প্ৰহাৰ॥৭৬১
জটাৰূপ ধৰি, দড় দড় কৰি,
 ৰাজাক খেদিয়া যাই।
কৃষ্ণৰ চৰণ,  স্মৰিয়া মনত,
 নলৰিলা মহা ৰাই॥৭৬২
চক্ৰে আছে চাই,  জটা খেদি যাই,
 ৰাজাক কৰিবে নাশ।
নিজ ৰূপ ধৰি,  কৃত্যাক সংহৰি,
 ঋষিৰ জলাইলা ত্ৰাস॥৭৬৩
প্ৰয়াস নিষ্ফল,  দেখিয়া দুৰ্ব্বাসা,
 চক্ৰক আছন্ত চাই।
কিকৰিলো পাপ,  আচৰিলোঁ তাপ,
 মোক দেখোঁ আসে ধাই॥৭৬৪
এহি বুলি ঋষি,  প্ৰাণৰ কাতৰে,
 ভীৰিয়া দিলন্ত লৰ।
পাচত খেদন্ত,  চক্ৰে কৰি তাপ,
 দেখি আসে দড় দড়॥৭৬৫
দশো দিশ চাই, ঋষি পলাই যাই,
 চক্ৰ খেদি যাস্ত পাচে।

[ ১৪৮ ]

মেৰুৰ গুহাত, পলায়া ৰহিলা,
 চক্ৰো গৈলা পাচে পাচে॥৭৬৬
আকাশ পৃথিবী,  পাতালে পলায়,
 সাগৰে ডুব দিলন্ত।
চক্ৰো দিয়া বুৰ, জলৰ ভিতৰ,
 ঋষিক খেদি নিলন্ত॥৭৬৭
যৈতে যৈতে যান্ত,  তৈতে তৈতে পান্ত,
 চক্ৰে দেন্ত মহা তাপ।
ব্ৰহ্মাৰ পাশক, গৈয়া বুলিলন্ত,
 ৰাখা তুমি মোক বাপ॥৭৬৮
ব্ৰহ্মা নিগদতি,  শুনিয়ো দুৰ্ব্বাসা,
 ভকতৰ দ্ৰোহী তঞি।
তোহোক ৰাখিবে,  মোহোৰ শকতি,
 নাহিকে জানা নিশ্চয়॥৭৬৯
যাহাৰ কটাক্ষে,  ইতো ব্ৰহ্মলোক,
 তিলেকে হোৱে বিনাশ।
হেনয় কৃষ্ণৰ, ভকত দ্ৰোহীক,
 ৰাখিবেক কাৰ সাস॥৭৭০
ব্ৰহ্মা নৰাখিলা,   ঋষি লৰ দিলা,
 শঙ্কৰৰ গৈয়া পাশ।

[ ১৪৯ ]

পুত্ৰ বুলি মোক,  ৰাখিবন্ত হৰে,
 মনত কৈলন্ত সাস॥৭৭১
ৰাখা মোক বাপ,  পাঞো মহাতাপ,
 তুমিসে জনক মোৰ।
অল্প অপৰাধে,  চক্ৰে পুৰি মাৰে,
 তাপ দেই মহা ঘোৰ॥৭৭২
শঙ্কৰ বদতি,  শুনিয়ো দুৰ্ব্বাসা,
 ৰাখিতে নাহি শকতি।
আমি পৰাধীন, কৃষ্ণসে ঈশ্বৰ,
 যিহেতু কৰোঁ ভকাত॥৭৭৩
নাৰদ সনত-   কুমাৰ কপিল,
 শুক ভীষ্ম বলিৰায়।
যাহাৰ মায়াক, নজানে যিহেতু,
 মায়ায়ে মোহিত হয়॥৭৭৪
তাহান ভক্তৰ,  দ্ৰোহ কৰি আছা,
 নোৱাৰোঁ আমি ৰাখিতে।
তাহান চৰণে,   শৰণ পশিয়ো,
 যদি মানা আত্মাহিতে॥৭৭৫
এহি বাণী শুনি,  বৈকুণ্ঠক গৈলা,
 যৈত আছে লক্ষ্মীপতি।

[ ১৫০ ]

