পৃষ্ঠা:ঘোষাৰত্ন.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কহিয়া আছন্ত, মহন্ত সকলে,
 মনে পায়া কূতুহল॥৯৯
যি শাস্ত্ৰে আদ্যত,  মহা মস্ত্ৰ পঢ়ি
 হৰিক ব্যাসে স্মৰিলা।
সকামে নিষ্কামে,  তৰে নানা ধৰ্ম্মে,
 ব্যাসে যাত দেখাই দিলা ॥১০০
বত্ৰাসুৰ বধ, যাহাত আছয়,
 তাকে ভাগৱত বুলি।
হেন ভাগৱত  লিখিয়া বিপ্ৰক,
 দান দেই হাত তুলি॥১১১
কিন্তু সুবৰ্ণৰ, সিংহাসনে থোয়া
 ৰাজা সবে দিবে দান।
আনে সবে দান,  দিবেক সুবৰ্ণ,
 খিলাৰ কৰি প্ৰমাণ॥১০২
অমাবস্য: চাই,  কতো দান দেই,
 কতো দেই পূৰ্ণিমাত
দানৰ প্ৰসাদে, মহা অপ্ৰমাদে,
 বৈকুণ্ঠ পাৱে সাক্ষাত॥১০৩
অঠৰ হাজাৰ, শ্লোক আছে যাত,
 তাকে বুলি ভাগৱত।