সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৪)


ৰাম নাম জপি সদা জীব,   মুকুতি লভিবা সদাশিব
  গোবিন্দ নামেসে হৰিত মিলাৱে ৰতি।
কৃষ্ণ নাম গায়া প্ৰেম ভাবে,   একান্ত ভকতে তোষ পাৱে,
  কৃষ্ণত সততে লভয়, প্ৰেম ভকতি॥৩৩৬
স্বভক্তৰ মৃত্যু সময়ত,   কণ্ঠে হঞো মঞি উপগত,
  কৃষ্ণ হেন নাম আপুনি স্মৰোঁ মনত।
যিহেতু তাহাৰ ঋণময়, পূৰ্ব্বে সিতো কৃষ্ণ বুলিচয়,
  মুকুতিক দিয়া হঞো তাৰ অনুগত॥৩০৭
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিতো,   প্ৰাণ তেজয় অন্তকাল,
  প্ৰথম শবদে তাহাঙ্ক দেই মুকুতি।
আৰে দুই পদে নম্ৰ হুই,   লজ্জা হুয়া ৰৱে অতিশয়,
  ঋণি ভৈলোঁ বুলি দেখান্ত মাত্ৰ যুগুতি॥৩৩৮

⸺⸺

ৰাম নামৰ মহিমা।
⸻ ০ ⸻
লেচাড়ি।

শ্ৰীৰাম নাম অদ্ভুত,   অখিল মন্ত্ৰৰো বীজ পূত,
  মৰাকো জিয়াৱে যদি যমে প্ৰবেশয়।
হলাহল পিয়ে যিতো জন,   প্ৰলয়ত পোৰে অনুক্ষণ,
  মৃত্যুৰ মুখত পৰে তেঞো নাহি ভয়॥৩৩৯