চৰণে পৰিয়া,  বিনাবে লাগিলা,
 ৰাখা অগতিৰ গতি॥৭৭৬
নোমাত বিনায়ে,  তিনিয়ো জগতে,
 ৰাখন্তা নাহিকে আন।
তযু চক্ৰে মোক,  পুৰি মাৰে হৰি,
 কৰিয়োক পৰিত্ৰাণ॥৭৭৭
শুনা সভাসদ, নাচৰিবা দ্ৰোহ,
 ভক্তৰ কিঞ্চিতো মাত্ৰ।
ভক্তৰ দ্ৰোহীক,  ব্ৰহ্মা শিব আদি,
 নুহিকে ৰক্ষাৰ পাত্ৰ॥৭৭৮
হেন জানি সবে,  ভক্তক সৎকাৰ,
 কৰা কায়বাক্যমনে।
সন্তৰ চৰণ, ৰেণু ধৰি শিৰে,
 হৰি বোলা ঘনে ঘনে॥৭৭৯

ঘোষা।—

ভকতবৎসল ভগৱন্ত,
 দাসৰ হৈয়া অধীন।
ভক্তৰ মহিমা দেখায়া লোকত,
 আপুনাক কৰা হীন॥৭৮০

[ ১৫১ ]

দোলড়ি।

পদ।—

ঈশ্বৰ বদতি,  শুনিয়ো দুৰ্ব্বাসা,
 ভক্তৰ অধীন মঞি।
তাসম্বাৰ আগে,  মোৰ কদাচিতো,
 স্বতন্ত্ৰতা নঘটয॥৭৮১
একান্ত ভকতে,  ভক্তি কৰি মোক,
 বান্ধে প্ৰেম জৰি দিয়া।
এতেকেসে মঞি,  তাসম্বাক সদা,
 মনত থাকো চিন্তিয়া॥৭৮২
ভকতত বিনা,  আপুনাক মঞি,
 নমানোহো পূৰ্ণ কৰি।
ভক্তৰ সমান,  ত্ৰৈলোক্যত মোৰ,
 কোন বন্ধু আছে সৰি॥৭৮৩।
লক্ষ্মীয়ো সমান,  নুহিকে ভক্তৰ,
 যিহেতু লক্ষ্মী সকাম।
একান্ত ভকতে,  নিষ্কামে ভজিয়া,
 গাৱে মোৰ গুণ নাম॥৭৮৪
এতেকে ভক্তত,  বিনায়ে লক্ষীত,
 বাঞ্চা মোৰ নাহিকয়।

[ ১৫২ ]

একান্ত ভক্তৰ,  মঞি মাত্ৰ গতি,
 প্ৰপঞ্চ মিচা কহয়॥৭৮৫
যিতো ভক্তগণে,  কায় বাক্য মনে,
 ভাৰ্য্যা পুত্ৰ গৃহজয়।
ইহ পৰলোকে,  সমস্তকে তেজি,
 ভজিলে মোক নিশ্চয়॥৭৮৬
হেনয় ভক্তক, কেনমতে মই,
 তেজিবো ঈশ্বৰ হুই।
যি হেতু আমাত,  বিনায় ভকতে,
 নেদেখয় বস্তু দুই॥৭৮৭
মোত দিয়া হিয়া,  বিষয় তেজিয়া,
 আমাক কৰয় বশ।
সম দৃষ্টি হুই, আনন্দ পূৰ্ব্বকে,
 গাৱয় আমাৰ যশ॥৭৮৮
একান্ত ভকতি, কৰিয়া ভকতে,
 আমাক অধীন কৰে।
যেন পতিব্ৰতা নাৰীয়ে স্বামীক,
 যিতো বোলে তাকে ধৰে॥৯৮৯
মোৰ সেৱা বলে,  সালোক্যক আদি,
 চতুৰ্ব্বিধ মুক্তিচয়।

[ ১৫৩ ]

মোক লয়ো বুলি,  একান্ত সন্তৰ,
 আগে স্তুতি কৰি ৰয়॥৭৯০
ভক্তি ৰসে ভক্তে,  পৰিপূৰ্ণ হুয়া,
 মুকুতিকো তেজি ৰয়।
বিষয়ীৰ সুখ, তেজিবে ভকতে,
 ইহাত কোন সংশয়॥ ৭৯১
আমাৰ হৃদয়, একান্ত ভকতে,
 তাৰাৰো হৃদয় মঞি।
আমাত বিনায়,  যিহেতু ভকতে,
 অন্য দেব নেদেখয়॥ ৭৯২
তাসম্বাত বিনা,  সংসাৰত মোৰ,
 নাহিকয় প্ৰিয় আন।
ভকতেসে ধন, ভকতে জীবন,
 ভকতে সে মোৰ প্ৰাণ॥ ৭৯৩
কায়বাক্য মনে,  মোক ভক্তে ভজে,
 ময়ো ভজোঁ তাসম্বাক।
ইতো সত্য হয়,  জানিবা নিশ্চয়,
 মানিবাহা দৃঢ়বাক॥ ৭৯৪
এতেকেসে তোৰ,  যাত হন্তে ইতো,
 ভয় ভৈলা উপস্থিত।

