সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭)

ভকতৰ প্ৰিয়তম,  নাহিকয় তদু সম,
 সকামিৰ কাম কৰা পূৰ।
নিষ্কামী দাসকো তুমি,  আপুনাকো দিয়া স্বামি
 কৃপা কৰি তব কৰা দূৰ॥১৬৪
কৃষ্ণৰ চৰণে ধৰি,  উদ্ধবে মিনতি কৰি,
 বোলে প্ৰভু কমললোচন।
ভোমাৰ চৰণ পদ্ম,  সমস্ত আনন্দ সদ্ম,
 সন্তে লৱে তাহাতে শৰণ॥১৬৫
ভকতৰ সেবা সুখ,  তৰে সংসাৰৰ দুখ,
 ভকতৰ তুমি হুয়া বন্ধু।
জ্ঞানী কৰ্ম্মী নলভয়,  মায়ায়ে বঞ্চিয় থয়,
 নতৰয় সিতো ভবসিন্ধু॥১৬৬
তোমাৰ প্ৰসাদ পাই,  ভক্তে মায়া তৰি যাই,
 আৰো তুমি হৱাহা অধীন।
যশোদাৰ বান্ধ লৈয়া,  গোপীৰ আজ্ঞাত ৰৈয়া,
 বলিৰ দুয়াৰে প্ৰতিদিন॥১৬৭
ইতো প্ৰভু নুহি চিত্ৰ,  বানৰেও ভৈলা মিত্ৰ,
 কেবল শৰণ লৈলে মাত্ৰ।
ৰামচন্দ্ৰ ৰূপে হৰি,  কৃপালু গুণক ধৰি,
 পশুকো কৰিলা ভক্তি পাত্ৰ॥১৬৮