পৃষ্ঠা:ঘোষাৰত্ন.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

প্ৰথমতে স্নান,  কৰোঁ বুলি ৰঙ্গে,
 ঝাম্প দিয়া পৰি ৰৈলা।
আন পান তাৰ,  দূৰতে ৰহিলা,
 আৰো ভৰি ভাঙ্গি গৈলা ॥৫৪
পাচে পায়া তাপ,  বোলে বাপ বাপ,
 জল ইতো নুহিকয়।
কিন্তু সূৰ্য্য তেজ,  বালিত লাগিয়া,
 জল যেন প্ৰকাশয় ॥৫৫
সেহিমতে কোনো,  মুখ সবে আসি,
 দেখিলেক কোন স্থান।
আছে কাঁচ মাটি,  জলময় দেখি,
 কলৰ কৰে প্ৰমাণ॥৫৬
কাচে বস্তু থৈয়া,  হাতে চৰি লৈয়া,
 জল জুখিবাক গৈলা।
নাৰী সবে দেখি,  হাসিবে লাগিলা,
 পাচে লাজ হুয়া ৰৈলা॥৫৭
সূৰ্য্য মাত্ৰ সত্য,  তাহান সকাশে,
 জল বুদ্ধি সত্য হয়।
যি হেতু ৰাত্ৰিত,  সূৰ্য্যৰ অভাবে,
 বালিত জল নোহয়॥৫৮