[ ১৫৪ ]

তান পাশে গৈয়া,  স্তুতি নতি কৰি,
 সাধিয়ো আপুন হিত॥ ৭৯৫
ঈশ্বৰৰ বাণী, শুনিয়া দুৰ্ব্বাসা,
 তেখনে লৰিয়া গৈলা।
চৰণত পৰি, অপৰাধ মাগি,
 তুতি কৰিবাক লৈলা॥ ৭৯৬
অম্বৰিষ ৰাই,  দুৰ্ব্বাসাক পাই,
 চক্ৰক কৰিলা স্তুতি।
অপৰাধ মাগি, দুৰ্ব্বাসাক ৰাখি
 ভুঞ্জাইলা কৰি ভকতি॥ ৭৯৭
কৰিয়া ভোজন,  স্বস্ত কৰি মন,
 আশীৰ্ব্বাদ কৰিলন্ত।
ধন্য ৰাজা বুলি,  ঋষি হাত তুলি,
 সাদৰি লৰি গৈলন্ত॥ ৭৯৮
শুনা সাধুগণ,   কৰিয়া যতন,
 ইতো কথা বিপৰিত॥
সাধুৰ দ্ৰোহক,  তেজিয়ো সততে,
 যদি চাৱা আত্মহিত॥ ৭৯৯
সন্তক গোবিন্দে, ৰাখন্ত সদাই,
 হাতে ধৰি চক্ৰ গদা।

[ ১৫৫ ]

ভক্তৰ জীৱন,  হৰি তৈতে থাকা,
 যৈত গুণ গাৱে সদা॥ ৮০০
ভকতে জীৱন,  ভকতে সে প্ৰাণ,
 ভকতে কৃষ্ণৰ ধন।
কায়বাক্য মনে, ভকতক চিন্তি,
 থাকা হৰি অনুক্ষণ॥ ৮০১
এতেক ভক্তৰ,  দ্ৰোহী যিতো জন,
 হৰিৰো পৰম দ্ৰোহী।
ভাগৱত শাস্ত্ৰ, পূৰ্ব্বাপৰ চাৱা,
 আপুনিয়ো বিমৰষি॥ ৮০২
নমো নমো হৰি,  লৈয়ো দাস কৰি,
 ভকতৰ সঙ্গ দিয়া।
যেন তাসম্বাৰ,  নাচৰোঁহো দ্ৰোহ,
 থাকিবো আজ্ঞা পালিয়া॥ ৮০৩
মঞি মহাপাপ,  লভো মহাতাপ,
 সংসাৰ গৰ্ত্তৰ পৰি।
হৃদয়ত থাপো, অৰুণ চৰণ,
 থাকোহো দুখ পাসৰি॥ ৮০৪
সভাসদ লোক,  কৃপা কৰা মোক,
 পূৰা মোৰ মন কাম।

[ ১৫৬ ]

কহয় গোপাল, মিশ্ৰে মুখভৰি,
 ডাকি বোলা ৰাম ৰাম॥ ৮০৫

দেৱ দামোদৰ।

ঝুমুৰি।

জয় দামোদৰ দেৱ।
কৰো কোটী কৌটা সেৱ॥
সন্তৰূপে অৱতাৰ।
যিতো ভৈলা সাৰে সাৰ॥ ৮০৬
পূৰ্ব্বে কৃষ্ণ নাম ধৰি।
যশস্যা থৈলন্ত ভৰি॥
তাক শুনো বুলি আসি।
নিজৰূপ পৰকাশি॥ ৮০৭
শুনিলন্ত গুণ গ্ৰাম।
তেজি বিষয়ৰ কাম॥
প্ৰেমে পুলকিত কায়৷
লোটক বহিয়া যায়॥ ৮০৮
বাক্য কৰে গদ গদ।
প্ৰবোধন্ত সভাসদ॥

[ ১৫৭ ]

