পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)

কৰা মোক নমস্কাৰ,  সত্যে কৰো অঙ্গিকাৰ,
 তুমি মোৰ লভিবা স্বৰূপ।
তুমি মোৰ প্ৰাণবন্ধু,  তৰা ইতত ভবসিন্ধু,
 পুনু নলভিবা ভবকূপ॥১৫৯
তাতে কৰি গুহ্যতম,  পুনু কহোঁ নিৰুপম,
 আক তুমি শুনা সাবধানে।
তুমি বিনা নাহি আন,  মোৰ বিশ্বাসৰ থান,
 আক সত্য বুলি গুণা মনে॥১৬০
সৰ্ব্ব ধৰ্ম্ম পৰি হৰি,  একান্ত বিশ্বাস কৰি,
 একদেব মঞিঁ মোক মানি।
আমাত শৰণ লৈয়ো,  শোক মোহ দূৰে থৈয়ো,
 তজু পাপ কৰিবোহো হানি॥১৬১
গুণময় মায়া মোৰ,  জ্ঞানক কৰিবে চোৰ,
 যাতো মোৰ শকতি হোৱয়।
আমাত শৰণ যিতো,  লয়ে মায়া তৰে সিতো,
 আনে তৰিবাক নপাৰয়॥১৬২
অক্ৰুৰে বোলন্ত হৰি,  কহো আমি নিষ্ট কৰি,
 কোনেনো পণ্ডিত বোলাইবেক।
তোমাৰ শৰণ তেজি,  বিষয় ৰসত মজি,
 আন দেবতাক ভজিবেক॥১৬৩