যেন যোগ্য প্ৰভু হৌক মোৰ, স্মৰি তৰোঁ ইতো ভৰ ঘোৰ,
স্মৰণতে প্ৰভু সবাৰে হৰা সুলভ ॥৫৫২
বুদ্ধ্যাদি আবৃত মঞি জীব, তুমি ভগবন্ত সদাশিব,
তোমাৰ আমাৰ পটন্তৰ বহুতৰ।
হে দয়াশীল দীনবন্ধু, ভক্তি দিয়া তৰো ভৰ সিন্ধু,
তজু নাম গায়া কৰো মঞি মনপূৰ॥৫৫৩
তজু অংশ মঞি দেবহৰি, মায়া মোক আছে বন্দী কৰি,
তোমাৰ চৰণ সেবাক আদেশ কৰা।
মায়াক মাৰিয়া দূৰ কৰি, মোক নেউক তজু দাস কৰি,
পৰানন্দ মোক নিজ দাস বুলি ধৰা ॥৫৫৪
মিছা তৰ্ক কুকৰ্কশবাদে, ভ্ৰমে মোৰ মতি নৰহৰি,
তাৰ জ্ঞান মাৰ্গ পৰম হোৱে দুষ্কৰ।
মাধব বামন ত্ৰিনয়ণ, গোবিন্দ শঙ্কৰ উচ্চৰিয়া,
মুকুতি লভিবো কেতিক্ষণে গদাধৰ॥৫৫৫
আচৰোক তপ অবিৰত, পৰ্বতত উঠি হৌক হত,
তীৰ্থত ফুৰোক চাৰিয়ো বেদ পঢ়োক।
নানা যজ্ঞে দেব আৰাধোক, অষ্টাঙ্গ যোগকো অভ্যাসোক,
হৰিত বিনায়ে মৃত্যুক নতৰে লোক॥৫৫৬
সংসাৰ কৰতে চিৰে হিয়া, নানাবিধ জীবে তাপ পায়া,
কোন ভাগ্যোদয়ে নৰহে আছে ধৰি।
পৃষ্ঠা:ঘোষাৰত্ন.djvu/১২৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০০)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/0/03/%E0%A6%98%E0%A7%8B%E0%A6%B7%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8.djvu/page124-1024px-%E0%A6%98%E0%A7%8B%E0%A6%B7%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8.djvu.jpg)