সুনিৰ্ম্মল মুখপদ্ম।
নাম মকৰন্দ সদ্ম॥ ৮০৯
তনু জলে ফটফট।
যেন সুবৰ্ণৰ ঘট॥
বসি থাকা সুগম্ভীৰ।
সমুদ্ৰ সদৃশ ধীৰ॥ ৮১০
যাৰ সুগম্ভীৰ সত্ৰ।
বিজয় অজয় পুত্ৰ॥
দেখি চমৎকাৰ হোৱে।
বৈকুণ্ঠ বুলিয়া কৱে॥ ৮১১
যাত সাধু অবিৰত।
কথামৃত সাগৰত॥
স্নান পান সদা কৰি।
কথা শুনা শাৰী শাৰী॥ ৮১২
যেন শোভে ৰাজহংস।
উদ্ধাৰয় নিজবংশ।
যাৰ পাদ পদ্মে পৰি।
ভক্তে নানা স্তুতি কৰি। ৮১৩
সপ্ৰেম ভকতি চাৱে।
জয় দামোদৰ গাৱে॥

[ ১৫৮ ]

হৰয় সম্পুৰ্ণ কাম।
সত্ৰ পাতে ছামে ছাম॥ ৮১৪
গীতা ভাগৱত নাম।
পঢ়ে শুনে পূৰে কাম॥
দেৱ দামোদৰ গুৰু।
সুবৰ্ণৰ ভৈলা মেৰু॥ ৮১৫
পূৰ্ব্ব দিশে বংশীদেৰ।
সদা যাক কৰা সেৱ॥
মন্দৰ সদৃশ ভৈলা।
সেৱা কৰি নম্ৰে ৰৈলা॥ ৮১৬
দক্ষিণত সন্তদেৱ।
অবিৰতে কৰি সেৱ॥
মেৰু মন্দৰৰ সম।
নম্ৰে ৰৈলা নিৰূপম॥ ৮১৭
বলদেৱ পশ্চিমত।
সদা ভৈলা অনুগত॥
প্ৰভুৰ বিশ্বাস ৰৈলা।
উদ্ধৱ সদৃশ ভৈলা॥ ৮১৮
স্বপাৰ্শ্ব গিৰিৰ সম।
ভাগৱতে নিৰূপম॥

[ ১৫৯ ]

ভগৱান উত্তৰত।
দামোদৰ অনুগত॥ ৮১৯
কুমুদ সদৃশে ৰৈলা।
পাপীকো নিস্তাৰ কৈলা।
শ্ৰীমন্ত পৰমানন্দ।
জীৱৰ হৰন্ত বন্ধ॥ ৮২০
প্ৰভু যাক থাপি থৈলা।
সত্ৰ প্ৰবৰ্ত্তায়া ৰৈলা।
ভাগৱত ভট্টাচাৰ্য্য।
ভাগৱতে ভৈলা আৰ্য্য॥ ৮২১
মেৰু মূলে বসিলন্ত।
ভাগৱত সদা কন্ত॥
ভাগৱত পঞ্চানন।
ভাগৱতে বিচক্ষণ॥ ৮২২
প্ৰভুৰ মানিয়া মত।
শুনাৱন্ত ভাগৱত॥
মহাভক্ত নাৰায়ণ৷
পদুকা যাহাৰ ধন॥ ৮২৩
শিৰত পাদুকা থন্ত।
দামোদৰ উচ্চৰন্ত॥

[ ১৬০ ]

সন্তৰূপে জয়ৰাম।
সাধিলা মনৰ কাম॥ ৮২০
যাৰ নাম বৃন্দাবন।
প্ৰেমনদী অনুক্ষণ॥
আৰো বৃদ্ধ দামোদৰ।
মহাশুদ্ধ কলেৱৰ॥ ৮২৫
কৃষ্ণ মিশ্ৰ অবিৰত।
কেৱল সন্তৰ মত॥
শ্ৰীমন্ত মুকুন্দ সম্ভ।
সদা নাম অবিৰত॥ ৮২৬
বংশী দেব আদি কৰি।
বাহ্ৰ ভক্তে মূৰ্ত্তি ধৰি॥
সদা যাক কৰা সেৱ।
হেন দামোদৰ দেৱ॥ ৮২৭
আনো যত ভক্তগণ।
যাৰ পদে দিয়া মন॥
স্থানে স্থানে সত্ৰ কৰি।
প্ৰভু মত অনুসৰি॥ ৮২৮
জীৱৰ ভৈলন্ত বন্ধু।
তৰাইলা সংসাৰ সিন্ধু॥

[ ১৬১ ]

