পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৩)

মৃত্যু সঞ্জীবনী নাম,   সদানন্দ অনুপাম,
  তুমি নাম স্মৰা বাৰম্বাৰ॥৩৩১
পূৰ্ব্ব সপ্ত পুৰুষক,   ভবিষ্যত চতুৰ্দ্দশ,
  পুৰুষক নৰকৰ পৰা।
উদ্ধাৰয় কৃষ্ণ বুলি,   কলি যুগে কৃষ্ণ নাম,
  মহা মন্ত্ৰ সদা সবে স্মৰা॥৩৩২
দিব্য সহস্ৰেক নাম,   তিনিবাৰ পাঠ কৰি,
  যিতো ফল মনুষ্যে পাৱয়।
সিতো ফল একবাৰ,   কৃষ্ণ বুলি উচ্চাৰিলে,
  পুৰুষত স্বভাবে মিলয়॥৩৩৩
সমস্ত নামক নৰে,   শতবাৰ উচ্চাৰিয়া,
  পাৱে বিদ্যমানে যিতো ফল।
একবাৰ কৃষ্ণ বুলি,   সমস্ত ফলক লভে,
  কৃষ্ণ নামে আছে হেন বল॥৩৩৪

লেচাড়ি।

সমস্ত নামৰ কৃষ্ণনাম,   জীৱন ভৈলেক অনুপাম,
  অন্য নাম পুনু অংশ ভৈলা সমুদাই।
কৃষ্ণ নাম ইতো গোপ্যবৰ,   শঙ্কৰ জানিবা ইতো দৃঢ়,
  ভকতি লভিবা ইতো নাম গুণ গাই॥৩৩৫