পৃষ্ঠা:ঘোষাৰত্ন.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৪)

তজু সেবা বিনা, মোক উদ্ধাৰিব,
 আনৰ নাহিক বল॥৩৮২
জয় জয় কৃপা, ময় ভগবন্ত,
 অনন্ত সুখৰ ধাম।
কৃপা কৰা হৰি, লৈয়ো দাস কৰি,
 জপিবু তোমাৰ নাম॥৩৮৩
তোমাৰ নামৰ, অতৰ্ক মহিমা,
 মুকুতৰো হৰে মন।
মুকুতি লভিয়া, শ্ৰীমন্ত নাৰদে,
 নামৰ কৰে কীৰ্ত্তন॥৩৮৪
কীৰ্ত্তনৰ ৰস, পৰম অদ্ভুত,
 মুকুতিক থৱে ঠেলি।
নাম সুধা সিন্ধু, তাত বুৰ দিয়া,
 যিতো নৰে কৰে কেলি॥ ৩৮৫
যিতো গাৱে নাম, তাহাৰ পাচত,
 কৃষ্ণে ফুৰে নাম শুনি।
আপুনাৰ নাম, আপুনি শুনিয়া,
 থাকন্ত বিস্ময়ে গুণি॥৩৮৬