তাসম্বাক নমস্কাৰ।
কৰোঁ মঞি সাৰে সাৰ॥ ৮২৯
মেৰুৰ কেশৰ সম।
শ্ৰোতা সব নিৰূপম॥
মেৰুৰ মূলত ৰন্ত।
নাম গান্ত কথা কন্ত॥ ৮৩০
প্ৰভুৰ তনয় ধীৰ।
শ্ৰীকৃষ্ণ সুগম্ভীৰ॥
ভাগৱত মিশ্ৰনাম।
ভাগৱতে অনুপাম॥ ৮০০
বনমালী বিচক্ষণ।
অৰ্থত নিপুণ মন॥
শ্ৰীমন্ত কমলাকান্ত।
সদা লোক প্ৰবৰ্ত্তান্ত॥ ৮৩১
হৰি আতা মহাভাগ।
শ্ৰবণত অনুৰাগ॥
শ্ৰীমন্ত কেশব ভক্ত।
দামোদৰ অনুগত॥ ৮৩২
গোবিন্দ পৰমধীৰ।
প্ৰেমৰসে বৱে নীৰ॥

[ ১৬২ ]

শুভাশয় হৰিদাস।
প্ৰভুৰ চৰণে আশ॥ ৮৩৩
ভক্ত মনোহৰ শিষ্ট।
শ্ৰবণত সদা নিষ্ট॥
সপ্ৰেমী ভকতদাস।
কীৰ্ত্তনত অভিলাষ॥ ৮৩৪
ৰঘুনাথ মহাশয়।
নানা ৰস বৰিষয়॥
অপৰ গোবিন্দ সন্ত৷
সদা কৃষ্ণ উচ্চৰন্ত॥ ৮৩৫
আনো ভক্ত অসংখ্যাত।
সদা প্ৰকাশন্ত যাত॥
তাসম্বাৰ নামচয়।
পদ বাহুল্যক ভয়॥ ৮৩৬
ন কহিলোঁ ভিন্ন কৰি।
মোক মোৰ বুলি ধৰি॥
সবে আশীৰ্ব্বাদ কৰা।
কৃপাগুণ অনুসৰা॥ ৮৩৭
দেৱ দামোদৰ পাৱে।
মোৰ মন সৰ্ব্বভাৱে॥

[ ১৬৩ ]

ৰহোক বিশ্বাস কৰি।
সততে স্মৰোক হৰি॥ ৮৩৮
শুনা সভাসদ চয়।
কলিৰো তেজিয়া ভয়॥
গুৰুৰ চৰণে ভজা।
বিষয়ৰ সঙ্গ তেজা। ৮৩৯
গুৰু হৰি বস্তু দুই।
বিচাৰত ভিন্ন নুই॥
একে বস্তু বুলি ধৰা।
অভেদ ভকতি কৰা॥ ৮৪০
কৃষ্ণৰ তোযৰ বীজ।
গুৰু সেৱা হয় নিজ॥
নমো নষ্ণে মা কৃস্বামী।
পৰম দুখিত আমি॥ ৮৪১
অপাৰ ঠাকুৰ দেৱ।
কৌটী কৌটী কৰো সেৱ॥
তাৰিয়ো সংসাৰ সিন্ধু।
তুমি বিনা নাই বন্ধু॥৮৪২
সন্তৰ সঙ্গক নিয়া।
কেৱল ভকতি দিয়া॥

[ ১৬৪ ]

কহয় গোপাল মিশ্ৰ।
সংসাৰতপায়া কৃচ্ছ॥৮৪৩
গুৰু পদ মনে ধৰা।
সংসাৰ সাগৰে তৰা॥
সৰে পূৰা মনকাম।
ডাকি বোলা ৰাম ৰাম॥ ৮৪৪

নিবেদন।

লেচাড়ি।

শুনা সভাসদ ঘোষা ৰত্ন,  ইহাৰ বিচাৰে কৰা যত্ন
 মোৰ বাক্য বুলি নুদুষিবা কদাচিত।
যেই সেই মতে কৃষ্ণ গুণ,  শুনিলে হৱয় মনপুৰ।
 মোৰ দোষ তেজি আপুনাৰ সাধা হিত॥ ৮৪৫
মঞি মহা মূঢ় মন্দমতি,  যি হেতু নভৈলা কৃষ্ণে ৰতি
 এতেকে চিত্তত নুহিকে শুদ্ধ প্ৰকাশ।
তাক অভিলাষে বিচাৰিলোঁ,  কত অৰ্থ অজিজ্ঞাসি দিলোঁ
 ইহাক দেখিয়া নকৰিবা উপহাস॥ ৮৪৬
বিমৰষি চাৱা পূৰ্ব্বাপৰ,  যদি দেখে তাত কিছু মল,
 নকৰে কি পান মনে কৰি অসন্তোষ৷

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )