ইমান টান যে, মই আজি প্ৰায় ২০ বছৰ অসমীয়া পুৰণি সাহিত্য সম্বন্ধে অনুসন্ধান কৰি যিমানবিলাক পুথিৰ বিষয়ে জানিব পাৰিছোঁ, তাৰ লগত তুলনা কৰিলে বোধকৰো এতিয়াও নাম নজনা পুথিৰহে লেখ বেছি হব। তেনেস্থলত এই পুথিৰ লগত মোৰ আগৰ চিনাকী নথকাতো একো আচৰিত হবলগীয়া কথা নহয়। এই ঘোষাৰত্ন পুথিখনি উজনিৰ ফালে কিমান প্ৰখ্যাত তাক ভালকৈ নাজানো কিন্তু কামৰূপৰ ফালে হলে এইখন এখনি নামজলা পুথি আৰু কামৰূপ অঞ্চলৰ দামোদৰী সত্ৰবিলাকত ইয়াৰ ঘোষাবিলাক অতি আদৰেৰে কীৰ্ত্তন কৰা হয়।
এই পুথিৰ ৰচনাকাৰক যে ৺গোপাল মিশ্ৰ কবিৰত্ন আছিল তাক এই পুথিৰ ভণিতাবিলাকৰ পৰাই দেখা যায় , যেনে,
(১) সন্তৰ কৃপাক অনুসৰি,
তাসম্বাৰ পদধূলী পৰি,
পৰম আনন্দে মিশ্ৰ কবিৰত্নে গাৱে॥১৫৭
(২) জ্ঞান কৰ্ম্ম পৰিহৰা। কেৱল নামক ধৰা।
মিশ্ৰ গোপালে ভণে। হৰিবোলা সৰ্ব্বজনে॥২৫৩
(৩) কহয় গোপাল মিশ্ৰে কৃষ্ণ হৰি নাম।
উচ্চ কৰি মুখ ভৰি বোলা ৰাম ৰাম॥৩৯৯
পুথিখনিৰ পৰা ৰচনাকাৰক সম্বন্ধে আৰু এটি কথা জানিব পাৰি যে তেওঁ ৺দামোদৰ দেৱৰ শিষ্য আছিল। গ্ৰন্থকাৰে যে কেৱল ৺দামোদৰ দেৱৰ নাম লৈ পুথিখনি আৰম্ভ কৰিছে আৰু শেষ কৰিছে তেনে নহয়, পুথিৰ আন ঠাইতো দেৱ দামোদৰক তেওঁৰ গুৰুভাবে উল্লেখ কৰিছে। পুথিখনিৰ আৰম্ভতে নিজৰ গুৰু ৺দামোদৰ দেৱক, ঈশ্বৰ বুদ্ধি কৰি এই দৰে লিখিছে:-